Sunday, 30 May 2021

STATEMENT OF DYING PERSON U/S 32 OF THE INDIAN EVIDENCE ACT



মৃত্যু পথৰ যাত্ৰী এজন ভুক্তভোগীৰ জবানবন্দী আৰক্ষী বিষয়াই কেনেকৈ লয় তাৰ এটা আভাস বন্ধু সকললৈ আগবঢ়ালো-----

STATEMENT OF DYING PERSON U/S 32 OF THE INDIAN EVIDENCE ACT
----------------------------------------------------------
(If recorded by a police officer Particulars of injured person:)

1)Reference: 
2) Name of the injured: 
3) Father's Name: 
4) Address: 
5) Age: 
6) Place: 
7) Nature of injury: 
8) Date and time of recording the statement: 

          I record this statement at the spot as there is no medical officer or Magistrate is available. The injured is conscious to give statement. A further requisition is being made to the medical officer for recording the statement of injured if possible a at the later stage. Statement is voluntarily made by the injured person. 

(It shall be written in question & answer form. Some sample questions are)

Q. What is your name?

Q. What is your father's name? 

Q. What is your address?

Q. What is date to day?

Q. What is day to day?

Are you volunteer to give statement as to the cause of your injuries inflicted on?

Q. Whether any body has influenced you to give statement? 

Q. How you injured?

Q. Who hit you on your (head) etc.? 

Q. Do you know the person?

Q. With what weapon he hit on your (head)? 

Q. Do you want to say any other things?

Or,

Q. Why you were going to commit suicide (in case of attempt to suicide by burning etc)?

Q. Do you want to say anything more?

The above statement is volunteered by and recorded by me. It is read over to him and admitted as correctly recorded. After it is read over, ..... put his signature on it in a fit state of mind. During recording the statement, he appears to be mentally fit to make it. No other person present near the injured. If witness available then should write " in presence of below signed witnesses)

Signature/LTI of dying person............

Signature of police officer Date and time......

Saturday, 29 May 2021

পুলিচৰ গ্ৰেপ্তাৰ কৰিব পৰা ক্ষমতাৰ বিষয়ে জানক

জনহিত জন সেৱাৰ্থে
-----------------------------------

LAWS ON ARREST

পুলিচৰ গ্ৰেপ্তাৰ ক্ষমতা
---------------------------------

PROVISIONS IN CRPC, APM Part V AND GUIDE LINES ISSUED BY SUPREME COURT OF INDIA

SECTION 41(b) CRPC
ফৌজদাৰী কাৰ্য্যবিধি আইন ৪১(খ)

Any Police Officer may arrest without warrant a person against whom a REASONABLE complaint has been made or CREDIBLE INFORMATION has been received or REASONABLE SUSPICION exists.

হিন্দী চিনেমা আৰু হিন্দী টিভি ছিৰিয়েল চাই কিছুমান মানুহে ভাবে যে আদালতৰ ওৱাৰেণ্ট নহ'লে পুলিচে গ্ৰেপ্তাৰ কৰিব নোৱাৰে। কিন্তু ভাৰতীয় ফৌজদাৰী কাৰ্য্যবিধি আইন দফা নং ৪১(খ) অনুসৰি ধৰ্তব্য অপৰাধত অভিযুক্ত ব্যক্তিক আদালতৰ বিনা ওৱাৰেণ্টত গ্ৰেপ্তাৰ কৰিব পাৰে।



OBSERVATIONS OF THE SUPREME

COURT
------------------------------------------------------------------------------
পুলিচ বিষয়াক আইনে গ্ৰেপ্তাৰ কৰাৰ অধিকাৰ দিছে যদিও ভাৰতৰ মহামান্য আদালতে এনেদৰে পুলিচ বিষয়া সকলক সকীয়নিও দিছে-

No arrest be made without a reasonable satisfaction reached after some investigation about the genuineness or bona fides of a complaint.

বিনা তদন্তত, কেচত দোষী হোৱাৰ সম্পূৰ্ণ শুদ্ধ প্ৰমাণ নাপালে গ্ৰেপ্তাৰ নকৰিবলৈ কৈছে।

A person is not liable to arrest merely on suspicion of complicity in an offence.

কিবা এটা কেচৰ তদন্তত জটিলতা বা কোনো ব্যক্তিক গ্ৰেপ্তাৰ নকৰিলে কেচৰ শুংসূত্ৰ উলিয়াব নোৱাৰাৰ অজুহাত গ্ৰেপ্তাৰৰ একমাত্ৰ কাৰণ হিচাপে বিবেচনা নকৰিবলৈ পুলিচ বিষয়াক সকিয়াই দিছে ।

• Personal liberty is the most important fundamental right of a citizen and illegal detention causes incalculable harm and humiliation to a person.

ব্যক্তি স্বাধীনতা নাগৰিকৰ মৌলিক অধিকাৰ। অবৈধ হাজোত বা হেফাজতে ব্যক্তি স্বাধীনতাৰ ক্ষতি কৰাৰ লগতে ব্যক্তিগত স্বাধীনতাৰ সন্মান হানি কৰে।

• The attitude to arrest first and proceed with the rest is despicable. It has become a handy tool to the police officers who lacks sensitivity or act with oblique motive.

প্ৰথমে গ্ৰেপ্তাৰ কৰিম আৰু পাচত তদন্ত কৰিম এই নীতি নলবলৈ পুলিচ বিষয়া সকলক সকিয়াই দিছে। এনে নীতিয়ে পুলিচ বিষয়া সকলক দুৰ্নীতিৰ সুযোগ দিয়ে বুলি মহামান্য উচ্চতম ন্যায়ালয়ে মত পোষণ কৰে।

Policemen appear to think that arrest is mandatory under the law while investigating a cognizable case.

কোনো ব্যক্তিৰ বিৰুদ্ধে ধৰ্তব্য গোচৰ ৰুজু হ'লেই তেওঁক গ্ৰেপ্তাৰ কৰাটো তদন্ত প্ৰক্ৰিয়াত বাধ্যতামূলক নহয় আৰু সেইকাৰণে গোচৰ ৰুজু হ'লেই সকলো অভিযুক্তকে গ্ৰেপ্তাৰ কৰিব নালাগে বুলি উচ্চতা ন্যায়ালয়ে কৈছে।

• No arrest can be made because it is lawful for the police officer to do so.The existence of the power to arrest is one thing.The justification for the exercise of it is another.----- No arrest can be made in a routine manner on a mere allegation of commission of an offence.

পুলিচৰ গ্ৰেপ্তাৰ প্ৰক্ৰিয়া ৰুটিন মাফিক হ'ব নালাগে। গ্ৰেপ্তাৰ কৰাৰ আগতে কোনো গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাটো সচাকৈ প্ৰয়োজন হয় নে নহয় বিবেচনা কৰিবলৈ সকলো পুলিচ বিষয়াক সকিয়াই দিছে।

RULE 1990 OF APM Part V

• A police officer has no legal power to

summon before him any person accused of an offence.--------.The only manner in which the attendance of such a person can be enforced is by arrest.-------.It is therefore to be understood that whenever an accused person is sent for or made to attend before an investigating officer, he is to be considered as having been arrested.

অসম পুলিচ মেনুৱেল পাৰ্ট ৫ (ৰুল ১৯৯০) এ কৈছে-

পুলিচ বিষয়াৰ চমন দিয়াৰ বৈধ ক্ষমতা নাই। গতিকে কোনো পুলিচ বিষয়াই তেওঁৰ ওচৰত হাজিৰ হ'বলৈ কোনো অভিযুক্তক মাতিলে তেওঁ তাত হাজিৰ হোৱাৰ সময়ত গ্ৰেপ্তাৰো হ'ব পাৰে বুলি ধৰি লৈ হাজিৰ হ'ব লাগে।

Thursday, 27 May 2021

কমল কুমাৰ মেধিৰ চিঠি

কমল কুমাৰ মেধিৰ চিঠি 
*******************


দৈনিক জনমভূমিৰ এটা বাতৰিৰ আঁট  ধৰি , ৰাইজৰ দলৰ বহুৰূপী নেতা , সৰ্বজ্ঞানী , কথাৰ সাগৰ কমল কুমাৰ মেধিয়ে এখন চিঠি লিখিছে । চিঠি খনত অখিল গগৈৰ মানসিক যন্ত্ৰণা, হতাশা আদি বিভিন্ন কথাৰ অৱতাৰণা কৰিছে । 

কমল কুমাৰ মেধিৰ চিঠি খনৰ আঁট ধৰি আমিও কওঁ যে এজন সুস্থ সবল মানুহ দীৰ্ঘ দিনৰ বাবে আপোন পৰিয়াল এৰি অকলশৰীয়াকৈ বন্ধ কুঠৰী এটাত সোমাই থাকিলে মানসিক বিকৃতি ঘটিবই ।  কৰ'ণা আৰু কাৰ্ফিউৰ কাৰণে ,  আমি নিজেই যোৱা পচিশ দিন বন্ধ কোঠা এটাত সোমাই থাকি মানসিক ভাৱে ভাঙি পৰিছোঁ।  তেনেস্থলত দীৰ্ঘ দিনৰ বাবে সোমাই থাকি অখিল গগৈয়ো মানসিক ভাৱে ভাঙি পৰাতো তেনেই স্বাভাৱিক কথা ।

মেধিৰ কথা খিনিৰ লগত আৰু অলপ যোগ দি কওঁ যে জেইলত সোমাই থকা কাৰণেই নহয় ,অখিল গগৈ জেইলত থকাৰ আগৰ পৰাই এজন  চেৰা পাগল আছিল । নহ'লে কথাই কথাই আন্দোলন কৰা , হাত মুৰ জোঁকাৰি কথা কোৱা,  কোনো ভিত্তি হীন কথাতে ইনকিলাব জিন্দাবাদ মৰা আদি স্বাভাৱিক মানুহৰ কাম নিশ্চয় হব নোৱাৰে।

এতিয়া কমল কুমাৰ মেধিলৈ আমাৰ পোনপটীয়া প্ৰশ্ন- 

প্ৰনৱ কুমাৰ বড়ো নামৰ যুৱক জনে যেতিয়া  অখিলৰ উচটনিত গাত জুই লগাই মৰিছিল , কা আন্দোলনৰ ভিতৰত যে নকৈ সজোৱা গুৱাহাটী খন পুৰি ছাৰখাৰ কৰিছিল , পাছ জন নিৰীহ যুৱকক পুলিচে যেতিয়া  গুলিয়াই মাৰিছিল , তেতিয়া মেধিয়ে এনে চিঠি লিখিছিল নে  ?

গুৱাহাটীৰ পাহাৰৰ মানুহক মাটিৰ পাট্টা দিব বুলি  যেতিয়া বুৰ্বক সজাই পইচা খাইছিল , চিমেণ্ট ফেক্টৰীৰ বিৰুদ্ধে লাগাতাৰ  আন্দোলন কৰি , পাছত মালিক  পক্ষৰ  লগত যেতিয়া বুজা বুজি কৰি পকেট গৰম কৰিছিল , তেতিয়া কমল কুমাৰ মেধিয়ে এনে পত্ৰ লিখিছিল নে ?

বৃহৎ নদী বান্ধৰ বিৰুদ্ধে পাচ বছৰ আন্দোলন কৰি শেষত যেতিয়া  মানুহ বোৰক টুপি পিন্ধাই নিজৰ পকেট গৰম কৰিছিল, তেতিয়া মেধিয়ে এনে চিঠি লিখিছিল নে ?

মেধি ডাঙৰীয়া , হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ঠিকেই কৈছিল - 

অখিলক আন্দোলন লাগে । আন্দোলন কৰিব নাপালে সি 'ফাগলা 'হৈ যাব ।

কমল কুমাৰ মেধি ডাঙৰীয়া , দূখ কৰি লাভ নাই । অখিল গগৈয়ে  উপযুক্ত শিক্ষা পাইছে । আমি নিবিছাৰোঁ আপুনিও তেনে শিক্ষা  পাওঁক।  সেই কাৰণেই আপোনালৈ অনুৰোধ-
অনাহকত চেলবেলাই নাথাকিব ।

@Kamal Kumar Medhy

হেমন্ত ভট্টাচাৰ্য 
গুৱাহাটী

Monday, 24 May 2021

এন আৰ চি পুনৰীক্ষণ প্ৰসংগ- কিমান শুদ্ধ চুড়ান্ত এন আৰ চি?

এন আৰ চি পুনৰীক্ষণ প্ৰসংগ- কিমান শুদ্ধ চুড়ান্ত এন আৰ চি? 
---------------------------------------------------------------------

বহু জল্পনা কল্পনাৰ অন্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হোৱাত লগে লগে ইতিমধ্যে চুড়ান্ত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, এন আৰ চিৰ পুনৰ নিৰীক্ষণ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। অসমৰ ইছলাম ধৰ্মী সকলৰ আটাইতকৈ শক্তিশালী সংগঠন আমছুৱে এন আৰ চি পুনৰীক্ষণৰ সিদ্ধান্ত কেতিয়াও মানি নলয় বুলি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু প্ৰকৃত খিলঞ্জীয়া ৰজা ঘৰ প্ৰজা ঘৰ কোনোৱেই ইতিমধ্যে চুড়ান্ত হোৱা এন আৰ চি খন শুদ্ধ বুলি অন্তৰেৰে মানি ল'ব নিবিচাৰে। সকলোৰে এটাই অভিযোগ এন আৰ চিখন শুদ্ধ হোৱা নাই, এন আৰ চিৰ তালিকাত বহু বিদেশীৰ নাম অন্তৰ্ভূক্ত হৈ আছে। ইতিমধ্যে চুড়ান্ত হোৱা এন আৰ চি খন কিমান শুদ্ধ, কিমান অশুদ্ধ সেই বিষয়ে মই একো নাজানো কিন্তু ১৯৭১ চনৰ বহু পিচত অহা বহু বিদেশী মানুহো যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হ'ল তাৰ জীয়া প্ৰমাণ মই ইয়াত উপস্থাপন কৰা এই সৰু অথচ সত্য বিৱৰণটো।

অসম বিধানসভা নিৰ্বাচনৰ সময়ৰ কথা। ধেমাজি জিলাৰ একেবাৰে পশ্চিম কোণত মোৰ নিৰ্বাচনী কৰ্তব্যৰ ভাৰ পৰিল। নিৰ্বাচনী কৰ্তব্যৰ বাবে পুলিচ ৰিজাৰ্ভৰ পৰা গাড়ী এখন দি ড্ৰাইভাৰ হিচাপে লগত দিলে নাথ উপাধিৰ এজন মানুহ। মানুহজনক প্ৰথমে মই অসমীয়া মানুহ বুলিয়েই ভাৱিছিলো যদিও তেওঁ মবাইলত বেংগলী ভাষাত কথা পতা শুনি পিছত তেওঁ যে বেংগলী মানুহ সেয়া গম পালোঁ। নিৰ্বাচনৰ দিনা দুপৰীয়া ভোট কেন্দ্ৰৰ ওচৰৰ স্কুল এখনত আমাৰ খোৱাৰ যোগাৰ হ'ল। তেতিয়া বিভিন্ন কথা বতৰাৰ মাজতে কথা প্ৰসংগত মই আৰু মোৰ লগত থকা বেটেলিয়নৰ ল'ৰা কেইটাই ড্ৰাইভাৰজনক তেওঁলোক কেতিয়া বাংলাদেশৰ পৰা আহিছে সেই কথা সুধিলো। প্ৰথমে তেওঁ তেওঁলোক কলকাতাৰ পৰা অহা বুলি ক'লে। কিন্তু মোৰ সন্দেহ হোৱাত তেওঁক ভয় নকৰিবলৈ কৈ সচা কথা কবলৈ কোৱাত তেওঁ সচা কথাবোৰ ক'লে।

তেওঁ কোৱা মতে তেওঁলোক বাংলাদেশৰ চিলেট অঞ্চলৰ পৰা ১৯৯৬ চনত ভাৰতলৈ আহিছিল। তেওঁলোকৰ দুটা পৰিয়াল একেলগে ভাৰতলৈ আহিছিল। তাৰে এটা পৰিয়াল কলকাতালৈ গৈ পশ্চিম বংগত বাস কৰি আছে আৰু তেওঁলোক অসমলৈ আহি প্ৰথমে হোজাইত আৰু তাৰপিছত ধেমাজি জিলালৈ আহি নিগাজী হৈ ল'লে। বাংলাদেশৰ পৰা ভাৰতলৈ আহোতে ড্ৰাইভাৰজনৰ বয়স কম আছিল কাৰণে তেওঁলোক কেনেকৈ, কোনটো পথেদি আহিছিল সঠিককৈ মনত নাই বুলি ক'লে।

ড্ৰাইভাৰজনে কোৱা মতে বাংলাদেশৰ পৰা অসমলৈ প্ৰব্ৰজিত হোৱা বাংলাদেশী পৰিয়ালটোৱে তিনি বছৰৰ ভিতৰতে চৰকাৰী ৰেচন কাৰ্ড আৰু ভোটাৰ তালিকাত নিজৰ নাম সন্নিবিষ্ট কৰাই লৈছিল। তেওঁ ডাঙৰ হোৱাত ধেমাজি জিলাৰ মৰমী তিনি আলিত হোটেল খুলি ব্যৱসায় আৰম্ভ কৰে আৰু সেই ব্যৱসায়ৰ পৰা হোৱা ইনকামৰ জড়িয়তে এখন যাত্ৰী কঢ়িওৱা গাড়ী কিনি ধেমাজি জিলা প্ৰশাসনৰ পৰা গাড়ী চালকৰ অনুজ্ঞাপত্ৰও লাভ কৰে।

এন আৰ চিত তেওঁলোকৰ পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হৈছে নে বুলি সোধাত তেওঁ অন্তৰ্ভুক্ত হোৱা বুলি জনালে। এন আৰ চি উন্নীতকৰণৰ সময়ত তেওঁলোকে কিবাকৈ সকলোকে মেনেজ কৰি নিজকে এন আৰ চিৰ তালিকাত সোমোৱাই লোৱা বুলি ক'লে। কিন্তু ইতিমধ্যে আমাৰ ডিউটি যাবলৈ সময় হোৱাত ১৯৯৬ চন মানতে বাংলাদেশৰ পৰা ভাৰতত প্ৰবেশ কৰা বাংলাদেশী পৰিয়াল এটাই কাক, কেনেকৈ আৰু কি মেনেজ কৰি এন আৰ চিত নাম সোমোৱাই ল'ব পাৰিলে সেয়া সুধিবলৈ সময় আৰু সুযোগ নহ'ল।
এয়া মাত্ৰ এটা সৰু উদাহৰণহে। এনেকৈ আৰু কিমান বাংলাদেশী পৰিয়ালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম অন্তৰ্ভূক্ত কৰাই ল'লে তাৰ ঠিকনা নাই। গতিকে শুদ্ধ এন আৰ চি এখন পাবলৈ হ'লে সকলো খিলঞ্জীয়া মানুহে এন আৰ চি পুনৰীক্ষণ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্পূৰ্ণ সমৰ্থন কৰাৰ উপৰিও সহায় সহযোগিতা আগবঢ়াব লাগে। নহ'লে স্বদেশী বিদেশী হ'ব আৰু বিদেশীহে স্বদেশী হ'ব।
This post is updated by Tultul Kutum

Sunday, 23 May 2021

কোঁচ ৰাজকন্যা মহাৰাণী গায়ত্ৰী দেৱী

মহাৰাণী গায়ত্ৰী দেৱী

এসময়ত কোঁচৰাজবংশৰ জীয়ৰী গায়ত্ৰী দেৱী বিশ্বৰ সুন্দৰী মহিলা সকলৰ ভিতৰত‌ অন্যতম‌ আছিল। সাজ-পোচাকৰ ক্ষেত্ৰত বেচ চখ থকা গায়ত্ৰী দেৱী আছিল বিখ্যাত কোঁচ ৰাজবংশৰ অন্যতম শক্তিশালী ৰাজ্য কোঁচ বিহাৰৰ ৰাজকুমাৰী ।
▪কোঁচবিহাৰৰ ৰজা জিতেন্দ্ৰনাৰায়ণ আৰু ৰাণী ইন্দিৰা‌ ৰাজেৰ কন্যা গায়ত্ৰী‌ দেৱীয়ে সোণৰ চামুচ মুখত‌লৈ জন্ম গ্ৰহণ কৰিছিল ১৯১৯চনৰ ২৩মে' তাৰিখে ।
▪সৰুৰে পৰা সাজ-পাৰ তথা সৌন্দৰ্যৰ প্ৰতি তেওঁৰ বিশেষ ৰাপ আছিল  আৰু এটা সময়ত‌ বিশ্বৰ অন্যতম সুন্দৰী মহিলাৰ শাৰীত স্থান পাইছিল । তেখেত বহুচৰ্চিত ফেশ্বন আইকণ হোৱাত এদিন এক সাক্ষাৎকাৰত‌ কৈছিল "Style comes naturally to me"
▪শাৰীৰিক সৌন্দৰ্য্যৰ লগত তেওঁৰ মনটো‌ আছিল বিশাল ।নিজৰ অভগণ সম্পত্তি আৰ্তজনৰ প্ৰয়োজনত‌ ব্যয় কৰিছিল বিনা সংকোচে ।
▪১৯৪০ চনত‌‌‌ তেওঁ জয়পুৰৰ মহাৰজা Sawai Man Singh II ৰ সৈতে বিবাহপাশত‌ আৱদ্ধ‌ হয় আৰু‌ হৈ পৰে জয়পুৰৰ মহাৰাণী আৰু পিচলৈ ৰাজমাতা ।এই জয়পুৰৰ ৰাজপৰিয়াল আজিও দেশত প্ৰভাৱশালী ৰূপত বৰ্তি আছে ।
▪প'ল' খেলত তেখেতৰ আছিল বিশেষ‌ পাৰদৰ্শিতা । আজিও তেখেতৰ স্মৃতিত "Rajmata Gayatri Devi Memorial Cup"‌প্ৰতিবছৰে আৰ্জেন্টিনাত আয়োজন‌ কৰা হয় ।
▪দেশ‌স্বাধীন হোৱাত‌ ৰজা শাসিত‌ ৰাজ্য সমূহ ভাৰতবৰ্ষত এক ৰাষ্ট্ৰ হিচাপে চামিলহোৱাত‌‌ তেওঁ ৰাজনীতিত‌ সক্ৰিয় হৈ পৰে‌।১৯৬২ চনত‌ তেওঁ লোকসভালৈ নিৰ্বাচিত হৈছিল প্ৰায় ১৯২৯০৯টা ৰেৰ্কডসংখ্যক ভোটত  জয়ী হৈ ।এই‌ ধাৰা অৱ্যাহত আছিল ১৯৬৭ আৰু ১৯৭১ চনটো‌।তেখেত আছিল স্বতন্ত্ৰ পাৰ্টীৰ সদস্যা ।
▪তেখেতক কংগ্ৰেছ‌ দলত‌‍ যোগদান কৰাৰ বাবে বহুবাৰ চেষ্টা‌ কৰা‌ হৈছিল‌ যদিও তেখেতে সেই প্ৰস্তাৱ‌ গ্ৰহণ কৰা নাছিল‌।
▪দেশৰ জৰুৰীকালীন সময়ছোৱাত‌ (জুলাই,১৯৭৫চন) তেখেতক ৫মাহৰ বাবে  তিহাৰ জেলত কাৰাবন্দী কৰা হৈছিল।
▪তেখেতে পৰৱৰ্তী সময়ত‌ ৰাজনীতিৰ‌ পৰা আঁতৰি আহে আৰু ১৯৭৬ চনত তেওঁৰ আত্মজীৱনী "A Princess Remembers" প্ৰকাশ কৰে ।
▪Francois Levie ৰ দ্বাৰা পৰিচালিত   Memoirs of a Hindu Princess নামৰ চিনেমাখনো ‌ৰাণী গায়ত্ৰী দেৱীৰ ওপৰতে আধাৰিত ।
▪জীৱনৰ‌ শেষ সময়ত লণ্ডনত‌ তেখেতৰ চিকিৎসা চলি থকাৰ‌ সময়ত‌ তেওঁ ভাৰতলৈ আহে আৰু ২০০৯ চনৰ ২৯জুলাই তাৰিখে তেখেতে ভাৰতৰ‌ মাটিতে ইহলীলা সম্বৰণ কৰে ।
   ‌‌‌‌‌‌            ইতিহাসৰ বহু চৰিত্ৰ আমাৰ মাজৰ পৰা হেৰাই যায় আমি নজনাকৈয়ে ।দেহত অসমৰ  পৰাক্ৰমী কোঁচ‌ৰাজবংশৰ‌ তেজ তথা বুকুত চিলাৰায়ৰ সাহস কঢ়িয়াই লৈ ফুৰা এইগৰাকী  সাহসী নাৰীৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ বিষয়ে‌ আমি সকলোৱে জনাতো‌ দৰকাৰ ।
                                                                                                       🖋নূপুৰ জ্যোতি বৰা
This post is updated by Tultul Kutum

ৰাজহুৱা সেৱকৰ অভব্য আচৰণ

ৰাজহুৱা সেৱক
------------------------------------

গণতান্ত্ৰিক দেশত চৰকাৰী বিষয়া কৰ্মচাৰীক ৰাজকীয় বিষয়া কৰ্মচাৰী নুবুলি পাব্লিক ছাৰ্ভেণ্ট বুলি কোৱা হয়। কিন্তু সৰহভাগ বিষয়া কৰ্মচাৰীয়েই নিজকে পাব্লিক চাৰ্ভেণ্ট বা ৰাজহুৱা সেৱক বিষয়া কৰ্মচাৰী বুলি নিজকে ভবাৰ বিপৰীতে নিজকে জনসাধাৰণৰ শাসনকৰ্তা বুলি ভাবিলৈ লয়। ফলত তেওঁলোকে পদ আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰি যাৰ সেৱাৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছে সেই জনসাধাৰণকে অত্যাচাৰ উৎপীড়ন কৰিবলৈ লয়।


কেইদিনমান আগতে ত্ৰিপুৰাত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া এজনে অনুমতি প্ৰাপ্ত বিয়া এখনত বল পূৰ্বক ভাৱে প্ৰৱেশ কৰি বিবাহ অনুষ্ঠান লণ্ড ভণ্ড কৰিছ। তাৰপিছত একে ভাৰতীয় প্ৰশাসনিক সেৱাৰ আন এজন বিষয়াই লক ডাউনৰ দোহাই দি দৰৱ কিনিবলৈ যোৱা মানুহ এজনক নিজ হাতে মাৰপিট কৰি শাৰীৰিক অত্যাচাৰ চলাইছিল। দুয়ো গৰাকী বিষয়াই সংঘটিত কৰা ঘটনা পোহৰলৈ অহাত ইতিমধ্যে সাময়িকভাৱে চাকৰিৰ পৰা নিলম্বিত হৈছে। শেহতীয়াকৈ পুনৰ উত্তৰ প্ৰদেশত তিনি জন পুলিচ কৰ্মচাৰীয়ে লক ডাউনত চবজি দোকান খোলাৰ দোষত ফাইজুল হক নামৰ যুৱক এজনক হত্যা কৰিছে।
এতিয়া আৰু বৃটিছৰ দিন নাই। সকলো চৰকাৰী বিষয়া কৰ্মচাৰী এতিয়া ভাৰতৰ জনতাৰ দ্বাৰা নিৰ্বাচিত দেশীয় চৰকাৰৰ একো একোজন দৰমহা পোৱা বিষয়া কৰ্মচাৰী। জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে জনসাধাৰণৰ সেৱাৰ বাবেহে তেওঁলোকক কামত নিয়োগ কৰে আৰু দৰমহাও দিয়ে জনসাধাৰণৰ পৰা কৰ কাটলৰ নামত সংগ্ৰহ কৰা টকাৰে। গতিকে ৰাইজৰ সেৱকে ৰাইজৰ সেৱাহে কৰিব লাগে, ৰজা হ'ব বিচাৰিব নাপায়।

A beautiful Bihu dance by geetawali Bora


This post is updated by Tultul Kutum

Friday, 21 May 2021

মৃগনেত্ৰা (আহোম বুৰঞ্জীৰ পৃষ্ঠাৰ পৰা)

মৃগনেত্ৰা
----------------

উত্তৰা শৰ্মা বৰুৱা


বিশাল ৰাজপ্ৰাসাদ, চৌদিশ চিপাহী চন্তৰিয়ে বেৰি আছে৷ প্ৰাসাদৰ সম্মুখত ডাঙৰ হ্ৰদত চৰি আছে শুকুলা হংস৷ কাষত শাৰী শাৰী গছ৷ বৃহৎ বাগিছাত ফুলি আছে নানাৰঙী ফুল জাতিষ্কাৰ হৈ৷

ইচানুপীইইইই…….

ভাঁহি আহিল প্ৰাসাদৰ ওপৰৰ পৰা এটি নাৰী কণ্ঠ৷
ইম্মাআআ……
যেন এটা সংগীতৰ সুৰ বাজি উঠিল সুললিত কণ্ঠৰে এক লহমাৰ বাবে৷
গোলাপৰ মাজত দেখা দিলে এক নাৰী মূৰ্তি৷ কোলাত এটা বগা শহা৷ আসস….যেন গোলাপক যাছিব খুজিছে কোনো অপ্সৰাই আলিংগন, গোলাপৰ সৌন্দৰ্য্যকো ম্লান কৰা সেই মূৰ্তিৰ ৰূপ৷

ল’ৰি আহিল এজাক লিগিৰী, খিলখিলাই হাঁহিৰ সুৰ তুলি বাগী দি দৌৰ দিলে অপ্সৰাই….

নূপুৰৰ ৰুনজুন ধ্বনিয়ে জোকাৰি গ’ল ৰাজপ্ৰাসাদৰ অন্দৰ মহল, যেন দেও দি দি জঁপিয়াই ফুৰিছে কোনো চঞ্চল হৰিণী থমকিব নোখোজেই দুভৰি৷

কুৰংগনয়নী…!

গলগলীয়া পুৰুষ কণ্ঠত থমকি ৰ’ল নূপুৰৰ গৰাকী৷
ডিঙি ঘূৰাই মাত দিলে…. ইপ্পা
কাষচাপি গ’ল পুৰুষ, হাত থ’লে চঞ্চলাহৰিণীৰ মুৰত… ইচানুপী, তই এতিয়া ডাঙৰ হ’লি এনেকৈ কাৰেঙৰ বাগিছাত ঘূৰি ফুৰিলে শোভা নাপায়, তাতকে লিগিৰীহঁতৰ লগতে কাৰেঙৰ ভিতৰত আনন্দ কৰিবি৷

“নাই ইপ্পা, মোৰ বাগিছাৰ ফুলৰ লগত কথা পাতি, পখিলা খেদিয়ে বেছি ভাল লাগে, মই কাৰেঙৰ ভিতৰত ভাল নাপাওঁ৷ মই যামেই যামেই যামেই ” বুলি নূপুৰৰ যাদু তুলি দৌৰ দিলে মনিপুৰৰ ৰাজন জয়সিংহৰ আলাসৰ লাডু “কুৰংগনয়নী৷ ”

ৰাজপ্ৰাসাদত মন্ত্ৰী পাৰিষদৰ লগত ৰাজ্যাধিপতি জয়সিংহ আলোচনাত নিমগ্ন৷ উৎকণ্ঠিত সকলো কি আদেশ দিয়ে“মহাৰাজে৷ ”
ধীৰে ধীৰে উচ্চাৰিত হ’ল ৰাজন জয়সিংহৰ মুখৰে, “নাই আৰু ভেটিবলৈ বল কমি আহিছে মনিপুৰৰ, আহোম ৰাজ্যলৈ কটকী পঠোৱাৰ দিহা কৰক মন্ত্ৰী, স্বৰ্গদেউৰ সহায় অবিহনে মনিপুৰৰ নিৰাপত্তা অসম্ভৱ৷ ” আদেশ দি ৰাজসভা ত্যাগ কৰিলে ৰাজন জয়সিংহই৷

অন্তেষপুৰত চিন্তিত ৰজা জয়সিংহ৷ সীমিত শক্তিৰে বাধা দিব পৰা নাই মান সৈন্যক৷ প্ৰজাসকলৰ লগতে অপ্সৰা যেন জীয়াৰী কুৰংগনয়নীক লৈ চিন্তাত টোপনি হৰিল ৰজাৰ, অত্যাচাৰী মানৰ কবলত পৰিলে কি হ’ব আলাসৰ লাড়ু কুৰংগনয়নীৰ৷ আস! কোনোপধ্যেই এয়া হ’বলৈ দিব নোৱাৰি৷ ওৰে নিশা চিন্তিত হৈ পুৱাই দৰবাৰ তলব কৰিলে মহাৰাজ জয়সিংহই৷

“আহোম ৰাজ্যলৈ কটকী পঠোৱা হ’লনে মন্ত্ৰীবৰ?”

“হয় মহাৰাজ নিশাই কটকীক পত্ৰ সহিত আহোম ৰাজ্যলৈ প্ৰেৰন কৰা হ’ল৷”

ৰাজদৰবাৰত আলোচনা চলি থাকোঁতেই চন্তৰিয়ে খবৰ দিলেহি উধাতু খাই,

মান আহি মনিপুৰৰ ভিতৰ সোমালহি৷ উপায়ন্তৰ মনিপুৰি ৰজাই তৎক্ষনাত সিদ্ধান্ত লৈ সপৰিবাৰে ত্যাগ কৰিলে মনিপুৰ৷ থিতাপি ল’লেহি কাছাৰ দেশত৷
*************************************
আহোম ৰাজসভা৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ উপবিষ্ট সিংহাসনত৷ চাৰিউকাষে বহি আছে মন্ত্ৰী, সেনাপতিকে আদি কৰি পাৰিষদবৰ্গ৷ আদেশ দিলে স্বৰ্গদেউৱে মনিপুৰৰ কটকীক ৰাজসভালৈ আনিবলৈ৷ আঁঠুলৈ কটকীয়ে স্বৰ্গদেউক জনালে মনিপুৰি ৰজাৰ সম্ভাষণ৷ স্বৰ্গদেউৰ আজ্ঞা লৈ কটকীয়ে মনিপুৰী কটকীয়ে কৈ গ’ল মনিপুৰ ৰাজ্যৰ দুদৰ্শা৷ কিদৰে মান সেনাক ভেটিবলৈ অপাৰগ হৈ আহোম সেনাৰ সহায় বিচাৰিছে মনিপুৰী ৰজাই৷

সকলো বতৰা লৈ স্বৰ্গদেউৱে আদেশ কৰিলে সসন্মানে কটকীক আশ্বাসৰ বাতৰি দি ওভটাই পঠাবলৈ৷

কটকী বিদায় দি স্বৰ্গদেউৱে মন্ত্ৰী গেন্ধেলা বৰুৱা আদেশ কৰিলে মনিপুৰলৈ ৰণুৱা পঠাই মনিপুৰক মানৰ হাতৰ পৰা উদ্ধাৰৰ নিমিত্তে৷
আদেশ পালি হৰনাথ ভিতৰুৱাল ফুকনক সেনাপতি পাতি মানক ৰুধিবলৈ মনিপুৰলৈ সেনা পঠোৱাৰ দিহা হ’ল, চমুবাট ধৰি চৰাইদেউ পাহাৰৰ মাজেৰে হাবি জংঘল কাটি সেনা আগবাঢ়োতেই নৰিয়াত পৰি, সাপে খাই বহু সেনাৰ মৃত্যু হোৱাৰ বতৰাই স্বৰ্গদেউক বাধ্য কৰিলে মনিপুৰ গৈ নাপাওঁতেই বাকী থকা বাকী থকা ৰণুৱা ঘূৰাই আনিবলে৷ যুঁজ নোহোৱা যুঁজখনৰ নাম ৰৈ গ’ল “লতাকটা ৰণ৷”
ইফালে আহোম সেনা গৈ নোপোৱাত মনিপুৰৰ বল টুটি আহিল মানক ভেটিবলে কাৰেং এৰি কাছাৰ দেশত থিতাপি লোৱা মনিপুৰি ৰজাৰ পৰা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ ঘনে বাৰ্তা আহিল৷
এইবাৰ স্বৰ্গদেউৱে গেন্ধেলা বৰুৱাক সেনাপতি পাতি পুনৰ মনিপুৰ ৰক্ষাৰ বাবে সহায় পঠিয়ালে৷ সেনাপতি বাব লৈ কীৰ্তিচন্দ্ৰ বৰবৰুৱা নাম লোৱা সেনাপতিয়ে ৰহাতে মন্মথ নগা বৰাৰ নেতৃত্বত দহহেজাৰ সৈন্যৰ দল ৰজা জয়সিংহক দি আগুৱাবলৈ দিলে৷ “মিৰাপ” নদীৰ কাষতে কোঁঠ মাৰি মনিপুৰলে আগুৱাই গ’ল আহোম সেনা৷ হিলদল ভাঙি আহোম সেনা অহাৰ বতৰা পাই মান সেনাই মনিপুৰ এৰি পলাই পত্ৰং দিলে৷ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ কৃপাত মনিপুৰ ৰাজ জয়সিংহই সিংহাসন ঘূৰাই পালে৷ কৃতজ্ঞ হ’ল আহোম ৰজাৰ ওচৰত৷
এই উপকাৰৰ কৃতজ্ঞতা জনাবলৈ কিন্তু ৰজা জয়সিংহই নাপাহৰিলে৷


ভেকচিনৰ কাৰ্য্যকাৰিতাঃঃ Vaccine Efficacy

ভেকচিনৰ কাৰ্যকাৰিতাঃঃ Vaccine Efficacy

          দীপক দাস


লেটিন ভাষাৰ vacca শব্দৰ অৰ্থ হল গৰু । ভেকচিন বুলিলে মৃত বা দূৰ্বল ৰোগ সৃষ্টিকাৰী ৰোগাণুক যেনে ভাইৰাছ বুজা যায় ।  মানৱ দেহত ভেকচিন সুমুৱাই দিলে ৰোগ প্ৰতিৰোধী এন্টিবডীৰ সৃষ্টি হয় । ইয়ে মানৱ দেহক সেইবিধ ৰোগাণু তথা সেই ৰোগাণুয়ে সৃষ্টি কৰা ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে । কোনো এক বিশেষ বেমাৰৰ সফল নিৰ্ভৰযোগ্য ভেকচিন বিকাশ তথা তৈয়াৰ কৰিবলৈ দীৰ্ঘ দিনীয়া গৱেষণাৰ প্ৰয়োজন হয় । দহ পোন্ধৰ বছৰ পৰ্য্যন্ত লাগিব পাৰে । নতুন মহামাৰী বা অতিমাৰীৰ ক্ষেত্ৰত ততাতৈয়াকৈ ভেকচিন তৈয়াৰ কৰিব লগা হয় বাবে কিছু অনিশ্চয়তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । চৰকাৰী সংস্থা Central Drugs Standard Control Organisation (CDSCO) নতুন ভেকচিনৰ অনুমোদন তথা ভেকচিন সম্পৰ্কীয় কাম কাজ তদাৰক কৰে । 

ভেকচিন বিকাশ তথা তৈয়াৰৰ প্ৰথম পৰ্যায় হৈছে Pre Human Trial. এই পৰ্যায়ত ৰোগ সৃষ্টিকাৰী ৰোগাণু চিনাক্ত কৰা হয় আৰু জন্তু যেনে বান্দৰ বা নিগণি আদিৰ ওপৰত হ'ব লগা নতুন ভেকচিনটোৰ প্ৰভাৱ অধ্যয়ন কৰা হয় । এই পৰ্যায়ত সফল হ'লে দ্বিতীয় পৰ্যায়লৈ যাবলৈ অনুমতি দিয়া হয় । অনুমতি দিয়ে CDSCO য়ে ।

দ্বিতীয় পৰ্যায় হৈছে Human Trials. এই পৰ্যায় Phase-I, Phase-II, Phase-III আৰু Phase-IV নামৰ চাৰিটা স্তৰ আছে ।

Phase-I স্তৰত এশতকৈ কম ইচ্ছুক প্ৰাপ্তবয়স্ক ব্যক্তিৰ দেহত ভেকচিন প্ৰয়োগ কৰি ভেকচিনৰ প্ৰভাৱ অধ্যয়ন কৰা হয় । ৰোগ প্ৰতিৰোধী এন্টিবডীৰ সৃষ্টি হৈছেনে নাই তথা পাৰ্শ্বক্ৰিয়া বা Side Effect ৰ বিষয়ে তথ্য আহৰণ কৰা হয় । Phase-I ৰ সফলতাৰ ভিত্তিত Phase-II ৰ অনুমোদন দিয়া হয় ।

Phase-II স্তৰত কেইবাশ ব্যক্তিৰ দেহত ভেকচিন প্ৰয়োগ কৰা হয় । এই ব্যক্তি সকলৰ মাজত বিভিন্ন ৰিস্ক গ্ৰুপ যেনে উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগত ভুগি থকা ব্যক্তিসকলৰ অন্তৰ্ভুক্তি নিশ্চিত কৰা হয় । ভেকচিনৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা বিভিন্ন ৰিক্স গ্ৰুপৰ ব্যক্তিৰ ক্ষেত্ৰত সাম্ভাব্য পাৰ্শ্বক্ৰিয়া আদি বিতংকৈ অধ্যয়ন কৰা হয় । Phase-II স্তৰৰ সফলতাৰ ভিত্তিত Phase-III স্তৰৰ অনুমোদন দিয়া হয় ।

Phase-III ত বহু হাজাৰ বা লাখ লোকৰ ওপৰত ভেকচিন প্ৰয়োগ কৰা হয় । এই স্তৰত কিছু সময় লাগে । Phase-III ৰ সফলতাৰ ভিত্তিত ভেকচিন বিধক স্থায়ী অনুমোদন দিয়া হয় । নতুন মহামাৰী বা অতিমাৰীৰ ক্ষেত্ৰত Phase-III চলি থাকোতেই জৰুৰীকালীন ব্যবহাৰৰ বাবে তদৰ্থ অনুমতি দিয়া হয় । এই স্তৰত ভেকচিনৰ ৰোগ প্ৰতিৰোধী ক্ষমতা সাৱ্যস্ত কৰাৰ উপৰিও সাধাৰণ পাৰ্শ্বক্ৰিয়া তথা বিৰল পাৰ্শ্বক্ৰিয়া সম্বন্ধে তথ্য আহৰণ কৰা হয় । এই স্তৰতে ভেকচিন কাৰ্যকাৰিতা বা Vaccine Efficacy ৰ মূল্যায়ন কৰা হয় । Vaccine Efficacy মূল্যায়ন কৰা প্ৰক্ৰিয়া তলত অতি সৰলভাৱে বাখ্যা কৰিবলৈ চেষ্টা কৰা হৈছে । 

ধৰাহল Phase-III ত বিশ হাজাৰ লোকক ভেকচিন দিবলৈ থিৰাং কৰা হ'ল । এই বিশ হাজাৰ লোকক দুটা ভাগত ভগোৱা হয় । প্ৰত্যেক ভাগতে দহ হাজাৰ । প্ৰথম দহ হাজাৰক ভেকচিন দিয়া হয় । দ্বিতীয় দহ হাজাৰক ভেকচিনৰ সলনি অনিষ্ট নকৰা পানী বা চেলাইন দিয়া হয় কিন্তু কোৱা হয় তেওলোককো ভেকচিন দিয়া হৈছে । দুয়ো ভাগৰ মুঠ বিশ হাজাৰ লোকে ভাবে যে তেওঁলোক সকলোৱে ভেকচিন লৈছে । ইয়াক Placebo Effect বোলে । ভেকচিন দিয়া জনেহে জানে কাক ভেকচিন দিয়া হৈছে কাক দিয়া হোৱা নাই ।

ভেকচিনৰ প্ৰভাৱ সম্বন্ধে তথ্য আহৰণ কৰা হয় । ভেকচিন লোৱাৰ পিছতো ৰোগত আক্ৰান্ত হোৱা তথা পাৰ্শ্বক্ৰিয়াত ভোগা লোকৰ সংখ্যা নিৰ্ণয় কৰা হয় ।

ধৰা হল -

X=ভেকচিনৰ সলনি চেলাইন দিয়া দহহাজাৰৰ মাজত ৰোগত আক্ৰান্ত তথা পাৰ্শ্বক্ৰিয়াত ভোগা লোকৰ মুঠ সংখ্যা ।

Y=ভেকচিন দিয়া দহ হাজাৰৰ মাজত ৰোগত আক্ৰান্ত তথা পাৰ্শ্বক্ৰিয়াত ভোগা লোকৰ মুঠ সংখ্যা । 

যদি X=Y তেনেহলে সিদ্ধান্ত এয়ে যে ভেকচিন দিয়া নিদিয়াৰ মাজত কোনো পাৰ্থক্য নাই । গতিকে Vaccine Efficacy শূন্য শতা্ংশ ।

যদি Y=0 তেনেহলে সিদ্ধান্ত এয়ে যে ভেকচিন ললে আক্ৰান্ত নহয় আৰু ভেকচিন  নললে আক্ৰান্ত হয় । গতিকে Vaccine Efficacy 100%.

সাধাৰণতে X ৰ তুলনাত Y বহুত সৰু । গণিতৰ ভাষাত Vaccine Efficacy VE ৰ ফৰ্মুলা তলত দিয়া ধৰণৰ

VE = { ( X - Y )/X }100%
      = {(1 - Y/X )} 100%

এটা ভেকচিনৰ ক্ষেত্ৰত 

X=162 অৰ্থাৎ ভেকচিনৰ সলনি চেলাইন পোৱা কিন্তু ভেকচিন পাইছো বুলি মনোবৈজ্ঞানিক ভাৱে বিশ্বাস কৰা বা Placebo Effect ৰ অধীনত আক্ৰান্তৰ মুঠ সংখ্যা ১৬২ ।

Y=8 অৰ্থাৎ সচাকৈ ভেকচিন লোৱা লোকৰ মাজত আক্ৰান্তৰ মুঠ সংখ্যা ৮

গতিকে Vaccine Efficacy  VE হ'ব

VE = {(162 - 8 )/162} 100% = 95%

Pfizer ৰ ভেকচিনৰ VE 95%
Modern a ৰ ভেকচিনৰ  VE 94%
Covishield ৰ VE 67% 

মন কৰিবলগীয়া যে Vaccine Efficacy VE এটা পাৰিসাংখ্যিক পেৰামিটাৰ বা স্থিৰাংক । বহু লোকৰ সমষ্টি বা Population ৰ ওপৰত ভেকচিনৰ প্ৰভাৱৰ বিষয়ে ধাৰণা কৰাত সহায়ক । এজন বিশেষ ব্যক্তিৰ ওপৰত ভেকচিনৰ প্ৰভাৱ যেনে ৰোগ প্ৰতিৰোধ ক্ষমতা পাবনে নাই বা পাৰ্শ্বক্ৰিয়া হ'ব নেকি এই বিষয়ে শুদ্ধ ধাৰণা কৰিব নোৱাৰি । অনিশ্চয়তা তথা সম্ভাৱনাৰ বিষয়েহে ধাৰণা কৰিব পাৰি । Uncertainty and Probability তত্বৰ কথা আহি যায় । ইয়াৰ উপৰিও জাতিগত বৈশিষ্ট্য, লিংগ পুৰুষ নে মহিলা, বয়স, ভাইৰাছৰ মিউটেন্ট ভেৰিয়েচন, বতৰ আৰু জলবায়ু, খাদ্যাভাষ আদিয়ে কেনেদৰে প্ৰভাৱ পেলাব পাৰে সেয়া স্পষ্ট নহয় ।

বিশেষ দ্ৰষ্টব্য : Drishti IAS Coaching ৰ প্ৰতিষ্ঠাপক Dr Vikas Divyakriti ছাৰৰ এটি ইউটিউবত উপলব্ধ ভিডিঅ'ৰ আধাৰত তৈয়াৰ কৰা এই পোষ্টটোত যদি কিবা ভুল ভ্ৰান্তি হৈছে দয়াকৰি তথ্যসহকাৰে আঙুলিয়াই দিলে কৃতজ্ঞ হম ।

মেদ মচলাবিহীন এটা সত্য কাহিনীঃ জধলা সি

মেদ মচলাবিহীন এটা সত্য কাহিনীঃ জধলা সি 
--------------------------------------------------------
                              জয়ন্ত আকাশ বৰ্মণ

মহান চিকটা বুলি তাৰ এটা সুনাম আছে। অফিছত কোনোবাই যদি ৰঙা চাহৰ পাৰ্টীও দিয়ে, সিদিনাখন সি আৰু লাঞ্চ নকৰে। আৰু, অফিছত কোনোবাই যদি চিংৰা চাহৰ পাৰ্টী দিয়াৰ কথা থাকে, সিদিনা সি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিও নাহে।
অফিছলৈ আহোঁতে সদায় সি উৱঁ‌লি যোৱা চোলা এটাৰ লগত ক'লা ফটা পেন্ট এটা পিন্ধি আহে। বাথৰূমত সোমাই সি ভাল চোলা এটা পিন্ধি লয়, আৰু ছুটীৰ সময়ত আকৌ উৱলা পোচাকযোৰ পিন্ধি চোলাটো মোৰেই কাপ ব'ৰ্ডত থৈ যায়। সি  অফিছৰ মোৰ ব্যক্তিগত পিয়ন। আমাৰ আড্ডাৰ সি এটা আচৰিত প্ৰজাতিৰ নমুনা। তাৰ কাৰ্পণ্য আমাৰ কেতিয়াবা বিৰক্তি আৰু কেতিয়াবা হাস্যৰসৰো উৎস। 
টেবুলত তাৰ কেজুৱেল লিভৰ দৰ্খাস্তখন পালোঁ। সন্ধিয়া মই তাৰ ঘৰলৈ গ'লো। বেমাৰ হ'লেও সি কেতিয়াও দৰৱ কিনি নাখায়। টকাবোৰ কেৱল সাঁচিহে থয়।ইফালে  ইয়াত ডেংগুৰ অত্যাচাৰ। গতিকে খবৰ কৰিবলৈ প্ৰথমবাৰৰ বাবে সিদিনা  সন্ধিয়া মই তাৰ ঘৰলৈ গ'লো। মই তাৰ কেৱল গাওঁখনৰ নামহে জানিছিলোঁ। দোকান এখনত মই তাৰ ঠিকনাটো সুধিলো। 
দোকানীজনে ঘৰটো ভুলকৈ দেখুৱাই দিলে। যিটো ঘৰ দেখুৱাই দিলে, সেইখন এখন অনাথ আশ্ৰমহে আছিল।  
মই উভটি আহিলোঁ।দোকানীজনক পুণৰ সুধিলোঁ, এই যে ••• অফিছত কাম কৰে মানস ভূঞা, তেখেতৰ ঘৰটোহে সুধিছো। মই তেখেতৰ অফিছৰেই।দোকানীজনে ক'লে- হয়, মই আপোনাক তেখেতৰ ঘৰেই দেখুৱাইছো। সৰুতেই মাক দেউতাকক হেৰুওৱা তেখেতে আপোনালোকৰ অফিছত চাকৰি পায়েই সেইখন অনাথ আশ্ৰম খুলিলে। নিজেও থাকে। নিজৰ দৰ্মহাৰেই চলায় বিছজনীয়া আশ্ৰমখন। এজন শিশুৰ গা বেয়া আছিল যোৱাকালি। আজি ৰাতিপুৱাই তেখেতে তাক গুৱাহাটীৰ ডক্টৰৰ ওচৰলৈ লৈ গৈছে। আমিও সামান্য পইচা দি সহায় কৰিছোঁ‌। 
মই দোকানীজনৰ বাঁহৰ চাং খনত বহি পৰিলোঁ। নাতিদূৰত অসম আৰ্হিৰ পৰিপাটী অশ্ৰমখনৰ চোতালত কেইজনমান শিশুৱে ৰেল ৰেল খেলি আছে। এজন শিশুৱে কাগজৰ এখন উৰাজাহজ উৰাই আছিল। 

পৃথিৱীখন ভাল। 

মানস পিয়ন সঁ‌চাকৈয়েই এটা আচৰিত প্ৰজাতিৰ নমুনা।

জধলা কৃপন মানস পিয়ন ধুনীয়া।

মই এদিন চুৰ কৰিছিলোঁ

মই এদিন চুৰ কৰিছিলো

                   ভূষণ তালুকদাৰ

মই আজি কৱলৈ দ্বিধাবোধ নকৰো যে এদিন মই এক চুৰি কাৰ্যত লিপ্ত হৈছিলো । এয়া আজি মোৰ আপোনালোকৰ ওচৰত অকপট স্বীকাৰোক্তি । চুৰিও চুৰি কিন্তু এলা পেচা বিধৰ চুৰি নহয় ।
সম্ভৱত সেয়া প্ৰায় ১৯৯২ চনৰ ঘটনা । মোৰ দেউতাই অসম চৰকাৰৰ কৃৃৃৃষি বিভাগৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেতিয়া । সেইসময়ত মোৰ দেউতা শাৰিৰীক ভাৱে একেবাৰে অসুস্থ আছিল । ফলত দেউতাই অৱসৰ গ্ৰহণ কৰাৰ বাবে ইমানদিনে দেউতাই নিয়মিত ভাৱে পাই থকা দৰমহাটো বন্ধ হৈ পৰাত আমি বহুত অসুবিধাত পৰিছিলো । সেইখিনি সময়ত মই আৰু দাদাই পঢ়ি আছিলো বাবে আমাকো খৰছ দিব লাগে , ঘৰৰ সমস্ত খৰছৰ উপৰিও দেউতাৰ চিকিৎসা ব্যয়ৰ বাবে আৰু বেছি প্ৰয়োজন হয় বহুত টকা । ফলত দেউতাৰ পেন্সনটো বহুদিন নোহোৱাত আমি একপ্ৰকাৰ সমস্যাতে পৰিছিলো । শাৰিৰীক ভাৱে অসুস্থ দেউতাৰ পেন্সনৰ কাম খিনিৰ বাবে দেউতা আৰু মই গুৱাহাটীলৈ বহুদিন গলো যদিও পেন্সন বিভাগৰ বিষয়া বিলাকে প্ৰতিবাৰ নানান অসুবিধা দেখুৱাই আমাক বিমুখ কৰি ওভোটাই পঠায় । এনেদৰে আমি প্ৰায় আঠ মাহমান ধৰি বহুত কষ্ট কৰি বহুত বিভাগীয় ককৰ্থনা খাই হ'লেও দেউতাৰ পেন্সনৰ কামটো আগবঢ়াবলৈ সক্ষম হৈছিলো । কিন্তু আৰু মাত্ৰ এখন কিবা প্ৰয়োজনীয় কাগজৰ বাবে দেউতাই পেন্সনটো পোৱা নাই বুলি আমি জানিব পৰাত সেইসময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষত তথা ব্ৰহ্মপুত্ৰৰ পাৰত থকা বিভাগীয় কাৰ্যালয়টোলৈ দেউতা আৰু মই এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে তাত বাতি কাঢ়িও বহুদিন ধৰি উক্ত কাগজখন উলিয়াব পৰা নাছিলো । এনেকৈয়ে এদিন কাৰ্যালয়টোত গৈ কাগজখনৰ দায়িত্বত থকা কৰ্মচাৰী জনক দেউতাই গৈ অনুৰোধ কৰি কলে যে , এতিয়াৰ পৰা কাগজ খনৰ সংক্ৰান্তত দেউতাই যোৱাৰ পৰিবৰ্তে মোক পঠাব বুলি মোক দেখুৱাই তেখেতক কলে । কৰ্মচাৰীজনেও অৱশ্যে একেবাৰতে মান্তি হৈ মই গলেও হ'ব বুলি আমাক জনালে । সেইদিনাৰ পৰা মই যোৱা আৰম্ভ কৰিলো কাগজখনৰ খৱৰ লৱলৈ বুলি । এনেকৈ প্ৰায় আৰু তিনিমাহ মান যোৱাৰ পিছত এদিন বিষয়া গৰাকীয়ে মই গৈ পোৱাৰ লগে জনালে যে আমাৰ কামটো হৈছে । শুনি মোৰ মনটো প্ৰফুল্লিত হৈ পৰিল । তেখেতে দৰ্জা নথকা একপ্ৰকাৰ ভঙা চিঙা এটা কাঠৰ আলমিৰাৰ পৰা এটা মস্ত ফাইল উলিয়াই আনি এজাপ কাগজৰ মাজৰ পৰা দেউতাৰ প্ৰয়োজনীয় কাগজখন উলিয়ালে । মোৰ মনটো খুব ভাল লাগিল । কিন্তু বিষয়া গৰাকীয়ে মোৰ পিঠিত থপৰিয়াই থপৰিয়াই খুব মৰমৰ সুৰত কব ধৰিলে যে কাগজ খনৰ কামখিনি কৰোতে তেখেতৰ বহুত কষ্ট হৈছে । গতিকে তেওঁক চাহ পানীৰ নামত মই বোলে তেখেতক কিবা এটা দিব লাগে । মই ও বোলো হ'ব দিয়ক , লওঁক এই পঞ্চাছ টকা বুলি তেখেতক এটা পঞ্চাছ টকা যাচিলোঁ । তেখেতে মোক লগে লগে কলে যে, নাই নহ'ব পাচঁঁশ টকা নাপালে মই তোমাক কাগজখন দিব নোৱাৰো । মই তেতিয়া বিবুদ্ধিত পৰিলো কাৰণ মোৰ লগত যে তেতিয়া সিমান টকা নাই । তেখেতক দুইশ টকা দিব পাৰিম বুলি বহুত অনুৰোধ কৰা স্বত্বেও তেখেতে মোৰ কথাক কোনো গুৰুত্ব নিদি কাগজখন সেই ফাইলটোতে পুণৰ ‌থৈ দি উচাত মাৰি কাৰ্যালয়ৰ বাহিৰলৈ গুছি গ'ল । তেওঁ গৈ এখন চাহ দোকানত বহি চাহ খাবলৈ ধৰিলে । তেওঁৰ পিছে পিছে গৈ মই তাতো তেখেতক বহুত অনুৰোধ কৰিলো যদিও তেতিয়া তেওঁ মোক বহুত বেয়া ব্যৱহাৰ কৰি বহুত বেয়া কে ক'লে । বহুত মানুহৰ সম্মুখত ইমান লাজ পালো যে মই কি কৰিম কি নকৰিম তেনেকুৱা লাগিল মোৰ  । তেতিয়ানো হঠাতে কি হ' ল , মোৰ মুৰত এটা বৰ বেয়া বুধি খেলালে । লগে লগে সেই বিষয়া গৰাকীৰ কাৰ্যালয়টোত প্ৰবেশ কৰি  তেখেতৰ টেবিল খনৰ ওচৰতে থকা উক্ত ভঙাচিঙা কাঠৰ আলমিৰাটোৰ পৰা দেউতাৰ কাগজখন থোৱা ফাইলটো সাউত কৰি উলিয়াই আনি কাগজ খন বিচাৰি উলিয়াই হাতত লৈ ফাইলটো পুণৰাই বন্ধ  কৰি আলমিৰাটোত পুণৰাই থৈ মই তাৰ পৰা প্ৰস্থান কৰিলো । মই ফাইলটো উলিওৱাৰ সময়ত কাৰ্যালয়টোত আৰু বহুত মানুহ আছিল যদিও কোনেও মোক গুৰুত্ব দিয়া নাছিল , কিয়নো সেই কাৰ্যালয়টোলৈ মই ইমান বাৰ গৈছো যে মোক দেখি দেখি তেওঁলোক হয়তো অভ্যস্থ হৈ গৈছিল । সেই সময়ত মই কি গুৰুতৰ দোষনীয় কাম কৰিছো সেয়া ভাবিবলৈ মোৰ মগজুৱে একো কাম কৰা নাছিল । মাথোন মোৰ মন -মগজুত একুৰা প্ৰতিশোধৰ হে জুই জ্বলি আছিল তেতিয়া । মই কাগজখন চোৰ কৰি ধৰা পৰিলে মোৰ লগতে দেউতাৰো কি গতি হ'ব সেয়াও এক বিন্দুও ভাবিবলৈ সক্ষম হোৱা নাই । মই তেতিয়া এক বিশ্বজয় কৰি অহাৰ ভাৱ এটা লৈ হে ঘৰলৈ উভটনি যাত্ৰাৰ বাবে ট্ৰেইনত আহি দৌৰা দৌৰিকৈ বহি পৰিলো । কিন্তু ট্ৰেইনখনত বহাৰ অলপ পিছৰে পৰা মই যেন অনুশোচনাত দগ্ধ হ'বলৈ ধৰিলো । মই কি ভুল কাম কৰিলো বুলি ভয়তে মোৰ হাত ভৰি ক্ৰমান্বয়ে কপিবলৈ আৰম্ভ কৰিলে। তেনেকৈয়ে ভয় ভয় কৈ এক অজান আশংকাত কিবা কৈ ঘৰ পালোহি । ঘৰ আহি পোৱাৰ আগতে মই ঠিৰাং কৰি লৈছিলো যে এইবোৰ কথা ঘৰত মই কাকো নজনাও ।কাৰণ শাৰিৰীক ভাৱে অসুস্থ দেউতাই মোৰ এনেকুৱা অপকৰ্মৰ কথা শুনিলে কি অৱস্থা হয় সেয়া ভাবিয়ে ঘৰত কাকো নজনাম বুলি সিদ্ধান্ত লৈছিলো । গতিকে ঘৰত উপস্থিত হৈ মুখত এক কৃৃত্ৰিম হাঁহি লৈ দেউতাক কাগজখন জমা দিলো । সেইদিনা গোটেই নিশাটো মই উজাগৰেই কটাই দিছিলো । তাৰ পৰবৰ্তী সময়ত উক্ত কাগজখন বেংকত জমা দিয়াৰ প্ৰায় এমাহমান পিছতে দেউতাই পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছিল ।  পেঞ্চনৰ কামটো হোৱাৰ দিনাহে মই এক স্বস্তিৰ নিশ্বাস পেলাইছিলো । সেইদিনাই মই  ভাবিছিলো যে সেই কাগজখনৰ কাম  আচলতে বহুুদিন  আগতেই  হৈ গৈছিল ,কিন্তু পইচাৰ ধান্দাত হে  আমাক ইমানদিনে  ঘুৰাই পঠাই  আছিল । নহলেনো এখন কাগজ বিভাগৰ ফাইলৰ পৰা  নাইকীয়া হোৱাৰ পিছতো একো হাহাকাৰ নালাগিল হৈ হেতেন নে ! আনহাতে দেউতাই  ২০০৫ চনত ইহ সংসাৰৰ পৰা বিদায় মাগিলে । তথাপিও মোৰ উক্ত অপকৰ্মটোৰ কথা দেউতা বুলিয়ে নহয় ঘৰৰ কাকোৱে আজিলৈকে জনোৱা নাই । অৱশ্যে মোৰ খুৱ ঘনিষ্ঠ  বন্ধু দুই এজনে জানে মোৰ জীৱনৰ অতিকে নিন্দনীয় উক্ত দুস্কাৰ্যটোৰ কথা । 

 ( মোৰ অতীত জীৱনৰ সেই দুষ্কাৰ্যৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । লগতে মোৰ এতিয়াও ভাবি ভয় লাগে যে , সেই সময়ত যদি উক্ত কাৰ্যালয়টোত চি চি কেমেৰা লগোৱা থাকিল হৈ মোৰ কি গতি লাগিল হৈ তেতিয়া ! )

        

চৰকাৰে মাইক্ৰফাইনেঞ্চৰ ধাৰ মাৰিব কিয়?

চৰকাৰে মাইক্ৰফাইনেঞ্চৰ ধাৰ মাৰিব কিয়?

                    ফনীন্দ্ৰ বৰগোহাঁই


ইলেকচনৰ আগলৈকে সকলো মাইক্ৰফাইনেঞ্চৰ পৰা ঋণ লোৱা সকলো হিতাধিকাৰীৰ ঋণ মাফ কৰিম বুলি চৰকাৰখনে নিৰ্বাচনী বৈতৰণী পাৰ কৰিলে। মহিলা ভোটাৰক ঋণ মাফৰ ইছুটোৱে ব্যাপকভাৱে আকৰ্ষিত কৰিছিল। চৰকাৰৰ পক্ষত মহিলাসকলে যথেষ্ট পৰিমাণে ভোট দিলে। 
নিৰ্বাচনৰ আগত সকলোকে ঋণ মাফ কৰিম বুলি কোৱা চৰকাৰ খনে ম‌ই আগতে ধাৰণা কৰাৰ দৰে ঋণ মাফৰ সলনি সুত মাফ কৰিবলৈহে চিন্তা-চৰ্চা কৰি থকা দেখিবলৈ পোৱা গৈছে।

এতিয়া কথা হ'ল চৰকাৰে মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰিব কিয়? শেহতীয়া তথ্য অনুসৰি ক্ষুদ্ৰ ঋণৰ ১২,৪০০ কোটি ঋণ বৰ্তমান হিতাধিকাৰীৰ অনাদয় হৈ আছে বা হিতাধিকাৰীৰ হাতত আছে। ইয়াৰে ৫০% বন্ধন বেঙ্কৰ । ১০% লোকৰ হাতত আছে ১,০০,০০কৈ অধিক ধন। গড় হিচাপত ৪৫,০০০ কৈ টকা হিতাধিকাৰীৰ ওচৰত আছে। দুটা কৰ'না কালত জৰ্জৰিত অৰ্থনৈতিক মন্দাৱস্থাৰ পৰিপ্ৰেক্ষিতত ইমান কোটি টকাৰ ঋণ চৰকাৰে কেনেকৈ ৰেহাই দিব। ৰেহাই দিব‌ই বা কিয়? ম‌ই আগতে ধাৰণা কৰা মতে চৰকাৰে কেৱল সুত ৰেহাই দিবলৈহে গুণাগথা কৰি আছে। মুঠতে নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি অনুসৰি সাপো নমৰক লাঠীও নাভাগগ নিচিনাকৈ এই সকল লোকক সাময়িক সকাহ দিবলৈ চেষ্টা কৰা যেন লাগিছে। 

মাইক্ৰফাইনেঞ্চৰ ধন লোৱা একেবাৰে নগন্য সংখ্যক লোকেহে উৎপাদনমুখী কামত ধন বিনিয়োগ কৰি সময়মতে ধাৰ মাৰি চচ্ছল জীৱন অতিবাহিত কৰিছে আৰু আৰ্থিকভাৱে লাৱাম্বান্বিত হৈছে। ইয়াৰ বিপৰীতে চকুৰ আগত সততে দেখি থকা কিছুমান দৃশ্য দেখিলে এনে লাগে যেন চৰকাৰে ঋণ/ সুত মাফ কৰিব কিয়? ইয়াৰ কেইটামান উদাহৰণ দিছোঁ। মাইক্ৰফাইনেঞ্চৰ টকাৰে মহিলাসকলে কি কি কৰিছে কেইটামান উদাহৰণ দিছোঁ।

১/আগতে সদায় খৰিত ভাত ৰন্ধা গৃহিনীয়ে এতিয়া খৰিত ভাত ৰান্ধিব নোৱৰা হ'ল। ঘৰ ক'লা পৰিব। বাচন- বৰ্তন ক'লা হ'ব।

২/পীৰাত বহি ভাত খোৱা মানুহে এতিয়া ডাইনিঙত টেবুলত ভাত খোৱা হ'ল। এতিয়া পীৰাত বহি ভাত খালে ভাত হজম নোহোৱা হ'ল।

৩/বহুতো মহিলাই ঋণৰ টকা আন লোকক অধিক  হাৰত সুতলৈ দিয়ে। ফলত এচাম লোকে সুত ভৰি ভৰি অৰ্থনৈতিক ভাৱে কোঙা হৈ পৰিছে। 

৪/ঋণৰ টকাৰে অপ্ৰয়োজনীয়ভাৱে ঘৰৰ আচবাব ক্ৰয় কৰিছে। শেষত ঋণ প্ৰদানকাৰী বেঙ্কসমূহক সময়মতে সুত দিব নোৱাৰি আকৌ গাঁৱৰ মহাজন আদিৰ পৰা অধিক হাৰত সুত লৈ ধাৰ মাৰিব লগীয়া হৈছে।
 
এইক্ষেত্ৰত ঋণ প্ৰদানকাৰী বেঙ্কসমূহৰো কিছু দায়িত্ব থকা উচিত বুলি মই ভাবোঁ। ঋণৰ টকা ক'ত খটুৱাইছে; কি কাৰণে ঋণ প্ৰদান কৰিব আদি বিষয়সমূহত বেঙ্কসমূহে গুৰুত্ব প্ৰদান কৰিব লাগে। ঋণ প্ৰদানৰ ক্ষেত্ৰত সুস্পষ্ট নীতি থকা দৰকাৰ।

চৰকাৰে ঋণ মাফ কৰিব বিচাৰিছে ইয়াত কোনো আপোনাৰ বা মোৰ ক'ব লগীয়া নাই। কিন্তু সাধাৰণ জনতাৰ ওপৰত , মধ্য বিত্তৰ ওপৰত মাধমাৰ সোধাই অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰৰ বোজা জাপি দি ঋণ মাফৰ কোনো যুক্তি থাকিব নোৱাৰে। 

অৱশ্যে এই কৰ'না অতিমাৰীৰ বাবে একেবাৰে খাতি খোৱা লোকসকল যিসকলে দৈনিক হাজিৰা কৰি দৈনিক খায়, তেনে লোকক ঋণ মাফ কৰিব নে সুত মাফ কৰিব সেইটো চৰকাৰে বিবেচনা কৰি চাব লাগে। অৰ্থাৎ যিসকলক সঁচাকৈয়ে সুত মাফৰ প্ৰয়োজন আছে তেনে লোককহে সুত মাফৰ আওতালৈ আনিব লাগে। আৰ্থিকভাৱে সবল  হিতাধিকাৰীক সুত ৰেহাইৰ কোনো যুক্তি নাই।

                  ফণীন্দ্ৰ বৰগোহাঁই
                  বোকাজান, কাৰ্বি আংলং

ভূৱা আই. বি. অফিচাৰ

ভূৱা আই. বি. অফিচাৰ

             উজ্জ্বল দীপলু গগৈ

(যোৰহাটত ধৰা পৰা ভুৱা মেজিষ্ট্ৰেটৰ দৰে একেই কাহিনী এটা)


সেইসময়ত আমি মাষ্টাৰ্চ ডিগ্ৰীৰ লাষ্ট চেমিষ্টাৰৰ ছাত্ৰ৷ এদিনাখনৰ কথা, ক্লাচ একমান বজাত শেষ হোৱাত হোষ্টেললৈ আহি ফিল্ডতে বহি লৈ হোষ্টেলৰ সন্মুখেৰে পাৰ হৈ যোৱা ছোৱালীবোৰক 'মাইনা বিয়া পাতিম
সোণৰ খাৰু বনাই দিম তোমাৰ-মোৰ সুখৰ সংসাৰ'

ইত্যাদি চিঞৰি জোকাই আছিলোঁ৷ ঠিক তেনেতে ৰাস্তাইদি গৈ থকা মানুহ এজন হঠাৎ হোষ্টেললৈ সোমাই আহিল৷ পিন্ধনত তেখেত খুব  পৰিপাটী আছিল; ফুল শ্লীভ চাৰ্ট, কাঢ়া ইস্ত্ৰী কৰা পেণ্ট, পলিচ কৰা জোতা, চকুত দামী চশমা, ডিঙিত টাই এডাল৷ হাতৰ ঘড়ীটো দেখিলেই দামী বুলি গম পোৱা গৈছিল, চুলিখিনি চাইডব্ৰাচ৷ আমি প্ৰথমে হোষ্টেলৰ কোনোবা ল'ৰাৰ অভিভাৱক বুলি ভাবি ছোৱালী জোকোৱা বন্ধ কৰিছিলোঁ কিন্তু ওচৰলৈ আহি যিডাল গোজৰণি মাৰিলে আমি থতমত খাই গ'লো৷ 'Eve teasing is an offence and punishable under অমুক তমুক বুলি এসোপামান কিবাকিবি কৈ কৈ হাতৰ টিপতে চাৰ্টৰ জেপৰপৰা অশোক চক্ৰ সম্বলিত আই-কাৰ্ড এখন দেখুৱাই নিজকে Intelligence Bureu, Northeastern Regional Deputy Head বুলি আমাৰ আগত কোৱাৰ লগে লগে আমাৰ বুকু কেইখন চিৰিঙকে মাৰিলে৷ আমাক আত্মপক্ষ সমৰ্থন কৰিবলৈ কথা কোৱাৰ সুযোগ নিদি তেখেতে ম'বাইল এটা উলিয়াই মুখ মেলি আআআ কে চাই থকা আমাৰ কেইটাৰ ফটো এখন খিচিককে মাৰি কাৰোবালৈ ফোন লগাই ক'বলৈ আৰম্ভ কৰিলে, "Yes I caught some of them red handed...I got some proof too, yes yes they were teasing the girls, send the van quickly......৷" 
আমাৰ সেই সময়ত বিহু ফাটি গৈছিল, IB অফিচাৰে ছোৱালী জোকাই থাকোঁতে ধৰিছে, ধেমালি কথা নেকি!
আমি ভঙা ভঙা মাতেৰে তেখেতক বুজাইছোঁ হে বুজাইছোঁ 'গুৱাহাটী ইউনিভাৰ্চিটী ম্যে য়্যে এক পৰম্পৰা হ্যে লড়কী জোকানেকা……লড়কী ভ্যী লড়কা কৌ অকলে মিলনে চে জোকাতা হ্যে আৰু লড়কা লৌগ ভ্যী জোকাতা হ্যে৷'

কিন্তু যিমানেই বুজাওঁ তেখেতে সিমানেই আইন, অপৰাধৰ কথা ক'বলৈ যায়৷ শেষত যেনিবা কিবা এটা বুজি পাইছিল তেখেতে; নেক্সট টাইম তেনেকুৱা নকৰিবলৈ কৈ চাহ খাবলে আমাৰপৰা দুশ টকা এটা লৈ তেওঁ ৰাস্তালৈ বুলি খোজ দিলে৷ আমিও স্বস্তিৰ  নিশ্বাস এৰিলোঁ, যি কি নহওঁক দুশ টকাতে কেচ চেটেপ লাগিল৷
     কিন্তু হঠাৎ, আমাৰ মনত সন্দেহ হ'ল৷ চাল্লা IBৰ অফিচাৰে ছোৱালী জোকোৱা কেচ চাবলৈ কিয় আহিব হে৷ অলপ চেতনা জাগিল আমাৰ মনত৷ মানুহজন তেতিয়া প্ৰায় দুশ মিটাৰমান গৈছিলহে হোষ্টেলৰপৰা ওলায়৷ আমি কেইটাই তেখেতৰ পাছ ল'বলৈ দৌৰ দিলোঁ৷ হঠাৎ মানুহটোৱে পাছলৈ এবাৰ চাই প্ৰথমে খৰখোজ, তাৰপাছত চুপাৰ স্পীডত দৌৰ দিবলৈ আৰম্ভ কৰিলে৷ ৰেচ এখন আৰম্ভ হ'ল; আগফালৰপৰা আহি থকা কোনোবা দুটামানে আমাৰ 'ধৰ ঐ তাক ধৰ' বুলি কোৱা চিঞৰ শুনি আগভেটি ধৰাত সি এইবাৰ দৌৰ দিলে পুৰণা আৰ্টচ বিল্ডিঙৰ মাজেৰে৷ পাছে পাছে আমাৰ দৌৰ চলি থাকিল৷ কি কৰোঁ কি নকৰোঁকৈ এইবাৰ সি 'বিশ পইছা' (গুৱাহাটী বিশ্ববিদ্যালয়ৰ পুৰণা আৰ্টচ বিল্ডিংৰ এটুকুৰা জনপ্ৰিয় ঠাই) ৰ ওচৰ পাই পুনৰ বাওঁহাতেৰে দৌৰ দি আছুৰ অফিচৰ ওচৰ পালেগৈ৷ আমাৰ ল'ৰাবোৰো এটা এটাকৈ গোট খাইছিল৷ খেদনৰ কোবত এইবাৰ সি কোনোবা এটাৰ গাৰ ওপৰেৰে জাঁপ মাৰি গৈ বাস্কেটবল কৰ্টত পৰিলগৈ৷ তাতে কোনোবা এটাই গবা মাৰি তাক ধৰাত সি লৰচৰ কৰিব নোৱাৰি তাতেই লুটি খাই পৰিল৷ 
     জেৰা কৰিবৰ বাবে মানুহটোক ছাত্ৰ জিৰণি কোঠাত সোমোৱাই লোৱা হ'ল৷ প্ৰথমে সি IBৰ মানুহ বুলি লম্ফজম্ফ কৰি আছিল যদিও চৰ দুটামান খোৱাৰ পাছত IBৰপৰা Assam Policeৰ আণ্ডাৰগ্ৰাউণ্ড পুলিচলৈ নামিল৷ সেই সময়তে তাৰ পকেটৰপৰা কোনোবা এটাই চাৰিখনমান কিবাকিবি আই-কাৰ্ড খুচৰি পাইছিল৷ আৰু দুটা চৰ পৰাৰ পাছত সি ওলালগৈ CIDৰ ট্ৰেইনিঙ পিৰিয়ডত থকা মানুহ৷ আৰু অলপমান মৰমত কথা পতা পাছত সি ক'লেগৈ সি বোলে নিজকে অফিচাৰ এজনৰ ফিলটো ল'বলৈ বিচাৰিছিল৷ পুলিচ মাতি তাক গতাই দিয়া হৈছিল৷ পুলিচে কি অনুসন্ধান কৰিলে নাজানোঁ, গধূলিলৈ থানাৰপৰা আমালৈ ফোন আহিছিল৷ 
"বেটা IB অফিচাৰ কোনোবা ফাঁচীবজাৰৰ মাৰৱাৰী বেপাৰীৰ পাউডাৰ খোৱা পুতেক ওলাইছিল৷"

জীৱনৰ ডুখৰীয়া স্মৃতি

জীৱনৰ ডুখৰীয়া স্মৃতি

                      শ্ৰীমতী কমলা দাস


আমি ছোৱালী হাইস্কুলত পঢ়ি থাকোঁতে, কিতাপখনৰ আকাৰৰ আহল বহল বুক কভাৰেৰে, প্ৰতিদিনৰ কিতাপ বহি বোৰ মেৰাই লৈ ,বুকুত সাৱটি স্কুললৈ খোজ লৈছিলোঁ খালি ভৰিৰে। আমাৰ দিনত স্কুলত কোনেও চেণ্ডেল পিন্ধি নাহিছিল। স্কুলত চেণ্ডেল পিন্ধি যাব নাপায় বুলি সেই সময়ত সকলোৱে ভাবিছিল বা বিশ্বাস কৰিছিল। ৰঙ বিৰঙৰ বুক কভাৰেৰে মেৰিয়াই কিতাপ বহী এবোজা বুকুত সাৱটি, ইউনিফৰ্মৰ মেখেলা চাদৰ যোৰ পিন্ধি, হাইস্কুলত পঢ়া সকলো ছোৱালীয়েই জল'প জল'প কৈ খোজ কাঢ়ি আহিছিল। বেছিভাগ ছোৱালীয়ে দুদলীয়া বেণী গুঠি আগফালে পেলাই লৈছিল। কিছুমানে এডাল বেণী গুঠি পিছফালে ৰাখিছিল। ইউনিফৰ্মৰ মেখেলা চাদৰ জোৰৰ সৈতে বেণী গুঠি অহা ছোৱালী বোৰ বৰ ধুনীয়া লাগিছিল। ৰবিবাৰে নিজে নিজেই ইউনিফৰ্ম বোৰ ধুই, ভাতৰ মাৰ দি শুকুৱাই জাপি জুপি গাৰুৰ তলত থৈ খমখমীয়াকৈ লোৱা মেখেলা চাদৰ যোৰ, সোমবাৰে বৰ আগ্ৰহেৰে পিন্ধিছিলো আমি! 

গৰম দিনত প্ৰায়বোৰ ছোৱালীয়ে ৰাতিপুৱাৰ ভাগত পথাৰত গৈ কেইঘণ্টামান ৰুৱা ৰুই হে স্কুল আহিব পাৰিছিল। পথাৰৰ পৰা আহি গা টো ধুই লৰালৰিকৈ পইতা ভাত একাহী খাই, প্ৰায় চাৰি পাঁচ কিলোমিটাৰ খোজ কাঢ়ি আহিব লাগিছিল স্কুললৈ। কিছুমানে টো আঠ দহ কিলোমিটাৰ পৰ্যন্ত দূৰৰ পৰা খোজ কাঢ়ি আহিছিল স্কুললৈ। 

আমাৰ প্ৰথম ক্লাছ টো আৰম্ভ হৈছিল ইংৰাজী সাহিত্যৰে। দ্বিতীয় ক্লাছটো আছিল বিজ্ঞান নাইবা অঙ্কৰ। যিদিনা অঙ্কৰ ক্লাছ থাকে আৰু চাৰে ব্লেকবৰ্ডত অঙ্ক বুজাবলৈ আৰম্ভ কৰে, ব্লেকবৰ্ডৰ ফালে চাই অঙ্ক বুজিবলৈ চেষ্টা কৰি থাকোঁতে বেছি ভাগ ছোৱালীয়ে চকু মেলি থাকিব নোৱাৰা হৈ যায়! বাৰে বাৰে চকুৰ পতা জাপ খাই যাব ধৰে। নাযাবনো কিয়! পথাৰত ভুই ৰুই আহি, পন্তা ভাত খাই, কেইবা মাইলো খোজ কাঢ়ি অহাৰ ভাগৰে হেচা মাৰি নধৰিবনে! । টোপনীয়াবলৈ ধৰে। এই টোপনীওৱাৰ বাবে কিমানে যে চাৰৰ পৰা মাৰ খায় নাইবা কপাললৈ মাৰি পঠিওৱা চক্ পেঞ্চিলৰ ফৰ্মূটি!

আমাৰ সময়ত স্কুললৈ টিফিন বক্স নিয়া কথাটো কল্পনাৰ বাহিৰত আছিল। সদায় জিৰণিৰ সময়ত বিহাৰী চানাৱালা এটা স্কুলৰ বাহিৰত ৰৈ থাকিছিল। তাৰ পৰা আমি দহ পইচাৰ নাইবা পোন্ধৰ পইচাৰ পাপড় বুত ভজা কিনি খাইছিলোঁ। সেই খিনি চানাৰ সোৱাদ আছিল অপূৰ্ব। আৰু গোন্ধটো! কোনোবাই বহু দূৰত খালেও জিভাৰ পানী পৰি যোৱাকৈ লোভনীয় গোন্ধটো আহি নাকত লাগিছিলহি! 

গছত আম লগা দিন বোৰত, আমাৰ কেঁচা আম খোৱা হৈছিল বহুত। আমাৰ স্কুলৰ কাষতে কাৰোবাৰ এখন বৰ ডাঙৰ বাৰী আছিল। তাত বতৰৰ বিভিন্ন ফল মুলৰ গছ থকাৰ উপৰিও প্ৰকাণ্ড ডাঙৰ ডাঙৰ বহুতো আম গছ আছিল। লমালমে লগা ফল বোৰ, আমবোৰ স্কুলীয়া ল'ৰা ছোৱালীৰ বাদেও, বাটৰ বাটৰুৱাইও পাৰি পাৰি খাইছিল। ছোৱালী হাইস্কুলৰ ওচৰতে থকা ল'ৰা হাইস্কুলৰো একে সময়তে জিৰণি হৈছিল বাবে, ল'ৰাবোৰো আহিছিল তালৈ আম খাবলৈ। আমাক সিহঁতে আম পাৰি দিছিল, বিনিময়ত আমি সিহঁতক আমাৰ ভাগৰ নিমখ দিব লগীয়া হৈছিল। আমাৰ লগৰ বহুতেই ঘৰৰ পৰা কাগজত বান্ধি নিমখ আনে। গৰমত সেই নিমখ জিৰণিৰ সময়লৈ গলি যায়। যিখিনি থাকে, তাকেই ভগাই মেলি খাওঁ। , কেঁচা আমবোৰ, কটাৰীৰ অভাৱত, আমৰ গা-গছতে মাৰি মাৰি ফটাই, নিমখ লগাই খাওঁ। প্ৰচণ্ড ৰ'দৰ বতৰত, সেই কেঁচা আমৰ জুতিৰ তুলনা নাছিল। জুতি পাই খালি পেটত কেঁচা আম খোৱাৰ পৰিমাণ বেছি হ'লে, ঘৰত গৈ সিদিনা পেট কামোৰা আৰু বমি হৈছিল! কাৰোবাৰ ঢিলা পায়খানাও হয়। ঘৰত ঠিকছে গালি খাওঁ। পিছে গালিবোৰ কোনে পাত্তা দিয়ে! পেট ভাল পালেই পুনৰ খাওঁ। সেইখন বাৰীৰ ফল মূল বোৰ খোৱাৰ উপৰিও স্কুলৰ চৌহদত থকা-- শিলিখা, ভোমোৰা, মধুৰী, আমলখি আদি খাইছিলোঁ। পিয়াহ লাগিলে দমকলৰ পানী দুহাতেৰে আজলি ভৰাই খাইছিলোঁ। এনেদৰে থাকোতে জিৰণি সমাপ্ত হোৱা বেল পৰে, দৌৰি দৌৰি আহি ক্লাছত সোমাও।

কেতিয়াবা জিৰণিৰ পিছৰ ক্লাছটো আছিল সংস্কৃতৰ। যি সকলৰ সংস্কৃত নাথাকে, সিহঁতৰ বাবে সেইটো ক্লাছ অফ্ আছিল। তেনেদৰে হিন্দীৰ ক্লাছত সংস্কৃত থকা সকলৰ অফ্। অবশ্যে এইটো সুবিধা অষ্টম শ্ৰেণীৰ পৰাহে আছিল। অফ্ থাকিলে আমি খুব ভাল পাইছিলোঁ। যিকেইজনীৰ অফ্ থাকে, সেইকেইজনীয়ে বাহিৰত বনত বহি বিয়নি মেল মাৰিছিলো। 

ক্লাছ চেভেনলৈকে হিন্দী বিষয়টো সকলোৰে বাবে বাধ্যতামূলক আছিল। আমাৰ হিন্দীৰ শিক্ষক জন খুব সহজ সৰল মানুহ আছিল। সেইজন চাৰে কোনোদিনে কাকো গালি দি পোৱা নাছিল। চাৰ জনৰ ক্লাছত বহুতেই পাল মাৰিছিল। চাৰে ক্লাছত সোমাইয়েই আমাক প্ৰায়ে পাঠ পঢ়িব দিয়ে। এজনৰ পিছত এজনকৈ পাঠ পঢ়িব দি চাৰে টেবুলত মূৰটো থৈ টোপনিয়াবলৈ ধৰে। গোটেই ক্লাছটোৰ পঢ়া হয় মানে চাৰৰ এক টোপনি মৰা হয়গৈ। আমিও ভুলে শুদ্ধই যিয়ে যেনেকৈ পাৰো পঢ়ি থওঁ । তাৰ পাছতো চাৰে সাৰ নাপালে, আমি ইচ্ছা মতে মেলত ধৰোঁ। মেলৰ নিচাতে কেতিয়াবা কোনোবাই কাৰোবাৰ বেঞ্চলৈ উঠিও যায়। তেনেকৈ থাকোঁতে ক্লাছ সমাপ্তি বেল পৰে আৰু চাৰে ধহমহকৈ সাৰ পাই ক্লাছৰ পৰা ওলাই যায়। কেতিয়াবা সাৰ নাপায়ো। তেতিয়া তেওঁক পিছৰ ক্লাছৰ চাৰ বা বাইদেউৱে আহি জগাই উঠাই পঠায়।

স্কুলৰ পৰা আহি ভাত কেইটা খাবলৈ নোপোৱা যেন লাগে! দৌৰাদৌৰিকৈ কাপোৰ সলাই হাত ভৰি ধুই ভাতৰ পাতত বহো। দুপৰীয়া বাঢ়ি ঢাকি থোৱা ভাত আঞ্জা ঠাণ্ডা হৈ থাকে। তথাপিও কি যে সোৱাদ আছিল সেই সাজ ভাতৰ! আঞ্জাও নো কি আছিল! কেতিয়াবা মচুৰ দাইল আৰু সৰু আলু ভজা। নাইবা মাছেৰে সান মিহলি শাক ৰান্ধি লগত বাৰীৰ বন্ধা কবিৰ বুঢ়া পাতেৰে সৈতে খাৰ দি ভজা ভাজি এখন। একো নাথাকিলে ক'ল পচলাৰ সৈতে এমুঠি মচুৰ দাইল দি ৰন্ধা আৰু লগত আলু,বেঙেনা পোৰাৰ পিতিকা! ঘৰৰ আহু চাউলৰ ৰঙা ভাতৰ সৈতে, ভোকত থকা আমি বোৰে সেয়াই টকালি টকালি খাইছিলোঁ। সেই সোৱাদৰ ভাত আঞ্জা বোৰে, এতিয়াৰ বিভিন্ন মচলা দি ৰন্ধা, মাছ -মাংস থকা ভাত সাজেও পাত্তা নাপায়।

কৰণা কালৰ মানৱতাঃ কিছু ব্যক্তিগত সত্য কাহিনী

কৰণা কালৰ মানৱতাঃ কিছু ব্যক্তিগত সত্য কাহিনী

                      জয়ন্ত আকাশ বৰ্মণ


  মানুহজনৰ বয়স চাগে' পঞ্চাছ বছৰমান হব। দুজন ল'ৰা, এজনী ছোৱালীৰে তেখেতৰ এখন সুখৰ সংসাৰ। গুৱাহাটীত অলপ মাটিও লৈছে। সৰুকৈ ঘৰ এটাও সঁ‌জাইছে। ল'ৰা দুজন পঢ়ি আছে। ছোৱালীজনী অলপ সৰু। 
    মানুহজন ছটফটীয়া, আৰু সদায় পজিটিভ। এটা ট্ৰেভেল এজেন্সিৰ গাড়ী চলায়। উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু, নদ-নদী, ৰাস্তা-ঘাট, প্ৰচলিত কিংবদন্তি-সকলো তেখেতৰ নখ দৰ্পনত। তেখেত আমাৰ অফিছৰ লগত প্ৰায় এটা দশক ধৰি জড়িত।

        অফিছৰ বিভিন্ন কামত আমাক প্ৰায়েই গাড়ীৰ দৰকাৰ হয়। আৰু যেতিয়াই তুলনামূলকভাৱে বিপজ্জনক ৰাস্তা হয়, আমি তেখেতকৈ ফোন কৰোঁ‌। টাৱাং, ব'মডিলা চেক্টৰটোৰ বাবে তেখেত অপ্ৰতিদ্বন্দী। ট্ৰেভেল এজেন্সিৰ গাড়ী চলায়েই তেখেতে নিজাকৈ এখন ইন'ভা গাড়ীও লৈছে। ইফাল-সিফাল কৰিবলৈ স্কুটী এখনো আছে।

     কালি তেখেতে ফোন কৰিলে। প্ৰথমতে মই ধৰিব পৰা নাছিলোঁ‌, তেখেতৰ নম্বৰৰ পৰা আনে ফোন কৰা বুলি ভাৱিছিলোঁ‌। সদা স্বচ্ছ, স্পষ্ট আৰু উজ্জ্বল কণ্ঠৰ মানুহগৰাকীৰ মাতটো ইমান সেমেকা, ইমান দুৰ্বল।

".... দাদা, কওক। কি খবৰ? বহুদিন দেখা হোৱা নাই।"-মই সুধিলোঁ‌।
তেখেতে প্ৰথম অলপ ইতস্ততঃ কৰিলে। কিবা যেন ক'ব খুজিও ক'ব পৰা নাই।
"দাদা, কি হ'ল? কিবা প্ৰ'ব্লেম নেকি?"
"নাই। মানে বহুত ভাৱি, অৱশেষত নোৱাৰিহে আপোনাক ফোন কৰিছোঁ‌। 
বুজিছেনে, মোৰ অৱস্থা এক্কেবাৰেই বেয়া। খাবলৈ ঘৰত একোৱেই নোহোৱা হৈছে। পৰিয়ালত প্ৰায় লঘোণ।.. দেৰবছৰেই হ'ল। ভাড়া-চাৰা নাই। গাড়ীখনো বেছি দিলোঁ‌ ছমাহ মান আগতেই। 
কিবা অলপ বজাৰ কৰি দিব।"

মোৰ খুব বেয়া লাগিল। আগতে আমি তেখেতক চাহ একাপ খুৱাব খুজিলেও নাখায়। কেতিয়াবা খালেও জোৰ কৰি আমাৰো পইচা তেখেতেহে দিয়ে। আত্মসন্মান থকা এজন মানুহ। নিজ কৰ্মৰ ওপৰত চলা মানুহ। 
তেখেতেই আজি মোক চাউল-দালি অলপ বজাৰ কৰি দিবলৈ কৈছে!

"দাদা কাইলৈ আহিব। দহটামান বজাত আহিব, আপুনি যে মোক ড্ৰপ কৰে, তালৈ।"-মই ক'লোঁ‌।

ৰাতিপুৱা চাউল এক বেগ, দালি, আলু-পিয়াজ দহকেজিমান, মিঠাতেল, বিস্কুট, চয়াবিন আদি মই বজাৰ কৰি বস্তাত ভৰাই থ'লোঁ‌।

চাৰে ন মান বজাত তেখেতে ফোন কৰিলে, মই গৈ আছোঁ‌। আধা ঘণ্টামানৰ ভিতৰত পাম।
আহক দাদা। মই আছোঁ‌।-মই ক'লোঁ‌।

পঞ্চল্লিছ মিনিটমানৰ পাচতো আহি নোপোৱা দেখি মই ফোন কৰিলোঁ।
"গৈ আছোঁ‌। খুব ৰ'দ দিছে। অলপ জিৰাই-জিৰাইহে গৈ আছোঁ‌ ৰ'ব।"-তেখেতে ক'লে।
"আপুনি খোজ কাঢ়ি আহিছে নেকি?
"একো নহয়। মই পামেই আৰু ..."
অ'হ। তেখেতৰ ঘৰৰ পৰা মোলৈ প্ৰায় পাঁ‌চ কিল'মিটাৰ। 
"আপোনাৰ স্কুটী?"-মই সুধিলোঁ‌।
"ছমাহমান আগতেই বিকি দিলোঁ‌।"
"আপুনি কিয় মোক কোৱা নাই। আপুনি কি পাইছে এতিয়া?"
"চেণ্ট্ৰেল স্কুল।"
"আপুনি তাতেই ৰৈ দিয়ক। মই লৈ গৈ আছোঁ‌।"

বাইকত দুজন উঠিব নিদিয়ে। 
বস্তা দুটা ডাঙি মই ওচৰৰ অ'টো ষ্টেণ্ডটোলৈ নিলোঁ‌। এখনেই অটো ৰৈ আছে।
"নুনমাটিলৈ যাব নেকি?
"যাম। চাৰিশ টকা লাগিব।"-অট'ৱালাজনে ক'লে।

পাঁ‌চ কিল'মিটাৰ ৰাস্তা, চাৰিশ টকা! অলপ বেচিয়েই হৈছে। পিচে বেচেৰাই বাৰটা বজাতেই ভাড়া মৰা বন্ধ কৰি ঘৰলৈ যাব লাগিব।-মই ভাৱিলোঁ‌।
"ঠিক আছে। ব'লক।"-মই বস্তা দুটা তুলি অটোত বহিলোঁ‌।

গোটেই ৰাস্তাটোৱেই অ'টৱালাজনে কাৰোবাক গালি-শপনি পাৰি গৈ থাকিল। মোডিক গালি পাৰিলে, অসম চৰকাৰৰ হিঃ বিঃ  শৰ্মাক গালি পাৰিলে। ৰাস্তা বেয়া, মোক চাৰিশৰে নহ'ব, পাঁ‌চ শ টকা লাগিব বুলিও ক'লে। একো নকৈ মই তেখেতৰ অটোত চুপ-চাপ গৈ থাকিলোঁ‌।

চেণ্ট্ৰেল স্কুলৰ আগত দ্ৰাইভাৰ দাদা ৰৈ আছিল। মোক দেখি হাত ডাঙিলে। তেখেতক উঠাই লৈ মই নুনমাটিলৈ গৈ থাকিলোঁ।
দ্ৰাইভাৰ দাদাই লগত এখন মোনা লৈ আহিছিল। কিন্তু, তেখেতলৈ অনা চাউলৰ বেগ আৰু বাকী বস্তুবোৰ দেখি মোৰ চকুলৈ চালে। মই বুজিলোঁ‌। তেখেতে আশা কৰা নাছিল, সেয়ে সৰু মোনাখনহে লৈ আহিছিল।

দ্ৰাইভাৰ দাদাক বস্তুবোৰৰ সৈতে ঘৰত নমালোঁ‌। দাদাই হাতযোৰ কৰিলে।

"আপুনি আকৌ তালৈয়েই যাব নে?"-অট'ৱালাজনে মোক সুধিলে।
"উম। তালৈয়েই যাম। তাতেই থাকোঁ‌ মই।"
"অ'। জানো। আপোনাক দেখি থাকোঁ‌।"
আহোঁ‌তে তেখেত চুপ-চাপ আহি থাকিল।

তেখেতে মোক ঘৰৰ সমুখলৈ লৈ আহিল। মই পাঁ‌চশ টকা তেখেতক দিলোঁ‌।
তেখেতে মোৰ মুখলৈ চালে।
"নালাগে দিয়ক। এশ টকা দিলেই হ'ব।"-তেখেতে ক'লে।
"কিয়? একো নাই।  লওক। মই বেয়া নাই পোৱাতো আপোনাক।-মই পাঁ‌চশ টকীয়াখন তেখেতৰ হাতত দিলোঁ‌।

মানিবেগৰ পৰা দুখন দুশ টকীয়া উলিয়াই তেখেতে তেখেতে মোৰ হাতত জোৰকৈ দি চিধাই অ'টোখন ঘুৰালে।

"দাদা, আপুনি যে বস্তু দি আহিল, তেখেতো দ্ৰাইভাৰ, ময়ো। আপোনালোকৰ কথা-বতৰা মই শুনি আছিলোঁ‌।

তেখেতক দিয়া মানেই মোকো দিয়া হৈছে দিয়ক। আমি একেই।"-অটোখন ঘৰঘৰাই চলাই তেখেত গুচি গ'ল।

Thursday, 20 May 2021

এনে ঘটনা সচাই নিন্দনীয়

ডকাইতৰ ৰূপত দুজন পুলিচ
সুমন দত্ত, ডিব্ৰুগড়


চখ থকা হ'লে বিলত ধৰা বৰালি মাছ দুটা ঘৰতে বহি তেওঁ আনন্দ মনেৰে পৰিয়ালৰ সৈতে খালেহেতেন। মানুহজন প্ৰায় দুই কেজি ওজনৰ মাছ দুটা লৈ ডিব্ৰুগড়ৰ টিভি চেণ্টাৰৰ বজাৰখনলৈ এইকাৰণেই আহিছিল যে কাৰণ এইখন বজাৰত লোকেল মাছৰ ভাল দাম পোৱা যায়। ডিব্ৰুগড়ৰ অভিজাত মানুহবোৰে ভাল মাছ বিচাৰি তালৈকে ঢপলিয়ায়। কিন্তু ভাল দাম পোৱা দূৰৰ কথা শগুণ নহয় ঠিক চিলনীৰ দৰে চোঁ মাৰি মটৰ বাইকত অহা দুটা পুলিচে আহি মাছ দুটা কাঢ়ি লৈ গুচি গ'ল মানুহজনৰ পৰা । সময় তেতিয়া পুৱাৰ ভাগত ঠিক দহ বাজো বাজো । পুলিচৰ উদ্যত লাঠি দেখি মাছ দুটা ঠাইতে ৰাখি মানুহজন পলাই গৈছিল। আৰু সেই সময়তেই ডকাইতৰ কায়দাৰে বাইকখনত উঠি থকা পুলিচজনে মাছ দুটা নিজৰ বাইকত লৈ বীৰদৰ্পে গুচি গ'ল। মাছ দুটা পুলিচজনৰ বাবে আছিল আহাৰ কিন্তু মাছ বেপাৰী জনৰ বাবে আছিল জীৱন নিৰ্বাহৰ আধাৰ । এই আধাৰ ভাত কাপোৰকে ধৰি অন্যান্য জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ পৰিয়ালটোৰ বাবে যোগাৰ কৰাৰ।

একেদিনাই তদ্ৰুপ আন এক ঘটনা
অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ বাসগৃহৰ ঠিক সমীপেদি যোৱা ৰেল লাইনৰ কাষতেই মাছ বেপাৰীজনে চুৰৰ দৰে এটা বেগ লৈ ঠিয় হৈ আছে। আগতে সেইখিনিতেই পলিথিন এখন পাৰি তেওঁ নিতৌ মাছ বেচে। আজি সৰু সৰু প্ৰায় আঢ়ৈ কিলো মাছ লৈ ক্ৰেতাৰ অপেক্ষাত বেপাৰীজন ৰৈ আছে । মাছবেপাৰীজন ক্ৰেতাজনৰ চিনাকী গতিকে তেনেদৰে কিয় আছে সোধাত মাছ বেপাৰীজনে ক'লে যে কালি পুলিচে আহি প্ৰায় ষাঠি কেজি ওজনৰ মাছ লৈ গুচি গ'ল লাঠি দেখুৱায়। গোটেই কেপিটেলটোৱেই কাঢ়ি লৈ গ'ল তেওঁৰ পৰা। আজি ডাঙৰ মাছ সেই গতিকেই নাই। সৰু সৰু আঢ়ৈ কেজি পুঠী মাছহে আছে। আপুনি লয় যদি লওক নহ'লে এনেই ৰৈ নাথাকিব । দেখিলে পুলিচে মোকেই পিটিব।
মানুহজনে অলপো পলম নকৰি গোটেই মাছখিনিকে ক্ৰয় কৰি পেলালে। ভাবি নাচালে যে ইমান সোপা সৰু মাছ ঘৰলৈ লৈ গৈ কৰিব কি ? য'ত মানুহজনৰ প্ৰয়োজন আছিল মাত্ৰ এপোৱা মাছৰ।

প্ৰতি আৰক্ষী প্ৰশাসন

কভিড মহামাৰী বুলি জানিও যিসকলে পৰিয়ালটোৰ মানুহবোৰ জীয়াই থকাৰ স্বাৰ্থত ওলাই আহিছে তেওঁলোকৰ প্ৰতি আৰক্ষীৰ লোক সদয় হওঁক। পাৰিলে আধাঘণ্টা পূৰ্বে গৈ তেওঁলোকৰ ক্ষুদ্ৰ বজাৰখনৰ সামগ্ৰী সমূহ সোনকালে বিক্ৰী কৰাৰ ব্যৱস্থা কৰি দিয়ক। নতুবা নিজে কিনি লওঁক। আপোনালোকেও আপোনালোকৰ কৰ্তব্য কৰক। সাধাৰণ মানুহবোৰকো তেওঁলোকৰ কৰ্তব্য কৰিবলৈ দিয়ক।মুষ্টিমেয় কেইজনমান সুবিধাবাদী পুলিচৰ কাৰণে গোটেই পুলিচ প্ৰশাসনৰ দুৰ্নাম হয়। এই দুৰ্নাম কঢ়িয়াই আনে এইসকল পুলিচেই। তেখেতসকলৰ ওপৰত যথোপচিত ব্যৱস্থা গ্ৰহণৰ বাবেও অনুৰোধ জনালোঁ।
This post is updated by Tultul Kutum

Wednesday, 19 May 2021

জনজাতীয় সমাজত নাৰীৰ সামাজিক স্থান

জনজাতি সমাজত নাৰী
         বিউটি পেগু, যোৰহাট, গড়মূৰ

জনজাতীয় সমাজত নাৰী বহু পৰিমাণে মুক্ত আছিল। মুক্ত মানে ব্যভিচাৰ,অত্যাচাৰী আদি বিশেষণবোৰ বুজোৱা হোৱা নাই ।

আমাৰ মিচিং সমাজত দুটা বছৰ আগলৈকে  নাৰীক লোলুপ দৃষ্টিৰে চোৱা হোৱা নাছিল | নাৰীক সন্তান জন্ম, প্রতিপালন আৰু ভোগৰ সামগ্রী বুলিও গণ্য কৰা নহৈছিল | এক প্রকাৰ ক'বলৈ গ'লে কৰ্মৰ ফালৰ পৰা চাবলৈ গ'লে মিচিং নাৰীৰ স্থান পুৰুষতকৈ ওপৰত বুলিব পাৰি |মিচিং গাঁওসমূহত যেতিয়া বাথৰুম নাছিল তেতিয়া মহিলা, গাভৰুৱে নদীৰ পাৰতেই কেৱল মেখেলাখন মেথেনি মাৰি গা ধুইছিল, কাপোৰ ধুইছিল | এই অৱস্থাত কাষেদি পাৰ হৈ যোৱা কোনো মিচিং পুৰুষে মিচিং নাৰীক অশ্লীল ইংগিত বা ভাষা প্রয়োগ কৰা দূৰৰ কথা কেৰাহিকৈয়ো দৃষ্টি নিক্ষেপ নকৰিছিল | অকলশৰে দুপৰীয়া এনে সাজৰে গা ধুই থকা মিচিং গাভৰুকো কোনো মিচিং পুৰুষে অকলশৰে পায় নিজৰ কামনা বাসনা পূৰণ কৰিবলৈ চেষ্টা কৰা নাছিল | মিচিং সমাজত ধৰ্ষণ , বলাৎকাৰ আদিবোৰ নোহোৱা নোপোজা শব্দ আছিল দুবছৰ আগলৈকে | কিন্তু মিচিং সমাজত ডেকা গাভৰুৰ  প্রেম প্রীতি যে নাছিল এনে নহয় | প্রেম কৰিছিল, লগো কৰিছিল, মন মিলিলে পলায় বিয়াও হৈছিল | কেতিয়াবা কোনো দুষ্ট গাভৰু বা দুষ্ট ডেকাই এজনী বা এজনক কথা দি প্রতিশ্রুতি ভংগ কৰি আন এজনীক বা আন এজনক বিয়াও পাতিছিল | এইবুলি প্রতিশোধৰ তাড়নাত হিংসাৰ ভাৱ জাগ্রত হোৱা নাছিল বা নিজৰ হিংসাৰ ভাৱ দমন কৰিবলৈ ধৰ্ষণৰ দৰে জঘন্য পন্থাক অৱলম্বণ কৰা নাছিল | তোতকৈ ভাল এজনী আনিম বুলিহে জিদ কৰিছিল | কিন্তু লাহে লাহে টিভিৰ বিভিন্ন চেনেলৰ চিনেমা, বলিউডৰ তৃতীয় গ্রেডৰ মছলাধৰ্মী দেহ প্রদৰ্শণমূলক, যৌনধৰ্মী চিনেমাবোৰ চাই বৰ্তমানৰ মিচিং যুৱ প্রজন্মৰো চৰিত্রৰ বহু পৰিবৰ্তন হ'ল | চিনেমাৰ কায়দাত ছোৱালীক ভালপোৱাৰ প্রস্তাৱ দিয়া, লগ কৰা, উপহাৰ দিয়া আনকি বিয়াৰ পূৰ্বে একেলগে শোৱা আদিত পিচ পৰি নাথাকিল | আকৌ চিনেমাৰ ভিলেইনৰ দৰে প্রতিশোধ লবলৈ গৈ ধৰ্ষণৰ দৰে ঘটনাও সংঘটিত কৰিছে | আজি এবছৰ আগতে মেট্রিক দিয়া যুৱক কেইজন মানে পাৰ্টিৰ নামত মদ খাই ঘৰৰ পৰা নাবালিকা এজনীক পাৰ্টী খোৱা ঠাইলৈ মাতি আনি দলবদ্ধ ধৰ্ষণ কৰে আৰু পিচত ডিঙিত চিপ লগাই গছৰ ডালত ওলোমাই থয় | মিচিং সমাজত হয়তো এইটোৱেই প্রথম ধৰ্ষণৰ ঘটনা যেন বোধ হয় | ইয়াৰ আগলৈকে মিচিং সমাজত ধৰ্ষণৰ দৰে ঘটনা সংঘটিত নহৈছিল |
This post is updated by Tultul Kutum

মিচিং সকলৰ পিনকাং আপিন

মিচিং সকলৰ পিনকাং আপিন
        বিউটি পেগু, যোৰহাট, গড়মূৰ

মিচিং সকলৰ ৰাতিপুৱা পিনকাং আপিনৰ লগত খোৱা দুবিধ ৰেচিপি হৈছে নামচিং আৰু লাঃচৰ | গাঁৱৰ মিচিং সকলৰ বাবে ৰাতিপুৱাৰ আহাৰ বুলিবলৈ ভাতেই | দুপৰীয়া আৰু ৰাতিও ভাতেই মিচিং সকলে ভাতেই মূল আহাৰ  | কিন্তু দুপৰীয়া আৰু ৰাতি ভাতৰ লগত মাছ, মাংসৰ লগতে বিভিন্ন ধৰণৰ  তৰকাৰী খায় | নৈপৰীয়া মিচিং সকল প্রধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল শ্রমজীৱি জাতি | অতীজতে আহু, শালি দুয়োবিধ ধানৰ খেতিয়েই মিচিং সকলে কৰিছিল | বৰ্তমান মথাউৰি বনোৱাৰ ফলত লগতে নৱ প্রজন্ম খেতিৰ প্রতি অনীহা প্রকাশ কৰাৰ বাবে বহুত ঠাইত শালি ধানৰ খেতিহে কৰা দেখা যায় | আকৌ ভাদ মাহ সোমোৱাৰ লগে লগে মাটিমাহ, সৰিয়হ আদিবোৰ খেতিত লাগি যায় | মিচিং গাঁওসমূহৰ পৰা পথাৰবোৰ বহু দূৰ হোৱাৰ বাবে ৰাতি তিনিটা-চাৰিটাতেই শোৱাৰ পৰা উঠি হাল বাবলৈ যাব লগাত পৰে | এইদৰে গাহৰি, কুকুৰা দানা পানী দি ঘৰৰ যাবতীয় সকলো কাম কাজ সমাপণ কৰি  মহিলা সকলেও পথাৰত কামত সহায় কৰিবলৈ যাব লগা হয় | এইবাবে হয়তো মিচিং সকলে ৰাতিপুৱা আহাৰ ভাতৰ লগত তৰকাৰী বনাবলৈ সময় নহয়গৈ ফলত ৰাতিপুৱাৰ ভাত আঞ্জাৰ লগত নাখায় | মাছ ধোৱাচাঙত শুকুৱাই নামচিং কৰি বাঁহৰ চুঙাত সংৰক্ষণ কৰি এই নামচিঙকে পাতত দি জুইত পুৰি নিমখ, জলকীয়াৰ লগত বেঙেনা, আলু, বিলাহীৰ লগত পিতিকা কৰি ৰাতিপুৱা ভাতৰ লগত খায় | লাইশাকৰ পাত সিজাই নিমখ, জলকীয়াৰে সানি পিনকাং আপিনৰ লগত খোৱা হয় | লাইপাত সিজাওতে যিখিনি পানী ৰৈ যায় এইখিনি জোল হিচাপেও ব্যৱহাৰ কৰে | পথাৰত কাম কৰা মানুহে নামচিং আৰু লাঃচৰৰে বৰ তৃপ্তিৰে ভাত খায় | 

ভাৱাৰ্থ

পিনকাং আপিন- ৰাতিৰ থাকি যোৱা ভাত
নামচিং -শুকতি 
লাঃচৰ- লাইপাত সিজোৱা
This post is updated by Tultul Kutum

মিচিং সমাজত নাৰীৰ সামাজিক স্থান

মিচিং সমাজত নাৰী 
            বিউটি পেগু, যোৰহাট, গড়মূৰ

মিচিং সমাজত পুৰুষৰ সমানেই নাৰীয়ে স্থান অধিকাৰ কৰি আহিছে | ঘৰ এখন সুচাৰু ৰূপে পৰিচালনা কৰিবলৈ মিচিং নাৰীয়ে অনেক দুখ,কষ্ট, ঘাট-প্রতিঘাটকো তুচ্ছ কৰে | ঘৰৰ ভাত ৰন্ধাৰ পৰা আৰম্ভ কৰি খেতি-বাতি কৰা, ল'ৰা-ছোৱালীৰ দায়িত্ব লোৱা, আলহীক আপ্যায়ন কৰা, তাঁত বোৱা, খৰি সংগ্রহ কৰা, ধান মেলা, ধান জৰা আদি কামবোৰ মিচিং মহিলাই নিষ্ঠাৰে পালন কৰি আহিছে | 

মিচিং মহিলাই ৰাতিপুৱা শুই উঠিয়েই ঘৰখনৰ সদস্যসকলৰ বাবে খোৱাৰ যোগাৰ কৰিবলৈ লাগি যায় |  মিচিং মহিলাই সাধাৰণতে খাদ্য তৈয়াৰ কৰোঁতে মিচিং ৰন্ধন কৌশল প্রয়োগ কৰে | জুতিৰ অলপ তাৰতম্য হলেও মিচিং মহিলাই বিভিন্ন ধৰণৰ প্রকৰণ প্রণালীৰে মাছ-মাংস, শাক পাচলি , নামচিং তৈয়াৰ কৰি মিচিং ৰন্ধনৰ নিজস্বতা ৰক্ষা কৰি আহিছে | আলহীক সোধ পোছ কৰিবৰ বাবে আৰু সকাম, নিজে খাবৰ বাবেও নিজ পদ্ধতিৰে নগীন আৰু প'ৰ' আপং প্রস্তুত কৰি আহিছে | 

মিচিং মহিলাই পুৰুষৰ সমানে পথাৰত কাম কৰে | ভূঁই ৰোৱা, বন গুচোৱা, ধান কটা, ধান ৰ'দত মেলা, ধান খুন্দা, ধান জৰা আদি কামবোৰ কৰি আহিছে | কিছু মহিলাই ধান বস্তা চাইকেলত তুলি ধান খুন্দা মিললৈ লৈ যোৱা দেখা যায় | আকৌ নিজৰ খৰচ উলিয়াবৰ বাবে মিচিং মহিলাই ৰিঃকচেঙৰ কামো কৰে | পুৱা আৰু ৰাতিৰ সাজৰ বাবে মিচিং মহিলাই ঘৰৰ বাৰীতে শাক পাচলিৰ খেতি কৰি নিজৰ দক্ষতাৰ পৰিচয় দিছে |

মিচিং মহিলাই নিজৰ লগতে পৰিয়ালৰ সদস্য সকলৰ পিন্ধা উৰাৰ বাবে ঘৰতে কাপোৰ তৈয়াৰ কৰি লয় | মিচিং সমাজত সাধাৰণতে গাওঁত কাপোৰ বব নজনা এগৰাকী নাৰীক সাধাৰনতে থুপৰী বুলি কোৱা হয় | বিভিন্ন ৰঙ বিৰঙৰ সুন্দৰ নক্সাৰে বয় উলিওৱা এগে গাচৰবোৰ বহু দূৰৰ পৰা আনৰ দৃষ্টি আকৰ্ষণ কৰে | আজি মিচিং মহিলাই বোৱা এগে গাচৰ, মিবু গালকে অন্য জাতিৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে | আৰু মিচিং জাতিক এক স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে | 

বিভিন্ন উৎসৱ পাৰ্বণত মিচিং মহিলাই গুৰত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে | বিয়া-বাৰু, সকাম, পূজা আদিবোৰত মিচিং সমাজত মহিলা নহ'লেই নহয় বুলিয়েই একপ্রকাৰ ক'ব পাৰি | নৃত্য গীত আদিবোৰতো মিচিং মহিলাৰ বিশেষ ভূমিকা আছে | মিচিং সমাজৰ সমাজ জীৱনৰ প্রায় প্রতিটো ক্ষেত্রতেই মহিলা জড়িত হৈ আছে আৰু ভূমিকা গ্রহণ কৰি আহিছে |

মিচিং সমাজখনক আৰু অধিক উন্নত দিশত আগুবাই নিবলৈ মিচিং মহিলাসকলৰ শিক্ষাৰ ক্ষেত্রত গুৰত্ব আৰোপ কৰিব লাগিব | যাতে শিক্ষিত হৈ মিচিং মহিলাই নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে | যুক্তিযুক্ততাৰে যিকোনো বিষয়ৰ প্রতি নিজৰ মনোভাৱ প্রকাশ কৰিব পাৰে | সমাজৰ পৰা অন্ধবিশ্বাসবোৰ দূৰ কৰিব পাৰে | নিজ সংস্কৃতিৰ প্রতি সচেতন আৰু সজাগ হবলৈ আমাৰ মিচিং মাতৃসকলে নিজ সন্তানক সৰুৰে পৰা নিজৰ সংস্কৃতি, পৰম্পৰাৰ বিষয়ে জ্ঞান দিব লাগিব | যাতে উচ্চ শিক্ষিত হৈয়ো বা বিদেশত থাকিও নিজ সংস্কৃতিৰ প্রতি সন্মান,শ্রদ্ধা কৰিব পাৰে |

বৰ গৌৰৱৰ কথা যে আজিৰ মিচিং মহিলাই ৰাজনীতিতো প্রৱেশ কৰি নিজৰ ৰাজনৈতিক সুদক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে |

ভাৱাৰ্থ

এগে গাচৰ  -  মেখেলা চাদৰ
মিবু গালুক  -  মিচিং পুৰুষে পিন্ধা হাত কটা চোলা
ৰিঃচেগ       -   পেকেট মানি উলিয়াবৰ বাবে আনৰ  পথাৰত ভূঁই ৰুই দিয়া বা ধান কটা আদি বিভিন্ন ধৰণৰ আয়মূলক কাম
This post is updated by Tultul Kutum

ভাগ্য কাৰ লগত ? (মহাভাৰতৰ পৰা)

ভাগ্য কাৰ লগত থাকে?


এবাৰ ভগৱান শ্ৰীকৃষ্ণ আৰু তেওঁৰ সখা অৰ্জুন দ্বাৰকা নগৰত ফুৰিবলৈ গ'ল। বাটত এজন দুখীয়া ভিক্ষাৰী ব্ৰাহ্মণে ভিক্ষাৰ পাত্ৰ লৈ থিয় হৈ থকা দেখি ভিক্ষাৰীৰ প্ৰতি দয়া উপজিল। অৰ্জুনে এটোপালা শকত সোণৰ মুদ্ৰা ব্ৰাহ্মণক দান দি সেই দিনাৰ পৰা সুখত খাবলৈ ক'লে।

সোণৰ মুদ্ৰা এটোপালা পাই ব্ৰাহ্মণৰ মন আনন্দত হিয়া নধৰা অৱস্থা হ'ল। আগন্তুক দিনৰ সুখৰ সপোন দেখি সোণৰ মুদ্ৰা টোপোলা লৈ ঘৰলৈ উভতি গৈ থাকোঁতে এজন গভাইত চোৰে ব্ৰাহ্মণৰ হাতৰ পৰা থাপ মাৰি সোণৰ মুদ্ৰা টোপোলা লৈ উধাও হ'ল।

হাততে পাই হেৰুৱাই ব্ৰাহ্মণে বহুত দুখ পালে যদিও সেয়া ভাগ্যৰ লিখন আৰু দুঃস্বপ্ন আছিল বুলি ধৰি লৈ দুখ-শোক পাতলাই পিচদিনা পুনৰ একে ঠাইতে ভিক্ষা মাগিবলৈ গ'ল। পিচদিনাও কৃষ্ণ আৰু অৰ্জুনে সেই একেই বাটেদি নগৰ ভ্ৰমন কৰিবলৈ আহিল। এটোপালা শকত সোণৰ মুদ্ৰা দান হিচাপে পোৱাৰ পিচতো ব্ৰাহ্মণে পুনৰ ভিক্ষা পাত্ৰ হাতত লৈ বাটৰ কাষত থিয় হৈ থকা দেখি অৰ্জুন আচৰিত হ'ল। তেওঁ ব্ৰাহ্মণক কিয় পুনৰ ভিক্ষা খুজিবলৈ আহিল সেই কথা সুধিলে। ব্ৰাহ্মণে আগদিনাৰ ঘটনাৰ সকলো কথা বিৱৰি কোৱাত অৰ্জুনৰ ব্ৰাহ্মণৰ প্ৰতি পুনৰ দয়া উপজিল। এইবাৰ তেওঁ এটা মহা মূল্যৱান সোণৰ মনি ব্ৰাহ্মণক দান দি সেয়া বিক্ৰী কৰি পোৱা পইচাৰে সপৰিয়ালে সুখত খাই থাকিবলৈ কৈ বিদায় দিলে।

আগৰ ঘটনাটোৱে ব্ৰাহ্মণক সাৱধানী কৰি তুলিছিল। সেয়ে এইবাৰ তেওঁ সোণৰ মনিৰ কথা কাকো নকৈ এটা পুৰণি কলহৰ ভিতৰত সেয়া ভৰাই ঘৰৰ এচুকত লুকুৱাই থ'লে। সেই দিনা ব্ৰাহ্মণৰ পত্নী নদীৰ পৰা পানী আনিবলৈ গ'ল যদিও কলহত পানী ভৰাই ঘৰলৈ উভতি আহি থাকোঁতে দুৰ্ভাগ্যবশতঃ কলহটো হাতৰ পৰা পৰি ভাঙি থাকিল। পুনৰ নদীৰ পৰা পানী আনিবলৈ আন পাত্ৰ বিচাৰি বিচাৰি ঘৰৰ চুকত থকা পুৰণি কলহটো পাই সেইটোৰেই নদীৰ পৰা পুনৰ পানী আনিবলৈ গ'ল। ব্ৰাহ্মণ পত্নীয়ে ব্ৰাহ্মণে মনি লুকুৱাই থোৱা কলহটো পানী ভৰাবলৈ নদীৰ পানীত জুবুৰিয়াই দিয়াত সোণৰ মনি নদীৰ পানীত পৰিল আৰু সেইটো এটা মাছে খোৱা বস্তু বুলি ভাবি লগে লগে গিলি থ'লে।

কথাটো গম পাই ব্ৰাহ্মণৰ মূৰত সৰগ ভাগি পৰিল যদিও সেয়াও তেওঁ ভাগ্যৰ লিখন বুলি মানি লৈ পিচদিনা পুনৰ একে ঠাইলৈ ভিক্ষা খুজিবলৈ গ'ল। তৃতীয় দিনাও কৃষ্ণ আৰু অৰ্জুন সেই বাটেদি নগৰ ভ্ৰমন কৰিবলৈ আহিল। এইবাৰ অৰ্জুন ভালকৈয়ে আচৰিত হ'ল। অৰ্জুনে ব্ৰাহ্মণক সোধাত ব্ৰাহ্মণে সকলো কথা বিৱৰি ক'লে।

ব্ৰাহ্মণৰ দুখত অৰ্জুন বহুত দুখী হ'ল। তেওঁ পুনৰ ব্ৰাহ্মণক দান দিব বিচাৰিলে । কাষত থিয় হৈ থকা শ্ৰীকৃষ্ণই ক'লে ব্ৰাহ্মণৰ ভাগ্য সু প্ৰসন্ন হোৱা নাই । গতিকে কোনোবাই যিমান দান দিলেও বা ব্ৰাহ্মণে যিমান যি পালেও সেয়া কেতিয়াও ব্ৰাহ্মণৰ হাতত নাথাকে। ভাগ্যই যেতিয়ালৈ লগ নিদিয়ে তেতিয়ালৈ যিমান চেষ্টা কৰিলেও কাৰো একো নহয় । যাৰ যি ভাগ্য থাক পৰাভূত কৰা অসম্ভৱ । গতিকে অৰ্জুনে পুনৰ ব্ৰাহ্মণক আৰু দান নিদিয়াই ভাল বুলি ক'লে।

এইবাৰ ভগৱান শ্ৰীকৃষ্ণই নিজেই ব্ৰাহ্মণক দান দিলে। দান হিচাপে কৃষ্ণই ব্ৰাহ্মণক মাত্ৰ দুটা ৰূপৰ মুদ্ৰা দি বিদায় দিলে। ৰূপৰ মুদ্ৰা দুটা লৈ ব্ৰাহ্মণ সেই দিনা ঘৰমুৱা হ'ল। বাটত ভাবি ভাবি গ'ল সকলো ঐশ্বৰ্য্যৰ গৰাকী হোৱাৰ পিচতো প্ৰভূৱে ইমান সামান্য দান তেওঁক কিয় দিলে? কথাটো ভাবি ভাবি তেওঁ একো পাৰ নাপালে । তাকো ভাগ্যৰেই লিখন বুলি ভাবি ব্ৰাহ্মণে দুখ কৰিবলৈ এৰিলে। তেনেদৰে ঘৰলৈ আহি থাকোঁতে তেওঁ গাঁৱৰ ওচৰৰ নদীত কেইজনমান মাছমৰীয়াই মাছ ধৰি থকা দেখি সেই ফালে গ'ল। তালৈ গৈ তেওঁ দেখিলে যে এটা সৰু অথচ সুন্দৰ মাছে মাছমৰীয়াৰ জালৰ পৰা এৰা খাবলৈ আপ্ৰান চেষ্টা কৰি আছে। মাছটোৰ প্ৰতি ব্ৰাহ্মণৰ বহুত দয়া উপজিল। তেওঁ মাছমৰীয়াক সেই সৰু অথচ সুন্দৰ মাছটোৰ দাম সুধিলে। মাছমৰীয়াই দুটা ৰূপৰ মুদ্ৰা পালে মাছটো ব্ৰাহ্মণক দিব পাৰিব বুলি ক'লে ।

ব্ৰাহ্মণে ভাবিলে ৰূপৰ দুটা মুদ্ৰাৰেনো তেওঁ কি কৰিব? সেইটোৰে না তেওঁৰ পৰিয়ালটোৰ ভোক গুচিব না তেওঁ ধনী হ'ব পাৰিব। সেইকাৰণে মাছটোকে কিনি নদীত এৰি দিব বুলি ভাবিলে। ৰূপৰ মুদ্ৰা দুটা একো কামত নাহিলেও সামান্য পুণ্য এটাতো হ'ব। ভবা মতেই কাম। তেওঁ ৰূপৰ মুদ্ৰা দুটাৰে সৰু মাছটো কিনি সেইটো ভিক্ষা পাত্ৰটোৰে আলফুলে নি নদীৰ পানীত এৰি দিলে। মাছটো নদীৰ পানীত পৰা সময়তে তাৰ মুখৰ পৰা কিবা এটা বস্তু সৰি পৰা দেখি তেওঁ সেয়া বুটলি ল'লে আৰু দেখিলে যে সেয়া অৰ্জুনে আগদিনা দিয়া সোণৰ মনিটো হয়।

হেৰাই যোৱা সোণৰ মনি পুনৰ ঘুৰাই পাই ব্ৰাহ্মণে আনন্দতে "পালো পালো" বুলি চিঞৰি চিঞৰি ঘৰলৈ গৈ থাকিল। সেই সময়তে ব্ৰাহ্মণৰ সোণৰ মুদ্ৰা থাপ মাৰি নিয়া চোৰটোৱে মুদ্ৰা টোপোলা লৈ সেই বাটেদি পাৰ হ'ব বিচাৰিছিল। ব্ৰাহ্মণে পালো পালো বুলি চিঞৰি আহি থকা দেখি তেওঁ বৰ ভয় খালে। তেওঁ ভাবিলে যে ব্ৰাহ্মণে তেওঁক ভালকৈ চিনি পালে। এতিয়া তেওঁৰ বিৰুদ্ধে ৰজাক লগাব। সেয়ে তেওঁ ভয়ত কঁপি কঁপি ব্ৰাহ্মণৰ ওচৰলৈ আহি সোণৰ মুদ্ৰা টোপোলা ব্ৰাহ্মণৰ হাতত দি তেওঁক ক্ষমা কৰিব দিবলৈ ভৰিত ধৰিলে। এনেদৰে হেৰুওৱা সকলো বস্তু উভতাই পাই ব্ৰাহ্মণ বহুত সুখী হ'ল আৰু সেই দিনাৰ পৰাই তেওঁৰ সকলো দুখ গুচিল।

ঘটনাৰ সকলো কথা গম পাই অৰ্জুন আচৰিত হ'ল। তেওঁ শ্ৰীকৃষ্ণক ব্ৰাহ্মণৰ ঘটনাৰ ৰহস্য সুধিলে। শ্ৰীকৃষ্ণই মিচিকীয়া হাঁহিৰে ক'লে- সখা ব্ৰাহ্মণে যেতিয়া তোমাৰ পৰা মূল্যৱান দান পাইছিল তেতিয়া তেওঁ অকল নিজৰ সুখৰ কথা চিন্তা কৰিছিল। সেই সময়ত তেওঁ নিজৰ সুখৰ বাহিৰে আনৰ সুখৰ কথা ভাবিবলৈ অলপো সময় পোৱা নাছিল। স্বাৰ্থপৰ ভাৱ আৰু চিন্তাই তেওঁৰ মন আৰু আত্মা কলুষিত কৰিছিল। সেইকাৰণে তেওঁ যিমান বহুত পালেও ভাগ্য তেওঁৰ লগত নাছিল। সেই কাৰণে বাৰে বাৰে বহুত পাইও সেইবোৰ নিমিষতে নোহোৱা হৈ গৈছিল। যাৰ অন্তৰত আনৰ সুখ সুবিধাৰ কথাই ঠাই নাপায় তেনে মানুহক ভাগ্যই কেতিয়াও সহায় নকৰে। কিন্তু মই যেতিয়া ব্ৰাহ্মণক সামান্য দান দিছিলো তেতিয়া কিন্তু তেওঁ নিজৰ সুখৰ কথা চিন্তা কৰা নাছিল। চিন্তা কৰিছিল সামান্য প্ৰাণী এটাৰ সুখ। সেই সামান্য প্ৰাণীটোৰ সুখৰ বাবে তেওঁ কৰিব পৰা আৰু কৰিবলগীয়া সকলোখিনি কৰিছিল। সেইকাৰণে লগে লগে ভাগ্য তেওঁৰ ফাললৈ আহিল। ভাগ্য সদয় হোৱা কাৰণেই তেওঁ হেৰুওৱা সকলো মূল্যৱান বস্তু ঘুৰাই পালে। গতিকে মানুহে নিজৰ ভাগ্য সলনি কৰিবলৈ হ'লে স্বাৰ্থপৰ হৈ অকল নিজৰ সুখৰ কথা চিন্তা কৰিলে নহ'ব। ঈশ্বৰৰ সৃষ্টি সকলো জীৱৰ সুখৰ প্ৰতি চিন্তা কৰিলেহে ভাগ্য সদয় হৈ তেওঁৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব।
This post is updated by Tultul Kutum

Tuesday, 18 May 2021

বৈবাহিক জীৱন সম্পৰ্কে চানক্যৰ বাণী

বেছিভাগ মানুহে বিবাহপাশত আবদ্ধ হয়, কাৰণ তেওঁলোকে সুখেৰে জীয়াই থাকিব বিচাৰে। কিন্তু কেতিয়াবা সুখী হোৱাটো সম্ভৱ নহয়। হাজাৰ হাজাৰ সমস্যা আহি পৰে সাংসাৰিক জীৱনত। কিন্তু এনে কিছু সমস্যা আছে, যিবোৰ নিজৰ ভুলৰ বাবেই সৃষ্টি হয়। সম্পৰ্ক দীৰ্ঘময় কৰাৰ ক্ষেত্ৰত বিশ্বখ্যাত ভাৰতৰ প্ৰাচীন মনীষী চাণক্যই কিয় এনে হয় তাৰ ব্যাখ্যা দাঙি ধৰিছে এনেদৰে-


বৈবাহিক সম্পৰ্ক কিহৰ বাবে নষ্ট হয়-

১) যিসকল পুৰুষ আৰু মহিলাৰ চৰিত্ৰৰ ওপৰত প্ৰশ্নবোধক চিহ্ন আছে আৰু তেওঁলোকৰ প্ৰেমিকৰ প্ৰতি অনুগত নহয়। কোনো বৈবাহিক সম্পৰ্ক এনেধৰণৰ ঘটনাই বজাই ৰাখিব নোৱাৰে।

২) আপোনাৰ সঙ্গীৰ ব্যক্তিগত জীৱনত অত্যধিক হস্তক্ষেপ বা অত্যধিক অধিকাৰবোধে তিলে তিলে সম্পৰ্ক নষ্ট কৰে।

৩) সম্পৰ্কৰ মুখ্য শৃংখলা হৈছে ইজনে সিজনৰ প্ৰতি দেখুওৱা সন্মান। যদি এই সন্মান উঠাই লোৱা হয়, আৰু ইজনে সিজনক ৰাজহুৱাভাৱে বেয়া কথা কোৱা হয়। তেনেহ’লে সম্পৰ্কৰ ম্যাদ যথেষ্ট কম হয়।

৪) যিসকলে দায়িত্ব পাহৰি যায় আৰু ধনৰ পিছত দৌৰে আৰু তেওঁলোকৰ জীৱনশৈলী প্ৰদৰ্শন কৰাত ব্যস্ত থাকে, তেওঁলোকৰ বাবে এয়া নিশ্চিতভাৱে এক অশনি সংকেত।

৫) যদি আপুনি ইজনে সিজনক সময় দিব নোৱাৰে, সেই সম্পৰ্ক বেছি দিন স্থায়ী নহয়।

৬) স্বামী-স্ত্ৰীৰ নিজৰ মাজতে প্ৰতিযোগিতা হোৱা আৰু নিজৰ মাজত পাৰদৰ্শিতা বা বংশৰ তুলনা কৰিলে বুজিব লাগিব যে আৰু কোনো প্ৰেমৰ সম্পৰ্ক নাই। অকল দায়বদ্ধতাহে আছে।

This post is updated by Tultul Kutum

বিদুৰ মৈত্ৰেয়ী সংবাদ (মহাভাৰতৰ পৰা)



পাছে মহামুনি শুকে উৎসুকে কহন্ত কথা
নৃপ পৰীক্ষিত শুনিয়োক।
উদ্ধৱ মহন্ত যেৱে কান্দন্তে গৈলন্ত এৰি
বিদুৰৰ জ্বলি গৈলা শোক।।
মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক কৈছিল,হে পৰীক্ষিত! উদ্ধৱে কান্দি কান্দি বিদুৰক এৰি থৈ যোৱাৰ পিচত শোকৰ অগনিত বিদুৰ জ্বলিছিল।তেওঁ পৃথিৱীত পৰি তলমূৰ কৰি বৰ দুখ মনেৰে হুক হুককৈ কান্দিছিল।কিছু সময় কান্দি কান্দি কোনোমতে ধৈৰ্য্য ধৰি চকু-মুখ মুচি মাটিৰ পৰা উঠি মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গমন কৰিছিল।যথা সময়ত গৈ তেওঁ মৈত্ৰেয় ঋষিৰ আশ্ৰমত উপস্থিত হৈছিল।কুসাৰু পুত্ৰ মৈত্ৰেয় ঋষিক লগ পাই বিদুৰে তেওঁৰ চৰণত ধৰি প্ৰণাম জনাইছিল।মৈত্ৰেয় ঋষিয়ে বিদুৰক বহু সন্মান কৰি আদৰিছিল।তাৰ পিচত কৃষ্ণৰ আদেশমতে "ৰহস্য ভকতি" আৰু ঈশ্বৰৰ মহাজ্ঞানৰ কথা বৰ্ণনা কৰিছিল।(কৃষ্ণই বৈকুণ্ঠ গমন কৰাৰ সময়ত উদ্ধৱ আৰু মৈত্ৰেয় ঋষিক যি তত্ত্ব জ্ঞান প্ৰদান কৰিছিল,সেই তত্ত্ব জ্ঞান মৈত্ৰেয় ঋষিয়ে বিদুৰক কৈছিল।) সেই ৰহস্য ভকতি জ্ঞান শুনা মাত্ৰকে বিদুৰৰ মনত কৃষ্ণৰ প্ৰতি একনিষ্ঠ প্ৰেম ভকতি ভাৱ উপজিছিল।বিদুৰ অতি কৃতাৰ্থ হৈ পৰিছিল।তাৰ পিচত তেওঁ মৈত্ৰেয় ঋষিক প্ৰণাম জনাই কৃষ্ণক হৃদয়ত ধাৰণ কৰি হস্তিনাপুৰলৈ গমন কৰিছিল।
বিদুৰ হস্তিনাপুৰত উপস্থিত হোৱাৰ লগে লগে " সুহৃদ বিদুৰ খুড়া আহিছে" বুলি যুধিষ্ঠিৰ, ভীম,নকুল,সহদেৱ চাৰি ভাতৃয়ে দৌৰি ওলাই আহিছিল।(অৰ্জ্জুন সেই সময়ত দ্বাৰকাৰ প্ৰজাসকলৰ লগত আছিল) সুভদ্ৰা,কুন্তী,দ্ৰৌপদী, উত্তৰা আদি নাৰী সকলে আনন্দমনে গৃহৰ পৰা বাহিৰলৈ ওলাইছিল।বিদুৰৰ আগমনৰ বাৰ্ত্তাটো শুনাৰ লগে লগেই সকলোৰে মন আনন্দত নাচি উঠিছিল।বহু দিন পিচত বিদুৰক দেখা পাই নিজৰ নিজৰ প্ৰাণ ঘূৰাই পোৱাৰ দৰে হৈ তেওঁলোকে দুচকুৰে চকুলো বোৱাইছিল।ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীয়ে বিদুৰৰ ডিঙিত ধৰি বৰকৈ কান্দিছিল।প্ৰাণ সম প্ৰিয় দেৱৰ বিদুৰৰ ডিঙিত সাৱটি ধৰি কান্দি কান্দি কুন্তীয়ে কৈছিল, "ইমান দিন তুমি ক'ত গৈ আছিলা? তোমাৰ উপকাৰৰ বাবেহে মই পূৰ্ব্বতে মোৰ পাঁচটি পুত্ৰক জীয়াই ৰাখিব পাৰিছিলো।" এই বুলি কৈ কুন্তীয়ে বৰকৈ কান্দিছিল।বহু দিন পিচত বিদুৰক দেখি দ্ৰৌপদী,সুভদ্ৰা আৰু কুন্তীয়ে কান্দি কান্দি প্ৰাণ ফুটি যোৱাৰ দৰে হৈছিল।বিদুৰেও তেওঁলোকৰ লগতে কান্দিছিল।তাৰ পিচত ৰজা যুধিষ্ঠিৰে বিদুৰক আদৰি নি দিব্য আসনত বহুৱাই নানা ভাৱে পূজা কৰিছিল।অনেক আদৰ-সাদৰ কৰি তেওঁৰ চৰণ দুটি ধুৱাই দিছিল।তাৰ পিচত নানা ধৰণৰ পৰমান্ন খাবলৈ দিছিল।বিদুৰৰ পথ শ্ৰম দূৰ হোৱাৰ পিচত যুধিষ্ঠিৰে কৈছিল, " আমাৰ শিশুকালতেই আমাৰ পিতৃয়ে পৰলোকলৈ যোৱাৰ পিচত আমি পাঁচ ভাই অনাথ হৈ পৰিছিলো।তুমি আমাক পুত্ৰৰ দৰে বহু কাল প্ৰতিপালন কৰিছিলা।পক্ষীৰ দৰে ছা দি আমাক ৰক্ষা কৰিছিলা।অনেক আপদ বিপদৰ সময়ত আমাক বুদ্ধি দি কুন্তী মাতৃৰ সৈতে উদ্ধাৰ কৰিছিলা।সেই কথাবোৰ মনত পেলাওঁক খুড়া।তুমি ইমান দিন ধৰি কোন কোন তীৰ্থত ভ্ৰমন কৰিলা আৰু সময়ত আহাৰ কিদৰে পালা?মই জানিছো, তোমাৰ স্পৰ্শ পাই তীৰ্থ সমূহো পবিত্ৰ হৈ পৰিছে।পাতকী সকলৰ সংস্পৰ্শত মহা মহা তীৰ্থবোৰ পাপত মলিন হৈ পৰে।যেতিয়া হৰিক হৃদয়ত ধাৰণ কৰি ভকতে গৈ তীৰ্থত প্ৰৱেশ কৰে তেতিয়াহে সেই পাপবোৰ নাশ হয়।হৰিয়ে ভকতৰ হৃদয় এৰি আঁতৰ হব নোৱাৰে।ভকতৰ হৃদয়ত তেওঁৰ চৰণ দুটি প্ৰেম জৰীৰে বান্ধ খাই পৰে।এবাৰ মাত্ৰ হৰিৰ চৰণ স্পৰ্শ কৰি গঙ্গা মাতৃও ভকতৰ সমান হ'ব নোৱাৰিলে।দেৱতা,তীৰ্থ আৰু ভকতৰ মাজত বহু পাৰ্থক্য আছে বুলি বেদৰ ৰহস্যও শুনিছো।ভকতৰ সঙ্গ যিজনে ক্ষণ মাত্ৰও লয় সেইজনে ঈশ্বৰ কৃষ্ণক বশ্য কৰিব পাৰে।হে খুড়া! যাদৱ বংশৰ সকলোকে তুমি দেখা কৰি আহিছা।তেওঁলোক তাত কুশলে আছেনে? অৰ্জ্জুন দ্বাৰকালৈ যোৱা আজি সাত মাহ হ'ল কিন্তু কি কাৰণে তেওঁ জানো উভতি অহা নাই?
যুধিষ্ঠিৰে বিদুৰক যি যি কথা সুধিছিল সকলো কথাৰে উত্তৰ বিদুৰে দিছিল।যাদৱ কুলৰ বাৰ্তা জনোৱাৰ বাহিৰে তেওঁ আন সকলোৰে কুশল বাৰ্তা জনাইছিল।কৃষ্ণই বৈকুণ্ঠ গমন কৰাৰ কথা শুনিলে পাণ্ডৱ সকলে প্ৰাণত্যাগ কৰিব পাৰে বুলি বিদুৰে যদুবংশৰ কোনো কথাই যুধিষ্ঠিৰক জনোৱা নাছিল।কাৰণ সন্ত সকলে পৰক দুখ দিবলৈ ইচ্ছা নকৰে।হস্তিনাপুৰত বংশৰ সকলো লোকেই বিদুৰক বহু সন্মান কৰিছিল যদিও বিদুৰৰ মনটো কৃষ্ণ বিৰহ বেদনাত চটফটাই আছিল।নিজৰ মনলৈ বিৰকতি অহাত তেওঁ তাত থাকিবলৈ উচ পিচ কৰি উপায়ন্তৰ হৈ কেইদিনমানৰ কাৰণে নিজৰ ঘৰতে থাকিবলৈ ধৰিলে।
উপদেশ
"""'"'"''''""""''''"
শুনা নৰলোক কৃষ্ণ কথা ইটো
মৰণ আগে নেদেখা।
পিতৃ মাতৃ ভ্ৰাতৃ ভাৰ্য্যা যাই মৰি
কিসক আক নেলেখা।।
পৰম গুৰু শ্ৰীমন্ত শঙ্কৰদেৱে সমস্ত লোককে উপদেশ প্ৰদান কৰি কৈছে যে,বিষয় সংসাৰৰ পুত্ৰ,ভাৰ্য্যা,ভ্ৰাতৃ সকলো চকুৰ আগতে নাশ হৈ যায়।ধন,জন, শৰীৰ ইয়াতে পৰি থাকিব।যমৰ কিঙ্কৰে আহি ডিঙিত জৰী লগাই যমঘৰলৈ নি নানা শাস্তি প্ৰদান কৰিব।তাৰ পিচত যে পুনৰ এই মানব জীৱন পোৱা যাব তাৰ আশা নাই।ভাৰতবৰ্ষ,নৰদেহা, কলিযুগ আৰু হৰিনাম এই চাৰি বস্তু সংযোগ মহা ভাগ্যৰ বলত পাইয়ো মনুষ্যই কিহৰ বাবে বাট চাই থাকে।হৰি নাম কীৰ্ত্তন কৰি যমৰ যাতনাৰ পৰা উদ্ধাৰ হৈ পৰম মুক্তি লাভ কৰিব পাৰি।তেনে হৰি নামক অৱহেলা কৰি মানুহ অধোগতি যায়।হৰি নাম লবলৈ কোনো শ্ৰম,কষ্ট নহয় তথাপি মানুহৰ এলাহ।নিজৰ কোলাতে মহা ঔষধ থৈ ঘোৰ চিন্তাত মৰে।
   শাস্ত্ৰৰ সন্মত   নেৰিবা মনত
    কলিৰ বান্ধৱ নাম।
কৃষ্ণৰ কিঙ্কৰে   ৰচিলা শঙ্কৰে
    ডাকি বোলা ৰাম ৰাম।।
This post is updated by Tultul Kutum

বাওঁপন্থীৰ আচল ৰূপ



এজন বেংগলী,এজন পাঞ্জাৱী,এজন গুজৰাটী আৰু এজন কট্টৰ বাওঁপন্থীয়ে ক'ভিদ 19ৰ ভেকচিন ল'বলৈ অমান্তি হ'ল। 

চিকিৎসকে এজন এজনকৈ ভিতৰলৈ মাতিলে...

প্ৰথম বেংগলী জনক মাতিলে আৰু চিকিৎসকজনে তেওঁক ক'লে "আপুনি ভেকচিন ল'বই লাগিব"

বেংগলী মানুহজনে ক'লে "মই নলও"

চিকিৎসকজনে ক'লে "সকলো সংস্কৃতিবান আৰু সভ্য মানুহে ভেকচিন লৈছে আপুনিও লওক"
বেংগলীজনে লগেলগে ভেকচিন ল'লে

তাৰপাছত পাঞ্জাৱীজন সোমাই গ'ল...

চিকিৎসকে ক'লে "এইয়া আপোনাৰ ভেকচিন, আপুনি লওক"

পাঞ্জাৱীজনে উত্তৰ দিলে "নলও,মই কেতিয়াও ভেকচিন নলও"

চিকিৎসকে তেতিয়া ক'লে "আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে ভেকচিন ল'লে কিন্তু"...

কথাটো শুনি পাঞ্জাৱীজনে ভেকচিন ল'লে।

তাৰপিছত গুজৰাটীজন চিকিৎসকৰ কোঠালৈ সোমাই গ'ল।

চিকিৎসকে ক'লে "এইয়া আপোনাৰ ভেকচিন, আপুনি ল'ব পাৰে"

গুজৰাটীজনে কৈ উঠিল "মই ভেকচিন নলও"

চিকিৎসকজনে ক'লে " আপুনি ল'ব লাগিব, এইয়া মোদীৰ আদেশ"

শেষত কেৰেলিয়ান কট্টৰ বাওঁপন্থীজন সোমাই গ'ল ডাক্তৰৰ কোঠালৈ...

চিকিৎসকে কৈ উঠিল, "আপোনাৰ ভেকচিন লওক"

তেওঁ উত্তৰ দিলে " নাই ,মই নলও"

চিকিৎসকজনে তেতিয়া ক'লে "সকলো সংস্কৃতিবান সভ্য নাগৰিকে ভেকচিন লৈছে"

তেতিয়া বাওঁপন্থীজনে উত্তৰ দিলে " লওক, মই নলও"

চিকিৎসকজনে আকৌ ক"লে "আপোনাৰ ওচৰ চুবুৰীয়া সকলোৱে ভেকচিন ল'লে"

বাওঁপন্থী জনে চিৎকাৰ কৰি উঠিল " আতৰ হৈ যাওক,সকলোৱে ল'লেও মই নলও"

তাৰপাছত ডাক্তৰজনে কৈ উঠিল "আপুনি ল'বই লাগিব ,এইয়া মোদীৰ আদেশ ,দেশৰ প্ৰতিজন নাগৰিকে ভেকচিন ল'ব লাগিব"

বাওঁপন্থীজনে এই মূহুৰ্তত কৈ উঠিল " মই এইবোৰ ভয় নকৰো"

চিকিৎসকজনে তেতিয়া বাওঁপন্থীজনক সুধিলে "আপুনি কোন ৰাজ্যৰ বাৰু"...

বাওঁপন্থীজনে উত্তৰ দিলে "মই কেৰেলাৰ বাসিন্দা"

চিকিৎসকজনে তেতিয়া ক'লে " অ' আপুনি বেয়া নাপাব,আপোনালোকক এই ভেকচিনটোৰ বাবে তালিকাভুক্ত কৰাই নাই "

তেতিয়া বাওঁপন্থীজনে চিঞঁৰি উঠিল "আপুনি কি কথা কৈছে , আপুনি কোন মোক ভেকচিন নিদিবলৈ। আপুনি মোৰ মৌলিক অধিকাৰ খৰ্ব কৰিবলৈ কিয় বিচাৰিছে ,কি অধিকাৰ আছে আপোনাৰ...যদি আপুনি মোক ভেকচিন নিদিয়ে মই আপোনাৰ ক্লিনিকৰ সন্মুখত ধৰ্ণা দিম...সোনকালে মোক ভেকচিন দিয়ক"
চিকিৎসকজনে বাওঁপন্থীজনক মুখেত আনন্দ নেদেখুৱালেও, ভিতৰি বেছ ৰস অনুভৱ কৰি ভেকচিনটো বাওঁপন্থীজনক দিলে।

বাওঁপন্থীজনে তেওঁৰ কমৰেদজনলৈ লিখিলে " মই মোৰ প্ৰাপ্য অধিকাৰৰ বাবে যুজিলো, জিকিলো আৰু ভেকচিন পাই গ'লো"

সচাকৈয়ে অতুলনীয় ভাৰতবৰ্ষ 😍😍
(ভাৱানুবাদ অপৰূপা বৰঠাকুৰ)

This post is updated by Tultul Kutum