মংগোলীয় সকলৰ ভিতৰত চুতীয়া সকলে উজনি অসমৰ শদিয়া অঞ্চলক কেন্দ্র কৰি আহোম সকল অহাৰ বহু আগতেই এখন শক্তিশালী ৰাজ্য স্থাপন কৰিছিল। চুতীয়া সকলৰ ৰাজত্ব কালতেই এই ভূ-খণ্ডত পোন-প্রথমে বিহুৱে পোখা মেলিছিল আৰু পৰৱর্তী সময়ত আহোমসকলে ইয়াৰ লালন-পালন কৰিছিল। ডঃ পৱন চন্দ্র শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে,-'চুতীয়া ভাষাত বিহুক "বিচু" বুলি কোৱা হয়। "বি" মানে অতি, "চু" মানে আনন্দময় বুজায়। গতিকে, "বিচু" শব্দটি অপ্রভংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।' আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্রকাশ কৰিছে যে,- 'টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। "পয়" মানে উৎসৱ আৰু "হু" মানে গৰু।... বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা,...আৰু পবিত্র গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক "পয়হু" বোলা হয়। সেই "পয়হু" শব্দৰ অপভ্রংশই "বিহু" হোৱা বুলি কৰা ধাৰনা অমুলক নহয়। অৱশ্যে বিহুৰ ভাৱ আৰু অর্থৰ দিশেদি বিচাৰ কৰিলে চুতীয়া ‘বিচু’ শব্দৰেই অপভ্রংশ বুলি অনুমান কৰিব পাৰি।
‘বিচু’ নাইবা ‘পয়হু’, য’ৰ পৰাই বিহুৰ উৎপত্তি নহওঁক কিয়, বিহু মুলতঃ মংগোলীয় সকলৰ অৱদান। দেহৰ ৰন্ধ্রে ৰন্ধ্রে বিহুৰ বীজ নিহিত হৈ থকা চুতীয়া সকলৰ ৰাজত্বৰ পতন হৈছিল এই বিহুৰ বাবেই। আনহাতে, আহোম-সকলে এই বিহুৰ জৰিয়তেই চলেৰে মোৱামৰীয়াৰ হাতৰ পৰা ৰাজ্যোদ্ধাৰ আৰু চুতীয়া ৰাজ্য জয় কৰিছিল। চুতীয়া ৰাজ্য পতনৰ পাছত আহোমসকলৰ শাসন কালত বিহুৱে অধিক বিস্তৃতি লাভ কৰে। ‘সাত ৰাজ মাৰি এক ৰাজ কৰা’ আহোম স্বর্গদেউ সকলৰ পৃষ্ঠপোষকতাই বিহুক অন্য মাত্রা প্রদান কৰিলে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বর্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দর্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱাঃ 'কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নির্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেঁও ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্র কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্রেনী আমি নেপাও।' আহোম ৰজা সকলে বিহুক কেন্দ্র কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্রেনীৰ সৃষ্টি নকৰিলেও তেঁওলোকৰ বিহু প্রীতি সর্বজন বিদিত। জয়ধবজ সিংহৰ ৰাজত্ব কালত অসম আক্রমনকাৰী মিৰজুমলাৰ লগত অহা পার্চী ইতিহাসবিদ চিহাবুদ্দিন তালিচে তেঁওৰ অসম-সম্বন্ধীয় টোকাত স্বর্গদেউ সকলৰ বিহুপ্রীতিৰ কথা উল্লেখ কৰিছে। আনহাতে জমিলি নামৰ ভ্রমণকাৰী এজনে লিখিছে-'...ৰাজকাৰেঙৰ ওচৰতে বিশেষভাৱে সজোৱা বিহুতলিলৈ ৰজা আহে ৰং চৰোৱা হাতীত উঠি। সোণ চৰোৱা সাজপাৰ আৰু মুকুট পিন্ধি অহা ৰজাৰ চাৰিওকাষে খোজকাঢ়ি আহে যাঠি আৰু চেপেটা তৰোৱালধাৰী দেহৰক্ষী। পাছে পাছে দোলাভাৰীয়ে কান্ধেৰে কঢ়িয়াই অনা দোলাত আহে পাত্র- মন্ত্রীসকল। সমবেত দর্শকসকলে অলপ দূৰৈৰ পৰা ৰজাক সেৱা জনায়। বিহুৱা দলবিলাকে বিহু নৃত্য কৰে। ... ৰজাই নাচ-গান দেখি সন্তুষ্টি প্রকাশ কৰে আৰু প্রশংসা কৰে।
বহুযুগৰে পৰা মংগোলীয় মূলৰ চুতীয়া, আহোম, মৰাণ, মটক আদি জনগোষ্ঠীয়ে পালন কৰি অহা কৃষিজীৱি মানুহৰ উৎসৱ বিহু বর্তমান সময়ত অসমৰ সকলো মানুহৰ আদৰৰ উৎসৱ। এসময়ৰ পথাৰ আৰু গছতলৰ বিহুটি আজিৰ দিনত অসমীয়া মানুহৰ যিকোনো আনন্দময় পৰিবেশ অথবা সংগঠিত ৰুপৰ প্রতীক হিচাপে বিবেচিত হৈছে। অসম আন্দোলন (১৯৭৯-৮৫)ৰ সময়ত, বিভিন্ন সভা- সমিতি অথবা সমদলত বিহুক অসমৰ স্বাভিমান আৰু জাতীয় জাগৰণৰ প্রতীক হিচাপে তুলি ধৰা হৈছিল। ভাষা আন্দোলন (১৯৬০-৬১)ৰ সময়তো মহান গনশিল্পী ডঃ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে শান্তি বাহিনীত মঘাই ওজাৰ জড়িয়তে বিহুক উপস্থাপন কৰি জনগনৰ মাজত শান্তি আৰু একতাৰ বার্তা প্রেৰন কৰাৰ তথ্য পোৱা যায়। ইয়াৰ পৰাই প্রমানিত হয় যে, বিহু অসমৰ জনগনৰ স্বতঃ স্ফুত সাংস্কৃতিক প্রকাশ।
বর্তমান সময়ত, বিহু ক্রমশঃ কৃষিজীৱি জনতাৰ হাতৰ পৰা উলাই গৈ মধ্যবিত্তৰ মাৰফৎ বহুজাতিক সংস্থাৰ কুক্ষীগত হৈছেগৈ। অসমৰ জন সাধাৰনৰ জাতীয় আবেগক হাথিয়াৰ হিচাপে লৈ বিহুৰ জৰিয়তে বহিৰাগত বণিয়াই বেপাৰ কৰি মুনাফা লাভৰ সুযোগ লৈছে। আমাৰ মহানাগৰিক সমাজৰ একাংশ শিপাহীন মানুহে ইয়াকে জাতীয় কৃষ্টিৰ কছৰৎ বুলি নির্বিবাদে মানিও লৈছে। অসম আৰু অসমীয়াৰ বাবে ই নিশ্চিতভাৱে এক অশনি সংকেত। তথাপি আমি আশ্বস্ত হ’ব পাৰো যে, অসমীয়া আৰু বিহু ইটো-সিটোৰ পৰিপূৰক। অসমীয়া থকা লৈকে বিহুও থাকিব অথবা বিহু থকালৈকে অসমীয়াৰ আয়ুস!
[1] পৱন চন্দ্র শইকীয়া, ‘কাতি বিহুৰ ৰুপৰেখা’, দেউৰী চুতীয়া, পৃষ্ঠাঃ ১০৯
[2] ডিম্বেশ্বৰ গগৈ, ‘অসমৰ বিহু সংস্কৃতিৰ ৰুপৰেখা’, পৃষ্ঠাঃ ১৮-১৯
[3] পদ্মেশ্বৰ গগৈ, ‘তাহানিৰ বিহু আজিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’ সংখ্যা ২০০৮
[4] ‘জমিলি নামৰ এজন মুছলমান ভ্রমনকাৰীয়ে বিহুৰ বিষয়ে লিখা টোকা। এই প্রাচীন টোকাটো সন্নিবিষ্ট বুৰজ্ঞীখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ আছে। ডঃ প্রফুল্ল দত্ত গোস্বামীয়ে উল্লেখ কৰা এই টোকাটো তীর্থ ফুকনৰ ‘বিহুৰ ঐতিহ্য তাৎপর্য আৰু সৌন্দর্যৰ সন্ধান’ গ্রন্থত সন্নিবিষ্ট কৰা হৈছে। পৃষ্ঠাঃ ২৬-২৭
[5] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০
[6] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০
[7] হিতেশ্বৰ বৰবৰুৱা, ‘হিতেশ্বৰ বৰবৰুৱাৰ ৰচনাৱলী’,পৃষ্ঠাঃ ৫৭৬
[8] হেমাংগ বিশ্বাস,‘হেমাংগ বিশ্বাস ৰচনাৱলী’ সম্পাদনাঃ পৰমানন্দ মজুমদাৰ, অসম প্রকাশন পৰিষদ, গুৱাহাটীঃ২০০৮
[9] পদ্মেশ্বৰ গগৈ, ‘আজিৰ বিহু তাহানিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’,২০০৮
অধ্যয়নৰ প্ৰয়োজনীয়তা আছে
ReplyDelete