Saturday, 17 July 2021

পুলিচ ডায়েৰী--ডকাইত ধৰা অভিযান

পুলিচ ডায়েৰী--ডকাইত ধৰা অভিযান
                         সুবোধ পাঠক

১৯৭৪ চনৰ কথা,ধুবুৰী এচ পি অফিচত অফিচৰ কাম কাজ শিকি আছিলো। এদিন এচ পি চাহাবে মোক মাতি নি কলে-

 ‘’আপুনি আজিয়েই গৈ মহামায়া চকীত জইন কৰক আৰু চকীৰ আই চি লস্কৰক ডকাইত ধৰা অভিযানত সহায় কৰক’’।
      পিছদিনা আগবেলা মহামায়া চকীত উপস্থিত হৈ এচ আই লস্কৰক লগ ধৰিলো।তেওঁ চকীৰে এটা অংশত পৰিয়াল লৈ থাকে আৰু মোকো চকীৰে এটা ৰুমত থকাৰ ব্যৱস্থা কৰি দিলে ।

ৰাতি লস্কৰ চাহাবে চকী এলেকাৰ ডকাইত সম্পৰ্কে বহু কথা কলে।কথা বতৰাৰ পৰা গম পালো তেওঁ ডকাইত ধৰাত বৰ পাকৈত। এবাৰ বোলে তেওঁ দুজন চিপাহী লৈ অকল লাঠীৰে কোবাই ডকাইতিৰ বাবে সাজু(এটা পিস্তল সহ) পাঁচজনীয়া দল এটাক কৰায়ত্ব কৰিছিল।তেওঁৰ পিতল লগোৱা দীঘল লাঠীদাল চোৰ ডকাইতৰ ভয়ৰ কাৰণ আছিল।

           তেতিয়া বাৰিষাৰ দিন আছিল আৰু সঘনাই ডকাইতিৰ ঘটনা ঘটিছিল।মহামায়াৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ লৈ বিস্তীৰ্ণ প্ৰায় ১৫ কিঃ মিঃ অঞ্চল বানপানীত একাকাৰ হৈ সাগৰ সদৃশ হৈ আছিলl তাৰ মাজে মাজে গাওঁবোৰ  বানপানীত ডুবি আছিল।ডকাইত বোৰেও নাওঁৰেই ডকাইতি কৰি ফুৰিছিল।কেইবাজনো কুখ্যাত ডকাইতৰ  ঘৰ বানপানীৰ মাজৰ গাওঁত  আছিল।তালৈ যাবলৈ নাওঁৰ বাদে অন্য কোনো বিকল্প নাছিল।

          এদিন আবেলি লস্কৰ চাহাবে খবৰ বাতৰি লৈ ডকাইত ধৰাৰ বাবে ওলাল।মোক দিলে তেওঁৰ ৰিভলভাৰটো, তেওঁ ল'লে নিজৰ বন্দুকটো আৰু লগত তিনি-চাৰি জন লাঠী সহ চিপাহী।দুজন নাৱৰীয়া সহ আমি যাত্ৰা কৰিলো।লস্কৰৰ লগত এখন ডকাইতৰ লিষ্ট।

           নাওঁৰে বহুদুৰ ঘুৰি-ঘুৰি আমি সাধুভাসা গাওঁত  সোমালো।গাওঁখনত দুই এটা ওখ ভেটিৰ ঘৰ পানীৰ মাজত ওলাই আছিল।মৰাপাটৰ খেটিবোৰও আধালৈ পানীত ডুব গৈ আছিল।মৰাপাটৰ মাজে মাজে গৈ এটা ওঁখ ভেটিত নাওঁ লগোৱাত পুলিচ দেখি, তাত গোট খাই থকা লোকৰ মাজৰ পৰা কেইজনমান লোক দৌৰি পলাল।

         আমি গৃহস্থ আৰু অন্য লোক সকলক ক'লো যে,বানপানীত ক্ষতি হোৱা ৰাইজৰ খবৰ লবলৈহে আহিছো মানুহবোৰ গ'ল কিয় ?মানুহবোৰক মাতক আৰু ৰাইজৰ লিষ্ট এখন আমাক দিয়ক।চৰকাৰী সাহায্য লিষ্টত নাম থকা মানুহেহে পাব।

খবৰ শুনি পলাই যোৱা লোক সকলো পুনৰ ঘুৰি আহিল।মানুহবোৰৰ নাম সুধি লিষ্ট বনোৱা হল।লস্কৰে চাহাবে তেওঁৰ লগত থকা লিষ্ট চাই দুজন ডকাইত পাই লগে লগে হেণ্ডকাফ্ লগালে।সিহঁতক ধৰাত ৰাইজৰ পৰা কোনো আপত্তি দেখা নগ'ল বৰং ভালপোৱা যেন হে লাগিল।

        সেই গাওঁৰে কুখ্যাত ডকাইত নছেৰৰ কথা সোধাত গাওঁৰ লোকে অলপ দুৰত পানীৰ মাজত থকা তেওঁৰ ওখ ভেটিৰ ঘৰটো দেখাই দিলে।নছেৰ ঘৰতে থকা বুলিও কলে।ঘৰটোৰ চাৰিওফালে গছ গছনিৰে আগুৰা ।

         সময় তেতিয়া পাঁচ টা মান বাজিছিল অলপ এন্ধাৰ হওঁ হওঁ হৈছিল।লস্কৰ চাহাবে মোক চিপাহী তিনিজন লৈ গৈ নছেৰক ধৰি আনিবলৈ ক'লে।আমি পানীৰ মাজেৰে খোজকাঢ়ি গৈ নছেৰৰ ঘৰ পালো । সি একান্ত মনে আকাশলৈ চাই হোকা টানি আছিল,আমি অহা গম পোৱা নাছিল।

          চিপাহী কেইজনক পিছফালৰ পৰা আহিবলৈ দি মই লাহে লাহে গৈ তাৰ আগত ঠিয় দিয়াত,সি চকখাই পিছফালে জাপ মাৰিলে আৰু পিছফালে থকা চিপাহী দুজনে তাক ওপৰতে দাঙি ধৰিলে।আনজন চিপাহীয়ে হেণ্ডকাফ লগাবলৈ ধৰিলে।এনে সময়তে নছেৰৰ ঘৈনীয়েকে মনে মনে ধান খুন্দা উড়ালৰ বাৰি এদাল লৈ পিছফালৰ পৰা আহি মোৰ মূৰত মাৰিবলৈ ধৰোতেই এজন চিপাহীয়ে দেখা পাই থাপমাৰি ধৰিলে আৰু মানুহজনীক গতা মাৰি বগৰাই দিলে।

     নছেৰ ডকাইতক  লৈ আমি লস্কৰ চাহাবৰ ওচৰ পালো।এতিয়াহে সমস্যা হল,তিনিজন ডকাইত নিয়া যায় কেনেকৈ ?আমাৰ নাওঁখনো বেছি ডাঙৰ নহয়।আমিও চিন্তাত পৰিলো কি কৰা যায়,সিহতেটো  নাওঁ ডুবাই দিবও পাৰে।ইফালে ৰাতিও হৈ আহিল।লস্কৰ চাহাবে বুধি উলিয়ালে আৰু তিনিওজন ডকাইতকে দুয়ো হাতত হেণ্ডকাফ দি ,ভৰিত ৰছীৰে বান্ধি নাওঁৰ তলিত শুৱাই দিয়া হ'ল।তেওঁ ক'লে নাওঁ যদি ডুবাই সিহঁতো মৰিব।নাৱৰীয়া দুজনেও বৰ ভয় খাইছিল।

   অবশেষত ডকাইত লৈ ৰাতি আহি মহামায়া চকী পালো ।ডকাইত কেইজনক সোধ পোচ কৰাত কেবাটাও ডকাইতি গোচৰৰ সমাধান হল।অৱশ্যে লস্কৰ চাহাবৰ লাঠি ডালৰ ভাল ব্যবহাৰ হৈছিল।

                 ~~~~***~~~

No comments:

Post a Comment