ড্ৰাগছৰ গ’ল্ডেন ট্ৰায়েঙ্গল আৰু "সোণালী বিপ্লৱী"
বলীন দেউৰী, অতিৰিক্ত আৰক্ষী অধীক্ষক
পাংচাঙৰ আজিৰ পৰিবেশ দেখি বাৰ্টিল লিন্টনাৰে লিখিছে - মৃত কমৰেড সকলে এই অৱস্থা দেখা হ’লে হয়তো কবৰৰ ভিতৰে ধৰফৰালেহেঁতেন ৷ এই পাংচাং আছিল কমিউনিষ্ট পাৰ্টি অৱ্ বাৰ্মা ( পি চি বি )ৰ ৰাজধানী। ইয়াৰ পৰাই সৰ্বহাৰৰ সৰ্বস্ব ঘুৰাই আনিবলৈ কেবাদশক জোৰা সংগ্ৰাম চলিছিল ৷ কম্যুনিষ্টসকলৰ দখলত আছিল প্ৰায় ২০,০০০ বৰ্গ কিলোমিটাৰৰ এটা বৃহৎ অঞ্চল আৰু প্ৰায় ১৫০০০ সৈনিক। দীৰ্ঘ কালৰ সশস্ত্ৰ সংঘাতে দিলে নৈৰাজ্য আৰু নৈৰাজ্যই দিলে নিষিদ্ধ ব্যৱসায়। কম্যুনিষ্টসকল গজগজীয়া হৈ থাকোঁতেই ১৯৮৭ চনত তেওঁলোকৰ অধিকৃত অঞ্চলত ৮৩৬ টন কানি উৎপাদন হৈছিল ৷ ১৯৮৯ চনত CPBৰ পতনৰ পিছত কম্যুনিষ্টৰ "বাৰ্মীজ পিপলচ আৰ্মী" (BPA) চাৰিটা জনগোষ্ঠীয় ভাগত বিভক্ত হয় ৷ CPBৰ নেতৃত্বত একত্ৰিত হৈও যদি চৰকাৰক পৰাজিত কৰিব নোৱাৰিলে - তেন্তে একেবোৰ মানুহে জনগোষ্ঠীয় শিৱিৰত ভাগ ভাগ হৈ কিয় সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিলে ? পৰৱৰ্তীকালত তেওঁলোকৰ কৰ্মকাণ্ডই প্ৰমাণ কৰিলে যে কেৱল কানিৰ ব্যৱসায়ৰ মুনাফাৰ বাবে তেওঁলোকে সংগ্ৰাম দীঘলীয়া কৰিলে ৷ আজিও এই নাটকৰ অন্ত পৰা নাই। তেওঁলোক আচলতে কোনো বিপ্লৱী নহয় ৷ জনগোষ্ঠীয় শিবিৰত বিভাজিত হৈ সংগ্ৰামেই নকৰিলে, চিধাই চৰকাৰৰ লগত দাম-দৰ কৰিলে ৷ মিলিটেৰী শাসকে গাদীৰ স্বাৰ্থত তেওঁলোকক অবাধ ক্ষমতা দিলে ৷ কানিৰ পৰা আদি কৰি সকলো নিষিদ্ধ ব্যৱসায়ৰ পৰা অহা মুনাফাৰ ভাগবতোৱাৰৰো অদৃশ্য বুজাবুজি হ’ল ৷ তাৰ পিছত আৰু কোনে পায় ? এই নিষিদ্ধ ব্যৱসায় কি ? প্ৰাৰম্ভিক পৰ্যায়ত আছিল অস্ত্ৰ আৰু ড্ৰাগছ ৷ অস্ত্ৰ আহিছিল চীনৰ পৰা ৷ চীনা সন্যই ত্যাগ কৰা চেকেণ্ড হেণ্ড হাথিয়াৰ। UWSAই আনকি ২০০৫ পৰা ২০১০ চনলৈ অস্ত্ৰৰ ফেক্টৰীও চলাইছিল ৷ ইয়াৰ কাষ্টমাৰ আছিল ভাৰতৰ উত্তৰপূৱৰ বিদ্ৰোহী সংগঠনবোৰ, মুলতঃ মনিপুৰী উগ্ৰপন্থী ৷ এই অশুভ নেক্সাচটো গুৰুত্বপূৰ্ণ ৷ প্ৰাক্তন CPBৰ দ্বাৰা গঠিত আটাইতকৈ শক্তিশালী জনগোষ্ঠীয় সংগঠনটো হ’ল এই United Wa State Army (UWSA). এই ৱা ষ্টেটৰ মুখ্য চহৰ হ’ল পাংচাং। হিৰ’ইন, ব্ৰাউন চুগাৰ, মদ, জোৱা, বেশ্যা, চোৰাং অস্ত্ৰ আৰু বন্যপ্ৰাণীৰ বেহাৰ আন্তৰাষ্ট্ৰীয় আদ্দা । বাৰ্মীজ চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই ৷ তেনেকৈ শ্বান, কাচিন আদি ৰাজ্যতো নাইপাটাও (বাৰ্মাৰ ৰাজধানী) কোনো নিয়ন্ত্ৰণ নাই বুলিব পাৰি ৷ থাইলেণ্ড - লাওচ আৰু ওপৰত উল্লেখ কৰা বাৰ্মাৰ অঞ্চলেই হ’ল কুখ্যাত Golden Triangle বা সোণালী ত্ৰিভুজ । নামতহে ত্ৰিভুজ ৷ আচলতে কোনো ত্ৰিভুজ নাই ৷ গোটেইবোৰ উৎপাদন হয় বাৰ্মাৰ বিদ্ৰোহী অধিকৃত এলেকাতহে ৷ বাৰ্মীজ আৰ্মীৰ একান্ত সহযোগত এই লাভজনক ব্যৱসায় ক্ৰমে নগালেণ্ডৰ সীমাত থকা চাগায়িং, অৰুণাচলৰ সীমাত থকা কাচিন আৰু মনিপুৰৰ সীমাত লাগি থকা চিন প্ৰদেশলৈ বিয়পি পৰিল ৷ পৃথিৱীৰ সবাতোকৈ দুৰ্নীতিগ্ৰস্ত ম্যানমাৰী আৰ্মীৰ প্ৰত্যক্ষ সহযোগত চুকেকোণে থকা আমাৰ কাঠ ফলা মেচিনৰ দৰে কানিৰ শোধনাগাৰ স্থাপন হ’ল ৷ চীন, লাওচ বা থাইলেণ্ডৰ সীমাৰ কথা বাদ দিয়ক - চিণ্ড্উইন নদীৰ পাৰে পাৰে হেৰ’ইন / ব্ৰাউন চুগাৰৰ ফেক্টৰী গঢ়লৈ উঠিল ৷ তাতোতকৈ আচৰিত কথা হ’ল বিদ্ৰোহীৰ কোনো চিনমোকাম নথকা অঞ্চলবোৰতো কানি খেতিৰ প্ৰচুৰ প্ৰচলন হ’ল আৰু ম’ৰেৰ ওচৰৰ টামু আৰু আৰাকান প্ৰদেশৰ সীমালৈকে হেৰ’ইন, ব্ৰাউন চুগাৰ আদিৰ কাৰখানা বহিল ৷ আনকি আৰ্মীৰ শক্তিশালী উপস্থিত থকা ঠাইবোৰতো কাৰখানা গঢ়লৈ উঠিল। গতিকে ভাৰতৰ অৰুণাচল প্ৰদেশৰ পৰা আৰম্ভ কৰি নাগালেণ্ড, মনিপুৰ আৰু মিজোৰাম সীমালৈকে বাৰ্মাৰ পাহাৰৰ চুড়াই চুড়াই ফুলিবলৈ ধৰিলে Poppyৰ ৰংচঙীয়া ফুল ৷ বিষাক্ত ফেঁটীসাপ ফনামেলাৰ দৰে ৷ কালৰ নান্দনিক নৃত্য ৷ চিন প্ৰদেশৰ প্ৰতিগৰাকী কানি খেতিয়কে বাৰ্মীজ ষ্টেট নাৰ্কটিক কন্ট্ৰ’ল বুৰ’ক ১০,০০০/- ক্যাত (বাৰ্মীজ মুদ্ৰা ) দিব লাগিছিল ৷ আৰক্ষীক দিব লাগিছল ৫০০০/- ক্যাত ৷ শুনি আচৰিত হ’ব লগা কথাটো হ’ল - কানিৰ পৰা হেৰ’ইন তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা ৰাসায়নিক দ্ৰব্য বোলে চীন আৰু ভাৰতৰ পৰা যায় ৷ চীনৰ বহতীয়া এই কুখ্যাত চক্ৰৰ লগত ভাৰতীয় ব্যৱসায়ীৰ কেনেকৈ সম্পৰ্ক গঢ়লৈ উঠিল ভাবিব লগা ৷ সেয়েহে টামুৰ দৰে চহৰ আৰু চিণ্দুইন নদীৰ পাৰে পাৰে হেৰ’ইন ফেক্টৰী গঢ় লৈ উঠিল ৷ দেশৰ সৰ্বমুঠ ৰপ্তানিৰ পৰা বাৰ্মাই যিমান উপাৰ্জন কৰিছিল কেৱল কানি ৰপ্তানিৰ পৰাই সিমান উপাৰ্জন কৰিছিল ৷ গোটেই কাণ্ডটোৱে আন্তঃৰাষ্ট্ৰীয় দৃষ্টি আকৰ্ষণ কৰিলে ৷ হৈচৈ লাগিল ৷ কামকাজবোৰ অলপ কমাই দিলে ৷ কিন্তু এই লাভজনক ব্যৱসায় কেতিয়াও বন্ধ নহয়। এই ব্যৱসায়ৰ স্বাৰ্থতে গোটেই দেশখনে আন্দোলন কৰি মৰিলেও সশস্ত্ৰ বিপ্লৱী গোটবোৰ মিলিটাৰী শাসকৰ পক্ষত থাকে ৷ এই তথাকথিত বিপ্লৱীসকলক লাগে টকাৰে কিনিব পৰা দুৰ্নীতিগ্ৰস্ত চৰকাৰ । ইহঁতৰ বোলে এয়াৰলাইন্সো আছে ৷ গত কালত আলফাৰ শিৱিৰ বাৰ্মীজ সেনাই আক্ৰমন কৰিছিল ৷ তাৰ বাতৰি কানি বেপাৰীয়ে আলফাক আগতীয়াকৈ দিছিল ৷ তাৰ মানে কানি বেপাৰী আৰু বাৰ্মীজ আৰ্মী একেখন কাঁহীতে খায় ৷ "ব্যৱসায়" কৰিবলৈ চীনা সীমান্তৰ UWSAৰ ২০০ জন লোকক ম’ৰেৰ সিপাৰৰ টামুত খুটি পুতিবলৈ বাৰ্মীজ চৰকাৰে অনুমতি দিছিল ৷ এই ব্যৱসায় কি হ’ব পাৰে আপোনালোকে ভাবি চালেই হ’ল ৷ ভাৰতৰ বিৰুদ্ধে ইহঁতৰ কাম হ’ল :
১) ভাৰতত অস্ত্ৰ বিক্ৰী কৰা,
২) বন্যপ্ৰাণীৰ চোৰাং কাৰবাৰ কৰা, আৰু
৩) নিষিদ্ধ দ্ৰাগছ আৰু ইয়াৰ উৎপাদনৰ লগত জড়িত সামগ্ৰী সৰবৰাহ কৰা ৷
এতিয়া উত্তৰ পূৱত অস্ত্ৰৰ চাহিদা কমিছে ৷ বন্যপ্ৰাণীৰ চোৰাং কাৰবাৰো কমিছে ৷ গতিকে ড্ৰাগছৰ সৰবৰাহত বেছি মনোযোগ দিছে ৷ চীনা চৰকাৰৰ ধমক খাই চীনলৈ সৰবৰাহ কৰিবলৈ টান পায় ৷ গতিকে, ভাৰত, বাংলাদেশ, থাইলেণ্ড, লাওচ্, ভিয়েটনাম, ইণ্ডোনেছিয়া আদি দেশলৈ এইবোৰ চালান দিয়ে ৷ বাৰ্মাৰ চিন প্ৰদেশৰ লোক আৰু আমাৰ মিজোৰাম আৰু মনিপুৰৰ একাংশ লোক একে জাতিৰ ৷ ইংৰাজে তেওঁলোকৰ বসতি প্ৰধান অঞ্চল সোঁমাজতে ভাগ কৰি এভাগ বাৰ্মাক দিলে আৰু এভাগ ভাৰতক দিলে ৷ ম’ৰেৰ দৰে ঠাইত তেওঁলোকৰ নিয়ন্ত্ৰণ বেছি ৷ সেয়েহে গঁড়ৰ চোৰাং বেহাও এওঁলোকে কৰে ৷ সেই একেখিনি মানুহেই অস্ত্ৰৰ চোৰাং বেহাও কৰে ৷ সেই একে মানুহবোৰেই ড্ৰাগছৰ কাৰবাৰো কৰে যেন অনুমান হয় ৷
এতিয়া আকৌ মেথামফেটামিনচো উৎপাদন কৰে ৷ অতি উগ্ৰ নিচাযুক্ত সামগ্ৰী ৷ আইচ বা ক্ৰাইচটেল বুলিও কয় ৷ মনিপুৰ, মিজোৰাম, নগালেণ্ড, মেঘালয় আদি ৰাজ্যৰ লাখ লাখ যুৱক যুৱতী বহুদিনৰ আগতেই ড্ৰাগছৰ কবলত পৰিল ৷ এতিয়া অসমো ইয়াৰ গৰাহত ৷ এতিয়া চৰকাৰে ড্ৰাগছৰ বিষয়টো priority হিচাপে লৈছে ৷ জয় নিশ্চিত কিন্তু এই ৰণ দীঘলীয়া হ’ব ৷ দুখৰ কথা হ’ল এই মেথামফেটামিচ্ বা ফেটামিনচ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা ৰসায়নিক সামগ্ৰী বোলে ভাৰতৰ পৰা যায় ৷ এইবোৰ সুবিধাৰ বাবে চোৰাং ব্যৱসায়ী চক্ৰই টামুত খোপনি পুতিছে ৷