Sunday, 5 September 2021

পশ্চিম কাৰ্বি আংলংৰ ৰহস্যময় নিজৰা-উমাতৰ বিষয়ে জানো আহক

পশ্চিম কাৰ্বি আংলংৰ ৰহস্যময় চকু লোৰ নিজৰা-উমাৎ
                    লেখক- বলীন দেউৰী



এয়া উমাত ৷
উমাত মানে চকুলো ৷ চকুলো মানেই দুখ ৷ বহু শতিকাৰ বেদনাৰ সাক্ষী
এই উমাত জুৰি ৷ কত পুত্ৰহাৰা মাতৃয়ে পুত্ৰক শেষ বিদায় জনাই ইয়াৰ পাৰত হিয়া ঢাকুৰি কান্দিলে 
ক’ত ভগ্নীয়ে ভাতৃহাৰা হৈ ইয়াৰ পাৰত বিননী জুৰিলে ৷
ইয়াৰ সাক্ষী
এই উমাত জুৰি ৷

(তলৰ ভিডিঅত টিপি উমাৎ জুৰিৰ ভিডিঅ চাওক)


 যি পুত্ৰই পিতৃক শেষ বিদায় জনাই ইয়াৰ পাৰত কান্দোনত ভাগি পৰিছিল, কালক্ৰমত তেওঁৰ মৃত্যুৰ ক্ষণটো তেওঁৰ পুত্ৰই ইয়াৰ পাৰতেই ভাগি পৰিছিল ৷ এইদৰে এটিৰ পিছত আন এটি প্ৰজন্ম । বহু শতিকা মানুহৰ শোক বিষাদৰ স্মৃতি লৈ মৰি মৰি বাগৰি বৈ আছেএই উমাত জুৰিটি ৷ উমাতৰ অবিহনে কাৰো ক’তো শেষ বিদায় হোৱা নাই ৷ উমাতৰ পাৰত চকুলো নুটুকা কোনো নংটুং নাই ৷ উমাত মানে চকুলো ৷ এনে কোনো নংটুং নাই যাৰ চকুলো এই জুৰিটিত পৰা নাই ৷ এনে বিৰল ঘটনাৰ সাক্ষী এই সৰু জুৰীটি ৷ সেয়েহে ইয়াৰ নাম চকুলো ৷ নংটুং হ’ল খাছীসকলৰ এটি ঠাল ৷ তেওঁলোকৰ মাওবাহ ইয়াৰ পাৰত ৷ এই মাওবাহত মৃতকৰ অস্থি ৰাখি শোকত বিহ্বল আপোনজনে শেষ বিদায় জনাই ইয়াৰ পাৰতেই চকুলো টুকিছিল ৷ নংটুং খাছী পৃথিৱীৰ য’তে মৃত্যু নহওক কিয়, এই মাওবাহলৈ অস্থি অনাটো আছিল বাধ্যতামূলক ৷ অৱশ্যে এতিয়া খাছীসকল খ্ৰীষ্টান হ’ল ৷ পূৰ্বৰ পৰম্পৰা ত্যাগ কৰিলে ৷ ডিভ’ৰ্চ দিয়া জীৱন সংগীক কেতিয়াবা মনত পেলোৱাৰ দৰে কেতিয়াবা মনত পেলায় ৷ জুৰীটি কিন্তু এতিয়াও বৈ আছে ৷ চকুলোৰ দৰে পৰিষ্কাৰ পানী ৷ 
স্থান - উম্লাফেৰ, থানা - বৈঠালাংচ’ ৷






This post is updated by Tultul Kutum

Saturday, 4 September 2021

বিখ্যাত ইংৰাজ লেখক জেৰমি টেলাৰৰ চৰিত্ৰ

জেৰেমি টেলাৰ এজন বিখ্যাত ইংৰাজ লেখক। লেখক হিচাপে তেওঁ যিমান সন্মানৰ যোগ্য আছিল, তাতোকৈ তেওঁ বেছি সন্মানৰ যোগ্য আছিল মানুহ হিচাপে ৷ তেওঁ যিখন সমাজত বাস কৰিছিল সেই সমাজৰ মানুহবোৰে তেওঁক এজন মহৎ চৰিত্ৰৰ আদৰ্শৱান মানুহ হিচাপে শ্ৰদ্ধা কৰিছিল।
এবাৰ তেওঁৰ ঘৰত চুৰি হ’ল। চোৰে তেওঁৰ ঘৰত যিমান বস্তু বাহিনী আৰু ধন-সোণ আছিল সকলোবোৰ উঠাই লৈ গ'ল। একে আষাৰে ক'বলৈ গ'লে তেওঁ সৰ্বস্বান্ত হ’ল। খবৰটো বিয়পি পৰাৰ লগে লগে তেওঁৰ ওচৰ-চুবুৰীয়া, সম্বন্ধীয় মানুহ আৰু বন্ধু-বান্ধৱ তেওঁৰ ঘৰলৈ আহিবলৈ ধৰিলে তেওঁক সহানুভূতি জনাবলৈ। মানুহবোৰে ভাবিছিল যে সৰ্বস্ব হেৰুৱাই জেৰেমি টেলাৰ নিশ্চয় মনৰ দুখত ম্রিয়মাণ হৈ পৰিছে। কিন্তু তাৰ ওলোটা ছবিখন দেখি মানুহবোৰ অতি আচৰিত হ’ল। সর্বস্বান্ত হৈয়ো জেৰেমি টেলাৰৰ মুখত অকণো দুখৰ ভাব ফুটি উঠা নাই৷ বৰঞ্চ তেওঁক আগতকৈ কিছু প্রফুল্লিত হোৱা যেনহে দেখা গ'ল।

এজন আত্মীয়ই মনৰ বিস্ময় হেঁচি ৰাখিব নোৱাৰি তেওঁক সুধিলে—“চোৰে তোমাৰ সৰ্বস্ব লুণ্ঠন কৰি তোমাক দেউলীয়া কৰি থৈ যোৱাৰ কাৰণে তুমি যেন সুখীহে হৈছা। অতি আচৰিত কথা। কোৱাচোন—তুমি এনে অদ্ভুত আচৰণ কিয় কৰিছা?” কাষতে থকা আন এজন মানুহেও আত্মীয়জনৰ কথাত যোগ দি ক'লে— “সঁচাকৈয়ে তোমাৰ মুখত দুখতকৈ আনন্দহে বেছিকৈ ফুটি উঠা যেন লাগিছে । ইয়াৰ ৰহস্য কি?” বন্ধুজনৰ প্ৰশ্ন শুনি জেৰেমি টেলাৰে উত্তৰ দিলে—“চোৰৰ চকুত যিবোৰ বস্তু আছিল মূল্যবান সেইবোৰ সিহঁতে লৈ গ'ল। কিন্তু আচল মূল্যবান বস্তু একোকেই সিহঁতে নিব নোৱাৰিলে। সেই সকলোবোৰ মোৰ লগত থাকি গ'ল ৷ তেনেস্থলত মই দুখ কৰিম কিয়? মই বৰঞ্চ মোৰ মনৰ ওপৰৰ পৰা এটা ডাঙৰ বোজা খহি পৰিল যেনহে অনুভৱ কৰিছো ৷ এতিয়াৰ পৰা এই অলাগতিয়াল বস্তুবোৰক লৈ মই আৰু দুঃচিন্তা কৰি থাকিব নালাগিব।' টেলাৰৰ কথা বুজিব নোৱাৰি মানুহবোৰৰ মুখত বিস্ময়ৰ ভাব ফুটি উঠিল। তেওঁলোকে সুধিলে—“তুমি কি ক’ব খুজিছা অলপ বুজাই কোৱাচোন; আমি কিন্তু একো বুজিব পৰা নাই।” টেলাৰে গহীন হৈ ক'লে—“মোৰ আচল সম্পত্তি হ'ল মোৰ শৰীৰটো, মোৰ স্বাস্থ্য, মোৰ বুদ্ধি চিন্তাশক্তি, ইচ্ছাশক্তি, মোৰ আত্মা, আৰু মই জীৱন যিবোৰ আদৰ্শক আটাইতকৈ মূল্যবান সম্পদ বুলি বিবেচনা কৰো সেই আদৰ্শবোৰ। এইবোৰ বস্তুৰ একে এটাইতো চোৰে চুৰ কৰি নিব পৰা নাই! মোৰ লগত সেই বস্তুবোৰ থকালৈকে মই নিজকে কেতিয়াও দৰিদ্ৰ বা সর্বস্বান্ত বুলি নাভাবোঁ। মই অলপ প্রফুল্লিত হৈছো এই ভাবি যে অলাগতিয়াল বস্তুবোৰ চোৰে লৈ গৈ মোৰ জীৱনটোক আগতকৈ সৰল কৰি থৈ গ'ল।”

Thursday, 2 September 2021

কৰ্মই ধৰ্ম

কৰ্মই ধৰ্ম
-----------------
এবাৰ মাডাৰ টেৰেছা আমেৰিকালৈ গৈছিল। তাত সেই দেশৰ এজন চিনেটৰে টেলিভিছনত মাডাৰ টেৰেছাৰ সাক্ষাৎকাৰ লৈছিল। বহুতো প্রশ্নৰ মাজতে চিনেটজনে মাডাৰ টেৰেছাক সুধিছিল—“মাডাৰ, আপুনি গৃহহীন আৰু সর্বহাৰা দীন-দৰিদ্ৰ মানুহৰ দুখ-মোচনৰ কাৰণে গোটেই জীৱন ধৰি কাম কৰি আহিছে। কিন্তু তাকে কৰি আপুনি তেওঁলোকৰ দৰিদ্ৰতা সমস্যাৰ সমাধান কৰিব পাৰিছেনে?”
মাডাৰ টেৰেছাই শান্ত আৰু স্নিগ্ধ দৃষ্টিৰে চিনেটৰজনৰ মুখলৈ চাই ক’লে—“ঈশ্বৰে মোৰ কান্ধত পৃথিৱীৰ কোনো সমস্যাৰ সমাধানৰ দায়িত্ব দিয়া নাই। ঈশ্বৰে মোক কেৱল এই দায়িত্ব দিছে যে যেতিয়া মই যিটো কাম কৰো সেই কামটোকে যেন পৰম নিষ্ঠাৰে কৰিবলৈ যত্ন কৰো।”

সাধাৰণ সৰু মানুহৰ পক্ষে ডাঙৰ কাম কৰাটো অসম্ভৱ। তেনে মানুহে আনক সহায় কৰিব খুজিলেও নিজৰ সাধ্য অনুসৰিহে সেইটো কৰিব পাৰে; কিন্তু নিজৰ সাধ্যৰ বাহিৰলৈ গৈ তেওঁ একো কৰিব নোৱাৰে। সেইবুলি সৰু মানুহে বা দুখীয়া মানুহে আনৰ উপকাৰৰ কাৰণে কৰা কোনো কামেই সৰু নহয়৷ তেওঁ বিপদত পৰা মানুহক সহায় কৰিবলৈ কৰা ক্ষুদ্র কামটোকো সীমাহীনভাৱে মহৎ কৰি তোলে তেওঁৰ হৃদয়ত থকা মানৱ প্ৰেমৰ আদৰ্শই, তেওঁৰ আত্মোৎসৰ্গৰ মনোভাৱে।