Wednesday, 30 June 2021

জীৱনৰ অভিজ্ঞতা

💙💙 অভিজ্ঞতাৰ দুশাৰীমান 💙💙
         ড° চন্দনা মেধি দাস
         হয়তো মানুহৰ সমগ্ৰ জীৱন টোৱেই বিভিন্ন অভিজ্ঞতাৰ সমাহাৰ। তাৰ ভিতৰত কোনোবাটো মিঠা, কোনোবাটো তিতা। মিঠা অভিজ্ঞতাই যিদৰে জীৱনটো সমৃদ্ধ কৰি থৈ যায়, তাৰ বিপৰীতে তিতা অভিজ্ঞতা বোৰেও বহু কথা শিকাই থৈ যায়।
          অলপতে আমাৰ মূৰৰ ওপৰেৰে এজাক ধুমুহা পাৰ হৈ গল, মোৰ জটিল আৰু ব্যয়বহুল এটা অস্ত্ৰোপচাৰ ( Operation ) ৰ মাজেৰে।ধুমুহা শাম কাটিল,বহুখিনি সুস্থিৰতা আহিল। এই যাত্ৰা পথতেই আকৌ এবাৰ জীৱনটো খুব ওচৰৰ পৰা দেখিলোঁ, মানুহ দেখিলোঁ। তাৰ মাজত ভাল মানুহ ইমানেই বেছি প্ৰত্যক্ষ কৰিলোঁ যে,এই ধুনীয়া পৃথিৱী খনৰ আকৌ এবাৰ প্ৰেমত পৰিলোঁ। এই মিঠা অভিজ্ঞতাই আমাক এই পৃথিৱী খনক, মানুহ বোৰক আগতকৈও বেছিকৈ ভাল পাবলৈ উদ্বুদ্ধ কৰি তুলিলে।
         কৃতজ্ঞ হব লাগিব সেই সুন্দৰ মনৰ সুন্দৰ মানুহ বোৰৰ প্ৰতি, কব লাগিব তেওঁলোকৰ কথা। প্ৰথমেই মোৰ ভনী জনীৰ মহান ত্যাগক আজীৱন সোঁৱৰিম। মা-দেউতা, যতেই আছে তাৰপৰাই পাই আছোঁ অন্তহীন আশীৰ্বাদ, যি আমাৰ অসীম সাহস। তাৰপিছতেই আপোনালোক পৰম সুহৃদ বন্ধু-বান্ধৱী সকল। মই দেখিবলৈ পাইছিলোঁ মোৰ বান্ধৱী সকলৰ গোসাঁইৰ থাপনাত সেইদিনা জ্বলি উঠা প্ৰাৰ্থনাৰ চাকিগচিৰ পোহৰ, যাৰ বহুত প্ৰভাৱ আছে মোৰ সুস্থতাত। আৰু আছিল বন্ধু সকলৰ নিস্বাৰ্থ, সহজ সৰল শুভেচ্ছা। সকলো বোৰ সযতনে সাচি ৰাখিলোঁ মনৰ মাজত। ইয়াৰ পিছতেই আমাৰ স্কুল-কলেজীয়া বন্ধু-বান্ধৱী সকল ---- কি কম, তেওঁলোকৰ অজস্ৰ মৰম,সহাৰিয়ে জীৱনৰ অনুভৱ বোৰক এটা নতুন দিশ দিলে। বুকুতে ৰাখিম এই সকলো সুন্দৰ অনুভৱ। আৰু লগ পালোঁ একেবাৰেই অচিনাকি কিছু মানুহ, যাৰ লগত নাই কোনো ধৰ্মৰ মিল, নাই কোনো ভাষাৰ মিল। তথাপিও কিযে এক বুজাব নোৱাৰা আপোনত্ব। নিজেই আগবাঢ়ি আহি আমাক সঙ্গ দিলে, সাহস দিলে। পাহৰিব পাৰিম জানো কেতিয়াবা ??
           সবাৰোপৰি মোৰ জীৱনত এনে এজন সঙ্গী আছে যিয়ে নেকি এক প্ৰকাৰ যমৰ দুৱাৰ মুখৰ পৰা মোক ওভতাই আনে ( আমাক ব্যক্তিগত ভাবে জনা সকলে এই কথা ভালকৈয়ে জানে)কবলৈ পাই অতি সুখী যে এয়াই হৈছে মোৰ জীৱনৰ পৰম প্ৰাপ্তি।
          মিঠাৰ লগতেই এটা তিতা অভিজ্ঞতাৰ কথাও কবলৈ মন গৈছে। আমাৰ এজন নিকটাত্মীয় (?), মই অসুস্থ বুলি জানিও এটা ফোন কলৰ যোগ্য বুলিও নাভাবিলে। পিছে এদিন এটা মেছেজ আহিল " তুমি তোমাৰ অসুখ বুলি ফেচবুকত কিয় পোষ্ট দিছা ? দিলিট কৰি দিয়া । ফেচবুকত বহুত বেয়া মানুহ থাকে, তুমি নাজানা নেকি ?" মইতো একপ্ৰকাৰ হতবাক হৈ গলো। অসুখ-বিসুখৰ পোষ্টতো প্ৰায়েই পাই থাকোঁ। যিমান পাৰোঁ শুভেচ্ছাৰে মনোবল দিওঁ। মই মাথোঁ কলো যে মোৰ বন্ধুৰ লিষ্টত কোনো বেয়া মানুহ নাই। আৰু তাৰ প্ৰমাণো পালোঁ ,আপোনালোকৰ অকুণ্ঠ আশীৰ্বাদেৰে অতি শীঘ্ৰে সুস্থতা অনুভৱ কৰিছোঁ। তেওঁ অৱশ্যেই এটা কথা শিকাই থৈ গল যে আত্মীয় হবলৈ তেজৰ সম্পৰ্কৰ বিশেষ প্ৰয়োজন নাই। শেষত নেদেখা জনলৈ সহস্ৰ সেৱাৰে এই যাত্ৰাৰ অভিজ্ঞতা সামৰিছো।
( চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পিছৰ ছবি এখন দিলোঁ, অৱশ্যেই কোনো মন্তব্যৰ বাবে নহয় )

Sunday, 27 June 2021

পুলিচ বিষয়াৰ দিনপঞ্জী

 পুলিচ জীৱনৰ ইটো সিটো  (৩৩)
 হৰি হৰৰ যুদ্ধ
             সুবোধ পাঠক
 ১৯৮৫  চনৰ কথা তেতিয়া মই জালুকবাৰী থানাত কৰ্মৰত।আমাৰ থানাৰ অ চি আছিল কালিকা চক্ৰৱৰ্তী (সম্প্ৰতি প্ৰয়াত)।সেই বছৰতে অসমত এ জি পি চৰকাৰ গঠন হৈছিল। 
এদিন কামাখ্যা অ়়ঞ্চলৰ বহুলোকে চহী কৰা এটা অভিযোগ থানালৈ অহাত অ চি চাহাবে মোক এই বিষয়ে তদন্ত কৰি এটা প্ৰতিবেদন যুগুত কৰিবলৈ দিলে।অভিযোগ মতে কামাখ্যাৰ পাদদেশত অৱস্থিত দুৰ্গা সৰোৱৰত ৰেল লাইনৰ গাতে লাগি থকা ফিল্ডখনত একাংশ লোকে এটা শঙ্কৰ মাধৱ প্ৰতিভা বিকাশ কেন্দ্ৰৰ নামৰ কাৰ্যালয় পাতি লগতে নামঘৰ,স্থায়ী মঞ্চ আদি সাজি ফিল্ডখন দখল কৰিছে।তেওঁলোকৰ এই কাৰ্যৰ ফলত লগতে থকা স্থানীয় ক্লাবৰ লৰা-ছোৱালীবোৰৰ খেলাধুলা কৰিবলৈ ঠাই নোহোৱা হৈছে।

তেওঁলোকৰ অন্য এটা অভিযোগ হ’ল যে, ঠাইডোখৰৰ নামেই দেৱী দূৰ্গা গোসানীৰ নামেৰে গতিকে তাত এটা শংকৰী নামঘৰ পতা মানেই দেৱীৰ প্ৰতি অসন্মান প্ৰদৰ্শণ। ইয়াৰ উপৰিও আৰু বহু কাৰণ দৰ্শাই এই অনুস্থানটো তাৰপৰা আঁতৰ কৰিবলৈ দাবী জনাইছে।

অভিযোগটো পঢ়ি অ চিৰ লগত এই বিষয়ে আলোচনা কৰিলোঁ।এটা সিদ্ধান্ত কৰিলোঁ যে কোনো ধৰনৰ পক্ষ্যপাতিত্ব নোহোৱাকৈ ঘটনাটো তদন্ত কৰা হ'ব। 

সময়ত উভয় পক্ষৰ লোকৰ লগত যোগাযোগ কৰি তেওঁলোকৰ বক্তব্য শুনি সেইবোৰ লিপিবদ্ধ কৰা হ’ল।অভিযোগকাৰী সকলে অভিযোগৰ কথাকে সমৰ্থন কৰিলে।অন্যহাতে প্ৰতিপক্ষৰ লোক সকলৰ মন্তব্য হ’ল যে তেওঁলোক সৰহ ভাগেই ৰেলৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰী।যোৱা কেইবাবছৰ ধৰি তেওঁলোকে ৰেলৰ মাটিত থকা এই ফিল্ডখনত শঙ্কৰ জন্মোৎসৱ পাতি আহিছে।
সেই উদ্দেশ্যে তেওঁলোকে ৰেল কৰ্তৃপক্ষৰ জেনেৰেল মেনেজাৰ আদি উচ্চ বিষয়া সকলকো তেনে অনুষ্ঠানলৈ মাতি আহিছে।বিষয়া সকলৰ পৰা পোৱা সহায় উদগনিৰ বাবেই ফিল্ড খনৰ পশ্চিম ফালে এটা দুই কোঠালিৰ অফিচঘৰ, এখন কাঠৰ মঞ্চ,পূব ফালে এটা বাটচৰা, মাজতে এটা সৰুকৈ নামঘৰো সাজিছে।ইতিমধ্যে নতুন দিল্লীত ৰেলৱে বৰ্ডকো এই মাটিডৰা আবন্তনৰ বাবে আবেদন পঠাইছে।
লগতে তদন্ত কালত তেওঁলোকে এইটোও জনালে যে,স্থানীয় ক্লাবৰ ল’ৰা বোৰেও প্ৰতি বছৰে তেওঁলোকৰ অনুষ্ঠান আদি লিখিত অনুমতিলৈ সেইখন মঞ্চতে কৰি আহিছে। তাৰ তথ্য প্ৰমানো দেখুৱালে।ঘটনাত জড়িত ফিল্ড খনত স্থানীয়ভাৱে অনুসন্ধানত তেওঁলোকৰ কথা কামৰ মিল দেখিলোঁ।অ চি চাৰৰ লগত বিতংকৈ আলোচনা কৰি কৰণীয় একো নেদেখি কিছুদিন ৰৈ থাকিলোঁ।

                     অভিযোগকাৰী সকলৰ এই কাৰ্য্যৰ বাবে আনটো পক্ষ ক্ষুন্ন হ’ল আৰু অধিক সক্ৰিয় হৈ কামত লাগি থাকিল।অভিযোগকাৰী সকলেও জনমত সংগ্ৰহত লাগি গ'ল।তলে তলে দুয়ো পক্ষৰ মাজত বৈৰী ভাব গা কৰি উঠি লাহে লাহে প্ৰকাশ পাবলৈ ধৰিলে।ইয়াকে লৈ মাজে মাজে দুয়ো পক্ষৰ লোকৰ মাজত প্ৰথমে তৰ্কা তৰ্কি,ধমকা-ধমকি আৰু হতাহতি হোৱাৰ উপক্ৰম হ’ল।

আমিও উচিত হ’ব ভাবি দুয়ো পক্ষৰ নেতাসকলৰ ওপৰত, এটা পক্ষই যাতে আনটো পক্ষৰ লগত সদ্ভাব বৰ্তাই ৰাখে আৰু অশান্তি শৃষ্টি নকৰে তাৰ বাবে ১০৭ ধাৰাত গোচৰ এটা আদালতত দাখিল কৰা হ’ল।এটা পক্ষত মোক কলেজত ৰসায়ন পঢ়োৱা শিক্ষাগুৰু আৰু এজন বন্ধু উকীল আছিল। দুয়োজনে অলপ অসন্তুষ্টও হৈছিল। 
কিছুদিন শান্ত হৈ থকাৰ পিচত এদিন শঙ্কৰী পক্ষই এখন এজাহাৰ দি জনালে যে আগনিশা কোনোবাই তেওঁলোকৰ কাঠেৰে সজা মঞ্চখন উঠাই লৈ গৈছে।গোচৰ এটি ৰুজু হ’ল কিন্তু আচামীৰ আৰু মঞ্চখনৰ কোনো শুংসূত্ৰ পোৱা নগ'ল।ওচৰ পাজৰৰ লোকেও একো গ’ম নোপোৱা বুলি ক’লে।অনুমান কৰিলো সম্পূৰ্ণ পৰিকল্পিত ভাবে কামটো কৰিছে।

একেই ধৰণে কিছুদিন বিৰতিৰ পিছত এৰাতি মূল কাৰ্যালয়ৰ টিনৰ ঘৰটো আৰু এৰাতিত বাটচৰাটিও অন্তৰ্ধান হ’ল।পুনৰ দুটি গোচৰ হ’ল কিন্তু আগৰ দৰেই কোনো সাক্ষী নাই।বিশেষকৈ শঙ্কৰী পক্ষৰ লোক ওচৰে পাজৰে নথকাৰ বাবেই কোনো দেখা সাক্ষী পোৱা সম্ভব নহ’ল।
অ চি চাৰেও যথেষ্ট প্ৰমান অবিহনে সন্দেহৰ ভিত্তিত কাকো গ্ৰেপ্তাৰ কৰিব নালাগে বুলি ক’লে।তেওঁ ইয়াকো ক’লে যে,তেওঁ গ’ম পোৱা মতে দুয়ো পক্ষৰ পিচত একোজন শক্তিশালী মন্ত্ৰী আছে।এজন যেন হৰি আৰু আনজন হৰ।গতিকে প্ৰতিখোজ সাৱধানে দিব লাগিব বুলি মন্তব্য কৰিছিল।

ইফালে শঙ্কৰী লোক সকল ক্ষোভত জ্বলি থাকিল।এনেদৰে দিনবোৰ গৈ থাকিল।পুনৰ ৰাস পূৰ্ণিমাৰ দিনা দুপৰীয়া শঙ্কৰী পক্ষই থানাত আহি জনালে যে তেওঁলোকৰ নামঘৰত কিছুমান মহিলাই দেৱ দেৱীৰ মূৰ্ত্তি  আগত লৈ নাম ধৰি আছে।

       প্ৰসঙ্গক্ৰমে সিদিনা ৰবীন্দ্ৰ ভৱনত দেশৰ ৰাষ্ট্ৰপতিৰ মিটিং চলি থকাৰ ববে থানাত এজন মাত্ৰ চিপাহী, এজন হোমগাৰ্ডহে আছিল।বাকী সকলো বিষয়া চিপাহী ভি ভি আই পি ডিউটীত আছিল।অভিযোগৰ গুৰুত্ব বুজি মই মোৰ স্কুটাৰখনতে হোমগাৰ্ড জনকে লৈ ঘটনাস্থলীত উপস্থিত হ’লো।
দেখা গ'ল নামঘৰৰ ভিতৰত কিছুমান মহিলাই বিভিন্ন দেৱ দেৱীৰ মূৰ্ত্তি  লৈ নাম গাই আছে।সোধাত ক’লে তেওঁলোকে ৰাস পালন কৰিছে।গোচৰীয়া পক্ষই উত্তেজিত হৈ মহিলাবোৰক টানি নামঘৰৰ পৰা উলিয়াই গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী কৰি থাকিল।মই ক'লো যে মহিলা গ্ৰেপ্তাৰ কৰিবলৈ বা টানি উলিয়াবলৈও আজি মহিলা পুলিচ নাই।তেওঁলোকৰ ধৈৰ্য্যৰ বান্ধ ছিগিল।

তেওঁলোকৰ মহিলা পুৰুষ সকলোৱে মিলি নামঘৰৰ ভিতৰত থকা মহিলাসকলক টনা আজোৰা  কৰিবলৈ ধৰিলে ।এনেতে ওচৰপাজৰৰ লোকেও আহি নামতী পক্ষত ঠিয় হ’ল।দুয়ো পক্ষৰ মাজত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ’ল।মই দুয়ো পক্ষকে পাৰোঁ মানে আঁতৰাবলৈ চেষ্টা কৰিলোঁ,কিন্তু কোনে কাক  শুনে?লাঠি,শিল,ইটা যিয়ে যি পালে তাকে লৈ প্ৰতি পক্ষক আক্ৰমন কৰিলে।

মই গছপুলি এডালকে উভালি দুয়ো দলৰ মাজত সুদৰ্শন চক্ৰ চলোৱাদি ঘূৰাই আঁতৰাই ৰখাৰ চেষ্টাই কৰি থাকিলোঁ।হোম গাৰ্ড জনক থানালৈ ফোৰ্ছ মাতিব পঠিয়াই দিলোঁ।ইতিমধ্যে দুয়োদলৰে কেইবাজনো গুৰুতৰভাৱে জখম আৰু বেহুচ হৈ মাটিত পৰি থাকিল।মই নিজৰ নিজৰ জখমী সকলক থানালৈ বা হাস্পাতাললৈ   নিবলৈ কোৱাত যেনিবা দাঙি দাঙি লৈ গল।যুদ্ধ কিন্তু চলিয়ে থাকিল।

কিছু দেৰিৰ পিচত অ চি ছাৰ এটা চি আৰ পি পাৰ্টীলৈ উপস্থিত হ’ল আৰু যুদ্ধত থকা দুয়ো দলৰে লোকক লাঠি ছাৰ্জ কৰি খেদি পঠিয়ালে।তেতিয়াহে চাই দেখিলো মোৰ ভৰি আৰু হাতৰ কেইবাঠাইতো জখম হৈ তেজ ওলাইছে আৰু পেন্টৰ তলৰ অংশ তেজেৰে পখৰা হৈছে।অ চি চাৰৰ দিহা মতে নামঘৰৰ ভিতৰৰ পৰা মূৰ্ত্তিবোৰ লৈ থানালৈ গৈ ময়ো অলপ চিকিৎসা ল’লো।ভাগ্য ভাল যে সিদিনা মোক কোনো পক্ষই শত্ৰু ভাৱে লোৱা নাছিল।

    এইখন হৰি হৰৰ যুদ্ধৰ পিছতে কোনোবা ব্ৰহ্মাৰ হস্তক্ষেপত যেনিবা এই সমস্যাটোৰ এটা সমাধান ওলাল।সেইমতে চৰকাৰে ঘটনাস্থলৰ অলপ আতৰত শঙ্কৰী সকলক নামঘৰৰ বাবে এডৰা চৰকাৰী মাটি আবন্তন দিয়াত তাত নামঘৰ হ’ল আৰু যুদ্ধৰো সামৰণি পৰিল।

     মোৰ ভৰি হাতৰ জখমৰ চিনবোৰ এতিয়া নাই।ঘটনাৰ দৃশ্যবোৰ কিন্তু এতিয়াও মনত সজীৱ হৈয়ে আছে।লগতে এটা প্ৰশ্নৰ উত্তৰ আজিও নাপালোঁ ধৰ্মৰ বিশ্বাসে মানুহক অসহিষ্ণু কিয় কৰে ?

              (সমাপ্ত)
   

      
      



দৈৰ উপকাৰী গুণ

দৈৰ উপকাৰী গুণ
অসমীয়া কথা উল্লেখ ডাকৰ বচনত এষাৰ আছে –‘জেঠত দৈ আহাৰত খৈ, শাওণত মৰাপাট খাবা গৈ। ভাদত ওল, আহিনত কল, কাতিত কচুই বঢ়াই বল। আঘোণত খাবা পাৰ চৰাই, পুহত পিঠা, মাঘত কৰাই। ফাল্গুনত মৌ, চ’ত বহাগত বৰ, ইয়াক খালে পুৰুষৰ গুচে সৰ্বজ্বৰ।' এইধৰণৰ বহুতো প্রয়োজনীয় কথা, বিশেষকৈ অসমীয়া সমাজ জীৱনৰ বাবে প্রয়োজনীয় কথা ডাকৰ-বচন, ফকৰাৰ পুথি বা ফকৰা-যোজনা, খনাৰ বচন, প্রবাদ-প্ৰৱচন, লোক-বিশ্বাস, বিভিন্ন ধর্মপুথি, বেদ, লোকগীত আদিত উল্লেখ আছে। অৱশ্যে এইধৰণৰ লোকবিশ্বাস আদিত উল্লেখ থকা কথাবোৰৰ প্ৰভাৱ বর্তমান কিছু লোপ পাইছে যদিও এতিয়াও অসমীয়া সমাজত যথেষ্ট জনপ্ৰিয় হৈ আছে। এই জনপ্রিয়তা থকা খাদ্যসমূহৰ ভিতৰত দৈ এক অন্যতম খাদ্য হিচাপে অসমীয়া সমাজত সমাদৰ পাই আহিছে। এই দৈৰো এনে কিছুমান বিশেষ গুণ আছে যে সেইকথা অনাদিকালৰে পৰা বিভিন্ন ধর্মশাস্ত্র, স্বাস্থ্যৰ বিধান আদিত উল্লেখ আছে। হিন্দু ধর্মত ‘মধুপর্ক’, ‘পঞ্চামৃত’ খোৱাৰ পৰা আৰম্ভ কৰি বেদযুগত ঋষি মুনিসকলে দৈৰ লগত ‘সোমৰস’ মিহলাই খোৱালৈকে বা কালিদাসে দৈৰে তৈয়াৰী ‘চিহাৰিণী’ৰ পৰা (চিহাৰিণী হৈছে- দৈৰ সৈতে লং, ইলাচি আদি বিভিন্ন মচলা মিহলি কৰি খোৱা এক উৎকৃষ্টমানৰ খাদ্য) আৰম্ভ কৰি বৰ্তমান ভাৰতবৰ্ষৰ বিভিন্ন জাতি-জনজাতি বা বিভিন্ন প্রদেশকে ধৰি আমেৰিকা, ৰাছিয়া, ওমান, ফ্রান্স অস্ট্রেলিয়া, ব্রাজিল, ইংলেণ্ড, কানাডা, ইণ্ডোনেছিয়া, চীনদেশ, এছিয়া আমেৰিকাৰ বিভিন্ন দেশ আদিত অধিক মাত্ৰাত দৈ প্ৰচলন হৈ অহাৰ কথা আমি বহুতেই দেখিছোঁ, শুনিছোঁ বা কাকতে পত্ৰই পঢ়ি আহিছোঁ।

এই ধৰণৰ অধিক মাত্ৰাত দৈ খোৱা বা দৈৰ ব্যৱহাৰ কৰা কথাটোৰ গুৰিতেই হৈছে দৈত এনে কিছুমান পুষ্টিকৰ খাদ্য উপাদান থাকে যে ইয়াক জীৱনদায়িনী শক্তিকাৰক ঔষধ হিচাপে নামকৰণ কৰা হৈছে। লগতে দৈত থকা বেক্টেৰিয়াই মানৱ দেহত ৰোগ প্ৰতিষেধক হিচাপেও এক অতি মূল্যৱান খাদ্য বুলি প্রমাণিত হৈছে। দৈত মানুহৰ দেহৰ বাবে প্রয়োজনীয় মূল্যৱান প্ৰটিন, আৱশ্যকীয় ভিটামিন, লেকটিক এচিড আৰু খনিজ লৱণ হেনো একেলগে পোৱা যায়। আমাৰ অসমীয়াতো এষাৰ কথাই প্ৰচলিত হৈ আহিছে যে দৈ খাই থাকিলে মানুহৰ আয়ুস বৃদ্ধি হয়। তদুপৰি তেজত দূষিত কলেষ্টৰেল মাত্ৰা কম কৰিবৰ বাবে নিয়মিত দৈ খোৱাটো অতি প্ৰয়োজন৷ ইউৰোপিয়ান দেশ কিছুমানত দৈক আকৌ— 'The Food of the God' বুলি কয়। আমি নিজেও সৰুৰে পৰাই দৈ গাখীৰক এক প্রিয় খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছোঁ। অৱশ্যে আমি সৰুতে দেখা বা খাই পোৱা কিছুমান ৈ গাখীৰ যেনে— ম’হৰ খুঁটিত পতা দৈ, ফেন উঠি থকা গৰু বা ম’হৰ এৱা গাখীৰ কাকবাঁহৰ চুঙাত পতা দৈ, নতুন টেকেলি বা মাটিৰ কলহত পতা দৈ, কৰিয়াত পতা দৈ, নতুন মাটিৰ মলাত বিশেষ গছপাত বা গৰম কাপোৰে মেৰিয়াই (ঢাকি ৰাখি) পতা দৈ এতিয় বহু পৰিমাণে কমি আহিছে। আজিকালি গাখীৰ গৰম কৰি মলাত ভৰাই বা কাঁচৰ পাত্ৰত নাইবা ধুনীয়া ধুনীয়া প্লাষ্টিকৰ টেমাত ভৰোৱা দৈ, মিঠা দৈ, য়গার্ট, ফ্লেভার্ড কার্ড বা সুগন্ধিত দৈ, মচলা দৈ, লাচি, দহি, কার্ডল, লেমন কার্ড, ৰাইটা, দহিভাল্লা, দহি তৰকা, শ্রীখাণ্ড, হাংকার্ড আদিহে বজাৰত বেছিকৈ পোৱা যায়। আমি নিজেও ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত বৰ সোৱাদৰ্ভৰা দৈ খাই পাইছোঁ। এইবোৰৰ ভিতৰত কলকাতাত খোৱা ‘পয়োধি দৈ’, ‘মিষ্টি দৈ’, ওড়িষাত খোৱা ‘চিলিকা দহি’, অন্ধ্ৰপ্ৰদেশত খোৱা ‘পেৰুগানম’, কৰ্ণাটকত খোৱা ‘মচাৰানা’, পঞ্জাবত খোলা লাচ্চি (লগত মাকৈৰ ৰুটি আৰু মাখনত ভজা শাক), চেন্নাইত খোৱা ‘কার্ড ৰাইচ’, দিল্লীত খোৱা ‘মলাই দহি’ আৰু ‘স্ট্ৰবেৰী য়গাৰ্ট’, মনত আছে। সেইদৰে বিদেশৰ কেইখনমান দেশতো বৰ সুন্দৰ বা সোৱাদভৰা দৈ খাই পাইছোঁ। ইয়াৰে কেইখনমান দেশ যেনে— ওমান (তেওঁলোকে দৈক লাবান’ বুলি কয়), ইজিপ্তৰ ‘জাবাদি’, ইণ্ডোনেছিয়াৰ ‘দাদিহ’, চীনদেশৰ ‘নিংৰু, ‘ইটালিৰ ‘কেগলিয়াটা’, ‘জাপানত খোৱা বা ডো’, দক্ষিণ কোৰিয়াত খোৱা ‘নামজগ’, কেনিয়াত খোৱা ‘মাজিৱা-মালা’ত বিভিন্ন টেষ্টৰ দৈ খোৱা মনত আছে আৰু এই নামবোৰ মোৰ ন'টবুকত লিখি থোৱা আছে।

আনহাতে, আকৌ আমি সৰুৰে পৰা বৰ্তমানলৈকে অসমৰ বিভিন্ন ঠাইত খোৱা অতি তৃপ্তিকৰ দৈ, ক্রীম আৰু এইবোৰৰ সৈতে খোৱা বিভিন্ন জলপানৰ সোৱাদ এইটো জীৱনত পাহৰিব নোৱাৰিম। উদাহৰণস্বৰূপে আমি সৰুতে ডাঙৰ-দীঘল হোৱা শিৱসাগৰ জিলাৰ (সেই সময়ৰ অবিভক্ত শিৱসাগৰ জিলাৰ) আখৈফুটীয়া, দিখৌমুখ, দিচাংমুখ, জাজীমুখ, ঢেকীয়াখোৱা মাজুলী, কঁহৰা আদিৰ ম'হৰ খুঁটিৰ দৈ, অসমীয়া গৰু গাইৰ দৈ যি সোৱাদ আৰু আঠা (সেই ধৰণৰ আঠা দৈ জলপান এটা গুৰ আৰু পকা কলেৰে সানি পুতকি খোৱাৰ পিছত হাতখন গৰম পানী আৰু চাবোনেৰে ধোৱাৰ পিছতো আঠা আঠা ভাব এটা লাগি থাকে আৰু হাতখনো এক মৃদু মিঠা দৈ দৈ গোন্ধাই থাকে) সেই সোৱাদ পাহৰিব নোৱাৰি। সেইদৰে কলেজ-বিশ্ববিদ্যালয় পোৱাৰ পিছত খোৱা নামনি অসমৰ সৰভোগ, ৰামদিয়া, মুকালমোৱা, বৰপেটা আদিৰ খাটি দৈ সোৱাদৰ কথাও পাহৰিব নোৱাৰি। সৰভোগ নামৰ ঠাইখনৰ অৰ্থটোৱেই হৈছে সৰৰ ভোগ (সৰ + ভোগ), অর্থাৎ সৰভোগৰ দৈত যথেষ্ট পৰিমাণে গাখীৰৰ সৰসহ মাখন মাখন লগা (ক্রীম যেন লগা) দৈ থাকে বাবে (যাক স্থানীয় মানুহে নিৰলা দৈ বুলি কয়) খাবলৈ অতি তৃপ্তিকৰ হয়, বিশেষকৈ সৰভোগৰ আশে-পাশে থকা বৰ্নগৰ (সৰভোগৰ পুৰণি নাম), বৰপথাৰ, বগীদাবা, আহিতামা আদিৰ খাটি দৈ অতি আঠা থকা আৰু সোৱাদভৰা বুলি নাম আছে ৷ আমি কলেজ, বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত সেইবোৰ ঠাইৰ দৈৰ কলহ বা টেকেলি ওলোটাই ধৰিলেও দৈখিনি ওলাই নপৰিছিল আৰু বহু সময়ত এখন নতুন গামোচাৰে বান্ধি অনা দৈ আমি দেখিছিলোঁ বা খাই পাইছিলোঁ। এতিয়াও কোনো এখন নতুন ঠাইলৈ গ’লেই আমি সুবিধা পালেই সেই ঠাইৰ দৈ, শাক পাচলি, মাছ-মাংস আদি খাই চাওঁ।

আলোচনাটো শেষ কৰাৰ আগতে ইয়াকে ক’ব পাৰি যে আমি দৈনন্দিন জীৱনত নিজে ভালপোৱা বা জুতি লগা বিভিন্ন খাদ্য খোৱাৰ লগতে দৈনিক অকণমান হ'লেও দৈ বা দৈ-গাখীৰ (অর্থটো আচলতে একেটাই) খাব পাৰিলে এক সু-স্বাস্থ্য অটুট ৰখাৰ লগতে যৌৱনটো দীঘলীয়া কৰা আৰু বহুতো বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। আহক তেনেহলে, প্রতিদিনাই অলপমান হলেও দৈ খোৱাৰ অভ্যাস এটা কৰোঁ আৰু আমাৰ সু-স্বাস্থ্য অটুট ৰাখোঁ।

Saturday, 26 June 2021

পুনৰ আৰম্ভ হ'ব এ পি এছ চি পৰীক্ষাৰ তদন্ত

পুনৰ আৰম্ভ হ'ব এ পি এছ চি পৰীক্ষাৰ তদন্ত


হঠাতে নতুন মোৰ লৈছে দেশজুৰি চৰ্চা লাভ কৰা অসম লোকসেৱা আয়োগৰ কেলেংকাৰীয়ে। এই হাই প্রফাইল কেলেংকাৰীৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে আজি গুৱাহাটীস্থ বিশেষ আদালতত ২০১৩ বৰ্ষৰ জব্দকৃত উত্তৰবহী পুনৰীক্ষণৰ বাবে আবেদন জনোৱাৰ পাছতেই সমগ্র ঘটনাই লৈছে নতুন মোৰ। বিশেষ আদালতত এ পি এছ চিয়ে আয়োজন কৰা ২০১৩ বৰ্ষৰ মূল পৰীক্ষাৰ উত্তৰবহী পুনৰীক্ষণ কৰাৰ বাবে তদন্তকাৰী বিষয়াগৰাকীয়ে এক আবেদনৰ জৰিয়তে অনুমতি বিচাৰে৷ উল্লেখ্য যে সম্প্রতি এই উত্তৰবহীসমূহ আদালতৰ জিম্মাত আছে। সেয়েহে উত্তৰবহীসমূহৰ পুনৰীক্ষণৰ বাবে আদালতৰ অনুমতি বাঞ্ছনীয়। সেয়ে কেইবাটাও ট্রাংকত ভৰাই থোৱা উত্তৰবহী পুনৰ খুলিব বিচাৰিছে তদন্তকাৰী বিষয়াগৰাকীয়ে। পিছে হঠাতে কিয় পুৰণি উত্তৰবহী আৰক্ষীয়ে খুলিব বিচাৰিছে তাক লৈ স্বাভাৱিকতে প্ৰশ্নৰ উদয় হৈছে। আৰক্ষীৰ বিশেষ সূত্রে জানিব পৰা মতে ২০১৩ চনৰ লিখিত পৰীক্ষাৰ উত্তৰবহীসমূহ হায়দৰাবাদস্থিত কেন্দ্ৰীয় ফৰেনছিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদিও তাৰ কেতবোৰ প্ৰতিবেদন আৰক্ষীৰ হাতত পৰা নাছিল। ফৰেনছিক বিজ্ঞানাগাৰলৈ উত্তৰবহীৰ প্ৰয়োজনীয় অংশ প্ৰেৰণ কৰি সকলো উত্তৰবহী কেইবাটাও ট্রাংকত ভৰাই বহু পূর্বেই আৰক্ষীয়ে বিশেষ আদালতৰ মজিয়াত জমা দিছিল। উক্ত সময়ৰ পৰা এই উত্তৰবহী আদালতৰ জিম্মাত আছে। পিছে নতুনকৈ লাভ কৰা ফনেছিক প্রতিবেদনত এই উত্তৰবহীসমূহৰ বহু বিসংগতি পুনৰ পোহৰলৈ আহিছে। হাতৰ আখৰৰ বিসংগতিৰ লগতে নম্বৰ প্ৰদানৰ ক্ষেত্ৰতো ধৰা পৰিছে বিসংগতি৷ একেদৰে টেবুলেচন শিট আৰু প্ৰতিটো উত্তৰৰ বিপৰীতে প্ৰাৰ্থীসকলক প্ৰদান কৰা নম্বৰৰ ক্ষেত্ৰতো বিসংগতি ধৰা পেলাইছে ফনেছিক বিজ্ঞানাগাৰে। আনকি এনে ঘটনাও সংঘটিত হৈছে যে ১০ নম্বৰীয়া প্ৰশ্নৰ উত্তৰৰ বিপৰীতে একাংশ প্ৰাৰ্থীক ১০তকৈও অধিক নম্বৰ প্ৰদান কৰা হৈছে। এয়া স্বাভাৱিকতে সন্দেহজনক বিষয় আৰু সেয়ে তদন্তকাৰী আৰক্ষীয়ে পুনৰবাৰ উত্তৰবহীসমূহ খুলি ফনেছিকৰ প্ৰতিবেদনৰ সৈতে ৰজিতা খুৱাই চাব বিচাৰিছে। কেৱল 2013 বৰ্ষৰে নহয়, প্রয়োজনত ২০১৫ চনৰ লিখিত পৰীক্ষাৰ উত্তৰবহীও চোৱাৰ অনুমতি বিচাৰিছে আৰক্ষীয়ে ৷ তদন্তকাৰী আৰক্ষী বিষয়া সুৰজিৎ সিং পানেচাৰে দাখিল কৰা এই আবেদন আদালতে গ্ৰহণ কৰিছে আৰু উত্তৰবহীসমূহ পুনৰ খুলি চোৱাৰ অনুমতি প্ৰদান কৰিছে। এনে হ'লে আৰু অধিক বিষয়া আৰক্ষীৰ জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। পূৰ্বৰে পৰাই বহু এ চি এছ এ পি এছ তথা সংলগ্ন সেৱাৰ বিষয়াৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপিত হৈ আহিছিল। আনকি ৰাজনৈতিক ছত্রছায়াত ৰাকেশ পাল বাহিনীৰ দ্বাৰা নিৰ্বাচিত হোৱা প্ৰাৰ্থীয়েও চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। এতিয়া আৰক্ষীয়ে যিহেতু গোটেইসমূহ উত্তৰবহী তন্নতন্নকৈ পৰীক্ষা কৰিব সেয়ে বহু বিষয়াৰ বিপদ অনিবার্য। আৰক্ষীৰ জালৰ পৰা সাৰি থকা বিষয়াসকলৰ উত্তৰবহীতো বিসংগতি ধৰা পেলাইছে আৰক্ষীয়ে। সেয়ে জাল পতাৰ পূৰ্বে তথ্য-প্রমাণ শক্তিশালী কৰি তোলাৰ বাবেই এতিয়া তদন্তকাৰী আৰক্ষীয়ে পুনৰাই উত্তৰবহী খুলি চাব বিচাৰিছে। আদালতেও বিষয়টোৰ গুৰুত্ব বুজি অনুমতি প্রদান কৰাৰ পাছতেই এতিয়া অসম আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী বাহিনী এই কামত নিয়োজিত হ’ব। আৰক্ষীৰ এক সূত্ৰই আনকি এই কথাও জানিবলৈ দিছে যে ইতিমধ্যে আৰক্ষীৰ জালৰ পৰা সাৰি থকা ২০১৩ বৰ্ষৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা তথা বর্তমানে চাকৰি কৰি থকা কেইবাগৰাকীও এ চি এছ এ পি এছ বিষয়াৰ তালিকা প্রস্তুত কৰিছে। অতি গোপনে প্ৰস্তুত কৰা এই তালিকা অনুসৰিয়েই উক্ত বিষয়াসকলৰ উত্তৰবহীসমূহ পৰীক্ষা কৰিব আৰক্ষীয়ে আৰু ইয়াৰ পাছতে অতর্কিতে অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। উল্লেখ্য যে অসম আৰক্ষীয়ে এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত চলোৱা তদন্তৰ ওপৰত পূৰ্বতে বহু প্ৰশ্নৰ অৱতাৰণা হৈছিল। আনকি অসম আৰক্ষীয়ে বিশেষ গভীৰতালৈ নগৈ তদন্ত কৰাৰো অভিযোগ তুলিছিল বঞ্চিত বহু প্ৰাৰ্থীয়ে৷ এনেবোৰৰ মাজতে এতিয়া বহী পুনৰ পৰীক্ষা কৰাটোৱে বিপদ নমাই আনিছে ২০১৩ আৰু ২০১৫ চনত উত্তীর্ণ হোৱা বহু এ চি এছ, এ পি এছ তথা সংলগ্ন সেৱাৰ বিষয়ালৈ ৷ প্ৰণিধানযোগ্য যে এতিয়ালৈকে এ পি এছ চিৰ এই সমগ্ৰ কেলেংকাৰীৰ তদন্ত চলাই আৰক্ষীয়ে ৬৭গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত এ পি এছ চিৰ তদানীন্তন অধ্যক্ষ তথা সমগ্র কেলেংকাৰীৰ মাষ্টাৰ মাইগুৰূপে খ্যাত ৰাকেশ পাল তথা আয়োগৰ সদস্য, বিষয়া-কৰ্মচাৰীও আছে। নতুনকৈ অসম আৰক্ষী তৎপৰ হৈ পৰাত এতিয়া গ্ৰেপ্তাৰ হোৱা বিষয়াৰ সংখ্যা যে অচিৰেই বৃদ্ধি হ’ব সেয়া নিশ্চিত।



Thursday, 24 June 2021

সততাৰ মূল্য

সততাৰ মূল্য
---------------------------
             ভবানন্দ কলিতা
চৰকাৰী চাকৰিৰ ধন খাবলৈ কপাল লাগিব। মোৰ কপালত নহল। ধনী মানুহ নহলো। দুখীয়া মানুহ নহলো। মধ্যবিত্ত হলো। চৰকাৰে নিদিয়ে। দৰিদ্ৰ নহয় বুলি। জীবনে শেষ বয়সত ভাবিছো চৰকাৰী চাকৰি এটা লৈ মোটা দৰমহা এটা লৈ বা অবস্থান পাচতো পেন্চন পালোহেতেন। সাংবাদিক পেন্চন পাম চাগে। ৫৯ হৈছে। ৬০ হলে আবেদন কৰিম। অসৎ পথ নললো। নতুবা দুমহলীয়া ঘৰ, বিলাসী গাড়ী, শকত বেংক বেলেঞ্চ লৈ বহি থাকিলোহেতেন। সাংবাদিক হিসাবে বহু ৰাজনৈতিক নেতাৰ  লগত এসময়ত ঘনিষ্ঠ আছিলো। কিন্তু নিজৰ বাবে নকলো। মোৰ কথাতেই ৫/৬জনমানে চাকৰি পালে। এতিয়া ভাল অবস্থা। পুৰণি কথা অলপ কব  বিচাৰিছো। নামবোৰ নকও। মানহানি মোকৰ্দমা  দিব পাৰে। ১৯৯১চনৰ কথা এগৰাকী কেবিনেট মন্ত্রীয়ে (হিতেশ্বৰ শইকীয়াৰ চৰকাৰ আছিল) মোক কৈছিল। কলিতা, চাকৰি কৰিবা। থ্ৰিএফত  আবকাৰী পৰিদৰ্শক পদ দিম।৫০হাজাৰ টকা লাগিব। তোমাক  অহা মাহত মাজুলীত পোষ্টিং দিম। কোৱা সময়ত এগৰাকী বিধায়ক আছিল। কিন্তু মোৰ হাতত ধনো  নাছিল। অৰ্থাৎ কপালত নাছিল। মন্ত্রীজনে জনতা ভবনত  কৰ্মৰত এগৰাকী যুটীয়া সচিবলৈ  মোৰ নাম কৈ ফোন কৰিছিল।।।। মেট্ৰিক পাছা কৰি কলেজত নাম লগাইছো। ১৯৭৮/৭৯চনৰ কথা। এগৰাকী বিধায়ক তথা খাদী বৰ্ডৰ চেয়াৰমেনে মোক সুধিছিল। চাকৰি কৰিবা? মই নকৰো  বুলি কৈছিলো।কপালত চাগে নাছিল। ।।।। মোৰ দেউতা হাইস্কুল শিক্ষক আছিল। ইন্সপেক্টৰ অফিচৰ  কেৰানী এজন আহি মোৰ দেউতাৰ ভুৱাকৈ ডাক্টৰৰ প্ৰমাণ পত্ৰ আনি  টি, বি বেমাৰ বুলি ১৮মাহ ছুটি লৈ তাৰ ঠাইত মোক শিক্ষক দিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। ৬০হাজাৰ টকা বিচাৰিছিল। আই, এচ গৰাকীয়ে নিজে ফোন কৰিছিল। টকা দি বোপাই পোষ্টত  চাকৰি নকৰো বুলি কৈছিলো। কপালত নাছিল।।।।। সততাৰ  বাবে অবৈধ কাম কৰা নাছিলো। কংগ্রেস চৰকাৰৰ দিনত এজন প্ৰভাৱশালী অভিযন্তাই কৈছিল। আপুনি ঠিকাদাৰ হিসাবে আমাৰ বিভাগত নাম পঞ্জীয়ন কৰক। ঠিকা দিম। বেলেগ ঠিকাদাৰে কৰিব। আপুনি টকা পাই থাকিব। মন্ত্রী লগত কথা পাতিছো। মই অবৈধ কাম নকৰো বুলি কলো।।।।  বহুত কথা। আচলতে চৰকাৰী চাকৰি এটা অতি সহজেই পালোহেতেন। তৃতীয় শ্ৰেণীৰ  কেৰানী বা শিক্ষক ২০০শতাংশ হব পালোহেতেন। কিন্তু সাংবাদিকতাৰ নিচাত পৰি চৰকাৰী চাকৰি নকৰিলো। জীবনৰ  বিয়লি বেলা ভাবিছো। ভুল কৰিলোনেকি। আৰামৰ  জীবন এটা কটাব পালোহেতেন।।।।।।লকডাউনত মধ্যবিত্ত সকলৰ উপাই নাই।।।।।। কি যে হব।।। কৰনা  মহামাৰীৰ পৰা কেতিয়া মুক্ত হম?।।।।।।। (বিঃদ্রঃ___এই মুহূর্তত মনলৈ অহা ভাব)

Wednesday, 23 June 2021

নৰা ৰজাৰ জীয়েক চাওচিং কুঁৱৰী

নৰা ৰজাৰ জীয়েক চাওচিং কুঁৱৰী
           চাও বিজয় ৰাজকোঁৱৰ
আহোম ৰাজত্বকালৰ এগৰাকী উল্লেখযোগ্য নাৰী হল চাওচিং কুঁৱৰী ।ব্ৰহ্মদেশৰ উত্তৰ অংশ ছান বা নৰাসকলৰ আৰু দক্ষিণ অংশ বাৰ্মা বা মানসকলৰ ৰাজ্য আছিল।দুয়োখন ৰাজ্যৰ সীমা বিবাদৰ পৰিণতিত যুদ্ধলৈ ৰূপান্তৰ হৈছিল আৰু এই যুদ্ধৰ বাবে নৰা ৰজাই আহোম ৰজাৰ সহায় বিচাৰিলে ।সেই সময়ত আহোম ৰাজ্যৰ ৰাজসিংহাসনত অধিষ্ঠিত আছিল চাওফা চুক্লেনমুং। চাওফা চুক্লেনমুং ৰজা হৈছিল ১৫৩৯ চনত ।আহোম ৰজাই নৰা ৰজাক সহায় কৰিলে আৰু মান সেনাক পৰাস্ত কৰিলে।তাৰ কৃতজ্ঞতাৰ চিন স্বৰূপে নৰা ৰজাই নিজৰ মৰমৰ ৰূপে -গুণে বিভুষিতা সুন্দৰী কন্যা "নাংটোপখাম"ক চাওফা চুক্লেনমুংলৈ বিয়া দিয়ে।নাং মানে কন্যা ,টোপ মানে শুৱনি ,খাম মানে সোণ ,অৰ্থাৎ সোণালী ৰঙৰ সুন্দৰী কন্যা।নৰা কুঁৱৰী অকল শুৱনিয়ে নাছিল ,গুণৰ লগতে ৰাজনীতিৰ আদিপাঠ শিকাৰ সমান্তৰাল ভাবে ৰাজকাৰ্যৰ চলোৱা দিশতো পাৰদৰ্শিতা আছিল ।টাই ভাষাৰ শিক্ষাৰ প্ৰতি প্ৰবল ধাউতি থকাৰ বাবেই টাই ভাষা লিখিব আৰু পঢ়িবলৈ পাৰিছিল।পাছত তেওঁৰ নাম আহোমৰ শাসনত চাওচিং কুঁৱৰী হিচাপে জনা যায় আৰু তেখেত তীক্ষ্ণ বুদ্ধি দ্বীপ্ত আৰু ৰাজনৈতিক বিচক্ষণতাৰ বাবে তেওঁক চাওফাই বৰকুঁৱৰী পাতে ।চাওচিং কুঁৱৰীৰ উপদেশ মতেই ৰজাই নগা আলি নামৰ দীঘল আলিবাটটো বৰ আলিৰ পৰা নগাপাহাৰলৈ চাওফা চুক্লেনমুং ডাঙৰীয়াই নিৰ্মাণ কৰাইছিল।চাওচিং কুঁৱৰীৰ পৰামৰ্শমতেই চাওফাই তৃতীয়তো আহোম ৰাজপ্ৰশাসনত মন্ত্ৰী পদ সৃষ্টি কৰিছিল "বৰপাত্ৰগোঁহাই",তেতিয়াই কনচেং ডাঙৰীয়াক বৰপাত্ৰগোঁহাই চাওফাই প্ৰদান কৰিছিল।
                    চাওচিং কুঁৱৰীয়ে দি থৈ যোৱা দ্বিতীয়টো গুৰুত্বপূৰ্ণ অৱদান হৈছে চৰগুৱাৰ পৰা গড়গাঁওলৈ ৰাজধানী স্থানান্তৰিত কৰি চাৰিওফালে গড় মাৰি দ খাৱৈ খান্দি নগৰখনৰ নিৰাপত্তা বেহু সুৰক্ষিত কৰি আটকধুনীয়াকৈ সজোৱা।চাওচিং কুঁৱৰীয়ে কল্পনাৰ তুলিকাৰে শৈল্পীক চিন্তাচৰ্চাৰে গড়গাঁওৰ নক্সা তৈয়াৰ কৰিছিল ।গড়গাঁওত গড় মাৰি ৰাজধানী পতাৰ বাবেই সেই ঠাইৰ নাম হল গড়গাঁও আৰু চাওফা চুক্লেনমুংৰ আন এটি নামো হল গড়গঞা ৰজা।চাওচিং কুঁৱৰীৰ আৰু বহু অৱদান আহোম প্ৰশাসনত দি থৈ গৈছে।
                    মূল কথা হল আহোমৰ শাসনকালত নাৰীৰ স্থান বহু ওপৰত আছিল,যিসময়ত ভাৰতৰ আন ৰাজ্যৰ নাৰী উৰণিৰ তলত,সতী দাহ প্ৰথাৰ নিচিনা ব্যৱস্থা আছিল, সেই সময়ত অসমত নাৰীয়ে পুৰুষৰ সমানেই ৰাজনীতিত অংশগ্ৰহণ কৰিছিল আৰু শাসনভাৰ চলাইছিল।আহোম বুৰঞ্জীত চাওচিং কুঁৱৰীৰ দৰে যিবোৰ উল্লেখযোগ্য নাৰী এতিয়াও লুপ্ত হৈ আছে,তেওঁলোকক বুৰঞ্জীৰ পাতৰ পৰা উলিয়াই আনি নতুন প্ৰজন্মৰ লগতে বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ দায়িত্ব আমাৰ সকলোৰে হোৱা উচিত।

Tuesday, 22 June 2021

কুৰুক্ষেত্ৰ মহাৰণ, ভগৱান শ্ৰীকৃষ্ণ আৰু এটি চৰাই পৰিয়াল

কুৰুক্ষেত্ৰ মহাৰণ, ভগৱান শ্ৰীকৃষ্ণ আৰু এটি চৰাই পৰিয়াল
কুৰুক্ষেত্ৰ যুদ্ধ হ'বলৈ  দুদিনমান বাকী আছিল৷ যুদ্ধভূমিলৈ যোৱা পথৰ বন-জংঘলবোৰ চাফা কৰি থকা হৈছে৷ ডাঙৰ ডাঙৰ গছবোৰ হাতী লগাই উঘালি পেলোৱা হৈছে । তেনে এজোপা গছতে ঘনচিৰিকাটোৰ সমান সৰু চৰাই এজনীয়ে চাৰিটা পোৱালিৰে সৈতে বাঁহ সাজি বসতি কৰিছিল৷পোৱালি কেইটা কণীফুটি ওলোৱা দুদিনমান হৈছিলহে৷ বিশাল আকাৰৰ হাতী লগাই গছজোপা উঘালি পেলোৱাৰ সময়ত চৰাইজনীৰ বাঁহটো পোৱালি চাৰিটাৰ সৈতে আহি মাটিত পৰিলহি৷ অসহায় হৈ কণমানি চৰাইজনীয়ে বেজাৰ মনেৰে ইফালে-সিফালে চাওঁতে ভগৱান শ্ৰীকৃষ্ণক নাতিদূৰৈত অৰ্জুনৰ সৈতে কামৰ তদাৰক কৰি থকা দেখা পালে৷ চৰাইজনীয়ে লগে লগে উৰি গৈ শ্ৰীকৃষ্ণৰ কাষ পালেগৈ আৰু পোৱালিকেইটাৰ সৈতে তাইৰ প্ৰাণভিক্ষা কৰিলে৷ 

ভগৱান শ্ৰীকৃষ্ণই চৰাইজনীক ক’লে----

“ কালৰ চক্ৰৰ পৰা কোনেও কাকো বচাব নোৱাৰে৷ আনকি মানৱ ৰূপ ধাৰণ কৰি মইয়ো কালচক্ৰৰ উৰ্ধত নহয়৷ গতিকে এই বাটেৰে যুদ্ধভূমিলৈ যাব লগা হাতী-ঘোঁৰা, ৰথ বা পদাতিক সৈনিকৰ গচকত তোমালোকৰ যদি মৃত্যু হ’বলৈ আছে সেয়া হ’বই৷ কালে তোমালোকক এইদৰে মাৰি নিব লগা থাকিলে কোনেও বচাব নোৱাৰে৷ আনহাতে তোমাৰ উৰিব নজনা পোৱালি কেইটাৰ সৈতে এই অৱস্থাত তুমি আন ক’ৰবালৈ যাবলৈকো অক্ষম৷ গতিকে এটা কাম কৰা -- কমেও তিনি সপ্তাহৰ খাদ্য গোটাই আনি পোৱালিকেইটাৰ সৈতে বাঁহটোতে সোমাই থাকি নিষ্ঠাৰে প্ৰতিপাল কৰাগৈ৷ বাকীখিনি কালে নিজ গতিৰে কৰিব  ৷ কালৰ গতি অৱধাৰিত-------” 

ভগৱান শ্ৰীকৃষ্ণৰ কথা শুনি কণমানি চৰাইজনীয়ে তিনিসপ্তাহমানৰ খাদ্য গোটাই আনি মাটিত পৰি ৰোৱা বাঁহটোৰ ভিতৰতে সোমাই থাকিল ৷

ঠিক দুদিন পিছতে কুৰুক্ষেত্ৰৰ মহাৰণ আৰম্ভ হ’ল৷ যুদ্ধৰ প্ৰথমদিনাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ ৰথ পৰিচালনা কৰি যুদ্ধলৈ যোৱাৰ বাটত হঠাতে এঠাইত ৰৈ দি অৰ্জুনৰ পৰা ধনুশৰ বিচাৰিলে৷ অৰ্জুন বৰ আচৰিত হ’ল৷ কাৰণ কুৰুক্ষেত্ৰৰ ৰণত ভগৱান শ্ৰীকৃষ্ণই নিজে কোনো অস্ত্ৰ চালনা নকৰে বুলি প্ৰতিশ্ৰুতি দিছিল ৷ তেনেহ’লে-----

ভগৱান শ্ৰীকৃষ্ণৰ হাতত ধনুশৰ তুলি দি অৰ্জুনে আচৰিত হৈ চাই ৰ’ল ৷ প্ৰভু কৃষ্ণই যুদ্ধলৈ গৈ থকা এটা বিশাল আকাৰৰ হাতীলৈ লক্ষ্য কৰি শৰ এৰিলে৷ কিন্ত কি আচৰিত এই শৰ গাত নালাগি হাতীটোৰ ডিঙিত ওলোমাই থোৱা বৃহৎ আকাৰৰ ঘন্টিটোতহে লাগিলগৈ৷ সজোৰে টং শব্দ এটা কৰি ঘন্টিটো হাতীটোৰ ডিঙিৰ পৰা চিঙি দুৰত পৰিলগৈ৷ অবাক হৈ অৰ্জুনে নিজ হাতে ধনুকাঁড় ধৰি হাতীটোক মাৰিবলৈ সাজু হ’ল৷ কিন্ত প্ৰভু শ্ৰীকৃষ্ণই অৰ্জুনক এনে কৰাৰ পৰা বাৰণ কৰি কুৰুক্ষেত্ৰৰ ৰণভূমিলৈ ৰথ চালনা কৰি আগুৱাই গ’ল  ।

ওঠৰ দিনৰ যুদ্ধৰ পিছত কুৰুক্ষেত্ৰৰ ৰণ শেষ হ’ল৷ কিন্ত যুদ্ধভূমিত পৰি ৰোৱা মৃতদেহবোৰ সৎকাৰ কৰোৱা আৰু ভঙা-ছিঙা যুদ্ধৰ সজুঁলিবোৰ পৰিস্কাৰ কৰোৱাৰ দায়িত্ব বিজয়ী পাণ্ডৱপক্ষৰ হাতত পৰিল৷ এই যুদ্ধভূমি পৰিস্কাৰকৰণৰ কামটো তদাৰক কৰাবলৈ বুলি শ্ৰীকৃষ্ণই অৰ্জুনক লৈ পুনৰ এদিন কুৰুক্ষেত্ৰৰ ফালে ৰথচালনা কৰি আগবাঢ়িল ৷ যোৱাৰ বাটৰ কোনো এঠাইত হঠাতে আকৌ ৰৈ দি পথৰ ওপৰতে পৰি ৰোৱা হাতীৰ ডিঙিৰ সেই ঘণ্টিটো উঠাই পথৰ দাঁতিত থ’বলৈ অৰ্জুনক অনুৰোধ কৰিলে ৷ 

প্ৰভুৰ আদেশ মানি অৰ্জুনে হাতীৰ ডিঙিত ওলোমোৱা সেই ডাঙৰ আকাৰৰ ঘন্টিটো পথৰ দাঁতিত থ’বৰ বাবে দাঙি লওঁতেই দেখিলে ---হাৰে এয়া কি? ঘন্টিটো দেখোন সেই কণমানি চৰাইজনীৰ বাঁহটোৰ ওপৰত পৰিছিলগৈ!!ইমানদিনে কাৰোৰে গচক নপৰাকৈ চৰাইজনী আৰু পোৱালি কেইটাক বচাই আছিল হাতীৰ ডিঙিৰ সেই বৃহৎ ঘণ্টিটোয়েই!!! অৰ্জুনে ঘন্টিটো দাঙি উঠাই পথৰ কাষত থোৱাৰ লগে লগেই কিচমিচ কিচমিচ মাত দি চৰাইজনী পোৱালী কেইটাৰ সৈতে ওলাই আহি ভগৱান শ্ৰীকৃষ্ণৰ চাৰিওপিনে ঘুৰিবলৈ ল’লে৷

উপসংহাৰঃ
=======

বন্ধুসকল, ভাবি লওকচোন কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগতে সেই চৰাইজনীক পোৱালীৰ সৈতে বাঁহত সোমাই থাকিবলৈ কোৱাটো যদি লক-ডাউন বুলি ধৰা হয় তেনেহলে তাৰ বাবেই জানো তাঁহাতৰ প্ৰাণ ৰক্ষা নপৰিল? হাতীৰ ডিঙিৰ পৰা চিঙি পৰা ঘণ্টিটো চৰকাৰৰ স্বাস্থ্য বিভাগে পালন কৰিবলৈ দিয়া নিয়মবোৰ বুলি ধৰকচোন ৷ চৰকাৰে লক্ ডাউন ঘোষণা কৰিলে পৰিস্থিতিৰ ভয়াৱহতা বুজি সকলোৱে নিষ্ঠাৰে পালন কৰিব ৷

(WhatsApp ত দিছিল বন্ধু এজনে )

এখন বৃদ্ধ আশ্ৰম আৰু এটা ভয়ংকৰ সপোন

এখন বৃদ্ধ আশ্ৰম আৰু এটা ভয়ংকৰ সপোন
--------------------------------------------
                         ৰঞ্জিত বৰঠাকুৰ
আপুনি বৰঠাকুৰে কৈছে নেকি "?--- অচিনাঁকি নম্বৰ এটাৰ পৰা ফোন আহিল। " হয় , মই ব্ৰিগেডিয়াৰ বৰঠাকুৰে কৈছো" (সামৰিক বাহিনীৰ বিষয়া সকলে 'ৰেংক'তো লৈ সম্বোধন কৰাতো বিচাৰে)।
      মানুহজনে নিজৰ চিনাকি দি  ,ক'লে "মোৰ মায়ে আপোনাৰ লগত কথা পাতিব বিচাৰে"। মই অনুমান কৰিলো মাকে পুত্ৰৰ পৰা মোবাইলটো এক প্ৰকাৰে টানি লৈ মোৰ লগত কথা পতা আৰম্ভ কৰিলে -
      " আপুনি এখন বৃদ্ধাশ্ৰম নচলায় জানো"। তেখেতক কথা আগবঢ়াব নিদি মই বুজালো যে 'Mother old age Home ' নামৰ বৃদ্ধাশ্ৰমটো উৎপল/মনিকাই  আৰম্ভ কৰিছে ,মই Working President হিচাপে অলপ পৰামৰ্শ দি আছো।"
       তেখেতে ক'লে "আপোনাৰ লগতহে কথা পাতিব আছে, বৃদ্ধাশ্ৰমখন ভাৰা ঘৰ এটাত আছে বুলি মই জানো , সেই বিষয়ে কথা পাতিব বিচাৰো । মোৰ  ঘৰটো বৃদ্ধাশ্ৰমক দিব বিচাৰো, আপোনালোকৰ অলপ সহায় হব"।
      তেখেতে ইমান সাধাৰনভাৱে তেওঁৰ ঘৰটো বৃদ্ধাশ্ৰমক দিব বুলি কোৱাত আঁচৰিত লাগিল। তেওঁৰ মহানুভবতাক মই শ্ৰদ্ধা নকৰি নোৱাৰিলো । বৃদ্ধাশ্ৰমটোৰ ভাৰা বুলিয়েই যথেষ্ট খৰচ হয় । বেছি ভাগ বৃদ্ধা দুখীয়া, বেছিভাগৰে পইচা দিয়াৰ সমৰ্থ নাই । তথাপি এটা সময়ত বৃদ্ধাশ্ৰমৰ বাবে  স্হায়ী ঘৰ এটাৰ  পৰিকল্পনা আছে। অলপ অলপকৈ পইচা গোটাই  মাটি কিনি আহল - বহল  এটা বৃদ্ধা আশ্ৰমৰ সপোন উৎপলৰ লগতে আমাৰ সকলোৰে আছে।
      বুঢ়ী গৰাকীৰ লগত আৰু অলপ কথা পাতি সোনকালে লগ ধৰাৰ প্ৰতিশ্ৰুতি দিলো , তেখেতে ক'লে " পাৰিলে আজিয়েই আহক, নহলে কাইলৈ জৰুৰ আহিব  কিন্তু  যি দিনাই আহে ১০-১০.৩০বজাতকৈ দেৰী নকৰিব"। তেখেতে মোক এড্ৰেচটো বুজাই দিলে ৱাৰলেচৰ ওচৰত উলিয়াবলৈ দিগদাৰ নহ'ব। তেওঁ ১০-১০.৩০  সময়টোৰ ওপৰত যথেষ্ট গুৰুত্ব দিলে।
      মইও সোনকালে লগ ধৰাৰ কথাই ভাবিছিলো। মোৰ experience ৰ পৰা অনুভৱ কৰিছো যে বহুত সময় মানুহে নিজৰ সিদ্ধান্ত কিবা নহয় কিবা কাৰণত বদলি কৰে । কেতিয়াবা সিদ্ধান্ত বোৰ ভালকৈ নভবাকৈ হঠাৎ  কৰে, পাছত বদলি কৰে।  সেই বাবে পাচ দিনা প্ৰায় ১০ বজাত তেওঁৰ ঘৰ পালোগৈ। ঘৰটো দেখিয়েই মনটো ভাল লাগি গ'ল, দুমহলীয়া ঘৰ। আহল - বহল , গছ গছনি ফুল , তামোল, নাৰিকল গছ আদিৰে ভৰা । মনে মনে ভাবিলো আমাৰ বৃদ্ধাশ্ৰমৰ বাবে ইয়াতকৈ ভাল ঘৰ নাপাম । তাতকৈ ভাল কথা মানুহ গৰাকীয়ে ফ্ৰিকে দিব ওলাইছে। মহানগৰীৰ মাজতে হস্পিতাল, বজাৰ সকলো ওচৰত। আদহীয়া মানুহ গৰাকীক মনে মনে ধন্যবাদ জনালোঁ তেওঁৰ মহানতাৰ বাবে।
      এনেও মানুহ গৰাকীৰ পিন্ধন,কথা বতৰাৰ ধৰণ দেখি তেখেতৰ প্ৰতি instant শ্ৰদ্ধা আহি গৈছিল । ড্ৰইং ৰুমত মোক আথে বেথে বহিব দি মাক পুতেকে কথা পতা আৰম্ভ কৰিলে ।  ময়ো  জানিব বিচাৰিছিলো আমাক ঘৰতো দিয়াৰ পাছত  মাক  ক'ত থাকিব ,কাৰ লগত থাকিব। তেখেতে ডাঙৰ পুতেকলৈ আঙুলিয়াই দি  জনালে যে  পুতেকৰ  নিজা ফ্লেট ওচৰত আছে,    পুতেকৰ লগতে থাকিব।  
       আমি কথা পাতি থাকোতে দ্বিতীয় মহলাৰ পৰা সাজি কাছি এগৰাকী মহিলা নামি অহা লক্ষ্য কৰিলো । বুঢ়ী গৰাকীয়ে ক'লে "মোৰ বোৱাৰী,বেঙ্কত কাম কৰে"। বোৱাৰীয়েকক অলপ সময়  বহিবলৈ কৈ   মোক চিনাঁকি কৰি বোৱাৰীয়েকক উদ্দেশ্যে কৰি ক'লে " ঘৰটো এটা বৃদ্ধাশ্ৰমক দিম বুলি ভাবিছো, বহুত দিনৰ পৰা চিন্তা কৰি আছিলো। অৱশ্যে কাকো বিশেষ ভাৱে কোৱা নাছিলো।" শাহুৰেকৰ  কথা শুনি বোৱাৰীয়েক একেবাৰে হতভংগ হোৱাৰ  নিচিনা হল। । তেওঁ বিশেষ কথা নকৈ অফিচ দেৰী হোৱা বুলি ঘপকে ওলাই গ'ল । বোৱাৰীয়েক ওলাই যোৱাৰ পিছত মাকে অলপ দেৰি লৈকে মোৰ লগত কেনেকৈ আগবাঢ়িব সেই বিষয়ে কথা পাতিলে , তেওঁ ক'লে যে সোনকালে ,সৰু পুতেকৰ( বেঙ্কত কাম কৰা মহিলা গৰাকীৰ  গিৰিয়েক) লগত কথা পাতি, গোটেই প্ৰক্ৰিয়া যিমান সোনকালে পাৰে আগবাঢ়িব লাগিব।
       আমাৰ বৃদ্ধাশ্ৰমত কথাটো কোৱাত উৎপল হতে  যেন ডাঙৰ Relief পালে। তেওঁলোকৰ  সপোনৰ বৃদ্ধাআশ্ৰমে স্হায়ী ঠিকনা পাব। মই মানুহ গৰাকীৰ টেলিফোনলৈ আগ্ৰহৰে অপেক্ষা কৰিলো, কাগজ পত্ৰ তৈয়াৰ কৰোতে যথেষ্ট সময় লাগে । এসময়ত মই নিজে কেইবাবাৰো  ফোন কৰিলো, প্ৰথমে কৈছিল "আৰু দুদিনমান সময় লাগিব" পাচলৈ ফোন নধৰাই হ'ল।
       কিন্তু আচল কথাটো কেইমাহ মানৰ পাছত গ'ম পালো। তেখেতৰ  ঘৰ বৃদ্ধাশ্ৰমক দিয়া একো আচঁনি , প্লেন নাছিল। কিন্তু বোৱাৰী গৰাকীয়ে শাহুৱেকক  সম্পত্তি ভাগ বতৰা কৰিবলৈ প্ৰায়ে জোৰ দি থাকে। , বোৱাৰীকে বয়সীয়া মানুহ গৰাকীক জ্বলা ক'লা দেখুৱাইছিল ।
     এটা সময়ত সৰু  পুতেকে /বোৱাৰিয়েকে  গোটেই সম্পত্তি পাব কাৰণ ডাঙৰ পুতেকে একো সম্পত্তি নালাগে বুলি ইতিমধ্যে কৈছে। তেওঁৰ ওচৰতে ডাঙৰ ফ্লেট আছে। কিন্তু সৰু বোৱাৰীয়েকে সম্পত্তি বিচাৰি বুঢ়ীক খুব মনোকষ্ট দিয়ে সেইবাবে বোৱাৰীয়েকক অলপ ভয়  খুৱাবলৈ বৃদ্ধাশ্ৰমক দিম বুলি এনেই কৈছিল।
      ঘৰটো বৃদ্ধাশ্ৰমক দিম বুলি কোৱাৰ দিনৰ পৰা বোৱাৰীয়েকৰ অৱস্হা কাহিল হ'ল , যথেষ্ট ভয় সোমাল। এতিয়া সম্পত্তি ভাগ কৰাৰ কথা কেতিয়াও নুলিয়াই । বোৱাৰীয়েকৰ শাহুৰ প্ৰতি ব্যৱহাৰো নম্ৰ হ'ল।
       বুজিলো- আদহীয়া বুঢ়ীয়ে কি বুদ্ধিৰে বোৱাৰিয়েকক শাসন, সৈমান কৰিলে।  তেওৰ ৰণকৌশল মানিব লগীয়া  অৱশ্যে তেওঁলোকৰ মাজৰ যুদ্ধত casuality মইহে হ'লো। মই তেখেতক বিশ্বাস কৰিছিলো। সত্তৰ /পয়সত্তৰ বুঢ়ীয়ে ইমান ধুনীয়াকৈ ফাঁকি কব পাৰিলনে , ইমান বুধিয়ক হ'ব পাৰিলেনে । সেইবাবে, মই  ভাবিবলো  বাধ্য হৈছো যে  বয়সীয়াল  মানুহ , যাক দেখিলেই ভাল লাগে , অন্তৰৰ পৰা সন্মান আহি যায়,তেওঁলোকে প্ৰয়োজন হ'লে আমাতকৈ বেছি টেঙৰ আৰু মিছলীয়া হ'ব পাৰে।

Friday, 18 June 2021

চোকৰা কোন?

চোকৰা
******
       হেমন্ত ভট্টাচাৰ্য্য, গুৱাহাটী
জন্ম কুন্ডলীৰ কোন কোন স্থানত কি কি গ্ৰহই অৱস্থান কৰিলে বাৰু এনে সৌভাগ্যশালী হব পাৰে ।

ক্লাছ ফাইভ নে ছিক্সলৈ পঢ়া , ঘৰৰ অৱস্থা তথৈবচ কাৰণে  বেলেগ এখন দেশলৈ আহি মদ আৰু খাদ্য বস্তু বিক্ৰী কৰা দোকানত বাচন ধোৱা হিচাবে নিয়োজিত হ'ল  । গাৰ ছালখন বগা আছিল , কিছু চটবটীয়া আছিল বাবে পাছলৈ চোকৰা হিচাবে নিয়োজিত হ'ল । ( আগতে যাত্ৰা পাৰ্টি বোৰত মূল নাটক আৰম্ভ হোৱাৰ আগতে  এপাল ছোৱালীয়ে জাক পাতি  নাচিছিল । তাকে নৃত্য নাটিকা বুলি কৈছিল । নৃত্য নাটিকাত নচা ছোৱালী বোৰক নলবৰীয়া মানুহে চোকৰা বুলি  কৈছিল। )

চোকৰা হৈয়েই তেওঁৰ জীৱন চাকৰি ঘুৰি গল । বেলেগ এখন দেশৰ ৰাজকুমাৰৰ লগত লাইন মাৰি বিয়া হৈ গ'ল ।

আৰু এতিয়া তেৱেঁই বিশ্বৰ বিশাল গণতান্ত্ৰিক দেশ খনৰ হৰ্তা কৰ্তা বিধাতা । বিশ্বৰ চতুৰ্থ ধনী ৰাজনীতিক।

সৌৰ জগতত যিমান ভাল ভাল গ্ৰহ আছে সকলো তেওঁৰ জন্ম কুন্ডলীৰ নিৰ্দিষ্ট স্থানত অৱস্থান নকৰা হ'লে জানোঁ এইয়া সম্ভৱ।  নিজৰ ঘৰত থকা হলেতো  এতিয়া মানে পৰৰ ঘৰত ঘৰ সাৰি , বাচন ধুই পেটৰ ভাত কেইটা মোকোলাব  লাগিল হেতেঁন । 

হে ঈশ্বৰ , তুমি সকলো দেখিছা ।

Wednesday, 16 June 2021

কাৰ্বি সকলৰ লাংটুক থেপি

লাংটুক থেপি 
=========
   বলীন দেউৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক
কাৰ্বি সকলৰ বীৰ থং টেৰণ ওৰফে থং নকবেৰ স্মৃতি বিজড়িত এইখন লংটুকথেপি গাওঁ ৷ আজিৰ পৰা দুই তিনিবছৰ আগলৈকে দুৰ্গম আছিল ৷ এতিয়া পকী ৰাস্তা৷ হামৰেণৰ পৰা ৪৫ মিনিটৰ বাট ৷ মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত ৷ একেবাৰে সহজ সৰল মানুহ ৷ চাৰিওপিনে সেউজীয়া গছবন আৰু ঝুম খেতি ৷ নিৰ্জন-নিৰিবিল ৷ প্ৰকৃতিৰ ৰম্যভূমি ৷
  থং নক্‌বেৰ ভনীয়েক বোলে এইখন গাৱলৈ বিয়া হৈছিল ৷ তাই ঢুকোৱাৰ পিছত থং নক্‌বেই তাইৰ দহা ইয়াতেই পাতিছিল ৷ দহা মানে চমাংকান ৷ কিন্তু চমাংকান মানে দহ দিনত পতা দহা নহয় ৷ জনজাতি মানুহৰ দহা বহু বছৰৰ পিছতহে পাতে ৷ উত্তৰ পূৱৰ মংগোলীয়মূলৰ লোক সকলৰ মাজত বয়োজ্যেষ্ঠ আৰু মৃত পুৰ্ব্বপুৰুষক সন্মান দিয়াৰ  এটি পুৰণি পৰম্পৰা আছে ৷ মৃত্যু হ’লেই দহ দিনত দহা পাতি আহৰি হোৱাৰ নিয়ম নাছিল ৷ এনে কৰাটো অসন্মান আৰু অকৃতজ্ঞতাৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল ৷ সেয়ে মৃত্যুৰ  পিছত ততাতৈয়াকৈ দহা পাতিলে গৃহস্থৰ ঘৰত অমংগল হয় বুলি বিশ্বাস কৰিছিল ৷ মৃতকক সকলোতকৈ বেছি সন্মান যচা জাতিটোৱেই হ’ল কাৰ্বি ৷ কাৰ্বিসকলে মৰাৰ আগতে মানুহ বাহিৰলৈ নুলিয়াই ৷ বৰঞ্চ ঘৰৰ ভিতৰত ৰাখি তিনিদিন তিনি ৰাতি নিয়ম নীতি কৰে ৷ চাৰ্হেপী আহে ৷ অবুজ ভাষাৰে মন্ত্ৰ আওঁৰায়, গীত গায় ৷ মৃতজনৰ গুণগৰিমা বখানে ৷ এই অবুজ ভাষাৰ বিননিৰে মৃতজনৰ আত্মাক চম্পী নদী (বৈতৰণী নদী) পাৰ কৰি দিয়ে ৷ কিন্তু ইয়াতে শেষ নহয়৷ বহু বছৰৰ মূৰত চমাংকান পাতে ৷ তেওঁলোকক আকৌ জীয়াই তুলে ৷ শ্মশানৰ পৰা কাপোৰেৰে বান্ধি পিঠিত কেচুৱাক লৈ অনাৰ দৰে লৈ আনে ৷ তেওঁলোকৰ পুতলা সাজি স্থাপন কৰে ৷ তাৰ পিছত তিনিদিন তিনিৰাতি তেওঁলোকৰ সন্মানত নাচ-গান কৰে ৷ দেৱদাসীৰ নৃত্য এক প্ৰকাৰৰ দেৱতাৰ পূজা আছিল ৷ "ডাঙৰ মানুহ"ক আজিও গীত নৃত্যৰে আদৰা হয় ৷ বিহুৱা দলে নাচি নাচি "ডাঙৰ মানুহ"ক আদৰি আনে ৷  এইদৰে এইবোৰ পৰম্পৰা সৃষ্টি হৈছে ৷ দেউৰীৰ বিহু, নগাৰ আওলিং আৰু কাৰ্বিৰ চমাংকানত এইবোৰ পৰম্পৰা আজিও জীয়াই আছে ৷ 
  কিছুলোকে এই স্থানক “থং নকবে আলংথু” অৰ্থাৎ থং নকবেৰ চৌকা বুলি কয় ৷ তেওঁলোকৰ মতে ভনীয়েকৰ চমাংকানত থং নকবেই ইয়াত চৌকা সাজিছিল ৷ ইয়াত তিনিটা শিলাখণ্ড দেখা গৈছে ৷ এই তিনিটা শিলাখণ্ড বোলে একেলগে আছিল ৷ কিছুলোকে কয় যে অকলশৰীয়াকৈ থকা শিলাখণ্ডটো বোলে থং নকবেই অকলশৰে চমাংকানৰ ঠাইলৈ বহিবলৈ উঠাই লৈ আনিছিল ৷ সেয়ে এই বৃহৎ শিলচতা একলশৰে আছে আছে ৷ 
 ছবিত দেখা গাঁতটো চমাংকানৰ লগত জড়িত ৷ চমাংকানত সাধাৰণতে জম্বিলী আথন ব্যৱহাৰ কৰে ৷ কিন্তু সকলোৱে জাম্বিলী আথন ব্যৱহাৰ কৰিব নোৱাৰে৷ জাম্বিলী আথন ব্যৱহাৰ কৰিব নোৱাৰা সকলে এটা ডাঙৰ গাঁত খান্দে ৷ ইযাক কোৱা হয় "লাংটুক থেপি" ৷ লংটুক মানে গাঁত আৰু থেপি মানে ডাঙৰ বা বৃহৎ।  ইয়াৰ পৰাই গাওঁখনৰ নাম হৈছে ৷ থং নক্‌বে আৰু ভনীয়েকৰ স্মৃতি বিজড়িত এখন গাওঁ ৷ বহু যুগ পৰিত্যক্ত হৈ থকাৰ পিছত এতিয়া সংৰক্ষণৰ ব্যৱস্থা কৰা দেখি মনটো ভাল লাগিল ৷

Monday, 14 June 2021

বৈঠালাংচৰ- ট্ৰেজেডি চেলেং আথেপাই

বৈঠালাংচৰ ট্ৰেজেডি-চেলেং আথেপাই
লেখক- বলীন দেউৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক

বৈঠালাংছ’ৰ আমট্ৰেং অঞ্চলত অৱস্থিত ৷
সেই ওখ টিঙৰ পৰাই তললৈ জাপ দি একেলগে বহুলোক আত্মহত্যা কৰিছিল, যাক ইংৰাজীত mass suicide বুলি কোৱা হয়। এই পাহাৰটোৰ নাম চেলেং আথেপাই। চেলেং হৈছে ঠাইৰ নাম আৰু আথেপাই মানে ঠিয় গড়া ৷ কাৰ্বি লোক-কথাৰ লগত জড়িত এটি উপেক্ষিত স্থান। এটি শিলাময় পাহাৰ। ঠিয় শিলাখণ্ডবোৰ যে দেখিছে, তাৰ বহু তলত বৰপানী নদী । সেই টিঙৰ পৰাই তললৈ জাপ দি জিৰচঙৰ ডেকা গাভৰুৱে আত্মহত্যা কৰিছিল ৷ জিৰচং মানে ডেকা চাং৷ এই জিৰচঙৰ কতৃত্ব আছিল গাঁওবুঢ়াৰ হাতত ৷ আমাৰ পাইকসকলক ৰজাই কাম কৰিবলৈ লগোৱাৰ দৰে গাওঁবুঢ়াই জিৰচঙৰ ডেকাগাভৰু সকলক নানান কামত লগাইছিল। তেওঁলোক আনকি গা ধুবলৈ সময় পোৱা নাছিল ৷ জনজাতি সমাজত ব্যক্তিৰ ওপৰত সমাজৰ কতৃত্ব আছিল চুড়ান্ত ৷ সমাজৰ এই কতৃত্ব গাওঁবুঢ়াৰ হাতত অৰ্পিত আছিল ৷ গতিকে গাঁওবুঢ়া আছিল সৰ্বময় কৰ্তা ৷ তাৰ মানে Sovereign authority. এই গৰাকী আছিল অত্যাচাৰী গাওঁবুঢ়া ৷ জিৰচঙৰ ডেকা গাভৰুৱে আনকি ভৰি ধুবলৈও সময় পোৱা নাছিল ৷ কোৱা হয় যে তেওঁলোকৰ ভৰিত লাগি থকা মাটিত বোলে ধান গজি গৈছিল ৷ জিৰচঙত ডেকা গাভৰুৱে তিনিবছৰ থকাটো নিয়ম আছিল ৷ কিন্তু অত্যাচাৰী গাওঁবুঢ়াই তিনিবছৰ কাল পাৰ হৈ যোৱাৰ পিছতো তেওঁলোকক এৰি দিয়া নাছিল ৷ ডেকাসকলৰ দাঢ়ি-চুলি দীঘল হৈ ভোবোকাৰ হৈ পৰিছিল ৷ এই অত্যাচাৰৰ পৰা নিষ্ঠাৰ পোৱাৰ কোনো আশা নেদেখি তেওঁলোকে এদিন এই দুখজনক সিদ্ধান্তটো ল’লে ৷ সুউচ্চ টিঙৰ ওপৰলৈ গৈ শাৰী পাতি একেডাল ৰচীৰে সকলোৰে গা মেৰিয়াই লৈ এজনৰ পিছত এজনকৈ তললৈ জাপ দিলে ৷ কিন্তু একেবাৰে শেষৰ জনে তললৈ জাপ নামাৰিলে ৷ তেওঁ নিজৰ গাৰ ৰচীডাল কাটি নিজকে ৰক্ষা কৰিলে ৷ তেতিয়াৰ পৰাই বোলে জিৰচঙত তিনিবছৰতকৈ বেছিদিন থকাটো নিষিদ্ধ কৰা হ’ল ৷ এয়া আছিল এটা প্ৰতিবাদ - অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহ ৷ পাইক সকলক যেনিবা মোৱামৰীয়া গুৰুসকলে নেতৃত্ব দিলে ৷ জিৰচঙৰ ডেকাগাভৰুক নেতৃত্ব দিয়া মানুহ নাছিল ৷ গতিকে আত্মহনন কৰিলে ৷
এই পাহাৰৰ তলতেই আছে কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ ষ্টেচনটো।

Sunday, 13 June 2021

ৰামৰাজ্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ

ৰামৰাজ্য আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ
সদিচ্ছা থাকিলে চৰকাৰ এখনে সকলো কামেই সম্ভৱ কৰিব পাৰে। অসমবাসীৰ বহু জল্পনা কল্পনাৰ অন্তত হিমন্ত দা অসমৰ মুখ্যমন্ত্ৰী হ'ল আৰু মুখ্যমন্ত্ৰী হৈয়েই অসমৰ সমাজ জীৱনৰ বৰবিহ মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিলে। এই শুভ কামটোৰ শুভাৰম্ভণি কৰিলে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (IPS) আনন্দ মিশ্ৰই। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আনন্দ মিশ্ৰই এই শুভ কামটো আৰম্ভ নকৰা হ'লে কিজানি বিষয়টো চৰকাৰৰ অগোচৰেই থাকি গলহেঁতেন। কিয়নো বহুত চৰকাৰ আহিল আৰু গ'ল, অসমৰ বহু সম্ভাৱনা পূৰ্ণ যুৱক যুৱতীৰ জীৱন আৰু ভৱিষ্যত মাদক দ্ৰব্যৰ প্ৰচলনে ধ্বংস কৰিলে কিন্তু আজিৰ নিচিনাকৈ চৰকাৰ তৎপৰ হোৱা নাছিল। ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আনন্দ মিশ্ৰই আৰম্ভ কৰা কামটোৰ প্ৰতি হিমন্ত দাৰ চৰকাৰে পূৰ্ণ সঁহাৰি আৰু সমৰ্থন আগবঢ়াইছে। এনে কামত চৰকাৰৰ সদিচ্ছাই অদূৰ ভৱিষ্যতে অসমীয়া নৱ প্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা নিশ্চিত ভাবে ৰক্ষা কৰিব। 

বহুতে প্ৰশ্ন উত্থাপন কৰিছে আগৰ চৰকাৰ আৰু চৰকাৰৰ প্ৰশাসনে মাদক দ্ৰব্যৰ বিৰুদ্ধে আজিৰ নিচিনাকৈ কিয় অভিযান চলোৱা নাছিল? জনসাধাৰণৰ মাজত এনে প্ৰশ্নই ক্ৰিয়া কৰাটো নিতান্তই স্বাভাৱিক। প্ৰশাসন পৰিচালিত হয় চৰকাৰ নিৰ্দেশত। কিন্তু চৰকাৰক সমাজখন কেনেদৰে চলি আছে সেই সকলো তথ্য যোগান ধৰে প্ৰশাসন যন্ত্ৰই। প্ৰশাসন যন্ত্ৰটো পৰিচালনা কৰে আমোলা, বিষয়া আৰু কৰ্মচাৰীয়ে। আমোলাতন্ত্ৰৰ স্বাভাৱিক প্ৰৱনতা হ'ল যিকোনো উপায়েৰে তেওঁলোকৰ ব্যক্তিগত লাভালাভ হোৱাকৈ স্থিতাৱস্থা বাহাল ৰখা। ভাৰতীয় আমোলাতন্ত্ৰৰ নাই কমেও ৮০% বিষয়া কৰ্মচাৰীৰে সেৱাৰ মনোভাৱ নাই। সোঁৱে বাৱে টকা কমনি কৰি নিজৰ পৰিয়ালক নাই কমেও তিনি পুৰুষলৈকে অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰাই তেওঁলোকৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য।

জিলাৰ মুৰব্বী জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক। তেওঁলোক দুয়োজনেই তেওঁলোকৰ সংশ্লিষ্ট জিলাত কত কি দুৰ্নীতি সংঘটিত হৈছে, অপৰাধ চলিছে, চিণ্ডিকেট চলিছে সকলো তলা নলা গম পায় থাকে।  অসামৰিক প্ৰশাসনৰ সকলো বিভাগৰ বিভাগীয় মুৰব্বী সকলেও তেওঁলোকৰ সংশ্লিষ্ট বিভাগত কোন বিষয়া কৰ্মচাৰীয়ে কিমান দুৰ্নীতি সুনীতি সংঘটিত কৰিছে সকলো কথা গম পায়। তেনেদৰে আৰক্ষী বিভাগৰ প্ৰত্যেক থানাৰ অচি সকলেও তেওঁলোকৰ থানা এলেকাত কোন গাঁৱৰ কোন চুবাত কি অপৰাধমূলক কাম চলি আছে সকলো কথা গম পায়। কিন্তু সমাজৰ যিকোনো স্তৰত সংঘটিত অপৰাধ মূলক কাম নিবাৰণৰ বাবে প্ৰশাসনৰ প্ৰতিক্ৰিয়া হিমন্তদাৰ চৰকাৰৰ দিনত যেনেকুৱা ধৰণে চলি আছে এনেধৰণৰ প্ৰতিক্ৰিয়া অসমবাসীয়ে কেতিয়াও দেখাও নাছিল শুনাও নাছিল। গতিকে এইখন চৰকাৰৰ পৰা অসমবাসীয়ে সুশাসনেই নহয় অসম ৰামৰাজ্য হোৱাৰেই আশা কৰিব পাৰি।

Thursday, 10 June 2021

অভিশপ্ত গৱেষণাগাৰ- সত্য কাহিনী

অভিশপ্ত গৱেষণাগাৰ
                  অৰুণাভ খাউণ্ড
বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞানৰ পুৰণি চৌহদটোৰ কাষেৰে পাৰ হৈ গ’লে সেই বীভৎস নিশাটোৰ কথা মনত পৰি মোৰ গাটো আজিও শিয়ৰি উঠে৷নব্বৈৰ দশকৰে কথা৷ তেতিয়া মই ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ মহলৰ ছাত্ৰ৷বন্ধু বিভূতিৰ সৈতে বিশ্ববিদ্যালয়ৰে নাতিদুৰৈৰ ভাড়াঘৰ এটাত মেছ কৰি থাকো৷ আজি মই ক’বলৈ ওলোৱা সেই ঘটনাটো দেৱালীৰ সময়ৰ৷শুক্ৰবাৰে দেৱালী, শণিবাৰে স্থানীয় বন্ধ, পিছদিনা দেওঁবাৰ৷ একেলেথাৰিয়ে তিনিদিনৰ ছুটি৷ পিছে বিভূতিৰে মোৰে গৱেষণাৰ ভালেমান কাম বাকী আছিল৷ সেয়ে আমি বুধবাৰে গোটেই নিশাটো গৱেষণাগাৰত কাম কৰি বৃহস্পতিবাৰে পুৱাই বাছেৰে ঘৰলৈ যোৱাটোকে ঠিৰাং কৰিলো৷ মুৰব্বী অধ্যাপক হাজৰিকা ছাৰেও আমাৰ প্ৰস্তাৱটোত কোনোধৰণৰ আপত্তি নকৰাকৈয়েই মানি লৈ চকীদাৰ ভোগী দাক ঘৰলৈ উভতি যাওঁতে আমাৰ ভাড়াঘৰত চাবিটো দি যাবলৈ ক’লে৷ ছাৰৰ কথাত ভোগী দাই প্ৰথমে অলপ থেৰোগেৰো কৰিছিল৷ছাৰে ভোগী কিবা অসুবিধা হ’ব নেকি বুলি সোধাত পিছে তেওঁ তেনেকৈ একো নকলে৷ গধূলি ভোগী দাই আমাৰ ভাড়াঘৰত চাবিটো গতাই দি তোমালোকে কামখিনি অলপ সাৱধানে কৰিবা আৰু কিবা অসুবিধা হ’লে ওচৰৰে কোৱাৰ্টাৰৰ দাস কেৰাণীক ক’বা বুলি আমাৰ পৰা বিদায় ল’লে৷ গধূলি আঠমান বজাত ভাতকেইটা খাই বিভূতি আৰু মই ৰসায়ন বিজ্ঞান বিভাগলৈ ওলালো৷ বাহিৰত তেতিয়া কিনকিনকৈ এজাক ছাগলী খেদা বৰষুণ দি আছিল৷ মই দৰ্জাখন মাৰি বিভূতিক ৰিঙিয়ালো,"ঐ দোস্ত ছাটিটো লৈ ল’বি"৷
       নৱেম্বৰ মাহ৷পাতল বৰষুণজাকে ঠাণ্ডাটো অলপ বঢ়াইছেও৷ মই মাৰফলাৰখন কাণে-মূৰে মাৰি ল’লো৷ঠাণ্ডা সোমাই পানী লগা জ্বৰ হ’লে ঘৰলৈ যোৱা মুদা মৰিব৷ ষ্ট্ৰীট লাইটৰ পোহৰেৰে উদ্ভাষিত বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক আৰু আবাসিক এলেকা পাৰ হৈ আমি আমাৰ বিভাগটোত উপস্থিত হ’লোহি৷আমাৰ বিভাগটো কিছু আওঁহতীয়া, বিশ্ববিদ্যালয়ৰ একেবাৰে আনটো মুৰত, আবাসিক এলেকাৰ পাৰ হৈ, কোনোধৰণৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই৷ প্ৰচণ্ড আন্ধাৰত অকলশৰীয়াকৈ ঠিয় হৈ থকা দুমহলীয়া পুৰণি ৰসায়ন বিজ্ঞানৰ বিভাগটো সেইদিনা মোৰ কিছু আচহুৱা যেন লাগিছিল৷ আমাৰ গৱেষণাগাৰটো দুমহলাৰ ওপৰত৷ তিনিবেটেৰীয়া টৰ্চলাইটো জ্বলাই মই বিভূতিক বিভাগৰ গেটখন খুলিবলৈ ক’লো৷ হঠাৎ মোৰ এনে লাগিল যেন মোক ওপৰৰ গৱেষণাগাৰৰ খিৰিকীখনৰে কোনোবাই চাই আছে, এক অজান আশংকাত মোৰ গাটো শিয়ৰি উঠিল৷ মনৰ ভ্ৰম বুলি নিজকে বুজাই বিভূতিৰ সৈতে চিৰি বগাই গৱেষণাগাৰৰ ভিতৰত সোমালো৷ কোঠাৰ লাইট কেইটা জ্বলাই মই মোৰ গৱেষণাৰ সৈতে জড়িত ব্যৱহাৰিক কামখিনি কৰিবলৈ আৰম্ভ কৰিলো৷ প্ৰায় আধাঘন্টামান পাৰ হৈ গ’ল শ্বেলফৰ বাৰ্ণাৰ কেইটাত বিভূতিয়েও কিবা কিবি চেম্পল গৰম কৰি আছে৷ হঠাৎ ভমকৈ হোৱা শব্দ এটা আৰু বিভূতিৰ চিঞৰত মই উচপ খাই পিছলৈ ঘুৰি চালো৷ বিভূতিৰ হাতৰ টেষ্ট টিউৱটোত জুই লাগিছিল৷ সি উচপ খাই টেষ্ট টিউৱটো মজিয়ালৈ দলিয়াই দিলে৷খটংকৈ শব্দ এটা হৈ টেষ্টটিউৱৰ চেম্পলখিনি মাটিত বাগৰি পৰিল৷গোটেই কোঠাটোৰ বতাহত পোৰাপোৰা গোন্ধ৷ মই দৌৰি গৈ বিভূতিৰ ওচৰ পালো, "ঐ বিভূতি, টেষ্ট টিউবত কেনেকৈ জুই লাগিল৷" "জানো পাই মইচোন প্ৰট’কল মতেই কৰিছিলো৷ চেম্পলত ছ’ডিয়াম এছিটেট আৰু পটেছিয়াম হাইড্ৰক্সাইড দি হে গৰম কৰিছিলো৷ কেনেকৈ বা জুই লাগিল৷একো উৱাদিহেই নাপালো৷ " অলপ নাৰ্ভাছ যেন হৈ বিভূতিয়ে ক’লে৷ "তই চাগৈ ছ’ডিয়াম হাইড্ৰক্সাইড বুলি ইথানল দি গৰম কৰি দিলি৷ ন’হলে কেনেকৈ নো জুই লাগিব৷ হ’ব দে অলপ সাৱধানে কৰ৷ গোটেই ৰাতিটো পৰি আছে৷ বৰ লৰালৰি নকৰিবি৷" "জানো পাই মোৰ ছেলফট চোন ইথানল নায়েই৷ হ’ব দে টেষ্টটো আকৌ ৰিপিট কৰো৷ " বিভূতিৰ কাষৰ পৰা আতৰি আহি মই ছাক্সলেট এপাৰেটাছটো চলাই দিলো৷ প্ৰায় পোন্ধৰমিনিটমান পাৰ হৈছিল৷ হঠাৎ কোঠাৰ লাইট কেইটা বাৰে-বাৰে ধিপধিপাবলৈ আৰম্ভ কৰিলে৷সিফালৰ পৰা বিভূতিয়ে চিঞৰিলে, " ঐ দোস্ত লাইট কেইটাৰ আকৌ কি হ’ল৷ "ভল্টেজৰ প্ৰৱলেম হ’বলা৷সোনকালে কাম শেষ কৰিম বুলি আহিছিলো৷ এতিয়া আকৌ কাৰেন্ট ন’গলেই হ’ল৷ " মই ভোৰভোৰালো৷ মোৰ কথা প্ৰায় শেষ ন’হলেই খিটিককৈ শব্দ কৰি লাইটকেইটা নুমাই থাকিল৷ "ধেৎ চাল্লা, এইটোহে হ’বলৈ বাকী আছিল৷ তয়ো মানে মানুহটো মানে একদম কুফা৷ কাৰেন্ট যোৱাৰ কথা কৈছিলি হে৷সঁচাসঁচিকৈয়ে গ’ল বাপ্পেকে৷ "বিভূতিৰ কথাত মোৰ পেটে পেটে হাঁহি উঠিল,"হ’ব দে, এতিয়া আৰু কি কৰিবি অলপ সময় ৰৈ দিও৷বেছি দেৰি হ’লে ৰূমলৈ গুচি যাম৷ "টৰ্চটো জ্বলাই হাতঘড়ীটো চালো৷ নিশা প্ৰায় দহ বাজিছে৷ এইবাৰ কাৰেন্টৰ অপেক্ষাত টুল এখনতে বহি মই পৰ দিবলৈ ধৰিলো৷কিমান সময় জানো পাৰ হৈ গ’ল৷ হঠাৎ ম’হৰ কামোৰণিত খকমককৈ সাৰ পাই গ’লো৷ হয়তো বহি থাকোতেই চকু লাগিছিল৷মোৰ কাষৰে টুল এখনত বহি বিভূতিয়ে নাক বজাই আছিল৷ "এই বিভূতি,বিভূতি" মই বিভূতিক হেচুকি জগাই দিলো৷ "চাল্লা বহি বহিয়েই টোপনি গুচি গ’লো৷" দীঘলকৈ এঙামুৰি এটা দি বিভূতিয়ে ক’লে৷তেতিয়ালৈকে কাৰেণ্ট অহাই নাছিল৷ টৰ্ছ লাইটটো জ্বলাই আকৌ হাতঘড়ীটো চালো৷১ বাজি ৪৫ মিনিট৷ বাহিৰত তেতিয়া মূষূলধাৰে বৰষুণ দি আছিল৷ মাজে-মাজে প্ৰচণ্ড ধেৰেকণি আৰু চকু চাত মাৰি যোৱা বিজুলী৷ "দোস্ত এতিয়া আৰু ৰূম যোৱা ন’হব৷ এইজাক বৰষুণৰ পৰা ছাতিটোৱে বচাব নোৱাৰে৷ৰাতিটো এনেকৈয়ে কটাব লাগিব৷একো কামো ন’হল৷ আজি নহা হ’লেই ভাল আছিল" "হুমম ঠিকেই কৈছ৷এনেই মিছা-মিছিকৈ কষ্টখন কৰিলো৷ বিভূতিয়ে ক’লে৷তেনেতে দুৰৈৰ পৰা কুকুৰৰ কান্দোন ভাহি আহিল৷ মাতটো কিবা আচহুৱা যেন কিবা দেখি ভয়হে খাইছে৷দিনটো মানুহেৰে গিজগিজাই থকা আমাৰ বিভাগটোৰ ৰাতিৰ এই নিজান পৰিবেশটো মোৰ প্ৰথমৰ পৰাই কিবা হজম হোৱা নাছিল৷ তাতে এই মাজনিশাখন কুকুৰৰ কান্দোন শুনি মোৰ সামান্য ভয়ো লাগিল৷ "ঐ বিভূতি প্ৰফেচৰ কলনিৰ ফালে কুকুৰকেইটাই ইমান বেয়াকৈ কান্দিছে৷ মোৰ কিবা ভয়হে লাগিছে৷কিবা বেয়া বস্তু দেখা নাইতো৷ "হেই এইটো৷এই ৰাতিখন কিনো অমংগলীয়া কথাবোৰ কৈ থাক৷"বিভূতিয়ে ভেকাহি মাৰি ক’লে৷ বিভূতিৰ ভয়টো মোতকৈও বেছি৷সি ভয় খাব বুলি মই বিশেষ একো নকলো৷ বিভূতিয়ে বতৰটোৰ আলেখলেখ চাই খিৰিকীৰ কাষত ৰৈ আছিল৷ হঠাৎ সি মোক চিঞৰিলে,"ঐ এইফালে চাচোন৷গেটৰ বাহিৰত কোনোবা এটা ৰৈ আছে৷ চোৰ তোৰ নহয়তো৷ মই টৰ্চটো মাৰি বাহিৰলৈ জুমি চালো," ক’তা একোৱেই নাইচোন৷তোৰ কিবা ভ্ৰম হ’ল চাগৈ৷ " হঠাৎ তলৰ চিৰিটোৰ পৰা কাৰোবাৰ খোজৰ শব্দ ভাহি আহিল৷ মই কিবা কোৱাৰ আগেয়ে বিভূতিয়ে মোক মনেমনে থাকিবলৈ ইংগিত দিলে৷ আমাৰ কোঠাৰ ওচৰ পায়  শব্দটো পুনৰ নাইকিয়া হৈ গ’ল৷ অন্ধকাৰ চৌহদটো এইবাৰ পুনৰ নিৰবতাত বুৰ গ’ল৷ "ঐ সেইটো কি আছিল৷বিভূতিয়ে চেপা মাতেৰে শুধিলে৷ "মোৰো ইতিমধ্যেই ভয় লাগিবলৈ আৰম্ভ কৰিছিল৷ মই মাত্ৰ লাহেকৈ মুৰটো জোকাৰি সেপধুকিলো৷ কিবা পোৰা-পোৰা গোন্ধ এটাৰে ৰূমটো ভৰি পৰিল৷ বিভূতিয়েও নাকত ৰূমাল ল’লে৷ "ঐ সেইফালে সেইটো কি? "বিভূতিয়ে আতংক মিহলি কন্ঠেৰে শুধিলে৷ বিভূতিয়ে আঙুলিৱো দিশত মই টৰ্চটো মাৰি দিলো৷ টৰ্চৰ পোহৰত মই যিটোহে বীভৎস দৃশ্য দেখিলো সেয়া মই হয়তো জীৱনৰ শেষ মূহূৰ্তলৈকে নাপাহৰো৷ খিৰিকীৰ কাষৰ বাৰ্ণাৰটোৰ কাষত ঠিয় হৈ ৰৈ আছিল এজন অগ্নিদগ্ধ যুৱক৷ যুৱকৰ গোটেই শৰীৰত জুয়ে পোৰা দাগ আৰু মুখমণ্ডলত অৰ্দ্ধগলিত মঙহ৷ যুৱকে আমাৰ ফালে চাই এটা কুটিল হাঁহি মাৰিলে৷ প্ৰায় আধামিনিটমানৰ বাবে মই কিংকৰ্তব্যবিমূঢ় হৈ পৰিলো৷ "ঐ এইটো কোনো মানুহ নহয়,পলা৷ " বিভূতিৰ আৰ্তনাদ শুনি মই যেন জ্ঞান হে ঘুৰাই পালো৷ আগপিছ নুগুনি ময়ো বিভূতিৰ পিছে-পিছে দৌৰিবলৈ ধৰিলো৷ গৱেষণাগাৰৰ দুৱাৰখনলৈ এশ মিটাৰ মান থাকোতেই হঠাৎ মই আন্ধাৰে-মুন্ধাৰে কিহবাত উজুটি মাৰি হামখুৰি খাই পৰিলো৷ উঠিবলৈ লৈয়ো প্ৰচণ্ড বিষত কেকাই উঠিলো৷হয়তো ভৰিখন ভাগিল৷ ইতিমধ্যেই বিভূতি দৌৰি চিৰিৰ ওচৰ পাইছিল৷ মোৰ কেকনি শুনি সি পুনৰ আমাৰ গৱেষণাগাৰৰ ফালে দৌৰ দিলে৷ হঠাৎ প্ৰচণ্ড শব্দ কৰি গৱেষণাগাৰৰ দৰ্জাখন বন্ধ হৈ গ’ল৷ বিভূতিয়ে বাহিৰৰ পৰাই চিঞৰি-চিঞৰি দৰ্জাখনত ধকিয়াবলৈ ধৰিলে৷ মই চুচৰি-চুচৰি দৰ্জাখনৰ দিশত আগবাঢ়িলো৷ পৰি থকাৰ পৰাই এবাৰ পিছলৈ ঘুৰি চালো অগ্নিদগ্ধ যুৱকজন মোৰ ফালেই আগবাঢ়ি আহিছে৷ মুখত সেই কুটিল হাঁহিটো আৰু জ্বলন্ত চকুকেইটাত এক অনামী প্ৰতিশোধৰ চাৱনি৷ যুৱকজন মোৰ যিমানেই ওচৰ চাপি আহিছে সিমানেই মোৰ চাৰিওকাষৰ উষ্ণতা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে৷ এইযেন কোনোবাই মোক একুৰা জুইৰ মাজলৈহে ঠেলি দিলে৷ লাহে-লাহে কোঠাটোৰ বায়ুখিনিও গধুৰ হৈ আহিল৷ মঙহ পোৰাৰ দুৰ্গন্ধ,গধুৰ আৰু গৰম বতাহ মোৰ উশাহটো ক্ৰমাৎ চুটি হৈ আহিল৷ মই অনুভৱ কৰিলো এখন কঠোৰ হাতে প্ৰচণ্ড জোৰেৰে মোৰ ডিঙিটো চেপা মাৰি ধৰিছে৷ অক্সিজেনৰ অভাৱত যেন মোৰ হাওঁফাওঁখন ফাটি ওলাই হে আহিব৷ মই বুজি উঠিলো, মোৰ শেষ সময় সমাগত৷ চকুলৈ অন্ধকাৰ নামি আহিল৷ এই যেন মই শৰীৰৰ বন্ধনৰ পৰা মুক্ত হৈ মৃত্যুৰ কোলাত ধলি পৰিম৷ তেনেতে নাতিদূৰৈৰ মছজিদৰ পৰা ফজৰৰ আজানৰ সুৰ ভাহি আহিল৷লাহে-লাহে মোৰ ডিঙিৰ ওপৰত চেপা দি থকা গধুৰ হাতখন আতৰি গ’ল, প্ৰায় একে সময়তেই বিভূতিয়ে বাহিৰৰ পৰা মৰা থেলাত গৱেষণাগাৰৰ দুৱাৰখনো খোল খাই গ’ল৷ এজাক শীতল আৰু সতেজ বতাহ কোঠাটোলৈ সোমাই আহিল৷ বিভূতিয়ে প্ৰায় দৌৰি আহি মোক সাবতি ধৰিলে৷ মই দীঘল-দীঘলকৈ উশাহ লৈ বিভূতিৰ কোলাত ধলি পৰিলো৷
                   মই যেতিয়া চকু মেলো তেতিয়া মই বিশ্ববিদ্যালয়ৰ মেডিকেল ইউনিটৰ বিছনাত৷ কাষত বিভূতি, কেৰাণী দাস দা আৰু হাজৰিকা ছাৰ৷ প্ৰচণ্ড বৰষুণ জাকত তিতি-তিতিয়েই সেইদিনা মোক বিভূতিয়ে দাস দাৰ ঘৰলৈ দাংকোলা কৰি লৈ গৈছিল৷ কিছু সময়ৰ পিছত মেডিকেল ইউনিটৰ কোঠাটোলৈ উচুপি-উচুপি চকীদাৰ ভোগী দা সোমাই আহিল, "বাপু মোক মাফ কৰি দিয়া৷ মোৰ বাবেই তোমাৰ এনেখন অৱস্থা!আচলতে মই কালিয়েই তোমাক কথাটো খুলি ক’ব লাগিছিল৷ "তই এইবোৰ কি কৈছ ভোগী৷"হাজৰিকা ছাৰে প্ৰায় আচৰিত হৈ সুধিলে, "ছাৰ আপোনালোক পঢ়া-শুনা মানুহ৷ হয়তো মোৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান পাব৷ সেয়ে মই কথাবোৰ ইমানদিনে কাকো কোৱা নাছিলো৷ আজিৰ পৰা প্ৰায় বিশ বছৰ মানৰ আগৰ কথা৷ তেতিয়া মই নতুন-নতুনকৈ চাকৰিত যোগদান কৰিছো৷ আমাৰ বিভাগতে ৰজনী বৰা বুলি এটা ল’ৰা আছিল৷ল’ৰাটো কিবা খেয়ালী ধৰণৰ৷ কাৰো লগতে বৰকৈ কথা নাপাতে৷ ৰাতি প্ৰায়ে দেৰিলৈকে গৱেষণাৰ কাম কৰে৷ এদিন ৰাতি গৱেষণাগাৰত জুই লাগিল৷ পিছদিনা পুৱা মই আহি দেখো গৱেষণাগাৰৰ পৰা ধোৱা ওলাই আছে৷ ইতিমধ্যেই গৱেষণাগাৰৰ এটা অংশ বেয়াকৈ জ্বলি গৈছিল আৰু ৰজনীৰ অৰ্দ্ধগলিত মৃতদেহটো দৰ্জাৰ ওচৰত পৰি আছিল৷হয়তো সি শেষমূহূৰ্তত দৌৰি পলাবৰ চেষ্টা কৰিছিল৷ কিন্তু নাবাচিলে৷ তেতিয়া গুজৱ ওলাইছিল যে ৰজনীৰ কোঠাত এখন চুইচাইড নোট উদ্ধাৰ হৈছৈ৷ চুইচাইড নোটত লিখা মতে ৰজনীয়ে একেলেথাৰিয়ে কেইবাটাও চাকৰিৰ বাবে সাক্ষাৎকাৰত বহিও চাকৰি নাপায় ডিপ্ৰেছনত ভুগিছিল৷ চাকৰি নোপোৱাৰ অজুহাতত তাৰ প্ৰেয়সীয়ে হেনো তাক এৰি এমাহমানৰ আগেয়ে চিকিৎসক এজনৰ সৈতে বিয়াত বহিছিল৷ এনেবোৰ কাৰণতেই সেইদিনা ৰজনীয়ে শেষ ৰাতিলৈ গৱেষণাগাৰৰ ভিতৰতে নিজকে জ্বলাই দিছিল৷ পিছে বিশ্ববিদ্যালয়ৰ কতৃপক্ষই ঘটনাটো দুৰ্ঘটনা বুলিয়েই গাপ দিছিল৷ তাৰ পিছত মাজতে এই গৱেষণাগাৰটোতে নাইট ক্লাছো হৈছিল৷ কিন্তু এনে কিছুমান ঘটনাৰ বাবেই কতৃপক্ষই দুমাহমানৰ ভিতৰতে নাইট ক্লাছো বন্ধ কৰি দিলে৷ "কথাখিনি কৈ ভোগী কায়ে এটা দীঘল হুমুনিয়াহ কাঢ়িলে৷ হাজৰিকা ছাৰে সেই বিষয়ে বিশেষ মতামত নিদিলে৷ বিভূতিক মোৰ লগতে থাকিবলৈ কৈ আবেলি পুনৰ আহিম বুলি ছাৰ আৰু দাস দা ওলাই গ’ল৷ আবেলিলৈ বিভূতি আৰু মই মোৰ ম্পৰ্কীয় মামা এজনৰ গাড়ীৰে যোৰহাটৰ আমাৰ ঘৰলৈ ঘুৰি আহিলো৷ মোৰ ভৰিটো ভগা নাছিল কিন্তু বৰ বেয়াকৈয়ে মোছোকা খাইছিল৷ সকলো শাৰীৰিক আৰু মানসিক অৱসাদৰ পৰা মুক্ত হওঁতে মোক প্ৰায় পোন্ধৰ দিন মান লাগিছিল আৰু সেই কেইদিন মই ছুটী লৈ ঘৰতেই আছিলো৷ সেই অভিশপ্ত গৱেষণাগাৰটো এতিয়াও একেদৰেই আছে৷ দিনৰ বেলা তাত প্ৰেক্টিকেলৰ ক্লাছো হ’য়৷কিন্তু মোৰ ঘটনাটোৰ পিছত হয়তো হাজৰিকা ছাৰৰ অনুৰোধত বিভাগীয় কতৃপক্ষই এক প্ৰশাসনিক নিৰ্দেশ যোগে সন্ধিয়া সাত বজাৰ পৰা পুৱা সাত বজালৈ গৱেষণাগাৰটোত যিকোনো ব্যক্তিৰেই প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল৷

শৰ শয্যাত পিতামহ ভীষ্ম আৰু ভগৱান শ্ৰীকৃষ্ণৰ কথোপকথন- ভীষ্মৰ মৃত্যুৰ কাৰণ কি আছিল?

ঈশ্বৰ শ্ৰীকৃষ্ণ আৰু পিতামহ ভীষ্মৰ মাজত কথোপকথন-
কুৰুক্ষেত্ৰ ৰণক্ষেত্ৰৰ মাজ মজিয়াত পিতামহ ভীষ্ম শৰ শয্যাত পৰি আছে৷
মৃত সৈনিকৰ গলিত মাংসৰ দুৰ্গন্ধ,নিশাচৰ মাংসাহাৰী জীৱৰ কৰ্কশ আস্ফালনে পিতামহক ব্যাকুল কৰি তুলিছে৷
বহু মহাবীৰক পৰাজয় কৰা পিতামহ আজি কাম নোহোৱা পচা কাঠৰ দৰে পৰি আছে৷
পিতামহৰ কৌৰৱ পাণ্ডৱলৈ বৰকৈ মনত পৰিছে,
নিজৰ বীৰগাথা সমুহো আজি পিতামহৰ মনত পৰিছে৷
আজি পিতামহ অকলশৰীয়া, পিতামহৰ স্মৃতি ৰৈ গ’ল,মনতে স্মৰণ কৰিলে- 
"কৃষ্ণ"
হঠাৎ নিশাচৰৰ চিঞৰ বন্ধ হ’ল,কুৰুক্ষেত্ৰ ৰণভুমিৰ দুৰ্গন্ধ নোহোৱা হ’ল,এক দিব্য সুগন্ধ পিতামহৰ নাকত লাগিল, এখন কোমল হাত পিতামহৰ কপালত অনুভৱ কৰিলে,পিতামহৰ সকলো দুখ নোহোৱা হৈ গ’ল,
ভীষ্মঃ কেশৱ,তুমি নেকি?
শ্ৰীকৃষ্ণঃ হয়, পিতামহ, মোক মাতিছিলে৷
ভীষ্মঃ হয়,কেশৱ,
শ্ৰীকৃষ্ণঃ পিতামহ, আজি প্ৰথম বাৰলৈ আপোনাক চিন্তাত থকা দেখিছো৷
ভীষ্মঃ কেশৱ, আজি মনলৈ বহুত প্ৰশ্ন আহিছে,কিন্তু উত্তৰহীন মই৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপোনাৰ এই দাস থাকোতে চিন্তা নকৰিব,মোক সোধক মই উত্তৰ দিম৷
ভীষ্মঃ কেশৱ, দাস বুলি কৈ লজ্জিত কিয় কৰা,মইহে তোমাৰ চৰণলৈ আহিছো উত্তৰ বিচাৰি, গতিকে মইহে দাস৷
(শ্ৰীকৃষ্ণই হাঁহিলে৷)
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি এনেকৈ থাকিলে, প্ৰশ্নৰ উত্তৰ জানো পাব,
ভীষ্মঃ কেশৱ, মই পাহৰিছিলোৱেই, কেশৱ মোৰ প্ৰথম প্ৰশ্ন, মোৰ এই দশা এই জীৱনত কিয় হ’ল৷
শ্ৰীকৃষ্ণঃ পিতামহ, ইয়াৰ কাৰণো আপুনিয়েই,
ভীষ্মঃ কেশৱ, মই বুজা নাই৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি কৌৰৱে পাণ্ডৱৰ ওপৰত কৰা অন্যায়ৰ এবাৰো বিৰোধ নকৰিলে।
ভীষ্মঃ কেশৱ, মই হস্তিনাপুৰৰ অদম্য প্ৰহৰীহে মাথো,এই ক্ষেত্ৰত মইতো কোনো দিনে পাছপৰা নাই৷
শ্ৰীকৃষ্ণঃ পিতামহ, নিঃসন্দেহে আপুনি সঠিককৈ কৰ্তব্য পালন কৰিলে,কিন্তু আপোনাৰ এটা ভুল ধাৰণাই কৰ্তব্যৰ ৰূপ ল’লে৷
ভীষ্মঃ কেশৱ, ভুল ধাৰণা? বুজাই কোৱাচোন,
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি অদম্য প্ৰহৰী হয়, লগতে এজন অভিভাৱকো হয়। এই ৰাজ্যৰ ৰজা, প্ৰজা, কৌৰৱ, পাণ্ডৱ সকলোৰে৷
এজন সুচতুৰ প্ৰহৰীয়ে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে যিকোনো প্ৰৰ্যায়লৈ যাব পাৰে, পিতামহ, আপুনি কৌৰৱ পাণ্ডৱে নিচুকণি গীত শুনাৰ বয়সৰ আগতেই জানিছিল,
শুকুণিৰ লেতেৰা উদ্দেশ্যৰ কথা৷
ভীষ্ম: কেশৱ, হয় মই জানিছিলো, কিন্তু মই নিৰুপায় আছিলো, নিৰুপায় জানো ভুল হয়৷
শ্ৰীকৃষ্ণঃ পিতামহ,সকলো বস্তুৰে উপায় আছে,
আপুনি শুকুনিক ৰখাব লাগিছিল, শুকুনিক আপোনাৰ বীৰত্বৰে সৰু ৰাজ্য হ’লেও জয় কৰি দান দিব লাগিছিল, যদি এনেকুৱা কৰিলেহেতেঁন শুকুনিয়ে কৌৰৱ ৰাজ্যকে আক্ৰমণ কৰি জাহ গ’ল হেতেঁন৷
দ্বিতীয়তে, আপুনি ধৃতৰাষ্ট্ৰক আদেশ দিব পাৰিলেহেতেঁন, নহ’লে অনুৰোধেই কৰিব পাৰিলেহেতেঁন শুকুনিক আতঁৰাবলৈ৷
তৃতীয়তে, কৌৰৱ পাণ্ডৱৰ গাখীৰ দাঁত নসৰোতেই আপুনি জানিছিল, কৌৰৱৰ হিংসাৰ কথা৷ পিতামহ হিচাপে তেওঁলোকক আপুনি বুজাব পাৰিলেহেতেঁন, আদেশ দিব পাৰিলেহেতেঁল৷
চতুৰ্থতে, শকুনিৰ গান্ধাৰ ৰাজ্য দখল কৰোতেও কৌৰৱক আপুনি বাধা দিব পাৰিলেহেতেঁন৷
শুকুনিৰ প্ৰতিশোধৰ জুইৰ ফল কুৰুক্ষেত্ৰ,
পঞ্চম, আপুনি পাশা খেল ৰখাব পাৰিলেহেতেঁন, কৌৰৱক আন খেল খেলিবলৈ ক’ব পাৰিলেহেঁতেন, কাৰণ শকুনি পাশা আৰু অন্যায়ৰ খেলত পাৰ্গত বুলি আপুনি জানিছিল।
মই যেতিয়া শান্তি বাৰ্তা লৈ কৌৰৱ সভালৈ গৈছিলো আপুনি সেই প্ৰস্তাৱ স্বীকাৰ কৰিব পাৰিলেহেতঁন,
আপোনাৰ লগত সকলোৱেই সহমত হ’লহেতেঁন,
বাছি থাকিলহেতেঁন দুৰ্যোধন, দুশাসন আৰু শকুনি,
এওঁলোকে অকলে একোৱেই কৰিব নোৱাৰিলেহেতেঁন৷
পিতামহ, আপুনি বহু ক্ষেত্ৰত নীৰৱ দৰ্শক হৈ চাই থাকিল। পিতামহ, জন্মান্ধ ধৃতৰাষ্ট্ৰৰ দুই চকু হৈও আপুনি প্ৰহৰীৰ ভুমিকাত অটল থাকিলেহেতঁন৷
পিতামহ, আপুনি সকলো জানিও অধৰ্মকেই ধৰ্ম মানি সংগ দিলে৷ সেই বচনেই নিৰৰ্থক যি ধৰ্ম বিপক্ষ হয়৷
আপোনাৰ সকলো ভুলেই একোপাত শৰ হৈ আপোনাৰ এই দশা কৰিলে পিতামহ৷
আপোনাৰ দুৰ্বল ভুমিকাই,আপোনাক আজি দুৰ্বল কৰিলে পিতামহ, যেনে কৰ্ম তেনে ফল৷
ভীষ্মঃ কেশৱ,মই বুজিলো, মোৰ ভুল ক’ত হ’ল, কিন্তু তুমি স্বয়ং ঈশ্বৰ, তুমি কিয় কুৰুক্ষেত্ৰ হ’বলৈ দিলা৷
(শ্ৰীকৃষ্ণই পুনৰ হাঁহিলে৷)
শ্ৰীকৃষ্ণঃ পিতামহ, মই যুদ্ধখনত নাছিলোৱেইচোন,
ভীষ্মঃ কেশৱ, তোমাৰ পকোৱা কথা বুজিবলৈ টান,
কেশৱ, বুজাই কোৱাচোন৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপোনাৰ ব্ৰহ্মপ্ৰতিজ্ঞালৈ, গান্ধাৰ আক্ৰমণলৈ, পাণ্ডৱ কৌৰৱৰ মাজত ল’ৰালিৰ সংঘাত, শুকুনিক ৰাজ মন্ত্ৰী সভাত স্থান, ইত্যাদি ইত্যাদি সকলো ঘটনাক্ৰমত মই আছিলো জানো?
ভীষ্মঃ কেশৱ, তেতিয়া তুমি নাছিলা কিন্তু পাচতটো আছিলা, পাছতো পাৰিলাহেতেঁন৷
শ্ৰীকৃষ্ণঃ পিতামহ, আপুনি পাশা খেলৰ কথাই চাওক। যুধিষ্ঠিৰে মোক বচনত বান্ধি পাশালৈ যোৱাৰ বাট বন্ধ কৰিলে, মই এইটো আশাত ৰৈ আছিলো, কোনোবাই মোক মাতক মই পাণ্ডৱক জয়ী কৰাও, নাই কোনেও নামাতিলে, শেষত পাঞ্চালীয়ে মোক আৱাহন কৰিলে,
মই তৎক্ষণাত উপস্থিত হ’লো৷
আপুনিয়েই কওঁক পিতামহ, শকুনিৰ বিপৰীতে মই পাশা খেলিলোহেতেঁন কোন জয়ী হ’লহেতেঁন?
ভীষ্মঃ কেশৱ, সেইটো হয়,তাৰ পাছতো তুমি নিশ্চয় পাৰিলাহেতেঁন৷
শ্ৰীকৃষ্ণঃ পিতামহ, পাণ্ডৱে মোক নোসোধাকৈয়ে সকলো প্ৰতিজ্ঞা কৰিলে৷ যদি মোক সুধিলেহেতেঁন মই আন উপায় নিদিলোহেতেঁন জানো?
তাৰোপৰি, পাণ্ডৱ বনবাসত অতবছৰ আছিল, তেতিয়া দুৰ্যোধন আৰু শকুনিয়ে মিলি নানান ষড়যন্ত্ৰৰে অনিষ্ট কৰিছিল৷ 
পাণ্ডৱে বিৰোধ তেতিয়াও কৰা নাছিল, তথাপিটো বনবাসতো অন্যায়, অপমানৰ সন্মুখীন হ’ল৷
দুৰ্যোধন আৰু শকুনিক আপোনালোক মহাত্মা সকলে ৰখাব পাৰিলেহেতেঁন৷
মইতো সেই সময়ত পাণ্ডৱক সুৰক্ষা দিছিলো, বন্ধু আৰু সমন্ধ হিচাপে এইয়া মোৰ কৰ্তব্য আছিল৷
দুৰ্যোধন আৰু শকুনি আৰু কুৰু কুমাৰ সকলে পাণ্ডৱৰ সৰ্বস্ব কাঢ়ি লৈ, পাণ্ডৱক নিজৰ অধিকাৰৰ বাবে বিদ্ৰোহ কৰিবলৈ সৰুৰে পৰা বিভিন্ন প্ৰক্ৰিয়াৰে উচতাইছিল৷
পাণ্ডৱৰ দুৰ্দশা দলনিৰ পোনাৰ দৰে হৈছিল, ভক্ত আৰু সখা সংকটত থাকিলে ৰক্ষা কৰাতো মোৰ দায়িত্ব পিতামহ৷
ভীষ্মঃ কেশৱ, তুমি থিকেই কৈছা, এতিয়াও মই সন্তুষ্ট নহ’লো,কুৰুক্ষেত্ৰ হ’লেই বা কিয়?
শ্ৰীকৃষ্ণঃ পিতামহ, পাণ্ডৱৰ পক্ষৰ পৰা নানা প্ৰকাৰে শান্তি বাৰ্তাই প্ৰেৰণ হৈছিল৷ কিন্তু দুৰ্যোধন আৰু শকুনিয়ে প্ৰত্যাখান কৰি পাণ্ডৱক দুৰ্বল বুলি উপহাস কৰিছিল৷
আনকি স্বয়ং মোৰ এটা কথাও কৌৰৱে শুনা নাছিল,
কৌৰৱৰ হিংসাৰ অগ্নিয়েই কুৰুক্ষেত্ৰৰ ৰণৰ পটভুমি আছিল পিতামহ। তাৰোপৰি, দুই পক্ষই সিন্ধান্ত নিজেই লৈছিল, মোক মাত্ৰ যি উপায় আৰু কাম সফলৰ কৌশল সুধিছিল, মই তাকেই কৰিছিলো পিতামহ।
মইতো কুৰুক্ষেত্ৰত অস্ত্ৰ নুঠোৱাৰ পণ লৈছিলো৷
পাণ্ডৱ আৰু কৌৰৱে যুদ্ধৰ তাৰিখ প্ৰযন্ত নিজেই ঠিক কৰিছিল, মোক মাত্ৰ কি কৰিলে যুদ্ধত জয়ী হ’ব পাৰি তাকেহে সুধিছিল।
মই তাৰেই উত্তৰ দি গৈছিলো পিতামহ। শেষত দুৰ্যোধন আৰু অৰ্জুনে নিজৰ অজ্ঞান আৰু জ্ঞানেৰে,
মোৰ ১৩ অক্ষৌহিণী নাৰায়নী সেনা আৰু মোক পক্ষ লোৱালে পিতামহ৷
সেইমতে মোক অৰ্জুনে নিজেই ৰথৰ সাৰথি কৰিলে৷
সাৰথিৰ কাম হ’ল, গৰাকীৰ সৰ্ব সুৰক্ষা, সঠিক দিশ প্ৰদান কৰা৷
অৰ্জুন যেতিয়া বিচলিত হৈছিল, তেতিয়া মোক ইয়াৰ মাৰ্গ বিচাৰিছিল, সাৰথি ধৰ্ম অনুসৰি অৰ্জুনক গীতা জ্ঞানেৰে মাৰ্গ দেখুওৱালো৷
যেতিয়া যেতিয়া অৰ্জুন পৰাজয় হৈছিল তেতিয়াহে অৰ্জুনে মোক উপায় বিচাৰিছিল, তেতিয়াই অৰ্জুন অৰ্থাৎ গৰাকীৰ সুৰক্ষা কৰা সাৰথি ধৰ্ম অনুসৰি উপায় দিছিলো৷
আপুনিয়েই কওক পিতামহ মই ক’ত আছিলো, মই চোন নাইয়েই৷
মোৰ ওচৰলৈ যি আহিল তেওঁ যি বিচাৰিলে তাকেইহে মই দিলো৷ ইয়াত মোৰ নিজস্বতা ক’ত আছিল পিতামহ?
ভীষ্মঃ কেশৱ, তুমিটো সকলোৰে আত্মাত বাস কৰা, তুমি সকলো দেখি আছিলা, তথাপিটো....
শ্ৰীকৃষ্ণঃ পিতামহ, মই সকলো চাই আছো বুলি যদি কোনোবাই এবাৰ ভাৱিলেহেতেঁন, কুৰুক্ষেত্ৰ হ’লহেতেঁন জানো? অৰ্জুনেও নাভাৱিলে, অৰ্জুনক মইয়ে গীতা জ্ঞান আৰু বিশ্বৰূপেৰে সকলো বুজালো, শেষতহে বুজিছে৷
ভীষ্মঃ কেশৱ, মই বুজিলো, কোনো কাৰ্য্যত ঈশ্বৰে দখল নিদিয়ে, সকলো মনুষ্যই কৰে, ঈশ্বৰে মাথো দিশ দেখুওৱাই, ফল দিয়ে৷
(শ্ৰীকৃষ্ণই হাঁহিলে)
শ্ৰীকৃষ্ণঃহয়, পিতামহ৷


Wednesday, 9 June 2021

পুৰাণৰ অমৰ কথা-ভৃগু মুনিৰ পৰীক্ষা

ভৃগু মুনিৰ পৰীক্ষা
এবাৰ সৰস্বতী নদীৰ পাৰত যজ্ঞৰত মুনিসকলৰ মাজত এটা বিতর্কৰ সৃষ্টি হল। 
হৰি হৰ আৰু ব্ৰহ্মাৰ মাজত কোনজন শ্ৰেষ্ঠ? 
প্ৰশ্নৰ মীমাংসাৰ অৰ্থে তিনিওজন দেৱক পৰীক্ষা কৰিবলৈ মুনিবৰ ভৃগুক তেওঁলোকৰ ওচৰলৈ পঠোৱা হল। 
ভৃগুৱে প্ৰথমতে ব্ৰহ্মাৰ সভাত উপস্থিত হল। 
আৰু ব্ৰহ্মাক একো স্তুতি নীতি নকৰাকৈ সভাত সোমাই মহাগৰ্বত ৰৈ থকা যেন দেখুৱালে। 
তাকে দেখি ব্ৰহ্মাই ক্ৰোধত জ্বলি পকি ভৃগুক চণ্ড গালি পাৰিলে। 

 ব্ৰহ্মাৰ ক্ৰোধ দেখি তাৰ পৰা বেগেৰে লৰ মাৰি ভৃগু গৈ
কৈলাশ টিলাত উপস্থিত হল। 
মহাদেৱে ভৃগুক দেখা পায় আগবাঢ়ি আহি নিজৰ ভাই বুলি আলিংগন কৰিবলৈ ধৰিলে। 

কিন্তু ভৃগুয়ে পৰীক্ষা কৰি চাম বুলি শিৱক আলিংগন নকৰিলে। 
মুখেৰে একো সম্ভাষনো নজনালে। 
শিৱ অপামানিত বোধ কৰি ক্ৰোধ হল, আৰু ত্ৰিশূূল তুলি ভৃগুক বধ কৰিবলৈ খেদি গল। 
কিন্তু দূৰ্গাই শিৱক ভৰিত ধৰি ব্ৰাহ্মণ বধ নকৰিবলৈ কোৱাত শিৱ শান্ত হল আৰু ভৃগুৰ প্ৰাণ ৰক্ষা কৰিলে। 

 ভৃগু এইবাৰ গৈ বৈকুণ্ঠ পালেগৈ। 
হৰিক পৰীক্ষা কৰিবলৈ ভৃগুয়ে একেবাৰে
অন্তেষপুৰত প্ৰৱেশ কৰিলে আৰু দেৱী লক্ষ্মীৰ
উৰুত ভৰি তুলি শেষ নাগত বিৰাজমান থকা হৰিৰ বুকুত প্ৰচণ্ড গোৰ এটা মাৰি দিলে।
গোৰৰ প্ৰহাৰত সাৰ পাই শ্রী হৰি শেষ নাগৰ পৰা উঠি আহি দেৱী লক্ষ্মীক লগত লৈ ভৃগুৰ চৰণ ধুৱাই সৎকাৰ কৰিলে আৰু কেতিয়ানো আহিল, সেইটো নজনাৰ বাবে শ্রী হৰিয়ে ভৃগুৰ আগত ক্ষমা ভিক্ষা কৰিলে। দ্বিতীয়তে তেওঁৰ ব্ৰজময় কঠিন বুকুত মুনিয়ে গোৰ মাৰোতে মুনিৰ চৰণে দুখ পাইছে বুলি খেদ কৰিলে আৰু সেয়ে ভৃগুৰ চৰণ মৰ্দন কৰি দিলে। তাৰোপৰি, ভৃগুৰ দৰে বিপ্ৰৰ পদৰ স্পৰ্শত তেওঁৰ গাত নিবাস কৰা চতুৰ্দশ ভুবনো পৱিত্ৰ হল বুলি হৰিয়ে মুনিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলে। তেওঁৰ পদধূলিয়ে হৰিৰ সমস্ত পাপ হৰণ কৰিলে বুলি হৰিয়ে তেওঁৰ বুকুত লগা মুনিৰ পদধূলি হাতেৰে বুকুত ঘহিয়ো দিলে। 

 শ্রী হৰিৰ বিপ্ৰভক্তি দেখি ভৃগুয়ে বিস্ময় মানিলে আৰু নিজৰ ব্যৱহাৰৰ বাবে লাজ পায় উভতি গৈ মুনি সমাজত সকলো কথা বিৱৰি কলে। মুনিসকলে তেতিয়া শ্রী হৰিয়ে সৰ্বশ্ৰেষ্ঠ ভজনীয় দেৱ বুলি গম পালে।।

মহাভাৰতৰ অমৰ কথা- কলি যুগৰ মহিমা

মহাভাৰতৰ অমৰ কথা- কলি যুগৰ মহিমা
যেতিয়া মহাভাৰতৰ যু্দ্ধ সমাপ্ত হ'ল। পাণ্ডৱৰ জয় হ'ল, কৌৰৱৰ পৰাজয়। ভগৱান শ্রীকৃষ্ণই জ্যেষ্ঠ পঞ্চপাণ্ডৱৰ জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰক ক'লে—

কৃষ্ণ : "ধৰ্মৰাজ..! যুদ্ধৰ অন্ত পৰিল। ধৰ্মৰ জয় হ'ল, অধৰ্মৰ বিনাশ হ'ল। এতিয়া আপোনালোকে ৰাজ-অভিষেকৰ আয়োজন কৰক...!"

যুধিষ্ঠিৰ : "বাসুদেৱ! যুদ্ধত আত্মীয়-সজ্জন, মিত্র-বৈৰী, অনেক ক্ষত্রিয়ৰ প্রাণ নাশ হ'ল। মোৰ মনত বৈৰাগ্য ভাৱ হে জাগি উঠিছে। মই ভাৱিছো আগতে গঙ্গা স্নান আৰু তীর্থ ভ্রমণ কৰি আহো, তাৰ পিছত মন পৱিত্র কৰি ৰাজ-অভিষেক কৰিম। ৰাজ্য শাসনৰ দায়িত্ব লম।"

ভগৱান শ্রীকৃষ্ণই হাঁহিলে আৰু ক'লে— "তেন্তে আপুনি শান্তিৰে ৰাজ্য শাসন কৰিব নোৱাৰিব! কাৰণ কলিযুগ আৰম্ভ হৈছে।" 
"আপোনালোক পাঁচ ভাতৃ আজি পাঁচ দিশত অলপ ফুৰিবলৈ যাওঁক আৰু কি কি আচৰিত আচৰিত ঘটনা দেখা পায় মোক কবহি। মই বুজাই দিম।"

পঞ্চ ভাতৃ শ্ৰীকৃষ্ণৰ কথা মানি পাঁচ দিশে ফুৰিবলৈ গৈ সচাইঁ কিছুমান আচৰিত আচৰিত ঘটনা দেখা পালে। সন্ধিয়া পঞ্চপাণ্ডৱ আহি ভগৱান শ্ৰীকৃষ্ণক জনোৱাত শ্ৰীকৃষ্ণই তাৰ কাৰণ সমূহ বুজাই দিলে।

ধৰ্মৰাজ যুধিষ্ঠিৰে দেখা পাইছিল দুডাল শুৰ থকা এটা হাতীয়ে হাবিত গছৰ পাত খাই থকাৰ দৃশ্য। 
কৃষ্ণই যুধিষ্ঠিৰক ইয়াৰ তাৎপৰ্য কলে— কলিযুগত দুই ফালৰ পৰা শোষণ কৰা শাসকৰ ৰাজত্ব চলিব...।

গদাধৰ ভীমে দেখা পাইছিল— গাই এজনীয়ে নৱজাত পোৱালি এটাক জিভাৰে চেলেকি চেলেকি থকাৰ দৃশ্য। পোৱালিটোৰ গাৰ চাল, মাংস এৰাই তেজ বাহিৰ হৈ গৈছিল, তথাপিও মাকে চেলেকিবলৈ এৰা নাছিল ! চেলেকি থাকোঁতে থাকোঁতে গৰু পোৱালিটো মৰি গৈছিল।
শ্ৰীকৃষ্ণই ইয়াৰ ৰহস্য ভীমক ক'লে— কলিযুগত পিতৃ-মাতৃ সকল অধিক পুত্র পৰিবাৰৰ মোহত অন্ধ হৈ ল'ৰা-ছোৱালীক ইমান চেনেহ কৰিব, সিহঁতক নিজৰ ভৰিত ঠিয় হ'ব পৰাকৈ আত্মবিশ্বাস গোটাবলৈ অকলে এৰিয়ে নিদিব আৰু প্ৰয়োজনতকৈ অধিক মৰম দি সন্তানৰ মৃত্যুৰ পৰ মুকলি কৰিব।

ধনুৰ্বিদ অৰ্জুণে দেখা পাইছিল— এটা অদ্ভূত পক্ষী। পক্ষীটোৰ পাখীবোৰত লিখা আছিল বেদৰ মন্ত্র আৰু ধৰ্মৰ বাণী। কিন্তু পক্ষীটোৱে মৰাশৰ মাংস খাই আছিল! 
ভগৱান কৃষ্ণই ইয়াৰ তাৎপৰ্য এই বুলি অৰ্জুনক ক'লে— কলিযুগত ব্রাহ্মণ, ভকত, বৈষ্ণৱ সকলে মুখত ধৰ্ম, নীতি, নিয়ম আৰু শাস্ত্রৰ কথা ক'ব। কিন্তু মদ-মাংস ভক্ষন কৰিব আৰু অনৈতিক কাম কৰিব।

সহদেৱে দেখিছিল— এঠাইত আছে পাঁচটা কুৱা। চাৰিও কাষৰ কুৱাবোৰ পানীৰে উপচি আছিল, কিন্তু মাজত থকা কুৱাটো পানী নোহোৱাত শুকাই আছিল। 
ভগৱান শ্ৰীকৃষ্ণই ইয়াৰ ৰহস্য সহদেৱক ক'লে— কলিযুগত ধনী মানুহে বিবাহ, শ্ৰাদ্ধ, উৎসৱ আৰু লাহ-বিলাহত হাজাৰ হাজাৰ টকা অনর্থক খৰচ কৰিব কিন্তু কাষৰ দুখীয়া, অভাৱী, নিঃকিন, নিচলাজনক এটকা দিও সহায় নকৰিব।

নকুলে দেখিছিল— পর্বতৰ ওপৰৰ পৰা ডাঙৰ শিল এটা বাগৰি আহিছে। শিলটো বাগৰি আহি ডাঙৰ গছ, শিলত ঠেকা খাইও নৰ'ল। কিন্ত সাধাৰণ বন এডালত ঠেকা খাই ৰৈ গ'ল। 
কৃষ্ণই সহদেৱক ইয়াৰ ৰহস্য ক'লে— কলি যুগত সকলো ফালে অধৰ্ম হ'ব আৰু সকলোৰে পতন হ'ব। একমাত্ৰ ক্ষুদ্ৰ হৰিনামেহে মানৱক পতনৰ পৰা ৰক্ষা কৰিব পাৰিব।
ভাল লাগিলে পোষ্টটো শ্বেয়াৰ কৰি আনকো পঢ়িৱলৈ সুবিধা কৰি দিব ।

মহাভাৰতৰ অমৰ কাহিনী- গুৰু দ্ৰোণাচাৰ্যৰ জন্ম বৃত্তান্ত

মহাভাৰতৰ অমৰ কাহিনী- গুৰু দ্ৰোণাচাৰ্যৰ জন্ম বৃত্তান্ত
কৌৰব পাণ্ডবৰ গুৰু দ্ৰোণাচাৰ্য্যৰ জন্ম ৰহস্য অতিশয় আশ্চৰ্য্যজনক। দ্ৰোণাচাৰ্য্যৰ পিতৃ আছিল প্ৰখ্যাত যোগী ঋষি ভৰদ্বাজ। এবাৰ ঋষি ভৰদ্বাজে সন্ধ্যাৰ পূজা কৰিবৰ বাবে গংগাৰ পাৰলৈ যায় আৰু তাতেই এক অপূৰ্ব সুন্দৰী অস্পৰা কৃথাজীয়ে স্নান কৰি থকা দেখে। অপূৰ্ব যৌৱনা অস্পৰা গৰাকীৰ স্নানৰতা কমনীয় দেহবল্লভী দেখাৰ লগে লগে ঋষি কাম ভাবত উন্মাদ হৈ পৰে আৰু তেওঁৰ বীৰ্য্য স্খলন হয়। সেই বীৰ্য্য ঋষিয়ে মাটিৰ  পাত্ৰ এটাত সঞ্চিত কৰি নিজৰ আশ্ৰমলৈ আনি এডোখৰ অন্ধকাৰ ঠাইত লুকুৱাই থলে। এসময়ত সেই মাটিৰ পাত্ৰৰ পৰা এটি দিব্যশিশুৰ জন্ম হয়। যাৰ নাম আছিল দ্ৰোণম। দ্ৰুোণম মানে " মাটিৰ পাত্ৰ" পাছত সেই শিশুটি শিক্ষাগুৰুলৈ পৰিণত হোৱা বাবে নামৰ পাছত আচাৰ্য্য যোগ হয় আৰু নাম হৈ পৰে "দ্ৰোণাচাৰ্য্য "
      সেই দ্ৰোণাচাৰ্য্যই কবলৈ গলে বিশ্বৰ ভিতৰত প্ৰথমটো Testtube বেবী যি নাৰীৰ গৰ্ভৰ পৰা জন্ম নহৈ, পাত্ৰৰ পৰা হৈছিল।
       

মহাভাৰতৰ অকথিত কাহিনী-সহদেৱে কেনেকৈ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা জানিবলৈ সক্ষম হৈছিল?

মহাভাৰতৰ অকথিত কাহিনী
সহদেৱে কেনেকৈ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা জানিবলৈ সক্ষম হৈছিল?
                              ✍উৎপল শিৱম
পঞ্চ পাণ্ডবৰ পিতাক আছিল পাণ্ডু। পাণ্ডু ৰাজ আছিল অতিশয় জ্ঞানী আৰু বৰ্তমান,অতীত ও  ভবিষ্যত  ত্ৰিকাল  তেওঁ জ্বলজ্বল পট পটকে দেখিছিল। তেওঁ বিচাৰিছিল যে তেওঁৰ পঞ্চ পুত্ৰ তেওঁৰ দৰে জ্ঞানী তথা সৰ্বজ্ঞ হওঁক, সেয়ে তেওঁ পুত্ৰসবক কৈছিল যে তেওঁ জীৱন কালত যি জ্ঞান আয়ত্ত কৰিলে সেই জ্ঞান সমূহ তেওঁ যিহেতু গুৰু নহয় সেয়ে পুত্ৰ সমূহক কিদৰে দিব লাগে নাজানে। সেয়ে মৃত্যুৰ পাছত যেন পুত্ৰসবে তেওঁৰ দেহৰ মঙহ চোবাই খায়, তেতিয়া তেওঁৰ দেহৰ মঙহৰ অংশ তেওঁলোকৰ শৰীৰত থাকিলে  পুত্ৰসবো তেওঁৰ দৰে জ্ঞানী হ'ব। পাণ্ডুৰ মৃত্যুৰ পাছত কিন্তু পুত্ৰসকলে আবেগৰ বশবৰ্তী হৈ নিজ পিতৃৰ মঙহ খাবলৈ বাধ্য নহ'ল।কনিষ্ঠ পাণ্ডব সহদেৱে দেখিলে যে তিনিটা পৰুৱাই পাণ্ডুৰ মৃতদেহৰ মঙহ মুখত লৈ আতৰি গৈছে। লগে লগে সহদেৱৰ মনলৈ পাণ্ডুয়ে কোৱা কথাখিনি মনলৈ আহিল। লগে লগে সহদেৱে পৰুৱা কেইটাৰ  মুখৰ পৰা মঙহ তিনিটুকুৰ লৈ মুখত ভৰালে। প্ৰথম টুকুৰ চোবাই খাওঁতে বিশ্ব ব্ৰহ্মাণ্ডত কি ঘটনা ঘটি আছে সহদেৱে সেই বিষয়ে জ্ঞান লাভ কৰে, দ্বিতীয় টুকুৰ ভক্ষণ কৰোতে  বৰ্তমান সময়ৰ সকলো জ্ঞান আহৰণ কৰে আৰু তৃতীয় কামোৰত ভবিষ্যৎ কালৰ বিষয়ে জ্ঞান লাভ কৰে। লগে লগে সহদেৱ হৈ পৰিল ত্ৰিকালজ্ঞ মহাজ্ঞানী ব্যক্তি।
                 
    কৃষ্ণই সহদেৱে আয়ত্ত কৰা সেই দিব্যজ্ঞানৰ বিষয়ে জানিছিল আৰু শংকিত হৈছিল যদি সহদেৱে সেই শক্তি সকলোৰে আগত ব্যক্ত কৰে বা আনক ভবিষ্যতৰ বিষয়ে আগতীয়াকৈ সহায় কৰে তেন্তে প্ৰকৃতিৰ নিয়ম ভংগ হ'ব। সেয়ে কৃষ্ণই সহদেৱক আদেশ দিয়ে যে সহদেৱে যেন মানুহক ভবিষ্যতৰ বিষয়ে কওতে সীমিত ভাবে নিয়তিৰ নিয়ম নভঙাকে উত্তৰ দিয়ে।কৃষ্ণই লগতে সহদেৱক নিৰ্দেশ দিছিল  যে সহদেৱে যেন নিয়তিৰ বিপক্ষে নাযায় আৰু কাৰো ভাগ্য সলনি কৰিবলৈ চেষ্টা নকৰে
      কথিত আছে যে কুৰুক্ষেত্ৰ যুঁজৰ আৰম্ভণীতে দুৰ্যোধনে ভবিষ্যতবক্তা সহদেৱৰ ওচৰলৈ গৈ জানিব বিচাৰিছিল যুঁজ আৰম্ভ কৰা শুভ লগ্ন। কৰ্ত্তব্য অনুসৰি সহদেৱেও দুৰ্যোধনক শুভলগ্নৰ বিষয়ে জ্ঞাত কৰে কিন্তু ত্ৰিকালজ্ঞ সহদেৱে যুঁজৰ ফলৰ বিষয়ে আগতেই জানিছিল। কিন্তু সেই কথা দুৰ্যোধনক কোৱা নাছিল, কিয়নো যিটো বিষয়ে জানিব বিচাৰে সেই বিষয়েহে কোৱাৰ অনুমতিহে দিছিল কৃষ্ণই  সহদেৱক। সেই সীমা অতিক্ৰম কৰি যুঁজৰ ফল সম্পৰ্কে আগতিয়াকৈ দুৰ্যোধনক জনাই দিয়াতো নিতীবিৰূদ্ধ আছিল।
      কোৱা হয় যে কুৰুক্ষেত্ৰ যুঁজৰ ফলৰ সম্পৰ্কে দুজন ব্যক্তিৰেই আগতীয়াকৈ মাত্ৰ জ্ঞাত আছিল- ভগৱান শ্ৰী কৃষ্ণৰ আৰু সহদেৱৰ।
   

পিতৃসম এজন শিক্ষাগুৰু আৰু মোৰ ৰাজনীতি চৰ্চা

পিতৃসম এজন শিক্ষাগুৰু আৰু মোৰ ৰাজনীতি চৰ্চা
✍️অখিল গগৈ
আজি ৩১ মে’, ২০২১৷ ৰাতি বাৰ বজাৰ লগে লগে স্বভাৱসিদ্ধভাৱে লাইট নুমুৱাই বিচনাত বাগৰ দিলো৷ এঘণ্টাৰ ভিতৰত টোপনি আহিব– এনে ভাবেৰে বিচনাত পৰাৰ লগে লগে অনেক কথা মনলৈ আহিবলৈ ধৰিলে৷ এইকেইদিন মোৰ জীৱনত অতিকৈ প্ৰভাৱ পেলোৱা এজন শিক্ষাগুৰুৰ কথা মনলৈ আহি আছে৷ টোপনিৰ পৰিৱৰ্তে ছাৰৰ মুখখন আৰু ছাৰৰ স্মৃতিয়ে মোক মেৰিয়াই ধৰিলে৷ ছাৰৰ এতিয়া স্বাস্থ্য কেনে? ছটফটাবলৈ ধৰিলো৷ বহুদিন হ’ল ছাৰৰ খবৰ পোৱা নাই৷ মই শিৱসাগৰৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সময়ত টুকুৰা-টুকুৰি কাগজত ছাৰে কেইবাখনো চিঠি দিছিল৷ অখিল, এইটো কৰিবি, সেইটো কৰিবি ইত্যাদি৷ ছাৰে মোক টীয়কত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতাৰ বাবে বাৰে বাৰে কৈছিল৷ মৰিয়নী সমষ্টিটো এৰি দিবলৈও পৰামৰ্শ দি আছিল৷ যি কি নহওক, ছাৰে যিয়েই নিলিখক, মানিব পাৰো বা নোৱাৰো, সকলো মোৰ বাবে আশীৰ্বাদ৷ ছাৰ মোৰ প্ৰাণৰ মানুহ, শিক্ষাগুৰু কিন্তু পিতৃসম৷ ছাৰৰ লগত মোৰ ৰাজনীতি চৰ্চাৰ আছে এৰাব নোৱাৰা সম্পৰ্ক৷

জীয়া মানুহক প্ৰশংসা কৰা অতি বিপজ্জনক৷ মই সেয়ে মানুহৰ প্ৰতি অতিশয় সমালোচনাত্মক৷ কিন্তু ছাৰ অলপ বেলেগ ধৰণৰ মানুহ; মই জানো মোৰ প্ৰশংসাক পৰোৱাই নকৰে ছাৰে৷  বিচনাৰ পৰা বাৰে বাৰে উঠি এখন কাগজত মনত পৰা কথাবোৰ  লিখি গৈছিলো৷ ডেৰমান বাজিল, অৰ্থাৎ, ১ জুন, ২০২১ আৰম্ভ হ’ল৷ এইবাৰ চকীখনত বহি ছাৰৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিলো৷ সদায় একে বহাই লিখাৰ অভ্যাস৷ ট্ৰ কপি [True Copy] কেতিয়াও কৰি পোৱা নাই৷             

তেতিয়া মই গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়লৈ অহা নাই৷ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আছো৷ ভাস্কোৱে সাক্ষাৎ কৰিবলৈ গৈছিল৷ ক’লে, ভৰালী ছাৰৰ এটা জটিল ৰোগ হৈছে৷ ভাস্কোৱে ৰোগটোৰ নামো ক’লে৷ কাইলৈ বিমান বন্দৰলৈ থ’বলৈ যাব লাগিব৷ বাইদেৱে কৈছে গাড়ী এখন ঠিক কৰিব লাগে৷ ছাৰ কাইলৈ মুম্বাইলৈ যাব৷ মই অতিকে আচৰিত হ’লো৷ কি ভৰালী ছাৰৰ ইমান ডাঙৰ বেমাৰ এটা হ’ল? উদয়াদিত্য ভৰালী ছাৰৰ এনে অসুখ হৈছে? এইবাৰ কাৰাগাৰত থকাৰ পাছত কি কি যে নুশুনিবলগীয়া কথাবোৰ শুনি আছো৷ বহু সময়ৰ পাছত ভাস্কোক ক’লো– ছাৰৰ ঘৰত সেৱা-শুশ্ৰূষাৰ কাৰণে আমাৰ সংগঠনৰ দুজনী ছোৱালী দিবি৷ ইয়াৰ পূৰ্বে বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনী আই আৰু ড° অমলেন্দু গুহ ছাৰৰ ঘৰতো আমি আমাৰ সংগঠনৰ দুগৰাকীকৈ কৰ্মী সহায়ৰ বাবে দিছিলো৷ এয়া সমাজৰ প্ৰতি বিশেষ অৱদান থকা মানুহৰ প্ৰতি আমাৰ কৃতজ্ঞতাবোধৰ প্ৰকাশ৷ ভাস্কোৱে ক ’লে– বাইদেউৰ লগত কথা পাতিম৷ 

ছাৰৰ স্বাস্থ্য এতিয়া কেনে? বুকুখন  ধৰফৰাই উঠিল৷ অনেক ভাবনাৰ মাজত বুৰ গ’লো৷ 

ছাৰৰ লগত শেষৰ বৃহৎ ৰাজনৈতিক কামটো কৰিছিলো ‘‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬”  [CAB] সম্পৰ্কীয় জাতীয় উদ্যোগ এটা গঠনক লৈ৷ অসমবাসী ৰাইজে সকলোৱে লগ হৈ প্ৰথম পৰ্যায়ত এই ‘কেব’ খনক আইনত পৰিণত কৰাত বাধা দিয়াৰ পাছত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এখন জাতীয় অভিৱৰ্তন আয়োজন কৰিছিলো৷ সেই অভিৱৰ্তনতে সমগ্ৰ জাতীয়-জনগোষ্ঠীয় সংগঠন, সোঁ-বাওঁ সকলো দলক ঐক্যৱদ্ধ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী ছাৰক সভাপতি হিচাপে লৈ “জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰাম সমিতি” নামৰ এখন সমিতি গঠন কৰি সমগ্ৰ অসমবাসীক ঐক্যৱদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷ ছাৰ এজন অসাধাৰণ সংগঠকো আছিল৷ এসময়ত বাওঁপন্থী আন্দোলনৰ সবৰ্ক্ষণৰ কৰ্মী আৰু তাত্ত্বিকো আছিল বুলি জানো৷ ছাৰৰ সৈতে অনেক দিন কাম কৰিছো৷ কটন কলেজ অধ্যয়ন চক্ৰ, “গছ” ৰ আন্দোলন, জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম শতবৰ্ষ  উদ্‌যাপন  সমিতি,  অসম – এইবোৰ কামত ছাৰ আছিল শিক্ষাগুৰুৰ লগতে আমাৰ সহ উদ্যোক্তাও৷ ছাৰৰ উদাৰ, বহল, সকলোকে  সামৰি লোৱা আৰু সকলোকে আপোন আপোন ভবা মনটোৱে  সংকীৰ্ণতাৰ উদ্ধৰ্ত বিশাল মানৱীয় অনুভৱেৰে আটাইকে একগোট কৰি পেলায়৷ মতাদৰ্শৰ সংকীৰ্ণতাই কেতিয়াও বাধাৰ প্ৰাচীৰ সৃষ্টি নকৰে৷ সাংগঠনিক কামত থাকোতে সদায় অনুভৱ কৰো মতাদৰ্শগত বান্ধোনৰ উপৰিও সংগঠন মজবুত কৰে হৃদয়ৰ বান্ধোনেৰে৷ এজন প্ৰখ্যাত বিপ্লৱীয়ে কোৱাৰ নিচিনাকৈ সংগঠন মানে যোগাযোগ৷ কিন্তু কৃত্ৰিম, সংকীৰ্ণ মতাদৰ্শগত যোগাযোগেই যথেষ্ট নহয়; মতাদৰ্শৰ পৰিধি ভাঙি মানৱীয় উমালতাই আৱৰি ৰাখিব পৰা এক উত্তপ্ত হৃদয়ৰ বান্ধোনো৷ ছাৰৰ মাজত মই তেনে এক সৰল, গাঁৱলীয়া, মানৱীয় উমাল স্নেহ অনুভৱ কৰো৷ সেয়া যি কি নহওক, “জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰাম সমিতি”ৰ জৰিয়তে ছাৰে অসমৰ জাতীয় - জনগোষ্ঠীয় সংগঠনসমূহক ঐক্যৱদ্ধ কৰিবলৈ ঐকান্তিক প্ৰচেষ্টা কৰাৰ লগতে এইবোৰ গণ সংগঠনৰ লগত বাওঁপন্থী সংগঠন-দল আৰু বুদ্ধিজীৱীসকলক ঐক্যৱদ্ধ কৰাৰ আন্তৰিক  প্ৰয়াসৰ আৰম্ভণি কৰিছিল৷ আমবাৰীত  নিজৰ টকাৰে এটা কাৰ্যালয় ভাড়া কৰি বেনাৰ-টেনাৰ লগাই ছাৰে বিভিন্নজনৰ লগত কথা-বাৰ্তা আৰম্ভ কৰি দিছিল৷ ছাৰৰ সদায় প্ৰচেষ্টা আছিল বাওঁ দল-সংগঠন-বুদ্ধিজীৱীসকলৰ লগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঐক্যৱদ্ধ আন্দোলন এটা গঢ়ি তোলা৷ আমি ইতিমধ্যে ৭০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ লগত “কেব” ৰ বিৰুদ্ধে বিশাল গণ  আন্দোলন গঢ়ি তুলিছিলো৷ তথাপি ছাৰৰ আন্তৰিক প্ৰয়াসক উৎসাহিত কৰিবলৈ ঐক্যমত পোষণ কৰিছিলো৷ ছাৰে অনেক চেষ্টা কৰিছিল– বাওঁ দল- সংগঠন-বুদ্ধিজীৱীসকলে সন্মতি নিদিলে৷ বৰং ছাৰক কঠোৰভাৱে তেওঁলোকে নিন্দা কৰিলে বুলিহে জানিব পাৰিলো৷ ৰাজগড়ত বহা এখন সভাত যোগদান কৰি ঘূৰি অহাৰ পাছত ছাৰে আমাৰ পৰা আঁতৰি আঁতৰি ফুৰিছিল৷ তাৰ পাছতো ছাৰৰ লগত মই কথা পাতিব নোৱাৰা অৱস্থা৷ মই বুজি উঠিছিলো যে ছাৰ সেই প্ৰচেষ্টাত বাৰুকৈয়ে ব্যৰ্থ হৈছে আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছে৷ ছাৰক কৈছিলো– ছাৰ বাদ দিয়ক৷ সেই অনা দেই গ’ল! সমগোত্ৰীয় মানুহবোৰে ছাৰৰ অন্তৰৰ কথা বুজিব নোৱাৰাত ছাৰৰ মৰ্মবেদনা মই উপলব্ধি কৰিছিলো আৰু “জাতীয় অস্তিত্ব ৰক্ষা সংগ্ৰাম সমিতি”ৰ কাম-কাজ আমি ইচ্চাকৃতভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিলো৷ বাওঁ দল-সংগঠনসমূহক আমাৰ জাতীয় জীৱনৰ বৃহৎ বৃহৎ সংগঠনসমূহৰ লগত যুক্ত কৰাৰ আৰু জাতীয় দল-সংগঠনসমূহৰ লগত বাওঁ দল- সংগঠনসমূহৰ সমিলমিলৰ এই আন্তৰিক প্ৰচেষ্টা কৰাটো উদয়াদিত্য ভৰালী ছাৰক লগ পোৱাৰ পৰাই দেখি আহিছিলো৷ এই যে মতাদৰ্শ এটাত আপোচ নকৰাকৈ সকলোৰে লগত কাম কৰাৰ বিশাল উদাৰতাৰ গৰাকী হ’ল আমাৰ উদয়াদিত্য ভৰালী ছাৰ৷ ছাৰৰ এই গুণ মই সদায়ে প্ৰশংসা কৰো৷ এই খিনিতে আৰু এটা কথা কওঁ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো কাৰ্যসূচীতে ছাৰে, কোনো অজুহাততে, কেতিয়াও অংশগ্ৰহণ নকৰাকৈ থকা নাছিল৷ কোনো জটিলতা নথকাকৈ জনগণৰ যিকোনো বিষয়ত বিচাৰিলেই পোৱা মানুহজন হ’ল ভৰালী ছাৰ৷  

সমাজ আৰু সংগঠন বুলিলে ছাৰৰ গা কেনেকৈ সাতখন আঠখন কৰে, তাক বাৰে বাৰে প্ৰত্যক্ষ কৰিছিলো৷ দেশপ্ৰেমে কেনেকৈ বয়োজ্যেষ্ঠ মানুহ এজনকো চঞ্চল কৰি ৰাখে ছাৰক দেখিলে অনুভৱ কৰিব পাৰি৷ জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম শতবৰ্ষ উদ্‌যাপন সমিতিৰ সময়ৰ কথা৷ সেয়া ২০০৩-২০০৪ চন৷ গুৱাহাটী ক্লাবৰ আইপিটিএ কাৰ্যালয়ত আমাৰ  উদ্‌যাপন সমিতিৰ কাৰ্যালয় ঠিক কৰা হৈছিল৷ মই তাত থাকি লৈছিলো৷ এটা বছৰ ধৰি ৰাজ্যজুৰি জীৱন শিল্পীজনৰ শতবৰ্ষ উদ্‌যাপনৰ কাৰ্যসূচী অনুষ্ঠিত হৈছিল৷ সদায় সন্ধিয়া উদয়াদিত্য ভৰালী ছাৰ, পৰমা (পৰমা মজুমদাৰ) দা, লোকনাথ (গোস্বামী) দা কাৰ্যালয়লৈ আহে৷ ছাৰৰ গাত যে কি ফুৰ্তি৷ কিমান অনুষ্ঠান পতাৰ, কিমান টকা তুলি দিয়াৰ দায়িত্ব ছাৰে নিজে লয় আৰু সেইমতে কামটো সঠিক সময়ত সমাধা কৰে, ভাবি এতিয়াও আচৰিত লাগে৷ ছাৰ এজন পাক্কা সংগঠক, মোৰ কোনো সন্দেহ নাই৷ ছাৰৰ উৎসাহতে কেশৱ মহন্ত বৰতা, খগেন (মহন্ত)দাৰ পৰা বীৰেন দত্ত ছাৰ, দ্বীপেন বৰুৱা, প্ৰভাত শৰ্মা, তৰালী শৰ্মালৈকে আমাৰ সকলোবোৰ মননশীল শিল্পীক আমি একেলগ কৰি পেলাইছিলো৷ মই কেইবাজনো সংগীৰ সৈতে ভৰালী ছাৰ, পৰমাদা, লোকনাথদাৰ উৎসাহত গোটেই অসম ঘূৰি সমগ্ৰ অসমতে জ্যোতিপ্ৰসাদৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচী আয়োজন কৰিছিলো৷ তাৰ পূৰ্বে ২০০১ চনৰ পৰা ২০০২ চনলৈ সণ্ঢালনিকৈ জ্যোতিপ্ৰসাদৰ ওপৰত প্ৰায় দুবছৰ গৱেষণাৰ কাম কৰিছিলো৷ তেজপুৰৰ জ্যোতি প্ৰসাদৰ ভাতৃ হৃদয় (আগৰৱালা) ককাৰ ঘৰত থাকি প্ৰথমবাৰলৈ জ্যোতি প্ৰসাদৰ সাঁচতীয়া ফাইলবোৰ চাবলৈ পোৱাৰ উন্মাদনা এতিয়াও শেষ হোৱা নাই৷ শতবৰ্ষৰ সময়তে মোৰ পত্নী গীতাশ্ৰী তামুলীৰ সৈতে “উৰিব পৰা হ’লে আকৌ যুঁজিলোহেঁতেন” নামৰ জ্যোতিৰ জীৱনীখন লিখি উলিয়াইছিলো৷

উদয়াদিত্য ভৰালী ছাৰৰ লগত প্ৰথম সংযোগ হৈছিল ১৯৯৩-৯৪ চনত, কটন কলেজত৷ মই ইংৰাজী মেজৰৰ ছাত্ৰ আছিলো৷ মোৰ পাছ ক’ৰ্ছতো ইতিহাস নাছিল৷ তেতিয়া ছাৰ ইতিহাস বিভাগৰ অধ্যাপক, বিভাগীয় মুৰব্বীও হোৱা নাছিল বোধকৰো৷ আমি কটন কলেজ অধ্যয়ন চক্ৰ খুলিছিলো৷ কটনৰ ছাত্ৰ একতা সভাৰ প্ৰথমজন সাধাৰণ সম্পাদক  শ্ৰীমান প্ৰফুল্ল গোস্বামীৰ “প্ৰগতিশীল অধ্যয়ন চক্ৰ”ৰ আৰ্হিত৷ আমাৰ নেতৃত্বত আছিল তেতিয়াৰ ইতিহাস বিভাগৰ ছাত্ৰ, ইণ্ডিয়ান ষ্টুডেন্ট এছ’চিয়েছনৰ নেতা কংকন ডেকা৷ এতিয়া তেওঁ কি কৰে, কেনে মতাদৰ্শত বিশ্বাস কৰে, একো নাজানো, বহুদিন যোগাযোগ নাই৷ অধ্যয়ন চক্ৰৰ জৰিয়তে আমি বৌদ্ধিক চৰ্চা আৰম্ভ  কৰিছিলো৷ তালৈকে মাতি আনিছিলো উদয়াদিত্য ভৰালী ছাৰক৷ কংকন ডেকা, উদয়াদিত্য ভৰালী ছাৰ, ড° সীতানাথ লহকৰ ছাৰ আদিৰ মধুৰ সান্নিধ্যত আমিবোৰ মতাদৰ্শভাৱে পৰিৱৰ্তিত হৈছিলো৷ ঘৰৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদানৰ আশাৰে পঠিওৱা আমিবোৰে জীৱনৰ গতি সলাই পেলাইছিলো৷ হৈ পৰিছিলো – আন্দোলনকাৰী৷ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কলেজসমূহৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন আৰু তাৰ পাছত চিটি বাছৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে আন্দোলন৷ তাতেই লগ পাইছিলো আমাৰ কলেজৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক দেৱেন দত্ত ছাৰক৷

লাহে লাহে ক’ৰ্চৰ কিতাপ পঢ়া এৰি ‘বাহিৰা’ কিতাপ পঢ়াত সোমাই পৰিছিলো৷ নাগকাটা পুখুৰীৰ পাৰৰ “প্ৰ’গ্ৰেচিভ বুক হাউচ” আৰু পাণবজাৰৰ গণনাট্য সংঘ(চিপিআই,এম)ৰ “গণ সাহিত্য” হৈ পৰিছিল আমাৰ বৌদ্ধিক চৰ্চাৰ ঠিকনা৷ তাত থকা সকলোবোৰ কিতাপেই কিজানি আনি পঢ়িছিলো৷ আনকি বাদ পৰা নাছিল ছোভিয়েটৰ পৰা উলিওৱা প্ৰগতিশীল বিজ্ঞানৰ কিতাপবোৰো৷ জ্যোতিপ্ৰসাদৰ জাতীয়তাবাদী মনটো ঘূৰাই প্ৰগতিশীল কৰা বুলি নগেন কাকতিদেৱে লিখা খ্ৰীষ্ট্ৰফাৰ ক’ডৱেলৰ “ষ্টাডিজ ইন এ ডায়িং কালছাৰ” আৰু “ফাৰডাৰ ষ্টাডিজ ইন এ ডায়িং কালছাৰ” কিতাপ দুখন গোগ্ৰাসে পঢ়িছিলো৷ আনন্দৰাম বৰুৱা আবাসৰ কোঠাটোত ডাইনিং হলৰ পৰা অনা দুখন বৃহৎ বৃহৎ বেঞ্চত মানুহটোতকৈ ওখকৈ কিতাপৰ দুটা “লাইেব্ৰৰী” গঢ়ি তুলিছিলো৷ লাহে লাহে বাদ দিছিলো পাঠ্যপুথি পঢ়াটো৷ এনেকৈ ক্ৰমে ক্ৰমে জীৱনৰ লক্ষ্য সলনি হৈ গৈছিল, অজানিতে, অলক্ষিতে৷

স্নাতক চূড়ান্ত পৰীক্ষা দিয়াৰ পাছত খাৰঘূলিত এটা ভাড়া কোঠা লৈ কিতাপখিনি সাৱটি লৈ গৈছিলো৷ ইতিমধ্যে ঘৰৰ পৰা টকা পঠিওৱা বন্ধ কৰিছিল৷ ল’ৰা বেয়া হ’ল বুলি ধৰি লৈছিল৷ দুটামান টিউচন গোটাই লৈছিলো৷ সেই সময়খিনিতে পঢ়ি শেষ কৰিছিলো অসমীয়া সাহিত্যৰ ক্লাচিকসমূহ৷ লক্ষ্মীনাথ বেজবৰুৱা ৰচনাৱলী, অম্বিকাগিৰী ৰচনাৱলী, জ্যোতি প্ৰসাদ ৰচনাৱলী, বিষ্ণুৰাভা ৰচনাৱলী, বাণীকান্ত কাকতি ৰচনাৱলী, প্ৰফুল্ল দত্ত গোস্বামী ৰচনাৱলীৰ উপৰিও বিৰিঞ্চি কুমাৰ বৰুৱাৰ সকলোবোৰ ফিকচন-ননফিকচন, মহিম বৰাৰ সকলো গল্প, সৌৰভ চলিহাৰ সকলো গল্প, শীলভদ্ৰৰ গল্প, দেৱব্ৰত দাসৰ গল্প, নৱকান্ত বৰুৱা, নীলমণি ফুকন, হীৰেন ভট্টাচাৰ্যৰ সকলো কবিতা এফালৰ পৰা মোৰ বাবে প্ৰয়োজনীয় বুলি ভবা অংশবোৰ যিমান সম্ভৱ পঢ়ি গৈছিলো৷ ইতিমধ্যে হোমেন বৰগোহাঞি আৰু ড° হীৰেন গোহাঁইৰ প্ৰায় আটাইবোৰ কিতাপ পঢ়িছিলো৷ কিন্তু সেই সময়খিনিত মোক আটাইতকৈ আলোড়িত কৰি ৰাখিছিল শ্বেইক্সপীয়েৰৰ নাটকসমূহে৷ শব্দ কৰি কৰি “টেম্পেষ্ট” পঢ়াৰ মজাই আছিল বেলেগ৷ যদিও ইংৰাজী মেজৰৰ ছাত্ৰ, কেৱল শ্বেইক্সপীয়েৰৰ নাটক আৰু ইংলেণ্ডৰ আৰ্থ-সামাজিক-ৰাজনৈতিক অৱস্থাৰ অধ্যয়নতহে মোৰ কেৱল উৎসাহ আছিল৷ 

তাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়লৈ গ’লো৷ কিন্তু পাঠ্যপুথিৰ পৰা মোৰ মন উঠি গৈছিল৷ ড° হীৰেন গোহাঁই ছাৰৰ লগত লগ হৈ “নতুন পদাতিক” উলিয়ালো৷ হেমাংগ দত্ত, দীপক বৰ্মন, অঞ্জু প্ৰভা কলিতা, ৰশ্মিৰেখা বৰা, অতুল নেওগ, ৰাজু দেউৰী, দীপাংকৰ শইকীয়া আদিৰ সৈতে লগ হৈ গুৱাহাটী বিশ্ববিদ্যালয় অধ্যয়ন চক্ৰ আৰম্ভ কৰিলো৷ উদয়াদিত্য ভৰালী ছাৰৰ ঘৰত সদায়ে ‘নতুন পদাতিক’ দিবলৈ যাওঁ৷ আকৌ আৰম্ভ হ’ল নতুন সম্পৰ্ক, নতুন সান্নিধ্য৷ ছাৰে সদায়ে অসমৰ জাতীয় প্ৰশ্নসমূহ মীমাংসা কৰাৰ ওপৰত গুৰুত্ব দিয়ে৷ কয়– আমি নিজে এনআৰচিখন এটা এলেকাত প্ৰস্তুত কৰি বিদেশী সমস্যাটোৰ স্থায়ী সমাধানৰ বাট দেখুৱাব লাগে৷ ছাৰৰ দৰে বাওঁপন্থী বুদ্ধিজীৱীসকলৰ বাবে বিদেশী সমস্যাটোৰ দৰে জাতীয় সমস্যাবোৰ এৰাব নোৱাৰা জাতীয় প্ৰশ্ন৷ ছাৰে অসম আন্দোলনৰ কাহিনীবোৰ কয়৷ ছাৰৰ দৰে অনেক বাঁওপন্থী বুদ্ধিজীৱী আছে, যিয়ে জাতীয় প্ৰশ্নবোৰ কেৱল চিআইএ বা ‘ৰ’ৰ ষড়যন্ত্ৰ বুলি নাভাবে৷ চিৰিয়াছ ধৰণে চৰ্চা কৰে৷ এটা এটা অধ্যায় পঢ়ি শুনাই ছাৰে লিখা “অসমৰ জাতি সমস্যা প্ৰসংগ” নামৰ ১৯৭০ ৰ দশকতে লিখা জাতি সমস্যাৰ বিজ্ঞানসন্মত সমাধান সম্পৰ্কীয় প্ৰচাৰ পত্ৰিকাখন৷ ছাৰে কয়, “এইটোৱেই বাওঁপন্থীৰ দৃষ্টিৰে জাতি সমস্যা বিজ্ঞানসন্মত বিশ্লেষণৰ প্ৰথম চিৰিয়াছ প্ৰচেষ্টা৷” এতিয়াও মনত পৰে, অসমত এনআৰচি হ’ব লাগে বুলি যদিহে আটাইতকৈ বেছিকৈ কোনোবাই লিখিছিল সেয়া হ’ল ভৰালী ছাৰ৷ ছাৰৰ “প্ৰাসংগিক পাণ্ডুলিপি” শিতানটো এই সম্পৰ্কীয় চৰ্চাৰে ভৰ্তি হৈ আছিল৷ আমাৰ কাণবোৰ ঘোলা কৰি দিছিল এনআৰচিক লৈ৷ কৈছিল এনআৰচিখন কৰি সকলোৰে হাতত ফটো পৰিচয় পত্ৰ দি দিব লাগে৷ যাৰ হাতত এই পৰিচয় পত্ৰ নাথাকিব সিয়েই বিদেশী৷ এইবোৰ কথা ২০০৫ চনৰ বহু আগতেই কৈছিল৷

জাতীয়তাবাদ, মাক্সৰ্বাদ, বাওঁপন্থী, সোঁপন্থী এই সন্দৰ্ভত বিভিন্ন চৰ্চা ছাৰৰ সৈতে চলে৷ কিন্তু যেতিয়া মই ২০০০ চনত বিবাহপাশত আৱদ্ধ হ’লো, তেতিয়া মোৰ বাবে খোল খালে অন্য এখন দুৱাৰ৷ পত্নী গীতাশ্ৰীৰ লাইেব্ৰৰীত ৰেমণ্ড উইলিমাছৰ পৰা টেৰী ঈগলটনলৈ অনেক বিশ্ব বিশ্ৰুত লেখকৰ গ্ৰন্থৰ সন্ধান পালো৷ ২০০২ চনতে মই ব্যক্তিগত গৱেষণাৰ বাবে কলিকতালৈ এবছৰৰ বাবে গুচি গ’লো৷ টালিগঞ্জত এটা কোঠা ভাড়াত লৈ কলিকতা নেচনেল লাইেব্ৰৰীলৈ সদায় পঢ়িবলৈ যাবলৈ ধৰিলো৷ গোটেই দিনটো পঢ়ো, কিতাপ ৰুমলৈ আনো আৰু সন্ধিয়া সদায়ে কলিকতাৰ নন্দন, ৰবীন্দ্ৰ সদন, সাহিত্য একাডেমীৰ সেই সংগমৰ নিৰ্দিষ্ট স্থানটোলৈ গৈ হয় নাটক, নহয় চিনেমা, নহয় অন্য সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰো৷ জীৱনত একেবাৰে কম চিনেমা চোৱা মানুহটোৱে বিশ্বৰ কিমান যে নামী-দামী চিনেমা চাবলৈ পালো৷ “চৰণ চোৰৰ পুতেক”ৰ হিন্দীৰ মূল নাটকখন আৰু বাংলা নাটকখন চোৱাৰ উপৰিও অসমীয়াতো অনুপ হাজৰিকাৰ (গুৱাহাটী) ৰবীন্দ্ৰ ভৱনত “চৰণ চোৰৰ পুতেক” চাই আনন্দিত হ’লো৷ 

কলিকতাৰ এবছৰীয়া জীৱনটোৱে মোক অধ্যয়নৰ গভীৰতালৈ লৈ গ’ল৷ মোৰ বাবে পূবৰ্তে মাক্সৰ্বাদ চৰ্চা মানে আছিল মাক্সৰ্ৰ নিৰ্বাচিত ৰচনাৱলী, লেনিনৰ নিৰ্বাচিত ৰচনাৱলী, মাও চে টুঙৰ নিৰ্বাচিত প্ৰথম চাৰিটা খণ্ড আৰু ছোভিয়েটৰ পৰা প্ৰকাশ পোৱা কিতাপসমূহ পঢ়াটোহে৷ প্ৰগতিশীল সাহিত্য চৰ্চা মানেও আছিল তলস্তয়, গৰ্কী বা লু চু্যনৰ সাহিত্যৰ অধ্যয়ন৷ কলিকতাৰ নেচনেল লাইেব্ৰৰীত বহি বহি আৱিষ্কাৰ কৰিলো এখন নতুন পৃথিৱী৷ মাক্সৰ্ৰ ৰাজনীতি আৰু দৰ্শনৰ ব্যাখ্যা পঢ়িলোঁ, ডেভিড মেকলেলানৰ কিতাপত, মাৰ্ক্সীয় অৰ্থনীতিৰ ব্যাখ্যা পঢ়িলোঁ আৰ্নেষ্ট মাণ্ডেলৰ কিতাপত, মাৰ্ক্সীয় সাহিত্যৰ সমালোচনা পঢ়িলো টেৰী ঈগলটনত, সংস্কৃতিৰ ব্যাখ্যা পঢ়িলো ৰেমণ্ড উইলিয়ামছত, সাম্ৰাজ্যবাদৰ ব্যাখ্যা পঢ়িলো “মান্থলী ৰিভিউ প্ৰেছ”ৰ আলোচনী আৰু  কিতাপত৷ হেৰী মেগদফ, প’ল এম ছুইজী আদি প্ৰিয় লেখক গুৰুৰ দৰে হৈ উঠিল৷ নৱ্য সাম্ৰাজ্যবাদ আৰু গোলকীকৰণৰ ওপৰত গোটালো শতাধিক কিতাপ৷ আন্দ্ৰে গুন্দেৰ ফ্ৰেঙ্ক, ইমানুৱেল ৱালাৰষ্টাইন, সমীৰ আমিন আদি পঢ়িলো৷ এইবাৰ জাতীয়তাবাদ সম্পৰ্কে মোৰ ব্যাপক আগ্ৰহ হ’ল৷ আমি সোমাই গ’লো এখন নতুন দুনীয়াত – পাচৰ সময়ত বেনেডিক্ট  এণ্ডাৰচন, এন্থনী ডি স্মিথ, আৰ্নেষ্ট গেলেনাৰ, এৰিক হবচ্‌বম, ৰবীন্দ্ৰ নাথ ঠাকুৰ আদিৰ জাতীয়তাবাদ সম্পৰ্কীয় গ্ৰন্থত বিচাৰি পালো নতুন সংজ্ঞা, নতুন ব্যাপ্তি৷ কলিকতাৰ কলেজ ষ্ট্ৰীটৰ সকলোবোৰ কিতাপৰ দোকান চলাথ কৰিলো৷ ফুটপাথৰ হ’লো নিয়মীয়া গ্ৰাহক৷ লাহে লাহে কিতাপৰ নিচাই গিলি পেলালে৷ কিতাপ বিচাৰি ঘূৰি ফুৰিলো দিল্লীৰ জেএনইউৰ লাইেব্ৰৰীৰ পৰা ‘খান মাৰ্কেট’ৰ ‘বাহ্‌ৰী চন্‌চ’লৈ, গুজৰাটৰ আহমেদাবাদৰ ফুটপাথৰ পৰা মহাত্মা গান্ধীৰ মূল প্ৰকাশন “নৱভাৰত  প্ৰকাশন”লৈ, মুম্বাইৰ ফুটপাথৰ পৰা ‘ক্ৰছৰড’ৰ দৰে অভিজাত কিতাপৰ দোকানলৈ৷ মহাত্মা গান্ধীৰ ১৪২ টা ভলিউমৰ ৰচনাৱলী হৈ পৰিল মোৰ সহচৰ৷ কেৱল এটাই দুখ থাকি গ’ল – মাৰ্ক্স আৰু লেনিনৰ সমগ্ৰ ৰচনাৱলী গোটাব নোৱাৰিলো৷ এতিয়াও সেই সংগ্ৰহৰ বাবে দুবৰ্লতা আছে৷ সদাশয় পাঠকসকলক অনুৰোধ জনাওঁ, কোনোবাই যদি ঘৰত থকা মাৰ্ক্স আৰু লেনিনৰ ৰচনাৱলী আমাক দিয়ে আমি অতি সদ্‌ ব্যৱহাৰ কৰিম৷ এনেদৰে কিতাপ সংগ্ৰহ হৈ পৰিল মোৰ জীৱনৰ এটা চখ৷ সংগঠনৰ সভাসমূহতো সুযোগপালে কোনখন কিতাপ পঢ়ি কি জানিব পাৰি সেইবোৰ ক’বলৈ ধৰিলো৷ সেইবাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়ালৰ সদস্যসকলৰো নিজাকৈ কিতাপ গোটোৱাটো অভ্যাসত পৰিণত হ’ল৷  

এইদৰে ৰাজনীতিৰ চৰ্চাৰ লগতে কিতাপৰ চৰ্চা হৈ পৰিল অংগাংগীভাৱে যুক্ত৷ কিতাপ পঢ়ি ৰাজনীতি শিকিলো৷ প্ৰেক্টিছ কৰি আকৌ কিতাপ পঢ়িলোঁ৷ ফলত সকলোবোৰ হৈ পৰিল ইটো সিটোৰ পৰিপূৰক৷ অসমক নতুনকৈ চাবলৈ শিকিলো৷ জাতীয় প্ৰশ্নবোৰ বিভিন্ন দেশৰ লগত তুলনা কৰি চাব পৰা হ’লো৷ মাক্সৰ্বাদী দলবোৰৰ প্ৰেক্টিছ সম্পৰ্কে সমালোচনাত্মক হৈ উঠিলো৷ গঢ়ি উঠিল এক নিজা ধাৰণা, নিজস্ব উপলব্ধি৷ লাহে লাহে যেন জীৱনবোধ এটা গঢ়ি উঠিল৷ কিতাপ হৈ পৰিল জীৱনৰ আটাইতকৈ বিশ্বস্ত বন্ধু আৰু উপদেষ্টা৷

আমি অসম আন্দোলনৰ পৰৱৰ্তী প্ৰজন্ম৷ আমি, ক’বলৈ গ’লে, আলফা বিদ্ৰোহৰো পৰৱৰ্তী প্ৰজন্ম৷ জাতীয় প্ৰশ্নবোৰৰ ওপৰত সঠিক বিজ্ঞানসন্মত দৃষ্টিভংগী নথকাকৈ বা সঠিক মীমাংসা নকৰাকৈ যে আমাৰ দৰে প্ৰান্তীয় এলেকাবোৰত প্ৰগতিশীল কাম-কাজ আগুৱাই নিয়াটো কঠিন সেয়া আমি বুজো৷ সেয়ে আমি পৰম্পৰাগত মাক্সৰ্বাদ বা অফিচিয়েল বাওঁপন্থীৰ দৰে অসমৰ জাতীয় সমস্যাক চাব নোৱাৰো৷ উদয়াদিত্য ভৰালী ছাৰ হ’ল তেনে এজন বাওঁপন্থী বুদ্ধিজীৱী, যিয়ে জাতীয় সমস্যাৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰে৷

মোৰ এই ৰাজনীতি আৰু গ্ৰন্থ অধ্যয়নৰ সমগ্ৰ যাত্ৰাটোত যাৰ উমাল, হৃদয়বান আৰু আৱেগিক সংস্পৰ্শই আটাইতকৈ বেছিকৈ মুগ্ধ কৰিছিল তাৰ ভিতৰত এজন ব্যক্তি হ’ল উদয়াদিত্য ভৰালী ছাৰ৷ ছাৰৰ আজি অসুখ৷ চিৰিয়াছ ব্যাধি৷ খবৰ কৰিবলৈ মোৰ কোনো উপায় নাই৷ “ঐ অখিল, এইটো কৰ”, “এইটো নকৰিবি” বুলি মোক ধমকি দিবলৈ ছাৰক বহুদিন লগেই পোৱা নাই৷ ছাৰ, আপুনি আৰোগ্য হওক, সোনকালে৷ ময়ো ওলাই যাওঁ কাৰাগাৰৰ পৰা৷ আমি একেলগে অসমখন নতুনকৈ সজাব লাগিব৷ এই আশা এতিয়াও বুকুত বান্ধি আছো৷

এটি সুন্দৰ বিহু নৃত্য উপভোগ কৰক




This post is updated by Tultul Kutum

পুলিচৰ লগত মানুহ এজনৰ কাজিয়া চাওক

পুলিচৰ লগত মানুহ এজনৰ কাজিয়া চাওক



This post is updated by Tultul Kutum

Watch "Milne Ki Tum Koshish Kerna - Dil Ka Kya Kasoor | Kumar Sanu, Asha Bhosle | Prithvi & Divya Bharti"

Watch "Milne Ki Tum Koshish Kerna - Dil Ka Kya Kasoor | Kumar Sanu, Asha Bhosle | Prithvi & Divya Bharti" 


This post is updated by Tultul Kutum

Tuesday, 8 June 2021

Monday, 7 June 2021

চীন দেশৰ কৃটিম সূৰ্য্য

চীন দেশৰ কৃটিম সূৰ্য্য
যোৱা সপ্তাহৰ চীনৰ হিফাই (Hefei) মহানগৰৰ দৃশ্য এয়া । সূৰুযে বিদায় লোৱা দৃশ্য । এয়া পিছে আমাৰ আচল সূৰ্যদেৱতা নহয় । এয়া চীনৰ কৃত্ৰিম সূৰ্য । চীনৰ Experimental Advanced Superconducting Tokamak (EAST) য়ে সমগ্ৰ বিশ্ববাসীক চমকিত কৰি সৃষ্টি কৰিলে কৃত্ৰিম সূৰ্য্যৰ । বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে এই কৃত্ৰিম সূৰ্যৰ তাপমাত্ৰা আৰু পোহৰ । নিশাৰ অন্ধকাৰত দিন হৈ পৰিল চীনৰ হিফাই নামৰ মহানগৰীখন ।

        China's Experimental Advanced Superconducting Tokamak (EAST) broke the world record by achieving plasma temperature at 120 million Celsius for 101 seconds and 160 million Celsius for 20 seconds. As per the Global Times report, in a massive step towards the test run of the fusion reactor, the Tokamak devise located at the Hefei Institutes of Physical Science of the Chinese Academy of Sciences achieved the feet last week. The device is designed to replicate the nuclear fusion process that naturally occurs in the sun and stars that act as an infinite source of energy. The same can be obtained through controlled nuclear fusion, often dubbed "artificial sun."