বিহাৰীৰ চাকৰি
*************
লেখকঃ হেমন্ত ভট্টাচাৰ্য্য
যোৱা কেইবছৰ মানৰ পৰা টিভি আৰু বাতৰি কাকতৰ গৰম খবৰবোৰৰ ভিতৰত এটা হল ৰেল বিভাগত বিহাৰী যুৱকৰ চাকৰি । মাজে মাজে এনে ধৰণৰ খবৰে অসমখন গৰম কৰি থাকে যে বিহাৰী লবীৰ প্ৰভাৱত বিহাৰী যুৱকে ৰেল বিভাগৰ সকলো চাকৰিত মকৰল হৈ অসমখন ছানি ধৰিছে। ফলত কোনো অসমীয়া যুৱকে ৰেল বিভাগত চাকৰি নাপাই।ফলশ্ৰুতিত যেতিয়াই বিহাৰী যুৱকে চাকৰিত মকৰল হৈ অসমলৈ যোগদান কৰিব আহে, তেতিয়াই সেই সকলক মাৰপিট, খেদা খেদি, কানত ধৰাই আঠু কঢ়াই থোৱা আদি বিভিন্ন ঘটনা ঘটে । অসমীয়া যুৱকৰ কথা হল এই লবি চিষ্টেমৰ বাবেই অসমীয়াই চাকৰি নাপাই ।
কিন্তু এইটো কথাই শেষ কথা নে ? সঁচাকৈয়ে শিক্ষিত অসমীয়া যুৱকক বঞ্চিত কৰি বিহাৰী লবীয়ে এইবোৰ অসভ্যলী কৰি আছে নে ? এই সম্পৰ্কত এটা ব্যক্তিগত অভিজ্ঞতা জনাব বিচাৰিছো ।
মোৰ ডাঙৰ ভাগিন ছোৱালী জনী নামনি অসমৰ এখন কলেজৰ অধ্যাপিকা । কিন্তু তেওঁ Phd কৰি আছে পাটনা বিশ্ববিদ্যালয়ত । আৰু এই Phd ৰ কামতেই তেওঁ তিনি চাৰি মাহৰ মুৰে মুৰে পাটনালৈ গৈ থাকে । দুদিনমান সময় হাতত থকা বাবে যোৱা বছৰ মইও তাইৰ লগত পাটনালৈ গৈছিলোঁ ।
আমি পাটনাত চাৰি ৰাতি আছিলোঁ। সেই সময়ত আমি দেখিছিলোঁ যে পাটনাত প্ৰতি এশ মিটাৰৰ মুৰে মুৰে কোচিং চেন্টাৰ। প্ৰতি এশ মিটাৰৰ মুৰে মুৰে বিভিন্ন Competative exam ৰ কিতাপৰ দোকান। কোচিং চেন্টাৰ বিলাকৰ ফিজ আমাৰ ইয়াৰ দৰে আকাশ লংঘী নহয়। জন সাধাৰণৰ সাধ্যৰ ভিতৰত। কিতাপ দোকান বোৰত সকলো ন পুৰণি কিতাপ পোৱা যায়।
বহু কেইজন ল'ৰা দেখিছিলোঁ ৰেল ষ্টেচনত কাপোৰ এখন পাৰি পঢ়ি থকা । বহু কেইজন পাচলি বেপাৰী ল'ৰা দেখিছিলোঁ দোকানত গ্ৰাহক নথকা সময়ত কিতাপ পঢ়ি থকা । পাটনা বিশ্ব বিদ্যালয়ত দেখিছিলোঁ ক্লাছ নথকা সময়ত বহু ল'ৰা ছোৱালী বাৰান্দাত বহি কিতাপ পঢ়ি থকা । ইয়াৰে দুজনমানৰ লগত কথাও পাতিছিলোঁ । সকলোৰে এটাই ইচ্ছা UPSC appear কৰা ।
বিপৰীতে অসমত এই দৃশ্য তেনেই বিৰল । অসমীয়া যুৱকে এতিয়াও ভাবি আছে বিহাৰী মানেই ৰেল ষ্টেচনৰ কুলি বা মাটি কটা ধেঙাৰ । তেওঁলোকে এইটো জনা নাই যে কেৱল ৰেল বিভাগতে নহয় , যিকোনো সৰ্ব ভাৰতীয় Competative চাকৰিত এতিয়া বিহাৰীৰ আধিপত্য । বিশেষ কৈ Income tax deptt . FCI , Postal আদি বিভিন্ন বিভাগত । আৰু কেৱল অসম বুলিয়ে নহয় , গোটেই ভাৰততে বিহাৰী যুৱকৰ আধিপত্য ।
বিপৰীতে অসমত গা কৰি উঠিছে বিভিন্ন সংগঠন খোলা সংস্কৃতি। চান্দা উঠোৱা সংস্কৃতি। অসমীয়া যুৱকৰ এটাই কথা কেন্দ্ৰই আমাক মাহী আইৰ দৃষ্টিৰে চাই। গতিকে কাম বন একো নকৰি সংগঠন খুলিব লাগে, অনা অসমীয়া ব্যৱসায়িক ডকা হকা দি চান্দা উঠাব লাগে আৰু ৰাজপথত জয় আই অসম মাৰিব লাগে । বঙালী বিহাৰী পিটিব লাগে , দাদা গিৰি দেখুৱাব লাগে। কিন্তু এবাৰো ভাবি নাচাই যে পঢ়া শুনা বৰ্জিত হৰমোহন পণ্ডিত সকলক কোনেও এনেই চাকৰিটো ঘৰত দি নাযায়।
দুখজনক ভাবে যেতিয়া বিহাৰী যুৱকৰ হাতত কিতাপ , সেই সময়ত অসমীয়া যুৱকৰ হাতত চান্দাৰ বহী। গতিকে বিহাৰী যুৱকে চাকৰি নাপাই কি আমাৰ বিপ্লৱী সকলে পাব নেকি ?
অসমৰ শিক্ষিত সমাজে এইবোৰ কথা নকৈ ভাবি, গধুলি হলেই টিভি চেনেলত ফাল্টু লেকচাৰ মৰা বাদ দি এই পথভ্ৰষ্ট যুৱক সকলক উদ্ধাৰ কৰাৰ সময় আহি পৰিছে ।
No comments:
Post a Comment