Tultul Kutum
Blog Owner
Thursday, 31 March 2022
Wednesday, 23 March 2022
সঠিক ঠাইত, সঠিক মানুহে, তোমাক সঠিক ভাবেই মূল্যায়ন কৰিব।
Saturday, 19 March 2022
Friday, 18 March 2022
Friday, 4 March 2022
Sunday, 27 February 2022
ৰাছিয়াৰ লগত ভাৰতৰ ঐতিহাসিক সম্পৰ্ক
Tuesday, 15 February 2022
পাইত জীয়ৰী ৰহিলা আৰু ৰহিলা বিহু নাম
Saturday, 22 January 2022
এজন এছ পি আৰু গোলাঘাটৰ ছালফা জ্যোতি লোহাৰৰ লোমহৰ্ষক হত্যাকাণ্ড
Friday, 21 January 2022
অসমীয়াৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস
Sunday, 5 September 2021
পশ্চিম কাৰ্বি আংলংৰ ৰহস্যময় নিজৰা-উমাতৰ বিষয়ে জানো আহক
Saturday, 4 September 2021
বিখ্যাত ইংৰাজ লেখক জেৰমি টেলাৰৰ চৰিত্ৰ
Thursday, 2 September 2021
কৰ্মই ধৰ্ম
Monday, 30 August 2021
ফুটুকা বা ফুটকলা উদ্ভিদৰ ঔষধি গুণ
Friday, 27 August 2021
চুটি গল্প-চেনাই চাপৰিৰ ভোলা
Thursday, 26 August 2021
কোৱাভাতুৰী
Friday, 20 August 2021
ভাৰতীয় আইনত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ আত্মৰক্ষাৰ অধিকাৰ
Thursday, 19 August 2021
Thursday, 12 August 2021
এক অদ্ভূত ঘটনা
Wednesday, 11 August 2021
কলা ধানৰ সোৱাদ আৰু ঔষধি গুণ
কছাৰী জনগোষ্ঠীত মিচিং লোকৰ অন্তৰ্ভুক্ত আৰু মিচিং কছাৰীৰ ঐতিহাসিক সামাজিক সম্পৰ্ক
Tuesday, 10 August 2021
গুপিত পেগু অপৃনৰ ইতিহাস বা চমু বুৰঞ্জী
অক্ষয় কুমাৰৰ নতুন চিনেমাৰ স্ক্ৰীপ্ট
Sunday, 8 August 2021
ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপৰ স্তৰ
ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপ স্তৰ
গুৱাহাটী, ৪ আগষ্টঃ চিকিৎসা বিশেষজ্ঞ সকলে এক গৱেষণাৰ অন্তত শেহতীয়াকৈ প্ৰকাশ কৰা এক জৰীপ অনুসৰি, ভাৰতৰ ৬৪ শতাংশ লোকে কোনোধৰণৰ ব্যায়াম নকৰে, অৰ্থাৎ দেশৰ জনসংখ্যাৰ দুই-তৃতীয়াংশ লোকে তেওঁলোকৰ স্বাস্থ্য প্ৰতি কোনোধৰণৰ যতন লোৱা দেখা নাযায়। এইকাৰণেই আজিকালিৰ যুহত কম বয়সীয়া লোকসকলেও উচ্চ ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে।
উচ্চ ৰক্তচাপক এক প্ৰকাৰৰ নীৰৱ হত্যাকাৰী বুলি গণ্য কৰা হয়। বহুলোকে ইয়াক গুৰুত্বসহকাৰে নলয়, কিন্তু ই শৰীৰক বিভিন্ন ধৰণে ক্ষতি কৰিব পাৰে। দুৰ্বল জীৱনশৈলী, মানসিক চাপ, সঠিক খাদ্য গ্ৰহণ নকৰা, বংশগত কাৰণ, বেছিকৈ নিমখ গ্ৰহণ কৰা, পানী কমকৈ সেৱন কৰা, কলেষ্টেৰল, বৃক্ক আৰু যকৃতৰ কাৰ্য স্বাভাৱিক নোহোৱা, কম সময় টোপনি যোৱা আৰু খং উঠিলে ৰক্তচাপৰ স্তৰ বৃদ্ধি হয়।
যেতিয়া শৰীৰত তেজৰ চলাচল বৃদ্ধি হয় তেতিয়া ইয়াক উচ্চ ৰক্তচাপজনিত সমস্যা বুলি কোৱা হয়। যাৰ ফলত সময়ত চিকিৎসা গ্ৰহণ নকৰিলে পিছলৈ ই হৃদৰোগৰ কাৰণ হ'ব পাৰে। উচ্চ ৰক্তচাপৰ সমস্যাৰ লক্ষণ বহু আগতে দেখা যায়। সময়ত চিনাক্ত কৰিলে ইয়াক সহজে নিয়ন্ত্ৰণ কৰিব পাৰে।
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে দেখা পোৱা কেইটামান লক্ষণ, যি উচ্চ ৰক্তচাপৰ লগত সম্বন্ধিতঃ
১. মূৰ ঘূৰোৱা
যদি আপোনাৰ ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে মূৰ ঘূৰায়, তেন্তে বুজিব যে আপোনাৰ শৰীৰত ৰক্তচাপৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে। তেনে ক্ষেত্ৰত, আপুনি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
২. কন্ঠ শুকাই যোৱা
বহুলোকে ৰাতিপুৱা উঠি পিয়াহ অনুভৱ কৰে, কিন্তু যদিহে আপোনাৰ কন্ঠ অধিক শুকাই গৈছে, তেতিয়া আপুনি সতৰ্ক হোৱা উচিত। কিয়নো ই উচ্চ ৰক্তচাপৰ লক্ষণ হ'ব পাৰে। গতিকে যদি আপোনাৰ ক্ষেত্রত প্ৰতিদিনে পুৱা এনে হয়, তেনেহ'লে ইয়াক মনোযোগ দিয়াটো উচিত হ'ব।
৩. বমি অনুভৱ কৰা
সাধাৰণতে অত্যাধিক গ্ৰেষ্ট্ৰিকজনিত সমস্যাৰ বাবে বমি অনুভৱ হয়, কিন্তু যদি আপুনি প্ৰত্যেকদিনা পুৱাই এনে সমস্যাই দেখা দিলে, সতৰ্ক হোৱা উচিত।
৪. চকুৰে অস্পষ্ট দেখা পোৱা
যদি আপোনাৰ পুৱা সাৰ পোৱাৰ লগে লগে সকলো বোৰ দেখিবলৈ অস্পষ্ট যেন লাগে, তেন্তে ই উচ্চ ৰক্তচাপৰ কাৰণ হ'ব পাৰে।
উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰাৰ বাবে কেইটামান আয়ুৰ্বেদিক উপায়ঃ
১. সৰ্পগন্ধাৰ শিপা শুকুৱাই গুৰি কৰি পানীত মিহলাই খাব পাৰে।
২. আপুনি ব্ৰাহ্মী শাকৰ গুৰিৰ ৰস খাব পাৰে। ব্ৰাহ্মীক মগজু বৰ্ধক বুলিও কোৱা হয়। যদি আপোনাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে আপুনি ইয়াক গ্ৰহণ কৰিব পাৰে।
৩. ঘেঁহুৰ ঘাঁহ, এলো ভেৰা আৰু পানীলাও মিহলি কৰি ৰস উলিয়াই এগিলাচ চৰৱত তৈয়াৰ কৰক আৰু ৰাতিপুৱা খালী পেটত খাওক।
৪. ডালচেনী আৰু অৰ্জুন গছৰ বাকলিৰ ৰসে আপোনাৰ উচ্চ ৰক্তচাপ দ্ৰুতগতিত হ্ৰাস কৰিব পাৰে। ই বৃক্ক পৰিস্কাৰ কৰাটো সহায়ক হয়।
Tuesday, 3 August 2021
চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি
গোলনেমুৰ ঔষধি গুণ (Lemon)
Thursday, 22 July 2021
অসমীয়াৰ জাতীয় উৎসৱ- বিহু চুতীয়া সকলৰহে আছিল
মংগোলীয় সকলৰ ভিতৰত চুতীয়া সকলে উজনি অসমৰ শদিয়া অঞ্চলক কেন্দ্র কৰি আহোম সকল অহাৰ বহু আগতেই এখন শক্তিশালী ৰাজ্য স্থাপন কৰিছিল। চুতীয়া সকলৰ ৰাজত্ব কালতেই এই ভূ-খণ্ডত পোন-প্রথমে বিহুৱে পোখা মেলিছিল আৰু পৰৱর্তী সময়ত আহোমসকলে ইয়াৰ লালন-পালন কৰিছিল। ডঃ পৱন চন্দ্র শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে,-'চুতীয়া ভাষাত বিহুক "বিচু" বুলি কোৱা হয়। "বি" মানে অতি, "চু" মানে আনন্দময় বুজায়। গতিকে, "বিচু" শব্দটি অপ্রভংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।' আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্রকাশ কৰিছে যে,- 'টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। "পয়" মানে উৎসৱ আৰু "হু" মানে গৰু।... বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা,...আৰু পবিত্র গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক "পয়হু" বোলা হয়। সেই "পয়হু" শব্দৰ অপভ্রংশই "বিহু" হোৱা বুলি কৰা ধাৰনা অমুলক নহয়। অৱশ্যে বিহুৰ ভাৱ আৰু অর্থৰ দিশেদি বিচাৰ কৰিলে চুতীয়া ‘বিচু’ শব্দৰেই অপভ্রংশ বুলি অনুমান কৰিব পাৰি।
‘বিচু’ নাইবা ‘পয়হু’, য’ৰ পৰাই বিহুৰ উৎপত্তি নহওঁক কিয়, বিহু মুলতঃ মংগোলীয় সকলৰ অৱদান। দেহৰ ৰন্ধ্রে ৰন্ধ্রে বিহুৰ বীজ নিহিত হৈ থকা চুতীয়া সকলৰ ৰাজত্বৰ পতন হৈছিল এই বিহুৰ বাবেই। আনহাতে, আহোম-সকলে এই বিহুৰ জৰিয়তেই চলেৰে মোৱামৰীয়াৰ হাতৰ পৰা ৰাজ্যোদ্ধাৰ আৰু চুতীয়া ৰাজ্য জয় কৰিছিল। চুতীয়া ৰাজ্য পতনৰ পাছত আহোমসকলৰ শাসন কালত বিহুৱে অধিক বিস্তৃতি লাভ কৰে। ‘সাত ৰাজ মাৰি এক ৰাজ কৰা’ আহোম স্বর্গদেউ সকলৰ পৃষ্ঠপোষকতাই বিহুক অন্য মাত্রা প্রদান কৰিলে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বর্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দর্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱাঃ 'কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নির্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেঁও ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্র কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্রেনী আমি নেপাও।' আহোম ৰজা সকলে বিহুক কেন্দ্র কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্রেনীৰ সৃষ্টি নকৰিলেও তেঁওলোকৰ বিহু প্রীতি সর্বজন বিদিত। জয়ধবজ সিংহৰ ৰাজত্ব কালত অসম আক্রমনকাৰী মিৰজুমলাৰ লগত অহা পার্চী ইতিহাসবিদ চিহাবুদ্দিন তালিচে তেঁওৰ অসম-সম্বন্ধীয় টোকাত স্বর্গদেউ সকলৰ বিহুপ্রীতিৰ কথা উল্লেখ কৰিছে। আনহাতে জমিলি নামৰ ভ্রমণকাৰী এজনে লিখিছে-'...ৰাজকাৰেঙৰ ওচৰতে বিশেষভাৱে সজোৱা বিহুতলিলৈ ৰজা আহে ৰং চৰোৱা হাতীত উঠি। সোণ চৰোৱা সাজপাৰ আৰু মুকুট পিন্ধি অহা ৰজাৰ চাৰিওকাষে খোজকাঢ়ি আহে যাঠি আৰু চেপেটা তৰোৱালধাৰী দেহৰক্ষী। পাছে পাছে দোলাভাৰীয়ে কান্ধেৰে কঢ়িয়াই অনা দোলাত আহে পাত্র- মন্ত্রীসকল। সমবেত দর্শকসকলে অলপ দূৰৈৰ পৰা ৰজাক সেৱা জনায়। বিহুৱা দলবিলাকে বিহু নৃত্য কৰে। ... ৰজাই নাচ-গান দেখি সন্তুষ্টি প্রকাশ কৰে আৰু প্রশংসা কৰে।
বহুযুগৰে পৰা মংগোলীয় মূলৰ চুতীয়া, আহোম, মৰাণ, মটক আদি জনগোষ্ঠীয়ে পালন কৰি অহা কৃষিজীৱি মানুহৰ উৎসৱ বিহু বর্তমান সময়ত অসমৰ সকলো মানুহৰ আদৰৰ উৎসৱ। এসময়ৰ পথাৰ আৰু গছতলৰ বিহুটি আজিৰ দিনত অসমীয়া মানুহৰ যিকোনো আনন্দময় পৰিবেশ অথবা সংগঠিত ৰুপৰ প্রতীক হিচাপে বিবেচিত হৈছে। অসম আন্দোলন (১৯৭৯-৮৫)ৰ সময়ত, বিভিন্ন সভা- সমিতি অথবা সমদলত বিহুক অসমৰ স্বাভিমান আৰু জাতীয় জাগৰণৰ প্রতীক হিচাপে তুলি ধৰা হৈছিল। ভাষা আন্দোলন (১৯৬০-৬১)ৰ সময়তো মহান গনশিল্পী ডঃ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে শান্তি বাহিনীত মঘাই ওজাৰ জড়িয়তে বিহুক উপস্থাপন কৰি জনগনৰ মাজত শান্তি আৰু একতাৰ বার্তা প্রেৰন কৰাৰ তথ্য পোৱা যায়। ইয়াৰ পৰাই প্রমানিত হয় যে, বিহু অসমৰ জনগনৰ স্বতঃ স্ফুত সাংস্কৃতিক প্রকাশ।
বর্তমান সময়ত, বিহু ক্রমশঃ কৃষিজীৱি জনতাৰ হাতৰ পৰা উলাই গৈ মধ্যবিত্তৰ মাৰফৎ বহুজাতিক সংস্থাৰ কুক্ষীগত হৈছেগৈ। অসমৰ জন সাধাৰনৰ জাতীয় আবেগক হাথিয়াৰ হিচাপে লৈ বিহুৰ জৰিয়তে বহিৰাগত বণিয়াই বেপাৰ কৰি মুনাফা লাভৰ সুযোগ লৈছে। আমাৰ মহানাগৰিক সমাজৰ একাংশ শিপাহীন মানুহে ইয়াকে জাতীয় কৃষ্টিৰ কছৰৎ বুলি নির্বিবাদে মানিও লৈছে। অসম আৰু অসমীয়াৰ বাবে ই নিশ্চিতভাৱে এক অশনি সংকেত। তথাপি আমি আশ্বস্ত হ’ব পাৰো যে, অসমীয়া আৰু বিহু ইটো-সিটোৰ পৰিপূৰক। অসমীয়া থকা লৈকে বিহুও থাকিব অথবা বিহু থকালৈকে অসমীয়াৰ আয়ুস!
[1] পৱন চন্দ্র শইকীয়া, ‘কাতি বিহুৰ ৰুপৰেখা’, দেউৰী চুতীয়া, পৃষ্ঠাঃ ১০৯
[2] ডিম্বেশ্বৰ গগৈ, ‘অসমৰ বিহু সংস্কৃতিৰ ৰুপৰেখা’, পৃষ্ঠাঃ ১৮-১৯
[3] পদ্মেশ্বৰ গগৈ, ‘তাহানিৰ বিহু আজিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’ সংখ্যা ২০০৮
[4] ‘জমিলি নামৰ এজন মুছলমান ভ্রমনকাৰীয়ে বিহুৰ বিষয়ে লিখা টোকা। এই প্রাচীন টোকাটো সন্নিবিষ্ট বুৰজ্ঞীখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ আছে। ডঃ প্রফুল্ল দত্ত গোস্বামীয়ে উল্লেখ কৰা এই টোকাটো তীর্থ ফুকনৰ ‘বিহুৰ ঐতিহ্য তাৎপর্য আৰু সৌন্দর্যৰ সন্ধান’ গ্রন্থত সন্নিবিষ্ট কৰা হৈছে। পৃষ্ঠাঃ ২৬-২৭
[5] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০
[6] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০
[7] হিতেশ্বৰ বৰবৰুৱা, ‘হিতেশ্বৰ বৰবৰুৱাৰ ৰচনাৱলী’,পৃষ্ঠাঃ ৫৭৬
[8] হেমাংগ বিশ্বাস,‘হেমাংগ বিশ্বাস ৰচনাৱলী’ সম্পাদনাঃ পৰমানন্দ মজুমদাৰ, অসম প্রকাশন পৰিষদ, গুৱাহাটীঃ২০০৮
[9] পদ্মেশ্বৰ গগৈ, ‘আজিৰ বিহু তাহানিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’,২০০৮
-
নাৰী এখন সমাজৰ সংস্কৃতি প্রবাহৰ মূল চালিকা শক্তি। নাৰী হৈছে সমাজৰ আধাৰ শক্তি। ভগৱানে মানৱ সৃষ্টিৰ পবিত্র দায়িত্ব মাতৃ জাতিক অর্পণ কৰিছে। সে...
-
ডকাইতৰ ৰূপত দুজন পুলিচ সুমন দত্ত, ডিব্ৰুগড় চখ থকা হ'লে বিলত ধৰা বৰালি মাছ দুটা ঘৰতে বহি তেওঁ আনন্দ মনেৰে পৰিয়ালৰ সৈতে খালেহেতেন। মানুহ...
-
নৱ কুমাৰ বৰা আজিৰ গন্তব্য স্থান আছিল "চাচনী মেৰবিল " |ৰাতিপুৱা তিনি বজাতেই বৃহৎ আৰক্ষী ...
-
এয়া কিমান ভয়ংকৰ কাণ্ড এই ভিডিঅ' চাওক আৰু দোষীয়ে শাস্তি পাবৰ বাবে সকলোৱে শ্বেয়াৰ কৰক। This post is updated by Tultul Kutum
-
💙💙 অভিজ্ঞতাৰ দুশাৰীমান 💙💙 ড° চন্দনা মেধি দাস হয়তো মানুহৰ সমগ্ৰ জীৱন টোৱেই বিভিন্ন অভিজ্ঞতাৰ সমাহাৰ। তাৰ ভি...
-
জনহিত জন সেৱাৰ্থে ----------------------------------- LAWS ON ARREST পুলিচৰ গ্ৰেপ্তাৰ ক্ষমতা --------------------------------- PROVISIONS IN...
-
মিচিং সমাজত নাৰী বিউটি পেগু, যোৰহাট, গড়মূৰ মিচিং সমাজত পুৰুষৰ সমানেই নাৰীয়ে স্থান অধিকাৰ কৰি আহিছে | ঘৰ এখন সুচাৰু ৰূপে পৰিচাল...
-
মিচিং জাতিৰ গুঃমৃন বা পূৰ্বপুৰুষ সকল ১) বমিঃ ২) বকি, ৩) বজু, ৪) বনুং, ৫) বজুম ৫) জঃব ৬) জঃতুৰ ৭) কেবু ৮) বৰাং ৯) কেঃদ' ১০) ক...
-
জনজাতি সমাজত নাৰী বিউটি পেগু, যোৰহাট, গড়মূৰ জনজাতীয় সমাজত নাৰী বহু পৰিমাণে মুক্ত আছিল। মুক্ত মানে ব্যভিচাৰ,অত্যাচাৰী আদি বিশেষণবোৰ...