জেৰেমি টেলাৰ এজন বিখ্যাত ইংৰাজ লেখক। লেখক হিচাপে তেওঁ যিমান সন্মানৰ যোগ্য আছিল, তাতোকৈ তেওঁ বেছি সন্মানৰ যোগ্য আছিল মানুহ হিচাপে ৷ তেওঁ যিখন সমাজত বাস কৰিছিল সেই সমাজৰ মানুহবোৰে তেওঁক এজন মহৎ চৰিত্ৰৰ আদৰ্শৱান মানুহ হিচাপে শ্ৰদ্ধা কৰিছিল।
এবাৰ তেওঁৰ ঘৰত চুৰি হ’ল। চোৰে তেওঁৰ ঘৰত যিমান বস্তু বাহিনী আৰু ধন-সোণ আছিল সকলোবোৰ উঠাই লৈ গ'ল। একে আষাৰে ক'বলৈ গ'লে তেওঁ সৰ্বস্বান্ত হ’ল। খবৰটো বিয়পি পৰাৰ লগে লগে তেওঁৰ ওচৰ-চুবুৰীয়া, সম্বন্ধীয় মানুহ আৰু বন্ধু-বান্ধৱ তেওঁৰ ঘৰলৈ আহিবলৈ ধৰিলে তেওঁক সহানুভূতি জনাবলৈ। মানুহবোৰে ভাবিছিল যে সৰ্বস্ব হেৰুৱাই জেৰেমি টেলাৰ নিশ্চয় মনৰ দুখত ম্রিয়মাণ হৈ পৰিছে। কিন্তু তাৰ ওলোটা ছবিখন দেখি মানুহবোৰ অতি আচৰিত হ’ল। সর্বস্বান্ত হৈয়ো জেৰেমি টেলাৰৰ মুখত অকণো দুখৰ ভাব ফুটি উঠা নাই৷ বৰঞ্চ তেওঁক আগতকৈ কিছু প্রফুল্লিত হোৱা যেনহে দেখা গ'ল।
এজন আত্মীয়ই মনৰ বিস্ময় হেঁচি ৰাখিব নোৱাৰি তেওঁক সুধিলে—“চোৰে তোমাৰ সৰ্বস্ব লুণ্ঠন কৰি তোমাক দেউলীয়া কৰি থৈ যোৱাৰ কাৰণে তুমি যেন সুখীহে হৈছা। অতি আচৰিত কথা। কোৱাচোন—তুমি এনে অদ্ভুত আচৰণ কিয় কৰিছা?” কাষতে থকা আন এজন মানুহেও আত্মীয়জনৰ কথাত যোগ দি ক'লে— “সঁচাকৈয়ে তোমাৰ মুখত দুখতকৈ আনন্দহে বেছিকৈ ফুটি উঠা যেন লাগিছে । ইয়াৰ ৰহস্য কি?” বন্ধুজনৰ প্ৰশ্ন শুনি জেৰেমি টেলাৰে উত্তৰ দিলে—“চোৰৰ চকুত যিবোৰ বস্তু আছিল মূল্যবান সেইবোৰ সিহঁতে লৈ গ'ল। কিন্তু আচল মূল্যবান বস্তু একোকেই সিহঁতে নিব নোৱাৰিলে। সেই সকলোবোৰ মোৰ লগত থাকি গ'ল ৷ তেনেস্থলত মই দুখ কৰিম কিয়? মই বৰঞ্চ মোৰ মনৰ ওপৰৰ পৰা এটা ডাঙৰ বোজা খহি পৰিল যেনহে অনুভৱ কৰিছো ৷ এতিয়াৰ পৰা এই অলাগতিয়াল বস্তুবোৰক লৈ মই আৰু দুঃচিন্তা কৰি থাকিব নালাগিব।' টেলাৰৰ কথা বুজিব নোৱাৰি মানুহবোৰৰ মুখত বিস্ময়ৰ ভাব ফুটি উঠিল। তেওঁলোকে সুধিলে—“তুমি কি ক’ব খুজিছা অলপ বুজাই কোৱাচোন; আমি কিন্তু একো বুজিব পৰা নাই।” টেলাৰে গহীন হৈ ক'লে—“মোৰ আচল সম্পত্তি হ'ল মোৰ শৰীৰটো, মোৰ স্বাস্থ্য, মোৰ বুদ্ধি চিন্তাশক্তি, ইচ্ছাশক্তি, মোৰ আত্মা, আৰু মই জীৱন যিবোৰ আদৰ্শক আটাইতকৈ মূল্যবান সম্পদ বুলি বিবেচনা কৰো সেই আদৰ্শবোৰ। এইবোৰ বস্তুৰ একে এটাইতো চোৰে চুৰ কৰি নিব পৰা নাই! মোৰ লগত সেই বস্তুবোৰ থকালৈকে মই নিজকে কেতিয়াও দৰিদ্ৰ বা সর্বস্বান্ত বুলি নাভাবোঁ। মই অলপ প্রফুল্লিত হৈছো এই ভাবি যে অলাগতিয়াল বস্তুবোৰ চোৰে লৈ গৈ মোৰ জীৱনটোক আগতকৈ সৰল কৰি থৈ গ'ল।”
No comments:
Post a Comment