Monday, 30 August 2021

ফুটুকা বা ফুটকলা উদ্ভিদৰ ঔষধি গুণ

 এবিধ বনৰীয়া গুল্মজাতীয় উদ্ভিদ।অসমৰ সকলো ঠাইতে ইয়াক পোৱা যায়। বনৌষধি হিচাপে জনা যায়
 পাত খহতা, ঠাৰি ৰঙচুৱা, ফুল গোন্ধহীন।
 বৈঃনাম Malastoma Malabathrieum আৰু উৰিয়াত গনগৈ,সংস্কৃতত টিনিশ বুলি কয়। ঠাৰিদাল দাঁত ঘঁহিবৰ বাবে দাতোন, পাতবোৰ জনজাতীয় মদ তৈয়াৰী পিঠাত ব্যবহাৰ কৰে। ফলবোৰ সৰু, পকিলে ক'লা 
হয় আৰু ফাটি যায়। খাবলে মিঠা,খালে জিভাখনত দাগ ধৰে।মুখচিগা, আলচাৰ ভাল কৰে।

Friday, 27 August 2021

চুটি গল্প-চেনাই চাপৰিৰ ভোলা

চেনাই চাপৰিৰ ভোলা 
         লেখিকা- বিউটি পেগু, যোৰহাট
মাহীৰ ঘৰ চেনাই চাপৰিত | এই চেনাই চাপৰিতে ভোলা গৰখীয়াই বাঁহী বজায় | মই চেনাই চাপৰিৰ গৰখীয়া আদহীয়া বৰলা যুৱক ভোলাক দেখা নাই, লগো পোৱা নাই | কিন্তু তাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনাৰ সুৰ মাজৰাতি , দুপৰীয়া শুনিছোঁ | তাৰ বাঁহীৰ কৰুণ বিননি শুনিলে মোৰ স্বভাৱজাত বিষাদ ভালপোৱা মনটোৱে অধিক বিষাদকেন্দ্রিক হৈ পৰে | ভোলাৰ বাঁহীৰ সূৰৰ এনে এক মাদকতা, চুম্বকীয় আকৰ্ষন আছে তাৰ বাঁহীৰ সুৰে মানুহৰ কাণত , হৃদয়ত গুঞ্জৰিত হ'বই | জোনাক ৰাতি ভোলাৰ কৰুণ , বিষাদ সুৰৰ বাঁহীৰ মাতে গোটেই চাপৰিটোক আৰু অধিক জোনাক পোহৰৰে উজলাই তোলে বুলি ওচৰৰ গাঁওৰ মানুহে কয় | তাৰ হৃদয়ৰ পৰা নিগৰিত হৈ দুই ওঁঠৰ ফাঁকেদি ওলোৱা মনৰ বেথা স্বৰূপ কৰুণ বাঁহীৰ সুৰবোৰ শুনি দূৰ্ভগীয়া , প্রতাৰিত, অভিমানী প্রেমিক/প্রেমিকা সকলে বিষাদত,বেদনাত বাউলী হৈ পৰে | 

ভোলা হেনো আগতে পঢা-শুনাত ভালেই আছিল | কিন্তু বৰ আবেগিক আছিল | কবিতা লিখিছিল | পথাৰ, নদী, ফুল, গান ভাল পাইছিল | মনত আবেগ অধিক হ'লে বৰ সুন্দৰ কবিতা লিখিছিল | এজনী ছোৱালীৰ প্রেমত পৰিল | কিন্তু ছোৱালী জনীয়ে তাৰ প্রেমক স্বীকৃতি নিদিলে | ফলত অতি আবেগিক ভোলা অাৰু অধিক আবেগিক হৈ পৰিল | কবিতা লিখা বাদ দিলে, কাম বন কৰিবলৈ মন নকৰা হ'ল | ঘৰত মন নব'হা হ'ল | ফলত তাৰ অঘৰী জীৱন আৰম্ভ হ'ল | সি চেনাই চাপৰিত গৰু, মহ ৰখি থাকিবলৈ ল'লে | আৰু বাঁহীত বিষাদৰ কৰুন সুৰ তুলিবলৈ ধৰিলে | যেন মানুহক  মুখৰে প্রকাশ কৰিব নোৱাৰা বিননিবোৰ বাঁহীৰে ফুঁ দি চাপৰিৰ নদী, ঝাওবন,জীৱ জন্তুকে জনাই অন্তৰৰ গোপন বেথাবোৰ বোঁৱাই দিব বিচাৰে | ঋতু পৰিবৰ্তনৰ সময়োছোৱাত ভোলাৰ বাঁহীৰ সুৰৰ বিষাদময়তা একেবাৰে কৰুন হৈ পৰে | হয়তো ঋতু পৰিবৰ্তনৰ ফলত প্রকৃতিত দেখা দিয়া সৌন্দৰ্যই তাৰ মনটোক অধিক বিষাদৰে ভাৰাক্ৰান্ত কৰি তোলে | 

চাপৰিৰ মানুহবোৰে কয় - সি হেনো বিশ্বাস কৰে এই জনমত তাই তাৰ প্রেমক স্বীকৃতি নিদিলেও অহা জনমত নিশ্চয় কৰিব | সি এইবাবে অহা জনমলৈকে তাইৰ বাবে অপেক্ষা কৰি আছে | সতীৰ পিচত যেনেকৈ পাৰ্ৱতীয়ে শিৱৰ জীৱন থানথিন লগাইছিল এইদৰে তাৰ জীৱনটো হেনো অহা জনমত তাইৰ সংগই এই জনমৰ সকলো বেদনা,দুখ সামৰি মধুময় কৰিব বুলি সি হেনো বিশ্বাস কৰে | এইবাবে তাৰ নাম ভোলা ৰাখিলোঁ | সি সঁচাকৈয়ে ভোলাৰ দৰে ভোলা |

চেনাই চাপৰিলৈ গ'লে ভোলাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনা মাজৰাতি বা দুপৰীয়া শুনিবছোন |

Thursday, 26 August 2021

কোৱাভাতুৰী

কোৱাভাতুৰী 
এজোপা লতাজাতীয় কোনো কামত নহা উদ্ভিদ।সততে দেখা কোৱাভাতুৰীলতাডাল গৰু-ছাগলীয়েও নাখায়।ইয়াৰ ফল সেউজীয়া যদিও পকিলে উজ্জ্বল ৰঙা হয়।
ইয়াক ভাঙিলে কলা গুটি ওলাই। অখাদ্য গুটি
কিন্তু অসমীয়া সুন্দৰ জটুৱা ঠাচ ইয়াক লৈ হৈছে-"বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী।"
অৰ্থ হৈছে বাহিৰে চিকচিকীয়া  নিমজ, সৎ, সুন্দৰ কিন্তু ভিতৰত ওলোটা। এখন সমাজ দেখাত সুস্হভাবে চলি আছে কিন্তু ভিতৰখন কুৎচিত, ঘিণ লগা-এনে অৰ্থত ব্যৱহাৰ হয়।

Friday, 20 August 2021

ভাৰতীয় আইনত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ আত্মৰক্ষাৰ অধিকাৰ

ভাৰতীয় আইনত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ আত্মৰক্ষাৰ অধিকাৰ
--------------------------------------------------------------------------
ভাৰতীয় দণ্ড বিধি আইন- ১০৩ ধাৰা-

সম্পত্তিৰ ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰত কেতিয়াবা মৃত্যু পৰ্য্যন্ত ঘটাব পাৰি [When the right of private defence of  property extends to causing death] – এই আইনৰ ৯৯ ধাৰাৰ বিধি নিষেধ অনুযায়ী যি সকলো ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰা নাযায় সেই সকলো ক্ষেত্র বাদ দি যদি সম্পত্তিৰ ওপৰত কোনো আক্রমণ বা অপৰাধ নিম্নলিখিত কোনো এক প্রকাৰৰ হয় তেন্তে সেই আক্রমণ বা অপৰাধৰ বিৰুদ্ধে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ গৈ স্বেচ্ছাকৃতভাবে (voluntarily) অপৰাধীৰ মৃত্যু পর্যন্ত ঘটাব পাৰি—

(১) দস্যুতা বা ডকাইতি (Robbery),

(২) ৰাতি গৃহভেদ (House breaking by night),

(৩) বাসগৃহ, দালান, তম্বু, জলযান য'ত হয় মানুহ বসবাস কৰে নহয় সম্পত্তি/বস্ত বাহানি ৰখা থাকে তাত জুই লগাই ক্ষতি (mischief) কৰিলে বা তাৰ চেষ্টা কৰিলে,

(৪) চুৰি (theft), ক্ষতি সাধন (mischief) বা অনধিকাৰ গৃহপ্ৰৱেশ (house trespass) এনেভাবে কৰিবলৈ আহে যে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ নকৰা হলে মৃত্যু (death) বা গুৰুতৰ আঘাতৰ (grievoushurt) সম্ভাৱনা থাকে। 

উদাহৰণ (Illustration) – কেইটামান চুৰে হাতত দা, তৰোৱাল ইত্যাদিৰে সজ্জিত হৈ চুৰি কৰিবলৈ কোনো এখন ঘৰত প্ৰৱেশ কৰিলে। গৃহস্থই হঠাৎ সাৰ পাই উঠি দেখিলে যে তাৰ মূৰৰ ওচৰত এজনে তৰোৱাল লৈ থিয় হৈ আছে। এতিয়া গৃহস্থই চিঞৰিলে চোৰে তাক আঘাত কৰি মৃত্যু ঘটাবও পাৰে ৷

তেনে পৰিস্থিতিত গৃহস্থই সেই চুৰৰ মৃত্যু ঘটালেও কোনো অপৰাধ নহব । গৃহস্থই আত্মৰক্ষাৰ অধিকাৰত সেই মৃত্যু ঘটাব পাৰে ।

মিচিং সকলৰ পৰাগ উৎসৱৰ কিছু দৃশ্য

পৰম্পৰাগত মিচিং চাংঘৰ চাও আহক

Amar Gaonr Bihu sauk

Thursday, 12 August 2021

এক অদ্ভূত ঘটনা

বৰোডাৰ পৰা ৪০ মাইল দূৰত এখন গাঁৱত এজন মানুহে এজনী গাই গৰু কিনি আনিছিল আন এখন গাঁৱৰ পৰা কিছুদিনৰ আগতে...লকডাউনৰ পাছত কুকুৰবোৰে সদায় গাঁওখনত ভুকি থকা হ'ল। গাঁওবাসীয়ে ভাবিলে লকডাউনৰ সুবিধা লৈ গাৱত নিশ্চয় চোৰ সোমাইছে। কিন্তু কেইবাদিনো পঁহৰা দিও একো নেদেখিলে। অৱশেষত গাঁও খনৰ বিভিন্ন প্ৰান্তত চিচি টিভি কেমেৰা লগাই দিলে। কেমেৰাত স্পষ্ট হ'ল যে এটা নাহৰফুটুকী বাঘ সদায় সেই গাইজনীৰ ওচৰলৈ আহে আৰু কিছু সময় থাকি গুছি যায়। এই দৃশ্য দেখি গাঁওবাসীৰ পৰামৰ্শ মতে গাইজনীৰ নতুন গৃহস্থজন গাইজনী যিজনৰ পৰা কিনি আনিছিল তেখেতৰ ওচৰলৈ গ'ল। তেতিয়া সেই পুৰণী গৃহস্থজনে এটা আচৰিত ঘটনা ক'লে। 
    যেতিয়া সেই বাঘটোৰ জন্মৰ মাত্ৰ বিশদিন হৈছিল কোনোবা দুৰ্বৃত্তই বাঘটোৰ মাকক মাৰি পেলাইছিল। আৰু বনবিভাগৰ মানুহে  পোৱালিটো লৈ আহি তেওঁলোকৰ খীৰতী গাইজনীৰ অৰ্থাৎ সেই গাইজনীৰ গাখীৰ খুৱাবলৈ বিচাৰিছিল বাঘ পোৱালীটোক। গাইজনীয়েও কোনো দিগদাৰী নিদিয়াকৈ বাঘ পোৱালিটোক গাখীৰ খুৱাইছিল। এবছৰমান হোৱাৰ পাছত বন বিভাগে বাঘ পোৱালীটোক অৰণ্যত এৰি দিলে। কিন্তু বাঘটোৱে তাক পুনৰ জনম দিয়া মাকক পাহৰি যোৱা নাছিল আৰু লক ডাউনৰ বাবে নিৰব হৈ থকা গাঁওখনত বিচাৰি বিচাৰি আহি তাৰ মাকৰ সন্ধান পাই গৈছিল। 
     এইয়াই মৰম আৰু আত্মীয়তা ...যাৰ বাবে হিংসুক জন্তুকো বশ কৰিব পাৰি। কিন্তু মানুহৰ ক্ষেত্ৰতহে এইয়া সম্ভৱ নহয়। কিছুমানৰ শৰীৰত এনেকুৱা অকৃতজ্ঞতাৰ তেজ প্ৰৱাহিত হয় যে যাক গৰুৰ গাখীৰৰ দৰে পবিত্ৰ বস্তুৱে শোধন কৰিলেও শোধিত নহয়..।

Wednesday, 11 August 2021

কলা ধানৰ সোৱাদ আৰু ঔষধি গুণ

কলা ধানৰ সোৱাদ আৰু ঔষধি গুণ
বিউটি পেগু

দেউতাৰ চাপৰিত জন্ম | তাতেই চাকৰিৰ আগলৈকে জীৱনৰ শৈশৱ, কৈশোৰ, ডেকাকাল পাৰ কৰিছে | আগৰ দিনত চাপৰিত আজিৰ দৰে শালি ধানৰ খেতি বৰকৈ নকৰিছিল | আহু ধানৰ খেতিহে কৰিছিল | আহু ধান, চাউল কলা | দেউতাহঁতৰ আকৌ গোটেই কেইজন ককাই ভায়েকৰ গাৰ ৰং কলা | এইকাৰনে ওচৰৰ গাঁৱৰ মানুহে দেউতাহঁতক বোলে ইতিকিং,কৰি কৈছিল - মানুহবোৰো কলা, চাউলো কলা | তহতলৈ কোন ছোৱালীয়ে বিয়া হ'ব | সেয়া আছিল তাহানিৰ কথা |

লেখিকা বিউটি পেগুৰ আলোকচিত্ৰ
বৰ্তমান কলা ধানৰ বিশ্বতে আদৰ আছে | লগতে ঔষধি গুনো আছে | কিন্তু আজিকালি আগৰ দৰে আহুধানৰ খেতি কৰিবলৈ মিচিং সকলে বৰকৈ মন নকৰে | কিন্তু বজাৰত ইয়াৰ প্রচিৰ চাহিদা | কলা চাউলৰ ভাত খাবলৈয়ো সোৱাদ | আগৰ দিনত ৰাতি তিনি বজাতে উঠি কলা চাউলৰ পিনকাং আপিন খায়েই যুৱকসকলে বহু দূৰ বাট কুৰি হাল বাবলৈ গৈছিল | আজিকালি টকা খৰচ কৰি কলা চাউল বিচাৰিলেও পাবলৈ নাই | মোৰ অনুমান মতে মিপাগতকৈ মিচিং সকলে আহু ধানৰ খেতি অধিক পৰিমানে কৰিছিল নেকি কাৰন কলা চাউলৰ ভাত মিচিং সকলৰ ঘৰতেই বেছি খোৱা দেখা গৈছিল |

কছাৰী জনগোষ্ঠীত মিচিং লোকৰ অন্তৰ্ভুক্ত আৰু মিচিং কছাৰীৰ ঐতিহাসিক সামাজিক সম্পৰ্ক

উত্তৰ-পূৱ ভাৰতৰ অসম, নগাভূমি আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী সোণোৱালসকলৰ বিষয়ে নকৈ জনোৱাৰ প্ৰয়োজন নাই। অসমৰ ভৈয়ামৰ জনজাতীয় জনগোষ্ঠীসমূহৰ ভিতৰত তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱাল আৰু নৈপৰীয়া দ্বিতীয় ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ মাজত অতি প্রাচীন কালৰ পৰাই এক যোগসূত্র আছে। এই নিবন্ধত আমি ইতিহাসৰ পম খেদি এই দুই জাতিসত্বাৰ মাজত যি পাৰস্পৰিক সম্বন্ধ তাক চমুকৈ আলচ কৰিবলৈ যত্ন কৰিম।
কেইবাজনো বুৰঞ্জী প্ৰনেতাৰ বুৰঞ্জীসমূহৰ পৰা জানিব পৰা যায় যে এটা সময়ত সোণোৱালসকলে প্ৰৱল প্রতাপেৰে হালালী ৰাজ্যত শাসন কৰিছিল। হালালী শব্দৰ অৰ্থ হ’ল হা- মাটি আৰু লালী-উজ্জ্বল। অর্থাৎ উজ্জ্বল মাটিৰ দেশ। এই ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা জন হ’ল মানিক। এই ক্ষেত্রত ‘কাছারের ইতিবৃত্ত’ নামৰ গ্ৰন্থত হালালী ৰাজ্যৰ ৰাজা আৰু ৰাজ্যখনৰ বিষয়ে তলত দিয়াৰ দৰে উল্লেখ পোৱা যায়।

“ব্রহ্মপুত্রর মোহা পরিত্যাগের ঘটোৎকচ বংশীয় ৰাজা কৌণ্ডিল্য নারায়ণ ব্রহ্মপুত্র উজান বাইয়া নদীর উত্তর পারে বর্তমান শদিয়া জিলার কৌণ্ডিন্য নগর স্থাপন করে। এবং এই স্থানে কছারী রাজাগনে বহুকাল প্রতিপত্তিরে সহিত রাজত্ব করি থানেক রাজা মেঘবল পর্যন্ত কছারী রাজাগন হালালীতে রাজত্ব করেন।”

অৰ্থাৎ কছাৰী সকলে শদিয়াত কৌণ্ডিন্য নগৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰৱল পৰাক্ৰমে ৰাজত্ব কৰিলেও পৰ্বতীয়া জাতিৰ উৎপাতৰ বাবে উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰে ৰাজ্য স্থাপন কৰিবলৈ মনস্থ কৰে। কিন্তু কছাৰীসকলৰ এই হালালী বা শদিয়া ৰাজ্য পৰিত্যাগৰ কাহিনী সুখকৰ নাছিল। 

“জনৈক কাছাড়ী রাজা ব্রহ্মপুত্র দক্ষিণ পারে স্থাপন করিতে মনস্থ করিলেন, কিন্তু অসংখ্য প্রজা গৃহ পালিত পশু এবং দ্রব্যাদিসহ ব্রহ্মপুত্র নদ অতিক্রম করিয়া পর পারে যাওরা দুস্কর বিবেচনাই রাজা একান্ত চিন্তাকুল হইলেন । যাহা দৈবানুগ্রহে এক দিবস রাত্রিতে রাজা স্বপ্নযোগে জানিতে পারিলেন কোন নির্দিষ্ট স্থানে একহস্ত পরিমিত জলের নীচে একটি বাধা পাওরা যাইবে কিন্তু যদি রাজা নদী অতিক্রম কালে প্রশ্চাৎ দিকে দৃষ্টিপাত করেন তবে বাঁধ ভাঙ্গিয়া যাইবে। রাজা পরিত্যাগ সংকল্প বীরঢোল বাজাইয়া প্রজাবর্গকে জানাইয়া দেওরা হইল। প্রায় অৰ্দ্ধেক লোক উত্তীর্ণ হইয়াছে এমন সময় নিষেধ স্বত্বেও রাজা কৌতুহলাক্রমে হইয়া প্রশ্চাৎদিকে কিরিয়া চাইলেন। তন্মহূর্তে ই বাঁদা ভাঙ্গিয়া যায় এবং বহুলোক প্রাণত্যাগ কৰে। 
       (উপেন্দ্র চন্দ্ৰ গুহ, কাছারের ইতিবৃত্ত, পৃঃ ৬০।)

অৰ্থাৎ কছাৰী ৰজাই তেওঁৰ প্ৰজাসকলৰ সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দক্ষিণ পাৰলৈ গুছি আহিছিল। তেওঁক সপোনত কোৱা হৈছিল যে নদী পাৰ হওতে পিছলৈ ঘুৰি চাব নালাগে। যদি ঘুৰি চায় অথন্তৰ হ'ব। কিন্তু কৌতুহল দমাব নোৱাৰি নদী পাৰ হোৱা সময়ত তেওঁ পিছলৈ ঘুৰি চোৱাত কছাৰী ৰজাৰ আধা প্ৰজা নদীৰ পানীত জাহ গৈছিল।

কবি-সাহিত্যিক তথা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই আহোমৰ দিন নামৰ গ্ৰন্থত উল্লেখ কৰিছে- 

“সোণোৱাল কছাৰীসকলৰ ঘৰ পূৰ্বে উজনি অঞ্চলৰ শদিয়াত আছিল আৰু সোৱনশিৰি নৈত সোণ কমাইছিল।” 

আনহাতে, ড০ সূর্য কুমাৰ ভূঞাদেৱে সম্পাদনা কৰা কছাৰী বুৰঞ্জীত সোণোৱালসকলৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে—“শদিয়া অঞ্চলত কছাৰীসকলে ৰাজ্য পাতি প্ৰৱল প্রতাপেৰে ৰাজত্ব কৰিছিল। এই ৰাজ্যৰ সীমা পূৱে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে দিলিহি কেন্দুগুৰিলৈকে স্থিতি আছিল ৷ ৰাজ্যৰ বাসিন্দাসকলক শদিয়াল কছাৰী আৰু ৰাজ্যখনক ‘হালালী’ বুলি উল্লেখ কৰিছে। যাৰ অৰ্থ হা মাটি, লালী-উজ্জ্বল। অর্থাৎ উজ্জ্বল মাটিৰ দেশ। এই শদিয়াল কছাৰীসকলেই পৰৱৰ্ত্তী সময়ত সোণোৱাল নামেৰে জনাজাত হ’ল।°

 ত্রয়োদশ শতিকাৰ মাজভাগৰ পৰা চুতীয়াসকলৰ ৰাজনৈতিক উত্থানৰ সময়ৰ পৰা পট পৰিবৰ্তন হ’বলৈ ধৰে ৷ ‘ডিমাৰাজ্য’ নামৰ বুৰঞ্জীমতে ১২৪৪ চনত চুতীয়া ৰজাৰ হাতত কছাৰী ৰজা ভদ্ৰসেন পৰাস্ত হৈ সন্ধি কৰে। আৰু সেই সন্ধিৰ চৰ্ত্ত অনুসৰি বৰ লুইত পাৰ হৈ আহি ডুমডুমাত ৰাজধানী পাতি শালালী ৰাজ্যৰ দক্ষিণ পাৰত ৰাজত্ব কৰে। (কিছু কছাৰী লোকৰ মতে শিৱই সপোনত কছাৰী সকলক শদিয়া এৰি দক্ষিণ পাৰত ৰাজ্য পতাৰ আদেশ দিছিল) চাৰিজন মন্ত্ৰী আৰু এক তৃতীয়াংশ লোক শদিয়াত পৰাধীনৰূপে চুতীয়া ৰাজ্যত ৰৈ যায়। ১২৭৯ চনত চুতীয়া ৰজাই পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰে আৰু দক্ষিণ পাৰৰ দেশখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। বিভিন্ন বুৰঞ্জীত উল্লেখ থকা মতে ১২২৮ খৃষ্টাব্দত চুকাফাৰ নেতৃত্বত টাইসকল অসমত প্ৰৱেশ কৰি কছাৰীসকল আৰু মৰাণসকলক লগ পাইছিল। চুকাফাই প্রথম আহি কছাৰী সকলৰ ৰীতিৰে শিৱাই দেৱতাৰ থানঘৰত শিৱৰ পূজা-অৰ্চনা কৰিছিল বুলি জানিব পৰা যায়। চুকাফাৰ ৰাজ্য বিস্তাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চুবুৰীয়া ৰজাসকলৰ লগত যুঁজ বাগৰ আৰম্ভ হৈছিল। ১৫০৩ চনত টাই ৰাজশক্তিয়ে চুতীয়া সকলক পৰাস্ত কৰি চুতীয়া ৰাজ্য দখল কৰি লয় আৰু নিজ প্ৰশাসনৰ দায়িত্ব শদিয়াখোৱা গোঁহাই নামে এজন ৰাজ বিষয়াক অর্পণ কৰে। 

চুতীয়া সকলৰ পৰা শদিয়া কাঢ়ি লোৱাৰ পিছত আহোম ৰাজ প্ৰশাসনৰ হৈ শদিয়াখোৱা গোঁহাইয়ে অসীম ক্ষমতাৰে শদিয়া অঞ্চল পৰিচালানা কৰিছিল। মুখে মুখে বাগৰি অহা এক কছাৰী জনশ্ৰুতি অনুসৰি শদিয়া খোৱা গোঁহাইৰ এগৰাকী সুন্দৰী জীয়েক আছিল নাম জনাদৈ ৷ জনাদৈৰ লগত কছাৰী ডেকা দুতিৰামৰ লগত প্ৰেমৰ সম্পৰ্ক হয়। পদমর্যদা আৰু জাত্যভিমানৰ বাবে জনাদৈ আৰু দুতিৰামৰ মাজত হেঙাৰ হৈ ঠিয় দিলে পিতৃ শদিয়াখোৱা গোঁহাই। প্রেম স্বর্গীয়। প্রেমে নামানে জাতিকূল। ইজনে-সিজনক পোৱাৰ বাসনাত ব্যাকুল হ’ল। সেই প্ৰেমৰ নিদৰ্শন সোণোৱাল কছাৰী লোকগীতৰ মাজত অতি সাৱলীলভাৱে প্ৰকাশ পাইছে এনেদৰে—

“জনাদৈ গাভৰু পাটমাদৈ চৰাইটি 
দুতিৰাম তানুৱা ডেকা। 
বঙহো নহলি বুকুৰ মঙহ হলি 
কেনেকৈ গুচাই যাওঁ চেকা 
হাবিৰে অমৰা দুতিৰাম দমৰা 
জনাদৈ চেউৰী গাই 
বান্ধিব পাৰো মই ৰাখিব নোৱাৰো 
পঘা চিঙি চিঙি যায়।*

শাসনৰ বাঘজৰীয়ে বান্ধি ৰাখিলে মনৰ এনাজৰিদাল চিঙিব নোৱাৰিলে গোঁহাইদেৱে। সেই পিতৃৰ ৰাজবিষয়াৰ পদমর্যদাক প্ৰেমৰ মহত্বৰে পদাঘাট কৰি দুতিৰামৰ লগত জনাদৈ পলাই গুচি যায়। লাজে-অপমানে অপমানিত হৈ শদিয়াখোৱা গোঁহাইয়ে জোঁৱাই দুতিৰামৰ ওপৰত আখেজ লোৱাৰ পৰিকল্পনা মনত পুৰি ৰাখিলে। মনৰ এই পোহনীয়া চিন্তা বাস্তৱায়িত কৰিবৰ বাবে মিতিৰ হোৱাৰ ফন্দি পাতিলে। তেওঁ এহেজাৰ কছাৰীক জীয়েকৰ বিয়াৰ ভোজ খাবলৈ বুলি বৰভোজ পাতি আদৰ-সাদৰ কৰি মাতি পঠিয়ালে। বাহিৰে মৌ মিঠা দেখুৱাই মিতিৰৰ ভোজৰ সকলো আয়োজন সম্পন্ন হ’ল। নীতি শাস্ত্ৰত এষাৰি বৰ সাৰুৱা কথা আছে ‘ৰাজবিষয়াক কেতিয়াও বিশ্বাস নকৰিবা। গোঁহায়ে মনে মনে অভিসন্ধি কৰিলে আৰু এই ষড়যন্ত্ৰৰ দায়িত্ব অর্পণ কৰিলে চিংফৌ জনজাতিৰ এজন পাহোৱাল ডেকাক, নাম লথৰা। ভোজ-ভাত খোৱাৰ সময়তে অতর্কিতে হাজাৰ কছাৰীক আক্ৰমণ কৰি কচু কটা দিব লাগে। শাস্ত্ৰত নিৰস্ত্ৰীৰ লগত ৰণ নকৰিবা বুলি বচন থাকিলেও চলে বলে কৌশলে শত্ৰুক পৰাভূত কৰিবলৈ ব্যৱস্থা ল’ব লাগে ৷ পৰিকল্পনা অনুসৰি নির্দিষ্ট দিন আহি পালে। হেজাৰ কছাৰীয়ে হাস্য-লাস্য কৰি মিতিৰৰ ঘৰত ভোজ খাবলৈ আহিল। যথাসময়ত খোৱা পৰ্ব শুভাৰম্ভ হ’ল। সহজ-সৰল কছাৰীসকলৰ মনত এই নিমন্ত্ৰণৰ আঁৰত যে কিবা অভিসন্ধি থাকিব পাৰে তিলমানো সন্দেহ মনলৈ অহা নাছিল। খাই থকা অৱস্থাতে লথৰাই এফালৰ পৰা কছাৰীসকলক মাৰি-কাটি খাস্তাং কৰিবলৈ ধৰিলে। খাই থকা অৱস্থাত হাতত কোনো অস্ত্র-শস্ত্র নথকাৰ বাবে কছাৰীসকলে ওচৰত থকা তাঁতৰ সঁজুলি টোলোঠা, দূৰ্পদী আদিয়ে শত্রু প্রতিহত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে যদিও বহু লোক এই আক্ৰমণত হতাহত হ’ল। যিসকল পলাই গ'ল সেইসকলে ওচৰত থকা সাতঘৰ মিচিং মানুহৰ ঘৰত আশ্ৰয় লৈ প্ৰাণৰক্ষা কৰিলে। 

কছাৰী সকলক মিচিং সকলৰ সাতটা বংশ বা পৰিয়ালে লথাইৰ হাতৰ পৰা ৰক্ষা কৰিছিল। সেইসকল হ’ল- চেদং, কাদং, হাগু, তাগু, দাফলাৰী আদি জাতৰ লোক। সেই সাতটা বংশৰ সাতখন পৰিয়ালক কছাৰী সকলে ভাল পাই সোণোৱাল পৰম্পৰা অনুসৰি তেওঁলোকৰ বংশ পৰিয়ালৰ মৰ্যদা প্ৰদান কৰিলে। সোণোৱাল সংস্কৃতিৰ মূল উপাদান হাইদাং হুচৰি গীতত এই সাতঘৰ মিচিং মানুহক সোণোৱাল অন্তৰ্ভুক্ত কৰিলে যদিও তেওঁলোক হাগু, তাণ্ড, কাদং, চেদং, ডফলা আদি নামে খ্যাত আছিল। সোণোৱাল সমাজৰ পৰম্পৰা অনুসৰি প্ৰতিটো পৰিয়ালৰ পিছত ‘ৰী’ প্রত্যয় সংযোগ কৰি লোৱা হয়। যেনে— নাকৰী, ডেকাৰী, হাগুমিৰি, লিকামিৰী, দেমাৰী আদি উল্লেখনীয়। উক্ত পৰিয়ালসমূহ হাগু, হাগুমিৰী, ডফলা ডাফলাৰী, লিকাম-লিকামিৰী ইত্যাদি বংশ হিচাপে সোণোৱাল জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈ থাকিল।

শদিয়া খোৱা গোঁহাইৰ ভোজলৈ সাতখন গাঁৱৰ এহাজাৰ কছাৰী লোক আহিছিল। এইবোৰ গাঁও উচন হোৱাৰ কৰুণ কাহিনী তেওঁলোকৰ লোক সাহিত্যত তলত দিয়া ধৰণে বৰ্ণনা কৰা আছে । যেনে—

নালে শুৱনি ফাঁকে দা 
দহ শ‍ইকীয়া
তাৰ মাজত শদিয়া খোৱা 

শদিয়া খোৱাৰ নাৰকী 
নৰকত পৰিলে,
লথৰাক লগাই ভঙালে দেশ।

উক্ত শোকাবহ কাহিনী সোণোৱাল সমাজৰ সকলো লোক সাহিত্য আৰু লোক সংগীতত প্ৰতিফলিত হোৱা দেখা যায়। পাদৰ খেলৰ গীততো এই ঘটনাৰ কৰুণ কাহিনী তথা লথৰাৰ কু-মনোভাৱৰ কথা ব্যক্ত হোৱা দেখিবলৈ পোৱা যায়। পাদৰ খেলৰ গীতত এই ঘটনাত ধ্বংস হোৱা কছাৰী গাঁওসমূহৰ নাম উল্লেখ পোৱা যায়।

আদুৰী পাদুৰী লেঠাই গাঁও 
লথৰাই ভাঙিলে সাতখন গাঁও 
আঠুকঢ়া (আঠুকটা) লেহেৰা, পাতবেং ঠেহেৰা 
থুই কটা থুই কটা গোপাল পাদুৰা।” 

আক্ৰমনৰ সময়ত গাঁওসমূহৰ বিৱৰণ—

১) আদুৰি–বর্তমান শদিয়াৰ সাতমাইলৰ য'ত পূৰ্ব্বত কছাৰীসকলৰ বুঢ়া-বুঢ়ী পূজাৰ শালমন আছিল। 
২) পাদুৰী— পাদুৰী বা পদুমনি বৰ্তমান অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ অন্তৰ্গত। 
৩) লেঠাই— লেঠাই মানে শাৰী শাৰীকৈ দিহং, দিবং, টেঙাপানী উপত্যকা অঞ্চল। ইয়াতে বহু হাজাৰ কছাৰী সাতখন ৰাজ্যও পাতিছিল।

৪) আঠুবুঢ়া— বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অববাহিকাত আঠুকঢ়া চাপৰি নামেৰে জনাজাত ৷

৫) লিহিৰা— এখনি গাঁও।

৬) পাতবেং— বর্তমান নামচাই অঞ্চলত থকা পাতবাউসী
নামে জনাজাত। । 
৭) থুইকটা— বর্তমান ঠুৰিয়া কঢ়া গাঁও নামেৰে নাজাত।

সহায়ক গ্রন্থ—


১। গুহ উপেন্দ্র চন্দ্ৰ কাছারের ইতিবৃত্ত, পৃঃ ৬০।

২। বৰবৰুৱা হিতেশ্বৰ    আহোমৰ দিন, পৃঃ ৪৫৪
৩। ভূঞা সূৰ্য কুমাৰ    কছাৰী বুৰঞ্জী (সম্পাদন) 
৪। হাজৰিকা ৰজনী   সোণোৱাল কছাৰী সমাজ আৰু
সংস্কৃতি (প্রবন্ধ), পৃঃ ৩৭০।
৫। হাজৰিকা ৰজনী    পূৰ্বোত্তৰ গ্ৰন্থ।

৬। সোণোৱাল গগন   সোণোৱাল কছাৰী সমাজ হাইদাং গীত ও আৰু সংস্কৃতি (প্ৰৱন্ধ) বংশৰ পৰিচয়, পৃঃ ১১,
সোণোৱাল কছাৰ সমাজ সংস্কৃতি প্ৰৱন্ধ সোণোৱাল কছাৰীসকলৰ লোন আহৰণ বৃত্তি আৰু পদ্ধতি, পৃঃ ১৪৯, পূৰ্বোত্ত গ্রন্থ। পূৰ্বোত্ত গ্রন্থ (গীতি সাহিত্য), সংস্কৃত খেল-ধেমালীত গীত পৃঃ ৩০৪।

টোকা- আন এক তথ্য মতে জনা গাভৰু চুতীয়া ৰাজকুমাৰী আছিল আৰু ডিমাছা কছাৰী ৰাজকুমাৰৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক হৈছিল।




Tuesday, 10 August 2021

গুপিত পেগু অপৃনৰ ইতিহাস বা চমু বুৰঞ্জী

পেগুসকলৰ ভিতৰৰে কিছুমানে গুপিত পেঃগু বা গুদাং পেঃগু বা কাৰিঃ পেগু হোৱাৰ লিখিত তথ্য নাই।  সেইকাৰণে মৌখিকভাৱে প্রচলিত কিম্বদন্তি এটাকে মূল হিচাপে লৈ গুপিত পেগু সকলৰ উৎপত্তিৰ ইতিহাস  উপস্থাপন কৰিলো-
পেগু সকলৰ দুই ককাই ভাই গুতুং আৰু গুমাং। ভায়েক গুমাঙক তোলনীয়া পুত্ৰৰ মাতচিকৰ সৈতে দাম্ৰ পাহাৰত মেঃগুসকলৰ লগত থাকিবলৈ দি গুতুং পেগুৱে পুত্ৰ তুঃচিকক লগত লৈ সাৰুৱা মাটিৰ সন্ধানত বৰ্তমানৰ অৰুণাচলৰ  পেকাৰ পুঃমিঃলৈ গুচি আহে। এদিন গুঃমাঙৰ দাম্ৰ আদিঃত থকা ঘৰত জুই লাগিল। সেই জুইয়ে গোটেই গাঁওখনকে পুৰি শেষ কৰিলে। কি কাৰণত গাঁৱত জুই লাগিল সেই লৈ বিচাৰৰ বাবে গাঁৱত সভা বা কৗবাং বহিল। সভাত গুমাঙৰ পক্ষৰ মানুহ মেঃগুসকলৰ বাহিৰে আৰু কোনো নাছিল৷ সেই কাৰণে গুমাঙৰ পক্ষত মানুহ নথকাত গুমাঙৰ ঘৰত লগা জুইয়ে গোটেই গাঁওখনকে পুৰি শেষ কৰিলে বুলি দোষী সাব্যস্ত কৰি গুমাঙৰ মাটি সম্পত্তি পেৰ্তিন, পৗৰমেঃ, ৰাঃতান, বৰাং ইত্যাদি জাত বা বংশৰ মানুহ সকলে জৰিমনা হিচাবে ভাগ কৰি লৈ পেলালে। (সেই কৗবাং বাংক অর্থাৎ সভা বহা ঠাইডোখৰক বৰ্তমান অৰুণাচল ৰ ‘য়ামনে চিপং' ঠাই বুলি কোৱা হয়।) তেতিয়া পেণ্ড আৰু মেঃণ্ডসকলে অচ’ অর্থাৎ মেথোন এটা কাটি ‘কিয় এনে হ’ল আৰু কি কৰিব লাগিব’ বুলি আলোচনা কৰিলে। মাটি-সম্পত্তি নাই যেতিয়া পেকাৰ-পুঃমিত থকা ককায়েক গুতুঙৰ ওচৰলৈ গুচি যাম বুলি আলোচনা কালত গুমাঙে ইচ্ছা ব্যক্ত কৰিলে। সেইমতে গুমাঙে তোলনীয়া পুত্ৰ মাতচিকক লগত লৈ পেকাৰ-পুঃমিলৈ গুচি গ'ল। পেকাৰ-পুঃমিত অন্য মানুহবোৰে মাতচিকক চিনি নাপাই তেওঁৰ পৰিচয় বিচাৰিলে। তেতিয়া মাতচিকে “মই মৗগু (উমি) গুপিত গাঁৱৰ ল’ৰা” অৰ্থাৎ জুইয়ে পুৰি শেষ কৰা গাঁৱৰ ল’ৰা বুলি নিজৰ পৰিচয় দিলে। তেতিয়াৰ পৰা মাতচিকৰ সতি-সন্ততিসকলক গুপিত্ পেগু বুলি কোৱা হ’ল। মাতচিকৰ এজন পুত্ৰ আছিল । তেওঁৰ নাম চুক্কাম আৰু চুক্‌কামৰ পুত্ৰ হ’ল কামচুক।

                         টুল টুল কুটুম


অক্ষয় কুমাৰৰ নতুন চিনেমাৰ স্ক্ৰীপ্ট

অক্ষয় কুমাৰৰ নতুন চিনেমাৰ স্ক্ৰীপ্ট -  🙏
আৰম্ভণি দৃশ্য - হাৰিয়ানাৰ এখন সৰু গাওঁ - সৰু সৰু বাচ্ছা এসোপাই ক্ৰীকেট খেলি আছে৷ বেটছমেনে মাৰিলে এটা প্ৰকাণ্ড ছিক্স আৰু বলটো পৰিলগৈ কাষতে থকা খেতি পথাৰত৷

এটা সৰু লৰাই বাপেকৰ সৈতে খেতিপথাৰত কাম কৰি আছিল৷ ক্ৰীকেট খেলি থকাসকলৰ এজনে চিঞৰিলে ঐ চটো বলটো দে৷

সৰু লৰাটোৱে বলটো হাতত তুলি ললে তেনেতে ক্ৰিকেট খেলি থকা এটাই কলে - ঐ তই দলিয়াব নোৱাৰ৷ ইয়াত নাপায়হি৷ দৌৰি দি থৈ যা৷

কিন্তু লৰাটোৱে বলটো দলিয়ালে৷ বলটো ইমান জোৰত ফিল্ডৰ মাজলৈ দলিয়ালে যে ফিল্ডৰ মাজত থকা ক্ৰীকেটৰ মিদিল ষ্টাম্পেই ভাঙি গ’ল৷ সকলো অবাক হ’ল৷ 

তেনেতে সমগ্ৰ দৃশ্যটো এথলিট প্ৰশিক্ষক গজৰাজ ৰাওৰ চকুত পৰিল৷ তেওঁ বাচ্ছাটোক অনুসৰণ কৰি দেখিলে যে বাচ্ছাটোৰ লৰাটোৰ শক্তিশালী বাহু আছে আৰু সহজে লক্ষ্যভেদ কৰিব পাৰে৷ সেই সময়ত সি আম গছলৈ ফৰ্মুটিয়াই আছিল৷

গজৰাজে বুজিলে যে লৰাটোৰ ভৱিষ্যত আছে আৰু তেওঁ লৰাটোক তেওঁৰ এথলিট একাডেমিত জইন কৰিব কলে৷ লৰাটোৱে কলে - মই বহুত দৰিদ্ৰ পৰিয়ালৰ যাৰ বাবে তাৰ এযোৰ জোতাও নাই তাৰোপৰি সি দেউতাকক সহায় কৰিব লাগে খেতি পথাৰত৷

গজৰাজে বাপেকৰ সৈতে কথা পাতিলে আৰু দেউতাকক পতিয়ন নিয়াবলৈ সক্ষম হ’ল৷ লৰাটোৱে এদিন গজৰাজৰ একাডেমিত ভৰি দিলে জধলামধলা কাপোৰ পিন্ধি হাৱাই চপ্পলৰ সৈতে৷ ধনীঘৰৰ বাচ্ছাবোৰে তাৰ ৰূপ দেখি হাঁহিব ধৰিলে৷ লৰাটোৱে আকাশলৈ চাই ৰ’ল কাৰন তাৰ সপোন আছিল ডাঙৰ৷ (এডভাৰটাইজ ব্ৰেক) 

পৰবৰ্তী দৃশ্য - কেইটামান বছৰৰ পিছত - সৰু লৰাটো ডাঙৰ হ’ল আৰু কেমেৰাই ভৰিৰ পৰা মূৰলৈকে কেমেৰাটো উঠাই আনিছে৷ যেতিয়া মুখখন স্পষ্ট হ’ল - সিয়েই হ’ল অক্ষয় কুমাৰ৷ তেতিয়ালৈকে সি জেভলিন দলিওৱাত ৰাষ্ট্ৰীয় খেলুৱৈ বনি গৈছে আৰু সি আৰ্মীত ভৰ্তি হৈছে৷  

পিছৰ দৃশ্য - এদিন সি তিনি আলিৰ চকত লগৰ সৈতে বাইকত বহি চাহ খাই আছে তেনেতে বদমাছ দুটামানে ৰাষ্টাৰে গৈ থকা ধুনীয়া ছোৱালী এজনী জোকোৱা দেখা পালে৷ অক্ষয় কুমাৰে জেভলিন এপাত উঠাই লৈ এনেকুৱাকে ঘূৰাই ঘূৰাই দলিয়ালে যে এপাত জেভলিনে একেলগে দহটামান গুণ্ডাক ধাৰাশায়ী কৰিলে৷ (জেভলিনপাত ক’ত পালে দাইৰেক্টৰে জানিব)

ছোৱালীজনী (কিয়াৰা আদৱানী) অক্ষয় কুমাৰৰ ওচৰলৈ আহি থেংকয়ু জনালে কিন্তু বিৰাট মোচন এটা দি ছানগ্লাছযোৰ লগাই অক্ষয় কুমাৰ গুছি গ’ল কাৰন তাৰ প্ৰেক্টিছৰ সময় হ’ল৷ 

পৰবৰ্তী দৃশ্য - দ্বিতীয় দিনা আৰ্মী ফিল্ডত মাৰ্চ পাষ্ট চলি আছে৷ অক্ষয় কুমাৰৰ নেতৃত্বত মাৰ্চপাষ্ট আগবাঢ়িছে তেনেতে সি দেখিলে যে কিয়াৰা আদৱানী কামাণ্ডিং অফিচাৰৰ কাষত বহি আছে৷ সি বুজিলে যে তাই ছিনিয়ৰ অফিচাৰৰ জীয়েক৷ চাৰি চকুৰ মিলন তাৰ পিছৰ দৃশ্য - অক্ষয় কুমাৰ ৰংবিৰঙৰ চোলা এটা পিন্ধি দৌৰি আহিছে৷ ইফালৰ পৰা কিয়াৰা আদৱানী৷ বুকুৱে বুকুৱে খুন্দা তাৰ পিছত নাচ গান আৰম্ভ৷ 

প্ৰেম আৰম্ভ হ’ল৷ অক্ষয় কুমাৰে কলে যে তাৰ বাবে এইবোৰ ডাঙৰ নহয়৷ দেশৰ বাবে সোনৰ মেডেল অনাটোহে ডাঙৰ৷ (প্ৰচণ্ড হাতচাপৰি) 

অক্ষয় কুমাৰ খেলৰ বাবে বিদেশত আছিল৷ তেনেতে খবৰ পালে যে ব’ৰ্ডাৰত ভাৰত পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছে৷ অক্ষয় কুমাৰ ঘৰলৈ ঘূৰি আহিল আৰু হাতত জেভলিন লৈ ছিনিয়ৰ অফিচাৰৰ ঘৰত ৰাতিয়েই উপস্থিত হৈ কলে যে সিও যাব যুদ্ধত৷ শুই থকা কিয়াৰা আদৱানি উঠি আহি কান্দিব ধৰিলে৷ ছিনিয়ৰে কলে যে - তই যুদ্ধত যাব নালাগে খেলত ধ্যান দে৷ কিন্তু অক্ষয় কুমাৰে কলে - “জীয়ুংগা তৌ দেশ কে লিয়ে মৰুংগা তৌ দেশ কে লিয়ে৷ ভাৰত মাতা কি জয়“ (আধাঘণ্টা হাতচাপৰি) অক্ষয় কুমাৰ ব’ৰ্ডাৰত যাব উলাইছে৷ চেলুট বাকী সেনাবাহিনীৰ জোৱানসকলে চেলুট দিছে - (নেপথ্যত ভাৰত মাতা কি জয় ধ্বনি)!

পিছৰ দৃশ্য ভয়ানক৷ অক্ষয় কুমাৰক চাৰিওপিনৰ পৰা পাকিস্তানী সেনাই ঘেৰি আছে৷ অক্ষয় কুমাৰৰ বন্দুকৰ গুলী শেষ৷ অক্ষয় কুমাৰে কাষতে থকা গছৰ ডাল এটা ভাঙি জেভলিন বনাই ললে৷ (জেভলিন ৰেডি হয় মানে তেতিয়ালৈকে পাকিস্তানী সৈনিকবোৰে বন্দুকবোৰ সামৰি থৈ চাধা মাৰি বহি থাকিল৷) জেভলিন ৰেডি হ’ল৷ এপাত জেভলিনে যিমান শত্ৰু সেনা আছিল চবকে সিপুৰী পোৱাই অক্ষয় কুমাৰ বীৰদৰ্পে উলাই আহিল৷ তেনেতে অক্ষয় কুমাৰৰ চকুত গুলী লাগে৷ 

পিছৰ দৃশ্য - কিয়াৰা আদৱানী দৌৰি ঢপলিয়াই আহিল হস্পিতাললৈ৷ ডাক্তৰে হস্পিতালত তাইক কলে যে সি আৰু জেভলিন দলিয়াব নোৱাৰিব৷  

কিয়াৰা আদৱানীয়ে ৰাম মন্দিৰলৈ ঢপলিয়াই গ’ল৷ একেৰাহে তিনদিন তিনৰাতি ৰামমন্দিৰত তাই পূজা পাতল কৰি থাকিল আৰু ভগৱান ৰামৰ কৃপাত হস্পিতালৰ বিচনাৰ পৰা উঠি অক্ষয় কুমাৰে জয় শ্ৰী ৰাম বুলি চিঞৰ মাৰি উঠি আহিল৷ ইতিমধ্যে চকু ভাল হৈ গ’ল৷ (নেপথ্যত প্ৰচন্দ হাতচাপৰি) - অক্ষয় কুমাৰ পুনৰ ফিল্ডত প্ৰেক্টিচত নামি পৰিল৷  

Miracle - অক্ষয় কুমাৰ অলিম্পিকলৈ কুৱালিফাই হ’ল৷ সন্মুখত দুজন ভয়ানক প্ৰতিদন্দ্বী৷ এজন জাৰ্মানীৰ আনজন অফ্ৰিকাৰ ক’লা গোনা ম’হটোৰ দৰে৷

পৰবৰ্তী দৃশ্য টয়লেটৰ - অক্ষয় কুমাৰে চুচু কৰি উলাই আহিব লওঁতেই জাৰ্মান গুণ্ডাই আৱৰি ধৰে আৰু কয় যে - জাৰ্মানীৰ খেলুৱৈতকৈ কম দলিয়াবি নহলে তোক আমি দলিয়াই দিম৷ লাগিলে পইছা ল আৰু ফুট কিন্তু হাৰিব লাগিব অক্ষয় কুমাৰ৷ 

পিছৰ দৃশ্য - অলিম্পিক গেইম ভিলেইজৰ ৰাতিৰ আহাৰ৷ পিছদিনা ফাইনেল৷ পুনৰ জাৰ্মান গুণ্ডাই আৱৰি ধৰিলে অক্ষয় কুমাৰক৷ অক্ষয় কুমাৰে কলে - মৰুংগা তৌ দেশ কে লিয়ে জীয়ুংগা তৌ দেশ কে লিয়ে - এফালৰ পৰা জাৰ্মান গুণ্ডা বাহিনীক পিতিব ধৰিলে অক্ষয় কুমাৰে৷ মাজ নিশালৈকে মাৰপিট চলি থাকিল৷ ইফালে জাৰ্মানীৰ আধা গুণ্ডা আহি অলিম্পিক গেইম ভিলেইজ পালেহি যেতিয়াই খবৰ পালে যে এজন ভৰতীয়ই তাহাঁতক বৌম মাৰ লগাইছে৷ দহখনমান হেলিকপ্তাৰত জাৰ্মান গুণ্ডাবাহিনী আহি গ’ল৷ তেনেতে ভাৰতীয় হকী দলটো আহি পালেহি হাতে হাতে হকীষ্টিক লৈ৷ অক্ষয় কুমাৰে ষ্টেডিয়ামৰ উপৰলৈ উঠি গ’ল৷ জেভলিন দলিয়াই হেলিকপ্তাৰ দুখনমান বাগৰাই দিলে৷ হেলিকপ্তাৰবোৰ ভাঙিছিঙি ষ্টেডিয়ামৰ মাজত পৰিল৷ ইফালে আমাৰ হকীৰ দলটোৱে জাৰ্মান গুণ্ডাবাহিনীক বৰ বেয়াকৈ ঢুলাই দিলে৷   

পিছৰ দৃশ্য - অক্ষয় কুমাৰে হাতত জেভলিন লৈ অলিম্পিক ফাইনেল ৰাউণ্ডলৈ সাজু হৈছে৷ ইফালে কিয়াৰা আদৱানীয়ে ৰাম মন্দিৰৰ ভিতৰত প্ৰচণ্ড পূজা পাতলত ব্যস্ত আছে৷ ইফলে অক্ষয় কুমাৰক কানে কানে কোচজনে কলে - তেওঁৰ দেউতাকৰ ফাৰ্মত কোনোবাই জুই লগাই দিছে৷ অক্ষয় কুমাৰৰ চকুত চকুপানী৷ কোচজনে কলে - দেশতকৈ বাপেক ডাঙৰ নহয়৷ অক্ষয় কুমাৰ অলপো বিচলিত নহ’ল৷ জেভলিন দলিয়ালে আৰু অক্ষয় কুমাৰে গ’ল্ড মেডেল পালে৷ গোটেই ভাৰতীয় খেলুৱৈ ফিল্ডত গোট খালে আৰু ভাৰত মাতা কি জয়ধ্বনি দিলে৷ (নেপথ্যত জয় শ্ৰী ৰাম ধ্বনি)!

তেনেতে জাৰ্মান খেলুৱৈজন আহি অক্ষয় কুমাৰক সেৱা কৰিলে আৰু কলে - চ’ৰী ভাই তুমিয়েই হিৰ’৷ অক্ষয় কুমাৰে তাক কলে যদি মইয়ে হিৰ’ তেনেহলে বৌলৌ - জয় শ্ৰী ৰাম ভাৰত মাতা কি জয়৷ ভঙা ভঙা হিন্দীত জাৰ্মান খেলুৱৈজনে অক্ষয় কুমাৰে শিকাই দিয়াৰ দৰে কলে আৰু গোটেই ষ্টেডিয়ামতে জয় শ্ৰী ৰাম ধ্বনি বাজি উঠিল৷ 

হকী খেলুৱৈসকলে ষ্টেডিয়ামৰ মাজত ভাঙৰা ডেন্স আৰম্ভ কৰি দিলে৷ ইপিনে অক্ষয় কুমাৰলৈ ফোন আহিল - কোচজনে দৌৰ মাৰি আহি অক্ষয় কুমাৰক ফোনটো দি কলে - প্ৰধানমন্ত্ৰী লাইনত আছে ---

অক্ষয় - ছাৰ নমস্তে 🙏 

ইফালৰ পৰা - আজ আপনে দেশ কা কাম ৰৌশন কিয়া হে৷ মে তুম্হে বহুত বহুত বধাই দেতা হুঁ৷ 

অক্ষয় - ছাৰ আপকে প্ৰেৰনা কি বজে চে আজ মে য়ঁহা হু৷ দেশ কে লিয়ে মেডেল জিত পায়া হুঁ৷ 

নেপথ্যত নেচনেল এনথেম বাজি উঠিল৷ 

The end

শেষত গান বাজি উঠিল - অক্ষয় আৰু কিয়াৰাৰ বাদছাহৰ ৰিমিক্সৰ তালে তালে দান্চ - চ’না কিটনা চ’না হম তু মেৰা হিৰ’ নাম্বাৰ ৱান 🙏

Chamuah G.  ৱালৰ পৰা

Sunday, 8 August 2021

ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপৰ স্তৰ

ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপ স্তৰ


Tuesday, 3 August 2021

চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি

চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি
                  যতীন্দ্ৰনাথ দেউৰী
--------------------------------------------------------------------------
চুতীয়াসকল অসমত কৰ পৰা কেনেকৈ প্ৰৱেশ কৰিছিল তাৰ কোনো সঠিক তথ্য নাই । চুতীয়াসকলৰ ইতিহাস তেওঁলোকে অসমৰ পূব প্ৰান্তত ৰাজত্ব কৰি থকা সময়ছোৱাৰ পৰাহে আলোচনা কৰিব পৰা যায় ।  
চুতীয়াসকলে এসময়ত অসমত উচ্চ মানবিশিষ্ট সংস্কৃতি আৰু সভ্যতাৰ বীজ ৰূপন কৰিব পাৰিছিল । সেয়ে চুতীয়া শব্দই এক সু-সংস্কৃতিবান জাতিক প্ৰতিনিধিত্ব কৰিছিল ।
ডঃ পৱন শ‍ইকীয়াদেৱে তেখেতৰ ‘দেউৰী চুতীয়া’ কিতাপখনৰ যোগেদি দেউৰী ভাষাক চুতীয়া ভাষা বুলি কৈছে, আৰু এই ভাষাৰ মাধ্যমেৰে ‘চুতীয়া’ শব্দৰ বিশ্লেষণ কৰি লিখিছে –‘চু’ মানে ভাল, গুণী, উচ্চ, ধুনীয়া আৰু আনন্দময়। আকৌ ‘তী’ শব্দই ‘জ্ঞাতী’ বা আকাশৰ তৰা শব্দৰ পৰা অহা আৰু তাৰ লগত 'ইয়া' প্রত্যয় যোগ হৈ ‘চুতীয়া’ হৈছে। কিন্তু দেউৰী ভাষাত ‘চুতীয়া’ শব্দৰ বিশ্লেষণ কৰিলে এনে ধৰণৰহে হয় –‘চু’ মানে ওখ, ভাল বা বিশিষ্ট। ‘তি’ বা ‘তী’ শব্দই উজ্জ্বল, জিলিকি - থকা বা ওলমি লাগি থকাহে বুজায়। ‘ইয়া’ প্রত্যয়েয়ে নঙার্থক (Negative) অর্থ প্ৰকাশ কৰে। যেনে—‘হা’ ধাতুৰ লগত ‘ইয়া’ প্রত্যয় যোগ হৈ ‘হায়া’ হৈছে আৰু ইয়াৰ অর্থ ‘নেখাওঁ” প্ৰকাশ কৰিছে। তেনেকৈ—

‘লা’ + ইয়া= লায়া অৰ্থাৎ নলও

‘নি’ + ইয়া= নিয়া অৰ্থ নধৰো প্ৰকাশ হৈছে 

‘কে’ + ইয়া= কেয়া অৰ্থ যোৱা নাই প্ৰকাশ হৈছে 

‘হঁয়’ + ইয়া= হয়া অৰ্থ নহয় প্ৰকাশ হৈছে 

গতিকে দেউৰী ভাষাৰ মাধ্যমেৰে এনে বিশ্লেষণ কৰিলে ওপৰত ডঃ শ‍ইকীয়াদেৱে কৰা বিশ্লেষণৰ লগত অমিল হোৱা পৰিলক্ষিত হয়। দেখা গ'ল যে ডঃ শ‍ইকীয়াদেৱে চুতীয়া শব্দৰ অৰ্থ বিশ্লেষণ দেউৰী ভাষাৰ মাধ্যমত কৰা বুলি ক'লে দেউৰী মানুহে মানিবলৈ টান পাব আৰু ভুল বুলি স্বীকাৰ কৰিব।

১৫২৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চাওফা চাও চৌহুম মৌঙ ফাই শদিয়াৰ চুটিয়া ৰাজ্য জয় কৰি তাত এজন প্রাদেশিক শাসনকৰ্ত্তা নিযুক্তি দিয়ে। মঙ্গোলীয় আহোম আৰু চুটিয়া ৰণত যিসকল চুটিয়া বন্দী হ'ল আৰু যাক য’তে পালে সেই সকলক আহোম ৰাজধানী ৰংপুৰৰ জয়সাগৰৰ পাৰত নতুনকৈ সংস্থাপন কৰিছিল। ( -দেওধাই অসম বুৰঞ্জী দ্রষ্টব্য।) সেই সকলৰ ভিতৰত সকলো শ্ৰেণীৰ চুটিয়া মানুহ আছিল আৰু এওঁলোকৰ মাজত দৈবজ্ঞ, ব্রাহ্মণ, কমাৰ, ধোৱা, নাপিট, চমাৰ আদি বৃত্তিয়াল লোক আছিল। কিছুসংখ্যক চুটিয়া লোক মঙ্গোলীয় চীন শ্যাম আহোম জাতিৰ ভয়ত নিজক বচাবলৈ নিকটৱৰ্ত্তী জাতি যেনে দেউৰী, মিৰি (মিছিং), আবৰ, মিচিমি, চিংফৌ, মৰাণ, বৰাহী আদিৰ মাজত আশ্ৰয় লৈ কালক্ৰমত সেই জাতি গোষ্ঠীৰ লগত মিলি গ'ল। মঙ্গোলীয় আহোম জাতিৰ ভয়তকৈ তাতোতকৈ ভয়ঙ্কৰ হিন্দু-চুটিয়াৰ মাজত থকা নৰবলি আৰু সতী যোৱা প্ৰথাৰ পৰা হাত সাৰিবলৈ জাকে জাকে চুটিয়া ডেকা-গাভৰু মঙ্গোলীয় জাতি-গোষ্ঠীৰ মাজত সোমাই পৰে। সেই বাবেই শাসক আহোম জাতিৰ অন্তৰ্ভুক্ত হৈ বেছিভাগ চুটিয়া লোক আহোম জাতিৰ মাজত অন্তৰ্ভূক্ত হৈ থকা দেখা যায়। এনেকৈ মিলি যোৱা এই সকল চুটিয়া মানুহেই কালক্ৰমত ‘দেউৰী-চুটিয়া’, ‘মিৰি-চুটিয়া’, ‘মৰান-চুটিয়া’, ‘বৰাহী-চুটিয়া’, ‘মিচিমি চুটিয়া’, আদি হিচাপে পৰিচয় দিয়া হৈছিল। ঠিক এনে দৰেই আহোমসকলৰ লগত থকাসকলেও নিজকে ‘আহোম-চুটিয়া’ বুলি পৰিচয় দিবলৈ ধৰে। সেইসকলক আহোম জাতিয়ে ‘টাইৰা’ বোলে। টাই-আহোম, ৰা-চুটিয়া (জাতি): চুটিয়া আহোম। হিন্দু ভাৰতীয় ভাৱ-ভাষাত সেইয়ে আহোম-চুটিয়া। আনহাতেদি আহোম ৰাজশক্তিয়ে সংস্থাপন কৰা হিন্দু চুটিয়া গোটটোৱেই হৈছে চুটিয়া সকলৰ মূল গোট। এই হিন্দু চুটিয়া গোটটোৱেই চুটিয়াসকলৰ জাতি, ভাষা আৰু ধৰ্ম্মৰ দিশত অতীতৰ হিন্দু-চুটিয়া জাতিৰ সকলোখিনি উপাদান বর্তমানেও অটুট ৰাখিছে।

গোলনেমুৰ ঔষধি গুণ (Lemon)

গোলনেমুৰ ঔষধি গুণ  (Lemon)

গোলনেমুৰ ঐশ্বৰিক প্ৰমূল্য আৰু ঔষধি গুণ দুয়ো প্ৰকাৰে পোৱা যায়। নেমুৰ ওপৰত ধৰ্মীয় বিশ্বাস বহুত আছে। কর্মক্ষেত্ৰ তথা ব্যৱসায় প্রতিষ্ঠানত ব্যৱসায় বৃদ্ধি কৰিবৰ বাবে গোল নেমু প্রতিস্থানৰ সন্মুখত আঁৰি দিয়া আমি সকলোৱে দেখিছোঁ। এটা কেঁচা গোলনেমুৰ ওপৰত ৭ টা কেঁচা জলকীয়া ক’লা সূতাত চিলাই শনিবাৰে দুৱাৰ মুখত আঁৰি দিয়া হয় ৷ ই নজৰ দোষ কাটি ব্যৱসায়ৰ উপাৰ্জন বৃদ্ধি কৰে৷ কোনোৱে আকৌ গোলনেমু এটা দুৱাৰৰ চাৰিওফালে কোবাই চাৰিভাগ কৰি চাৰি আলিৰ চাৰিও দিশত পেলাই দিয়ে ৷
গোলনেমুৰ লগত হনুমানজীৰ সম্পৰ্ক থকা দেখা যায়। উত্তৰ ভাৰতৰ কিছুমান ঠাইত এনে পদ্ধতি অবলম্বন কৰা দেখা যায় যে ব্যক্তিয়ে যেতিয়া বহু চেষ্টা কৰাৰ পিছত সফলতাৰ মুখ নেদেখিলে এটা গোলনেমু আৰু ৪টা লং হনুমানজীৰ সন্মুখত ৰাখি হনুমান চালিচা পাঠ কৰে আৰু সফলতাৰ বাবে প্ৰাৰ্থনা ৰখা হয়। লং চাৰিটা নেমুৰ ওপৰত গুজি দি তাতে এৰি আহি কর্মক্ষেত্ৰলৈ বুলি যাত্ৰা কৰে৷ এনেবোৰ বহু বিশ্বাস ভাৰতবৰ্ষৰ বিভিন্ন কোণত পালন কৰা দেখা যায়।
শাস্ত্রমতে গোলনেমুৰ ঔষধি গুণ বহুত। ভিটামিন ‘C’ সর্বাধিক মাত্রাত থকাৰ লগতে কেলচিয়াম, মেগনেচিয়াম আৰু ফছফৰাছ থাকে। নেমুৰ ৰস পেটত হোৱা অম্ল, বদহজম, ৰক্তচাপ, জ্বৰ, কোষ্ঠকাঠিন্য আদি বিভিন্ন ৰোগৰ বাবে উৎকৃষ্ট দৰব।
পেটৰ সকলো সমস্যা — গেছ, বদহজম, শিৰামুৰিয়ে ধৰা আদিৰ বাবে কুহুমীয়া পানীত গোলনেমুৰ ৰস দুটোপালমান দি খাব লাগে। • কফ আৰু বমি হ’লেও নেমুৰ ৰস গৰম পানীৰ লগত খাব লাগে।
• চাহত নেমুৰ ৰস দি খালে বহু উপকাৰ পোৱা যায়৷ ইয়াৰ টেঙা ৰসে গেছ, অম্ল নাশ কৰি দিব পাৰে।

• ছালৰ আকৰ্ষণ তথা সৌন্দৰ্য্য বঢ়াবৰ বাবে ইয়াৰ ৰস খোৱাৰ লগতে মুখত ৰস ঘঁহিব পাৰে। এনে কৰিলে মুখত হোৱা শালমন আৰু দাগ

আঁতৰ হ’ব।

• নেমুৰ ৰস খাই থাকিলে বুঢ়া বয়সতো ছাল সোঁতোৰা নপৰে।

• বেচু থকা ৰোগীয়ে নেমুৰ ৰস গৰম পানীত মিহলি কৰি খাব আৰু মৌ ৰসৰ লগতো খাব পাৰে।

• গোল নেমুৰ বাকলি ৰ'দত শুকুৱাই গুড়ি কৰি তেলৰ লগত চুলিত ঘহিলে উজ্জ্বলতা বাঢ়ে।

• গোলনেমুৰ ৰস গৰম পানীত মিহলি কৰি জ্বৰ হোৱা সময়ত খালে শৰীৰৰ

উষ্ণতা নিয়ন্ত্রণত থাকে। তদুপৰি, পানীলগা আৰু কাহৰ প্ৰতিষেধক

হিচাপে গোলনেমুৰ চাহিদা আছে।

• ইয়াৰ ৰস দাঁতৰ বিষ, আলুৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ প্রভৃতি ৰোগৰ বাবে দাঁতৰ গুৰিত ঘঁহিব লাগে।

• ৰাতিপুৱা খালী পেটত নেমু টেঙাৰ ৰস গৰম পানীত দি খালে (চাহত দিও খাব পাৰে) সঞ্চিত কোষ্ঠকাঠিন্য বা পেটচলা ৰোগত ভাল ফল দিয়ে।

• আপুনি যদি অধিক শকত আৰু বেছি চৰ্বি জমা হৈছে তেন্তে খীণ হ’বৰ বাবে বা ওজন কম কৰিবৰ বাবে ৰাতিপুৱা কুহুমীয়া পানীত মৌ-ৰস মিহলি কৰি খাওক ৷ কাৰণ ইয়াত ‘পেকটিন' নামৰ এবিধ দ্ৰব্য আছে যি

ওজন কম হোৱাত সহায় কৰে। • শৰীৰ যদি দুৰ্বল তথা অলস হৈ পৰিছে তেস্তে নেমুৰ ৰস পানীত মিহলি কৰি অকণমান চেনী দি খাওক।

• নেমুৰ ৰসত পানী মিহলি কৰি নিমখৰ লগত খালে শৰীৰৰ উত্তাপ বাহিৰ হয় আৰু উত্তাপ বৃদ্ধি হোৱাৰ ফলত উৎপত্তি হোৱাৰ ৰোগৰ পৰা মুক্তি দিয়ে ৷
• নেমুৰ ৰস পানী খোৱাৰ আগত খালে হাঁপানি ৰোগৰ ব্যক্তিসকলে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত যথেষ্ট আৰাম পাব।

• উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে এক ঘৰুৱা নিদান। পটেচিয়াম যথেষ্ট

পৰিমাণে গোলনেমুত থকাৰ বাবে ই মগজু, বুকু, পেশীৰ সমস্যাৰ ক্ষেত্ৰতো সহায়ক হৈ পৰে। • যোৰা বিষ বা বাতবিষজনিত সমস্যাত কুহুমীয়া পানীত নেমুৰ ৰস

কেইটোপালমান দি পুৱা-গধূলি বিশেষকৈ শোৱাৰ সময়ত খাব লাগে।

• ‘হেচপেৰিটিন’ আৰু ‘নৰিনজেনিন' নামৰ ৰাসায়নিক দ্রব্য নেমুত থাকে। ই কেন্সাৰ ৰোগৰ দৰে মাৰাত্মক ৰোগ হোৱাত বাধা দিয়ে। অর্থাৎ দেহত ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে৷

প্রাকৃতিক আৰু ঔষধি গুণৰ অধিকাৰী নেমুৰ ৰসে তেজ পৰিষ্কাৰ কৰে। ‘টক্সিন’ জাতীয় দ্রব্য দেহৰ পৰা নিৰ্গমন কৰায়। তেজত বিষাক্ত হৈ হ’ব পৰা সকলো ৰোগৰ নিৰাময় কৰে।

• প্রতিদিনে দেহত কিছুমান অলাগতিয়াল দ্রব্য উৎপন্ন হয়। সেইবোৰে কোষ আৰু পেশীৰ স্বাভাৱিক কাৰ্য্যত ব্যাঘাত জন্মায়। ইয়াৰ ফলত আমাৰ দেহত অনেক ৰোগৰ সঞ্চাৰ হয়। সেয়ে, নেমুৰ ৰসে অলাগতিয়াল দ্রব্যবোৰ প্ৰস্ৰাৱৰ জৰিয়তে নির্গমন কৰাই বহু ৰোগৰ পৰা মুক্তি দিয়ে।

• টোপনি নাহিলে, অস্থিৰতা (Nervousness) আদি সমস্যাই দেখা দিলে ৪/৫খিলা গোলনেমুৰ পাত একাপ গৰম পানীত ১৫/২০ মিনিট তিয়াই ৰাখি দিনে দুবাৰমান খাব লাগে।

• মাইগ্ৰেইন আৰু হাঁপানি ৰোগত ইয়াৰ পাত কেইখিলামান গৰম পানীত ৰাখি কিছুসময়ৰ পিছত প্ৰতি ৰাতি দুই সপ্তাহমান খালে ভাল ফল পোৱা যায়।

বাস্তৱতঃ গোলনেমুৰ ৰস আয়ুৰ্বেদ শাস্ত্ৰত সৰ্বগুণসম্পন্ন৷ ইয়াৰ ৰস ‘এণ্টিছেপ্টিক’ আৰু সেয়ে বহু ৰোগ ধ্বংস কৰিব পাৰে৷ বিশেষকৈ বেক্টেৰিয়াৰ পৰা উদ্ভৱ হ'ব পৰা ৰোগ, মেলেৰিয়া, কলেৰা, ডিফথেৰিয়া আৰু টাই ফইদ ৰোগৰ পৰা ই মুক্তি দিয়ে। মানৱ দেহৰ শৰীৰত থকা কোষ আৰু পেশী গঠনত নেমুৰ ৰস উপকাৰী। শৰীৰটো আভ্যন্তৰীণভাৱে পৰিষ্কাৰ কৰি সুস্থ দেহ ধৰি ৰখাত নেমুৰ ৰস অত্যন্ত লাগতিয়াল৷
ওপৰত কৰি অহা আলোচনা সমূহৰ পৰা দেখা যায় যে যিবোৰ গছ বা ফলৰ ঐশ্বৰিক মাহাত্ম্য আছে সেইবোৰৰ ঔষধি গুণো যথেষ্ট। অর্থাৎ ধর্মীয় দৃষ্টিকোণৰ পৰাই হওক বা বৰ্তমানৰ চিকিৎসাশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰাই হওক সিহঁতৰ উপযোগিতা সমান।
বিভিন্ন গছ, লতা, পাত, ফুল, ফলৰ ঔষধি গুণৰ ব্যাখ্যা কৰাতকৈ সেইবোৰ নিয়মিতভাৱে খালে বিভিন্ন ৰোগৰ পৰা ব্যক্তিয়ে মুক্তি পাব। মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় বিভিন্ন, ৰাসায়নিক দ্রব্য যেনে— প্রটিন, কেলচিয়াম, কার্বহাইড্রেট, লোণ, ভিটামিন, পানী আদি পৰ্য্যাপ্ত পৰিমাণে গ্ৰহণ কৰিব পাৰিলেই সুস্থ স্বাস্থ্য প্রাপ্তি হ’ব; নিৰোগী হ’ব। গতিকে সকলো প্ৰকাৰৰ খাদ্য গ্রহণৰেই আৱশ্যকতা আছে।