Sunday, 5 September 2021

পশ্চিম কাৰ্বি আংলংৰ ৰহস্যময় নিজৰা-উমাতৰ বিষয়ে জানো আহক

পশ্চিম কাৰ্বি আংলংৰ ৰহস্যময় চকু লোৰ নিজৰা-উমাৎ
                    লেখক- বলীন দেউৰী



এয়া উমাত ৷
উমাত মানে চকুলো ৷ চকুলো মানেই দুখ ৷ বহু শতিকাৰ বেদনাৰ সাক্ষী
এই উমাত জুৰি ৷ কত পুত্ৰহাৰা মাতৃয়ে পুত্ৰক শেষ বিদায় জনাই ইয়াৰ পাৰত হিয়া ঢাকুৰি কান্দিলে 
ক’ত ভগ্নীয়ে ভাতৃহাৰা হৈ ইয়াৰ পাৰত বিননী জুৰিলে ৷
ইয়াৰ সাক্ষী
এই উমাত জুৰি ৷

(তলৰ ভিডিঅত টিপি উমাৎ জুৰিৰ ভিডিঅ চাওক)


 যি পুত্ৰই পিতৃক শেষ বিদায় জনাই ইয়াৰ পাৰত কান্দোনত ভাগি পৰিছিল, কালক্ৰমত তেওঁৰ মৃত্যুৰ ক্ষণটো তেওঁৰ পুত্ৰই ইয়াৰ পাৰতেই ভাগি পৰিছিল ৷ এইদৰে এটিৰ পিছত আন এটি প্ৰজন্ম । বহু শতিকা মানুহৰ শোক বিষাদৰ স্মৃতি লৈ মৰি মৰি বাগৰি বৈ আছেএই উমাত জুৰিটি ৷ উমাতৰ অবিহনে কাৰো ক’তো শেষ বিদায় হোৱা নাই ৷ উমাতৰ পাৰত চকুলো নুটুকা কোনো নংটুং নাই ৷ উমাত মানে চকুলো ৷ এনে কোনো নংটুং নাই যাৰ চকুলো এই জুৰিটিত পৰা নাই ৷ এনে বিৰল ঘটনাৰ সাক্ষী এই সৰু জুৰীটি ৷ সেয়েহে ইয়াৰ নাম চকুলো ৷ নংটুং হ’ল খাছীসকলৰ এটি ঠাল ৷ তেওঁলোকৰ মাওবাহ ইয়াৰ পাৰত ৷ এই মাওবাহত মৃতকৰ অস্থি ৰাখি শোকত বিহ্বল আপোনজনে শেষ বিদায় জনাই ইয়াৰ পাৰতেই চকুলো টুকিছিল ৷ নংটুং খাছী পৃথিৱীৰ য’তে মৃত্যু নহওক কিয়, এই মাওবাহলৈ অস্থি অনাটো আছিল বাধ্যতামূলক ৷ অৱশ্যে এতিয়া খাছীসকল খ্ৰীষ্টান হ’ল ৷ পূৰ্বৰ পৰম্পৰা ত্যাগ কৰিলে ৷ ডিভ’ৰ্চ দিয়া জীৱন সংগীক কেতিয়াবা মনত পেলোৱাৰ দৰে কেতিয়াবা মনত পেলায় ৷ জুৰীটি কিন্তু এতিয়াও বৈ আছে ৷ চকুলোৰ দৰে পৰিষ্কাৰ পানী ৷ 
স্থান - উম্লাফেৰ, থানা - বৈঠালাংচ’ ৷






This post is updated by Tultul Kutum

Saturday, 4 September 2021

বিখ্যাত ইংৰাজ লেখক জেৰমি টেলাৰৰ চৰিত্ৰ

জেৰেমি টেলাৰ এজন বিখ্যাত ইংৰাজ লেখক। লেখক হিচাপে তেওঁ যিমান সন্মানৰ যোগ্য আছিল, তাতোকৈ তেওঁ বেছি সন্মানৰ যোগ্য আছিল মানুহ হিচাপে ৷ তেওঁ যিখন সমাজত বাস কৰিছিল সেই সমাজৰ মানুহবোৰে তেওঁক এজন মহৎ চৰিত্ৰৰ আদৰ্শৱান মানুহ হিচাপে শ্ৰদ্ধা কৰিছিল।
এবাৰ তেওঁৰ ঘৰত চুৰি হ’ল। চোৰে তেওঁৰ ঘৰত যিমান বস্তু বাহিনী আৰু ধন-সোণ আছিল সকলোবোৰ উঠাই লৈ গ'ল। একে আষাৰে ক'বলৈ গ'লে তেওঁ সৰ্বস্বান্ত হ’ল। খবৰটো বিয়পি পৰাৰ লগে লগে তেওঁৰ ওচৰ-চুবুৰীয়া, সম্বন্ধীয় মানুহ আৰু বন্ধু-বান্ধৱ তেওঁৰ ঘৰলৈ আহিবলৈ ধৰিলে তেওঁক সহানুভূতি জনাবলৈ। মানুহবোৰে ভাবিছিল যে সৰ্বস্ব হেৰুৱাই জেৰেমি টেলাৰ নিশ্চয় মনৰ দুখত ম্রিয়মাণ হৈ পৰিছে। কিন্তু তাৰ ওলোটা ছবিখন দেখি মানুহবোৰ অতি আচৰিত হ’ল। সর্বস্বান্ত হৈয়ো জেৰেমি টেলাৰৰ মুখত অকণো দুখৰ ভাব ফুটি উঠা নাই৷ বৰঞ্চ তেওঁক আগতকৈ কিছু প্রফুল্লিত হোৱা যেনহে দেখা গ'ল।

এজন আত্মীয়ই মনৰ বিস্ময় হেঁচি ৰাখিব নোৱাৰি তেওঁক সুধিলে—“চোৰে তোমাৰ সৰ্বস্ব লুণ্ঠন কৰি তোমাক দেউলীয়া কৰি থৈ যোৱাৰ কাৰণে তুমি যেন সুখীহে হৈছা। অতি আচৰিত কথা। কোৱাচোন—তুমি এনে অদ্ভুত আচৰণ কিয় কৰিছা?” কাষতে থকা আন এজন মানুহেও আত্মীয়জনৰ কথাত যোগ দি ক'লে— “সঁচাকৈয়ে তোমাৰ মুখত দুখতকৈ আনন্দহে বেছিকৈ ফুটি উঠা যেন লাগিছে । ইয়াৰ ৰহস্য কি?” বন্ধুজনৰ প্ৰশ্ন শুনি জেৰেমি টেলাৰে উত্তৰ দিলে—“চোৰৰ চকুত যিবোৰ বস্তু আছিল মূল্যবান সেইবোৰ সিহঁতে লৈ গ'ল। কিন্তু আচল মূল্যবান বস্তু একোকেই সিহঁতে নিব নোৱাৰিলে। সেই সকলোবোৰ মোৰ লগত থাকি গ'ল ৷ তেনেস্থলত মই দুখ কৰিম কিয়? মই বৰঞ্চ মোৰ মনৰ ওপৰৰ পৰা এটা ডাঙৰ বোজা খহি পৰিল যেনহে অনুভৱ কৰিছো ৷ এতিয়াৰ পৰা এই অলাগতিয়াল বস্তুবোৰক লৈ মই আৰু দুঃচিন্তা কৰি থাকিব নালাগিব।' টেলাৰৰ কথা বুজিব নোৱাৰি মানুহবোৰৰ মুখত বিস্ময়ৰ ভাব ফুটি উঠিল। তেওঁলোকে সুধিলে—“তুমি কি ক’ব খুজিছা অলপ বুজাই কোৱাচোন; আমি কিন্তু একো বুজিব পৰা নাই।” টেলাৰে গহীন হৈ ক'লে—“মোৰ আচল সম্পত্তি হ'ল মোৰ শৰীৰটো, মোৰ স্বাস্থ্য, মোৰ বুদ্ধি চিন্তাশক্তি, ইচ্ছাশক্তি, মোৰ আত্মা, আৰু মই জীৱন যিবোৰ আদৰ্শক আটাইতকৈ মূল্যবান সম্পদ বুলি বিবেচনা কৰো সেই আদৰ্শবোৰ। এইবোৰ বস্তুৰ একে এটাইতো চোৰে চুৰ কৰি নিব পৰা নাই! মোৰ লগত সেই বস্তুবোৰ থকালৈকে মই নিজকে কেতিয়াও দৰিদ্ৰ বা সর্বস্বান্ত বুলি নাভাবোঁ। মই অলপ প্রফুল্লিত হৈছো এই ভাবি যে অলাগতিয়াল বস্তুবোৰ চোৰে লৈ গৈ মোৰ জীৱনটোক আগতকৈ সৰল কৰি থৈ গ'ল।”

Thursday, 2 September 2021

কৰ্মই ধৰ্ম

কৰ্মই ধৰ্ম
-----------------
এবাৰ মাডাৰ টেৰেছা আমেৰিকালৈ গৈছিল। তাত সেই দেশৰ এজন চিনেটৰে টেলিভিছনত মাডাৰ টেৰেছাৰ সাক্ষাৎকাৰ লৈছিল। বহুতো প্রশ্নৰ মাজতে চিনেটজনে মাডাৰ টেৰেছাক সুধিছিল—“মাডাৰ, আপুনি গৃহহীন আৰু সর্বহাৰা দীন-দৰিদ্ৰ মানুহৰ দুখ-মোচনৰ কাৰণে গোটেই জীৱন ধৰি কাম কৰি আহিছে। কিন্তু তাকে কৰি আপুনি তেওঁলোকৰ দৰিদ্ৰতা সমস্যাৰ সমাধান কৰিব পাৰিছেনে?”
মাডাৰ টেৰেছাই শান্ত আৰু স্নিগ্ধ দৃষ্টিৰে চিনেটৰজনৰ মুখলৈ চাই ক’লে—“ঈশ্বৰে মোৰ কান্ধত পৃথিৱীৰ কোনো সমস্যাৰ সমাধানৰ দায়িত্ব দিয়া নাই। ঈশ্বৰে মোক কেৱল এই দায়িত্ব দিছে যে যেতিয়া মই যিটো কাম কৰো সেই কামটোকে যেন পৰম নিষ্ঠাৰে কৰিবলৈ যত্ন কৰো।”

সাধাৰণ সৰু মানুহৰ পক্ষে ডাঙৰ কাম কৰাটো অসম্ভৱ। তেনে মানুহে আনক সহায় কৰিব খুজিলেও নিজৰ সাধ্য অনুসৰিহে সেইটো কৰিব পাৰে; কিন্তু নিজৰ সাধ্যৰ বাহিৰলৈ গৈ তেওঁ একো কৰিব নোৱাৰে। সেইবুলি সৰু মানুহে বা দুখীয়া মানুহে আনৰ উপকাৰৰ কাৰণে কৰা কোনো কামেই সৰু নহয়৷ তেওঁ বিপদত পৰা মানুহক সহায় কৰিবলৈ কৰা ক্ষুদ্র কামটোকো সীমাহীনভাৱে মহৎ কৰি তোলে তেওঁৰ হৃদয়ত থকা মানৱ প্ৰেমৰ আদৰ্শই, তেওঁৰ আত্মোৎসৰ্গৰ মনোভাৱে।

Monday, 30 August 2021

ফুটুকা বা ফুটকলা উদ্ভিদৰ ঔষধি গুণ

 এবিধ বনৰীয়া গুল্মজাতীয় উদ্ভিদ।অসমৰ সকলো ঠাইতে ইয়াক পোৱা যায়। বনৌষধি হিচাপে জনা যায়
 পাত খহতা, ঠাৰি ৰঙচুৱা, ফুল গোন্ধহীন।
 বৈঃনাম Malastoma Malabathrieum আৰু উৰিয়াত গনগৈ,সংস্কৃতত টিনিশ বুলি কয়। ঠাৰিদাল দাঁত ঘঁহিবৰ বাবে দাতোন, পাতবোৰ জনজাতীয় মদ তৈয়াৰী পিঠাত ব্যবহাৰ কৰে। ফলবোৰ সৰু, পকিলে ক'লা 
হয় আৰু ফাটি যায়। খাবলে মিঠা,খালে জিভাখনত দাগ ধৰে।মুখচিগা, আলচাৰ ভাল কৰে।

Friday, 27 August 2021

চুটি গল্প-চেনাই চাপৰিৰ ভোলা

চেনাই চাপৰিৰ ভোলা 
         লেখিকা- বিউটি পেগু, যোৰহাট
মাহীৰ ঘৰ চেনাই চাপৰিত | এই চেনাই চাপৰিতে ভোলা গৰখীয়াই বাঁহী বজায় | মই চেনাই চাপৰিৰ গৰখীয়া আদহীয়া বৰলা যুৱক ভোলাক দেখা নাই, লগো পোৱা নাই | কিন্তু তাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনাৰ সুৰ মাজৰাতি , দুপৰীয়া শুনিছোঁ | তাৰ বাঁহীৰ কৰুণ বিননি শুনিলে মোৰ স্বভাৱজাত বিষাদ ভালপোৱা মনটোৱে অধিক বিষাদকেন্দ্রিক হৈ পৰে | ভোলাৰ বাঁহীৰ সূৰৰ এনে এক মাদকতা, চুম্বকীয় আকৰ্ষন আছে তাৰ বাঁহীৰ সুৰে মানুহৰ কাণত , হৃদয়ত গুঞ্জৰিত হ'বই | জোনাক ৰাতি ভোলাৰ কৰুণ , বিষাদ সুৰৰ বাঁহীৰ মাতে গোটেই চাপৰিটোক আৰু অধিক জোনাক পোহৰৰে উজলাই তোলে বুলি ওচৰৰ গাঁওৰ মানুহে কয় | তাৰ হৃদয়ৰ পৰা নিগৰিত হৈ দুই ওঁঠৰ ফাঁকেদি ওলোৱা মনৰ বেথা স্বৰূপ কৰুণ বাঁহীৰ সুৰবোৰ শুনি দূৰ্ভগীয়া , প্রতাৰিত, অভিমানী প্রেমিক/প্রেমিকা সকলে বিষাদত,বেদনাত বাউলী হৈ পৰে | 

ভোলা হেনো আগতে পঢা-শুনাত ভালেই আছিল | কিন্তু বৰ আবেগিক আছিল | কবিতা লিখিছিল | পথাৰ, নদী, ফুল, গান ভাল পাইছিল | মনত আবেগ অধিক হ'লে বৰ সুন্দৰ কবিতা লিখিছিল | এজনী ছোৱালীৰ প্রেমত পৰিল | কিন্তু ছোৱালী জনীয়ে তাৰ প্রেমক স্বীকৃতি নিদিলে | ফলত অতি আবেগিক ভোলা অাৰু অধিক আবেগিক হৈ পৰিল | কবিতা লিখা বাদ দিলে, কাম বন কৰিবলৈ মন নকৰা হ'ল | ঘৰত মন নব'হা হ'ল | ফলত তাৰ অঘৰী জীৱন আৰম্ভ হ'ল | সি চেনাই চাপৰিত গৰু, মহ ৰখি থাকিবলৈ ল'লে | আৰু বাঁহীত বিষাদৰ কৰুন সুৰ তুলিবলৈ ধৰিলে | যেন মানুহক  মুখৰে প্রকাশ কৰিব নোৱাৰা বিননিবোৰ বাঁহীৰে ফুঁ দি চাপৰিৰ নদী, ঝাওবন,জীৱ জন্তুকে জনাই অন্তৰৰ গোপন বেথাবোৰ বোঁৱাই দিব বিচাৰে | ঋতু পৰিবৰ্তনৰ সময়োছোৱাত ভোলাৰ বাঁহীৰ সুৰৰ বিষাদময়তা একেবাৰে কৰুন হৈ পৰে | হয়তো ঋতু পৰিবৰ্তনৰ ফলত প্রকৃতিত দেখা দিয়া সৌন্দৰ্যই তাৰ মনটোক অধিক বিষাদৰে ভাৰাক্ৰান্ত কৰি তোলে | 

চাপৰিৰ মানুহবোৰে কয় - সি হেনো বিশ্বাস কৰে এই জনমত তাই তাৰ প্রেমক স্বীকৃতি নিদিলেও অহা জনমত নিশ্চয় কৰিব | সি এইবাবে অহা জনমলৈকে তাইৰ বাবে অপেক্ষা কৰি আছে | সতীৰ পিচত যেনেকৈ পাৰ্ৱতীয়ে শিৱৰ জীৱন থানথিন লগাইছিল এইদৰে তাৰ জীৱনটো হেনো অহা জনমত তাইৰ সংগই এই জনমৰ সকলো বেদনা,দুখ সামৰি মধুময় কৰিব বুলি সি হেনো বিশ্বাস কৰে | এইবাবে তাৰ নাম ভোলা ৰাখিলোঁ | সি সঁচাকৈয়ে ভোলাৰ দৰে ভোলা |

চেনাই চাপৰিলৈ গ'লে ভোলাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনা মাজৰাতি বা দুপৰীয়া শুনিবছোন |

Thursday, 26 August 2021

কোৱাভাতুৰী

কোৱাভাতুৰী 
এজোপা লতাজাতীয় কোনো কামত নহা উদ্ভিদ।সততে দেখা কোৱাভাতুৰীলতাডাল গৰু-ছাগলীয়েও নাখায়।ইয়াৰ ফল সেউজীয়া যদিও পকিলে উজ্জ্বল ৰঙা হয়।
ইয়াক ভাঙিলে কলা গুটি ওলাই। অখাদ্য গুটি
কিন্তু অসমীয়া সুন্দৰ জটুৱা ঠাচ ইয়াক লৈ হৈছে-"বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী।"
অৰ্থ হৈছে বাহিৰে চিকচিকীয়া  নিমজ, সৎ, সুন্দৰ কিন্তু ভিতৰত ওলোটা। এখন সমাজ দেখাত সুস্হভাবে চলি আছে কিন্তু ভিতৰখন কুৎচিত, ঘিণ লগা-এনে অৰ্থত ব্যৱহাৰ হয়।

Friday, 20 August 2021

ভাৰতীয় আইনত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ আত্মৰক্ষাৰ অধিকাৰ

ভাৰতীয় আইনত ব্যক্তিৰ জীৱন আৰু সম্পত্তিৰ আত্মৰক্ষাৰ অধিকাৰ
--------------------------------------------------------------------------
ভাৰতীয় দণ্ড বিধি আইন- ১০৩ ধাৰা-

সম্পত্তিৰ ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰত কেতিয়াবা মৃত্যু পৰ্য্যন্ত ঘটাব পাৰি [When the right of private defence of  property extends to causing death] – এই আইনৰ ৯৯ ধাৰাৰ বিধি নিষেধ অনুযায়ী যি সকলো ক্ষেত্ৰত আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰা নাযায় সেই সকলো ক্ষেত্র বাদ দি যদি সম্পত্তিৰ ওপৰত কোনো আক্রমণ বা অপৰাধ নিম্নলিখিত কোনো এক প্রকাৰৰ হয় তেন্তে সেই আক্রমণ বা অপৰাধৰ বিৰুদ্ধে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ গৈ স্বেচ্ছাকৃতভাবে (voluntarily) অপৰাধীৰ মৃত্যু পর্যন্ত ঘটাব পাৰি—

(১) দস্যুতা বা ডকাইতি (Robbery),

(২) ৰাতি গৃহভেদ (House breaking by night),

(৩) বাসগৃহ, দালান, তম্বু, জলযান য'ত হয় মানুহ বসবাস কৰে নহয় সম্পত্তি/বস্ত বাহানি ৰখা থাকে তাত জুই লগাই ক্ষতি (mischief) কৰিলে বা তাৰ চেষ্টা কৰিলে,

(৪) চুৰি (theft), ক্ষতি সাধন (mischief) বা অনধিকাৰ গৃহপ্ৰৱেশ (house trespass) এনেভাবে কৰিবলৈ আহে যে আত্মৰক্ষাৰ অধিকাৰ প্ৰয়োগ নকৰা হলে মৃত্যু (death) বা গুৰুতৰ আঘাতৰ (grievoushurt) সম্ভাৱনা থাকে। 

উদাহৰণ (Illustration) – কেইটামান চুৰে হাতত দা, তৰোৱাল ইত্যাদিৰে সজ্জিত হৈ চুৰি কৰিবলৈ কোনো এখন ঘৰত প্ৰৱেশ কৰিলে। গৃহস্থই হঠাৎ সাৰ পাই উঠি দেখিলে যে তাৰ মূৰৰ ওচৰত এজনে তৰোৱাল লৈ থিয় হৈ আছে। এতিয়া গৃহস্থই চিঞৰিলে চোৰে তাক আঘাত কৰি মৃত্যু ঘটাবও পাৰে ৷

তেনে পৰিস্থিতিত গৃহস্থই সেই চুৰৰ মৃত্যু ঘটালেও কোনো অপৰাধ নহব । গৃহস্থই আত্মৰক্ষাৰ অধিকাৰত সেই মৃত্যু ঘটাব পাৰে ।

মিচিং সকলৰ পৰাগ উৎসৱৰ কিছু দৃশ্য

পৰম্পৰাগত মিচিং চাংঘৰ চাও আহক

Amar Gaonr Bihu sauk

Thursday, 12 August 2021

এক অদ্ভূত ঘটনা

বৰোডাৰ পৰা ৪০ মাইল দূৰত এখন গাঁৱত এজন মানুহে এজনী গাই গৰু কিনি আনিছিল আন এখন গাঁৱৰ পৰা কিছুদিনৰ আগতে...লকডাউনৰ পাছত কুকুৰবোৰে সদায় গাঁওখনত ভুকি থকা হ'ল। গাঁওবাসীয়ে ভাবিলে লকডাউনৰ সুবিধা লৈ গাৱত নিশ্চয় চোৰ সোমাইছে। কিন্তু কেইবাদিনো পঁহৰা দিও একো নেদেখিলে। অৱশেষত গাঁও খনৰ বিভিন্ন প্ৰান্তত চিচি টিভি কেমেৰা লগাই দিলে। কেমেৰাত স্পষ্ট হ'ল যে এটা নাহৰফুটুকী বাঘ সদায় সেই গাইজনীৰ ওচৰলৈ আহে আৰু কিছু সময় থাকি গুছি যায়। এই দৃশ্য দেখি গাঁওবাসীৰ পৰামৰ্শ মতে গাইজনীৰ নতুন গৃহস্থজন গাইজনী যিজনৰ পৰা কিনি আনিছিল তেখেতৰ ওচৰলৈ গ'ল। তেতিয়া সেই পুৰণী গৃহস্থজনে এটা আচৰিত ঘটনা ক'লে। 
    যেতিয়া সেই বাঘটোৰ জন্মৰ মাত্ৰ বিশদিন হৈছিল কোনোবা দুৰ্বৃত্তই বাঘটোৰ মাকক মাৰি পেলাইছিল। আৰু বনবিভাগৰ মানুহে  পোৱালিটো লৈ আহি তেওঁলোকৰ খীৰতী গাইজনীৰ অৰ্থাৎ সেই গাইজনীৰ গাখীৰ খুৱাবলৈ বিচাৰিছিল বাঘ পোৱালীটোক। গাইজনীয়েও কোনো দিগদাৰী নিদিয়াকৈ বাঘ পোৱালিটোক গাখীৰ খুৱাইছিল। এবছৰমান হোৱাৰ পাছত বন বিভাগে বাঘ পোৱালীটোক অৰণ্যত এৰি দিলে। কিন্তু বাঘটোৱে তাক পুনৰ জনম দিয়া মাকক পাহৰি যোৱা নাছিল আৰু লক ডাউনৰ বাবে নিৰব হৈ থকা গাঁওখনত বিচাৰি বিচাৰি আহি তাৰ মাকৰ সন্ধান পাই গৈছিল। 
     এইয়াই মৰম আৰু আত্মীয়তা ...যাৰ বাবে হিংসুক জন্তুকো বশ কৰিব পাৰি। কিন্তু মানুহৰ ক্ষেত্ৰতহে এইয়া সম্ভৱ নহয়। কিছুমানৰ শৰীৰত এনেকুৱা অকৃতজ্ঞতাৰ তেজ প্ৰৱাহিত হয় যে যাক গৰুৰ গাখীৰৰ দৰে পবিত্ৰ বস্তুৱে শোধন কৰিলেও শোধিত নহয়..।

Wednesday, 11 August 2021

কলা ধানৰ সোৱাদ আৰু ঔষধি গুণ

কলা ধানৰ সোৱাদ আৰু ঔষধি গুণ
বিউটি পেগু

দেউতাৰ চাপৰিত জন্ম | তাতেই চাকৰিৰ আগলৈকে জীৱনৰ শৈশৱ, কৈশোৰ, ডেকাকাল পাৰ কৰিছে | আগৰ দিনত চাপৰিত আজিৰ দৰে শালি ধানৰ খেতি বৰকৈ নকৰিছিল | আহু ধানৰ খেতিহে কৰিছিল | আহু ধান, চাউল কলা | দেউতাহঁতৰ আকৌ গোটেই কেইজন ককাই ভায়েকৰ গাৰ ৰং কলা | এইকাৰনে ওচৰৰ গাঁৱৰ মানুহে দেউতাহঁতক বোলে ইতিকিং,কৰি কৈছিল - মানুহবোৰো কলা, চাউলো কলা | তহতলৈ কোন ছোৱালীয়ে বিয়া হ'ব | সেয়া আছিল তাহানিৰ কথা |

লেখিকা বিউটি পেগুৰ আলোকচিত্ৰ
বৰ্তমান কলা ধানৰ বিশ্বতে আদৰ আছে | লগতে ঔষধি গুনো আছে | কিন্তু আজিকালি আগৰ দৰে আহুধানৰ খেতি কৰিবলৈ মিচিং সকলে বৰকৈ মন নকৰে | কিন্তু বজাৰত ইয়াৰ প্রচিৰ চাহিদা | কলা চাউলৰ ভাত খাবলৈয়ো সোৱাদ | আগৰ দিনত ৰাতি তিনি বজাতে উঠি কলা চাউলৰ পিনকাং আপিন খায়েই যুৱকসকলে বহু দূৰ বাট কুৰি হাল বাবলৈ গৈছিল | আজিকালি টকা খৰচ কৰি কলা চাউল বিচাৰিলেও পাবলৈ নাই | মোৰ অনুমান মতে মিপাগতকৈ মিচিং সকলে আহু ধানৰ খেতি অধিক পৰিমানে কৰিছিল নেকি কাৰন কলা চাউলৰ ভাত মিচিং সকলৰ ঘৰতেই বেছি খোৱা দেখা গৈছিল |

কছাৰী জনগোষ্ঠীত মিচিং লোকৰ অন্তৰ্ভুক্ত আৰু মিচিং কছাৰীৰ ঐতিহাসিক সামাজিক সম্পৰ্ক

উত্তৰ-পূৱ ভাৰতৰ অসম, নগাভূমি আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী সোণোৱালসকলৰ বিষয়ে নকৈ জনোৱাৰ প্ৰয়োজন নাই। অসমৰ ভৈয়ামৰ জনজাতীয় জনগোষ্ঠীসমূহৰ ভিতৰত তৃতীয় বৃহৎ জনগোষ্ঠী সোণোৱাল আৰু নৈপৰীয়া দ্বিতীয় ভৈয়াম জনগোষ্ঠী মিচিংসকলৰ মাজত অতি প্রাচীন কালৰ পৰাই এক যোগসূত্র আছে। এই নিবন্ধত আমি ইতিহাসৰ পম খেদি এই দুই জাতিসত্বাৰ মাজত যি পাৰস্পৰিক সম্বন্ধ তাক চমুকৈ আলচ কৰিবলৈ যত্ন কৰিম।
কেইবাজনো বুৰঞ্জী প্ৰনেতাৰ বুৰঞ্জীসমূহৰ পৰা জানিব পৰা যায় যে এটা সময়ত সোণোৱালসকলে প্ৰৱল প্রতাপেৰে হালালী ৰাজ্যত শাসন কৰিছিল। হালালী শব্দৰ অৰ্থ হ’ল হা- মাটি আৰু লালী-উজ্জ্বল। অর্থাৎ উজ্জ্বল মাটিৰ দেশ। এই ৰাজ্যৰ প্ৰতিষ্ঠাপক ৰজা জন হ’ল মানিক। এই ক্ষেত্রত ‘কাছারের ইতিবৃত্ত’ নামৰ গ্ৰন্থত হালালী ৰাজ্যৰ ৰাজা আৰু ৰাজ্যখনৰ বিষয়ে তলত দিয়াৰ দৰে উল্লেখ পোৱা যায়।

“ব্রহ্মপুত্রর মোহা পরিত্যাগের ঘটোৎকচ বংশীয় ৰাজা কৌণ্ডিল্য নারায়ণ ব্রহ্মপুত্র উজান বাইয়া নদীর উত্তর পারে বর্তমান শদিয়া জিলার কৌণ্ডিন্য নগর স্থাপন করে। এবং এই স্থানে কছারী রাজাগনে বহুকাল প্রতিপত্তিরে সহিত রাজত্ব করি থানেক রাজা মেঘবল পর্যন্ত কছারী রাজাগন হালালীতে রাজত্ব করেন।”

অৰ্থাৎ কছাৰী সকলে শদিয়াত কৌণ্ডিন্য নগৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰৱল পৰাক্ৰমে ৰাজত্ব কৰিলেও পৰ্বতীয়া জাতিৰ উৎপাতৰ বাবে উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰে ৰাজ্য স্থাপন কৰিবলৈ মনস্থ কৰে। কিন্তু কছাৰীসকলৰ এই হালালী বা শদিয়া ৰাজ্য পৰিত্যাগৰ কাহিনী সুখকৰ নাছিল। 

“জনৈক কাছাড়ী রাজা ব্রহ্মপুত্র দক্ষিণ পারে স্থাপন করিতে মনস্থ করিলেন, কিন্তু অসংখ্য প্রজা গৃহ পালিত পশু এবং দ্রব্যাদিসহ ব্রহ্মপুত্র নদ অতিক্রম করিয়া পর পারে যাওরা দুস্কর বিবেচনাই রাজা একান্ত চিন্তাকুল হইলেন । যাহা দৈবানুগ্রহে এক দিবস রাত্রিতে রাজা স্বপ্নযোগে জানিতে পারিলেন কোন নির্দিষ্ট স্থানে একহস্ত পরিমিত জলের নীচে একটি বাধা পাওরা যাইবে কিন্তু যদি রাজা নদী অতিক্রম কালে প্রশ্চাৎ দিকে দৃষ্টিপাত করেন তবে বাঁধ ভাঙ্গিয়া যাইবে। রাজা পরিত্যাগ সংকল্প বীরঢোল বাজাইয়া প্রজাবর্গকে জানাইয়া দেওরা হইল। প্রায় অৰ্দ্ধেক লোক উত্তীর্ণ হইয়াছে এমন সময় নিষেধ স্বত্বেও রাজা কৌতুহলাক্রমে হইয়া প্রশ্চাৎদিকে কিরিয়া চাইলেন। তন্মহূর্তে ই বাঁদা ভাঙ্গিয়া যায় এবং বহুলোক প্রাণত্যাগ কৰে। 
       (উপেন্দ্র চন্দ্ৰ গুহ, কাছারের ইতিবৃত্ত, পৃঃ ৬০।)

অৰ্থাৎ কছাৰী ৰজাই তেওঁৰ প্ৰজাসকলৰ সৈতে ব্ৰহ্মপুত্ৰ পাৰ হৈ দক্ষিণ পাৰলৈ গুছি আহিছিল। তেওঁক সপোনত কোৱা হৈছিল যে নদী পাৰ হওতে পিছলৈ ঘুৰি চাব নালাগে। যদি ঘুৰি চায় অথন্তৰ হ'ব। কিন্তু কৌতুহল দমাব নোৱাৰি নদী পাৰ হোৱা সময়ত তেওঁ পিছলৈ ঘুৰি চোৱাত কছাৰী ৰজাৰ আধা প্ৰজা নদীৰ পানীত জাহ গৈছিল।

কবি-সাহিত্যিক তথা বুৰঞ্জীবিদ হিতেশ্বৰ বৰবৰুৱাই আহোমৰ দিন নামৰ গ্ৰন্থত উল্লেখ কৰিছে- 

“সোণোৱাল কছাৰীসকলৰ ঘৰ পূৰ্বে উজনি অঞ্চলৰ শদিয়াত আছিল আৰু সোৱনশিৰি নৈত সোণ কমাইছিল।” 

আনহাতে, ড০ সূর্য কুমাৰ ভূঞাদেৱে সম্পাদনা কৰা কছাৰী বুৰঞ্জীত সোণোৱালসকলৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে—“শদিয়া অঞ্চলত কছাৰীসকলে ৰাজ্য পাতি প্ৰৱল প্রতাপেৰে ৰাজত্ব কৰিছিল। এই ৰাজ্যৰ সীমা পূৱে শদিয়া, পশ্চিমে দিখৌমুখ আৰু দক্ষিণে দিলিহি কেন্দুগুৰিলৈকে স্থিতি আছিল ৷ ৰাজ্যৰ বাসিন্দাসকলক শদিয়াল কছাৰী আৰু ৰাজ্যখনক ‘হালালী’ বুলি উল্লেখ কৰিছে। যাৰ অৰ্থ হা মাটি, লালী-উজ্জ্বল। অর্থাৎ উজ্জ্বল মাটিৰ দেশ। এই শদিয়াল কছাৰীসকলেই পৰৱৰ্ত্তী সময়ত সোণোৱাল নামেৰে জনাজাত হ’ল।°

 ত্রয়োদশ শতিকাৰ মাজভাগৰ পৰা চুতীয়াসকলৰ ৰাজনৈতিক উত্থানৰ সময়ৰ পৰা পট পৰিবৰ্তন হ’বলৈ ধৰে ৷ ‘ডিমাৰাজ্য’ নামৰ বুৰঞ্জীমতে ১২৪৪ চনত চুতীয়া ৰজাৰ হাতত কছাৰী ৰজা ভদ্ৰসেন পৰাস্ত হৈ সন্ধি কৰে। আৰু সেই সন্ধিৰ চৰ্ত্ত অনুসৰি বৰ লুইত পাৰ হৈ আহি ডুমডুমাত ৰাজধানী পাতি শালালী ৰাজ্যৰ দক্ষিণ পাৰত ৰাজত্ব কৰে। (কিছু কছাৰী লোকৰ মতে শিৱই সপোনত কছাৰী সকলক শদিয়া এৰি দক্ষিণ পাৰত ৰাজ্য পতাৰ আদেশ দিছিল) চাৰিজন মন্ত্ৰী আৰু এক তৃতীয়াংশ লোক শদিয়াত পৰাধীনৰূপে চুতীয়া ৰাজ্যত ৰৈ যায়। ১২৭৯ চনত চুতীয়া ৰজাই পুনৰ কছাৰী ৰাজ্য আক্ৰমণ কৰে আৰু দক্ষিণ পাৰৰ দেশখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে। বিভিন্ন বুৰঞ্জীত উল্লেখ থকা মতে ১২২৮ খৃষ্টাব্দত চুকাফাৰ নেতৃত্বত টাইসকল অসমত প্ৰৱেশ কৰি কছাৰীসকল আৰু মৰাণসকলক লগ পাইছিল। চুকাফাই প্রথম আহি কছাৰী সকলৰ ৰীতিৰে শিৱাই দেৱতাৰ থানঘৰত শিৱৰ পূজা-অৰ্চনা কৰিছিল বুলি জানিব পৰা যায়। চুকাফাৰ ৰাজ্য বিস্তাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে চুবুৰীয়া ৰজাসকলৰ লগত যুঁজ বাগৰ আৰম্ভ হৈছিল। ১৫০৩ চনত টাই ৰাজশক্তিয়ে চুতীয়া সকলক পৰাস্ত কৰি চুতীয়া ৰাজ্য দখল কৰি লয় আৰু নিজ প্ৰশাসনৰ দায়িত্ব শদিয়াখোৱা গোঁহাই নামে এজন ৰাজ বিষয়াক অর্পণ কৰে। 

চুতীয়া সকলৰ পৰা শদিয়া কাঢ়ি লোৱাৰ পিছত আহোম ৰাজ প্ৰশাসনৰ হৈ শদিয়াখোৱা গোঁহাইয়ে অসীম ক্ষমতাৰে শদিয়া অঞ্চল পৰিচালানা কৰিছিল। মুখে মুখে বাগৰি অহা এক কছাৰী জনশ্ৰুতি অনুসৰি শদিয়া খোৱা গোঁহাইৰ এগৰাকী সুন্দৰী জীয়েক আছিল নাম জনাদৈ ৷ জনাদৈৰ লগত কছাৰী ডেকা দুতিৰামৰ লগত প্ৰেমৰ সম্পৰ্ক হয়। পদমর্যদা আৰু জাত্যভিমানৰ বাবে জনাদৈ আৰু দুতিৰামৰ মাজত হেঙাৰ হৈ ঠিয় দিলে পিতৃ শদিয়াখোৱা গোঁহাই। প্রেম স্বর্গীয়। প্রেমে নামানে জাতিকূল। ইজনে-সিজনক পোৱাৰ বাসনাত ব্যাকুল হ’ল। সেই প্ৰেমৰ নিদৰ্শন সোণোৱাল কছাৰী লোকগীতৰ মাজত অতি সাৱলীলভাৱে প্ৰকাশ পাইছে এনেদৰে—

“জনাদৈ গাভৰু পাটমাদৈ চৰাইটি 
দুতিৰাম তানুৱা ডেকা। 
বঙহো নহলি বুকুৰ মঙহ হলি 
কেনেকৈ গুচাই যাওঁ চেকা 
হাবিৰে অমৰা দুতিৰাম দমৰা 
জনাদৈ চেউৰী গাই 
বান্ধিব পাৰো মই ৰাখিব নোৱাৰো 
পঘা চিঙি চিঙি যায়।*

শাসনৰ বাঘজৰীয়ে বান্ধি ৰাখিলে মনৰ এনাজৰিদাল চিঙিব নোৱাৰিলে গোঁহাইদেৱে। সেই পিতৃৰ ৰাজবিষয়াৰ পদমর্যদাক প্ৰেমৰ মহত্বৰে পদাঘাট কৰি দুতিৰামৰ লগত জনাদৈ পলাই গুচি যায়। লাজে-অপমানে অপমানিত হৈ শদিয়াখোৱা গোঁহাইয়ে জোঁৱাই দুতিৰামৰ ওপৰত আখেজ লোৱাৰ পৰিকল্পনা মনত পুৰি ৰাখিলে। মনৰ এই পোহনীয়া চিন্তা বাস্তৱায়িত কৰিবৰ বাবে মিতিৰ হোৱাৰ ফন্দি পাতিলে। তেওঁ এহেজাৰ কছাৰীক জীয়েকৰ বিয়াৰ ভোজ খাবলৈ বুলি বৰভোজ পাতি আদৰ-সাদৰ কৰি মাতি পঠিয়ালে। বাহিৰে মৌ মিঠা দেখুৱাই মিতিৰৰ ভোজৰ সকলো আয়োজন সম্পন্ন হ’ল। নীতি শাস্ত্ৰত এষাৰি বৰ সাৰুৱা কথা আছে ‘ৰাজবিষয়াক কেতিয়াও বিশ্বাস নকৰিবা। গোঁহায়ে মনে মনে অভিসন্ধি কৰিলে আৰু এই ষড়যন্ত্ৰৰ দায়িত্ব অর্পণ কৰিলে চিংফৌ জনজাতিৰ এজন পাহোৱাল ডেকাক, নাম লথৰা। ভোজ-ভাত খোৱাৰ সময়তে অতর্কিতে হাজাৰ কছাৰীক আক্ৰমণ কৰি কচু কটা দিব লাগে। শাস্ত্ৰত নিৰস্ত্ৰীৰ লগত ৰণ নকৰিবা বুলি বচন থাকিলেও চলে বলে কৌশলে শত্ৰুক পৰাভূত কৰিবলৈ ব্যৱস্থা ল’ব লাগে ৷ পৰিকল্পনা অনুসৰি নির্দিষ্ট দিন আহি পালে। হেজাৰ কছাৰীয়ে হাস্য-লাস্য কৰি মিতিৰৰ ঘৰত ভোজ খাবলৈ আহিল। যথাসময়ত খোৱা পৰ্ব শুভাৰম্ভ হ’ল। সহজ-সৰল কছাৰীসকলৰ মনত এই নিমন্ত্ৰণৰ আঁৰত যে কিবা অভিসন্ধি থাকিব পাৰে তিলমানো সন্দেহ মনলৈ অহা নাছিল। খাই থকা অৱস্থাতে লথৰাই এফালৰ পৰা কছাৰীসকলক মাৰি-কাটি খাস্তাং কৰিবলৈ ধৰিলে। খাই থকা অৱস্থাত হাতত কোনো অস্ত্র-শস্ত্র নথকাৰ বাবে কছাৰীসকলে ওচৰত থকা তাঁতৰ সঁজুলি টোলোঠা, দূৰ্পদী আদিয়ে শত্রু প্রতিহত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে যদিও বহু লোক এই আক্ৰমণত হতাহত হ’ল। যিসকল পলাই গ'ল সেইসকলে ওচৰত থকা সাতঘৰ মিচিং মানুহৰ ঘৰত আশ্ৰয় লৈ প্ৰাণৰক্ষা কৰিলে। 

কছাৰী সকলক মিচিং সকলৰ সাতটা বংশ বা পৰিয়ালে লথাইৰ হাতৰ পৰা ৰক্ষা কৰিছিল। সেইসকল হ’ল- চেদং, কাদং, হাগু, তাগু, দাফলাৰী আদি জাতৰ লোক। সেই সাতটা বংশৰ সাতখন পৰিয়ালক কছাৰী সকলে ভাল পাই সোণোৱাল পৰম্পৰা অনুসৰি তেওঁলোকৰ বংশ পৰিয়ালৰ মৰ্যদা প্ৰদান কৰিলে। সোণোৱাল সংস্কৃতিৰ মূল উপাদান হাইদাং হুচৰি গীতত এই সাতঘৰ মিচিং মানুহক সোণোৱাল অন্তৰ্ভুক্ত কৰিলে যদিও তেওঁলোক হাগু, তাণ্ড, কাদং, চেদং, ডফলা আদি নামে খ্যাত আছিল। সোণোৱাল সমাজৰ পৰম্পৰা অনুসৰি প্ৰতিটো পৰিয়ালৰ পিছত ‘ৰী’ প্রত্যয় সংযোগ কৰি লোৱা হয়। যেনে— নাকৰী, ডেকাৰী, হাগুমিৰি, লিকামিৰী, দেমাৰী আদি উল্লেখনীয়। উক্ত পৰিয়ালসমূহ হাগু, হাগুমিৰী, ডফলা ডাফলাৰী, লিকাম-লিকামিৰী ইত্যাদি বংশ হিচাপে সোণোৱাল জনগোষ্ঠীত অন্তৰ্ভুক্ত হৈ থাকিল।

শদিয়া খোৱা গোঁহাইৰ ভোজলৈ সাতখন গাঁৱৰ এহাজাৰ কছাৰী লোক আহিছিল। এইবোৰ গাঁও উচন হোৱাৰ কৰুণ কাহিনী তেওঁলোকৰ লোক সাহিত্যত তলত দিয়া ধৰণে বৰ্ণনা কৰা আছে । যেনে—

নালে শুৱনি ফাঁকে দা 
দহ শ‍ইকীয়া
তাৰ মাজত শদিয়া খোৱা 

শদিয়া খোৱাৰ নাৰকী 
নৰকত পৰিলে,
লথৰাক লগাই ভঙালে দেশ।

উক্ত শোকাবহ কাহিনী সোণোৱাল সমাজৰ সকলো লোক সাহিত্য আৰু লোক সংগীতত প্ৰতিফলিত হোৱা দেখা যায়। পাদৰ খেলৰ গীততো এই ঘটনাৰ কৰুণ কাহিনী তথা লথৰাৰ কু-মনোভাৱৰ কথা ব্যক্ত হোৱা দেখিবলৈ পোৱা যায়। পাদৰ খেলৰ গীতত এই ঘটনাত ধ্বংস হোৱা কছাৰী গাঁওসমূহৰ নাম উল্লেখ পোৱা যায়।

আদুৰী পাদুৰী লেঠাই গাঁও 
লথৰাই ভাঙিলে সাতখন গাঁও 
আঠুকঢ়া (আঠুকটা) লেহেৰা, পাতবেং ঠেহেৰা 
থুই কটা থুই কটা গোপাল পাদুৰা।” 

আক্ৰমনৰ সময়ত গাঁওসমূহৰ বিৱৰণ—

১) আদুৰি–বর্তমান শদিয়াৰ সাতমাইলৰ য'ত পূৰ্ব্বত কছাৰীসকলৰ বুঢ়া-বুঢ়ী পূজাৰ শালমন আছিল। 
২) পাদুৰী— পাদুৰী বা পদুমনি বৰ্তমান অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ অন্তৰ্গত। 
৩) লেঠাই— লেঠাই মানে শাৰী শাৰীকৈ দিহং, দিবং, টেঙাপানী উপত্যকা অঞ্চল। ইয়াতে বহু হাজাৰ কছাৰী সাতখন ৰাজ্যও পাতিছিল।

৪) আঠুবুঢ়া— বৰ্তমান কুণ্ডিল আৰু ব্ৰহ্মপুত্ৰৰ অববাহিকাত আঠুকঢ়া চাপৰি নামেৰে জনাজাত ৷

৫) লিহিৰা— এখনি গাঁও।

৬) পাতবেং— বর্তমান নামচাই অঞ্চলত থকা পাতবাউসী
নামে জনাজাত। । 
৭) থুইকটা— বর্তমান ঠুৰিয়া কঢ়া গাঁও নামেৰে নাজাত।

সহায়ক গ্রন্থ—


১। গুহ উপেন্দ্র চন্দ্ৰ কাছারের ইতিবৃত্ত, পৃঃ ৬০।

২। বৰবৰুৱা হিতেশ্বৰ    আহোমৰ দিন, পৃঃ ৪৫৪
৩। ভূঞা সূৰ্য কুমাৰ    কছাৰী বুৰঞ্জী (সম্পাদন) 
৪। হাজৰিকা ৰজনী   সোণোৱাল কছাৰী সমাজ আৰু
সংস্কৃতি (প্রবন্ধ), পৃঃ ৩৭০।
৫। হাজৰিকা ৰজনী    পূৰ্বোত্তৰ গ্ৰন্থ।

৬। সোণোৱাল গগন   সোণোৱাল কছাৰী সমাজ হাইদাং গীত ও আৰু সংস্কৃতি (প্ৰৱন্ধ) বংশৰ পৰিচয়, পৃঃ ১১,
সোণোৱাল কছাৰ সমাজ সংস্কৃতি প্ৰৱন্ধ সোণোৱাল কছাৰীসকলৰ লোন আহৰণ বৃত্তি আৰু পদ্ধতি, পৃঃ ১৪৯, পূৰ্বোত্ত গ্রন্থ। পূৰ্বোত্ত গ্রন্থ (গীতি সাহিত্য), সংস্কৃত খেল-ধেমালীত গীত পৃঃ ৩০৪।

টোকা- আন এক তথ্য মতে জনা গাভৰু চুতীয়া ৰাজকুমাৰী আছিল আৰু ডিমাছা কছাৰী ৰাজকুমাৰৰ লগত তাইৰ প্ৰেমৰ সম্পৰ্ক হৈছিল।




Tuesday, 10 August 2021

গুপিত পেগু অপৃনৰ ইতিহাস বা চমু বুৰঞ্জী

পেগুসকলৰ ভিতৰৰে কিছুমানে গুপিত পেঃগু বা গুদাং পেঃগু বা কাৰিঃ পেগু হোৱাৰ লিখিত তথ্য নাই।  সেইকাৰণে মৌখিকভাৱে প্রচলিত কিম্বদন্তি এটাকে মূল হিচাপে লৈ গুপিত পেগু সকলৰ উৎপত্তিৰ ইতিহাস  উপস্থাপন কৰিলো-
পেগু সকলৰ দুই ককাই ভাই গুতুং আৰু গুমাং। ভায়েক গুমাঙক তোলনীয়া পুত্ৰৰ মাতচিকৰ সৈতে দাম্ৰ পাহাৰত মেঃগুসকলৰ লগত থাকিবলৈ দি গুতুং পেগুৱে পুত্ৰ তুঃচিকক লগত লৈ সাৰুৱা মাটিৰ সন্ধানত বৰ্তমানৰ অৰুণাচলৰ  পেকাৰ পুঃমিঃলৈ গুচি আহে। এদিন গুঃমাঙৰ দাম্ৰ আদিঃত থকা ঘৰত জুই লাগিল। সেই জুইয়ে গোটেই গাঁওখনকে পুৰি শেষ কৰিলে। কি কাৰণত গাঁৱত জুই লাগিল সেই লৈ বিচাৰৰ বাবে গাঁৱত সভা বা কৗবাং বহিল। সভাত গুমাঙৰ পক্ষৰ মানুহ মেঃগুসকলৰ বাহিৰে আৰু কোনো নাছিল৷ সেই কাৰণে গুমাঙৰ পক্ষত মানুহ নথকাত গুমাঙৰ ঘৰত লগা জুইয়ে গোটেই গাঁওখনকে পুৰি শেষ কৰিলে বুলি দোষী সাব্যস্ত কৰি গুমাঙৰ মাটি সম্পত্তি পেৰ্তিন, পৗৰমেঃ, ৰাঃতান, বৰাং ইত্যাদি জাত বা বংশৰ মানুহ সকলে জৰিমনা হিচাবে ভাগ কৰি লৈ পেলালে। (সেই কৗবাং বাংক অর্থাৎ সভা বহা ঠাইডোখৰক বৰ্তমান অৰুণাচল ৰ ‘য়ামনে চিপং' ঠাই বুলি কোৱা হয়।) তেতিয়া পেণ্ড আৰু মেঃণ্ডসকলে অচ’ অর্থাৎ মেথোন এটা কাটি ‘কিয় এনে হ’ল আৰু কি কৰিব লাগিব’ বুলি আলোচনা কৰিলে। মাটি-সম্পত্তি নাই যেতিয়া পেকাৰ-পুঃমিত থকা ককায়েক গুতুঙৰ ওচৰলৈ গুচি যাম বুলি আলোচনা কালত গুমাঙে ইচ্ছা ব্যক্ত কৰিলে। সেইমতে গুমাঙে তোলনীয়া পুত্ৰ মাতচিকক লগত লৈ পেকাৰ-পুঃমিলৈ গুচি গ'ল। পেকাৰ-পুঃমিত অন্য মানুহবোৰে মাতচিকক চিনি নাপাই তেওঁৰ পৰিচয় বিচাৰিলে। তেতিয়া মাতচিকে “মই মৗগু (উমি) গুপিত গাঁৱৰ ল’ৰা” অৰ্থাৎ জুইয়ে পুৰি শেষ কৰা গাঁৱৰ ল’ৰা বুলি নিজৰ পৰিচয় দিলে। তেতিয়াৰ পৰা মাতচিকৰ সতি-সন্ততিসকলক গুপিত্ পেগু বুলি কোৱা হ’ল। মাতচিকৰ এজন পুত্ৰ আছিল । তেওঁৰ নাম চুক্কাম আৰু চুক্‌কামৰ পুত্ৰ হ’ল কামচুক।

                         টুল টুল কুটুম


অক্ষয় কুমাৰৰ নতুন চিনেমাৰ স্ক্ৰীপ্ট

অক্ষয় কুমাৰৰ নতুন চিনেমাৰ স্ক্ৰীপ্ট -  🙏
আৰম্ভণি দৃশ্য - হাৰিয়ানাৰ এখন সৰু গাওঁ - সৰু সৰু বাচ্ছা এসোপাই ক্ৰীকেট খেলি আছে৷ বেটছমেনে মাৰিলে এটা প্ৰকাণ্ড ছিক্স আৰু বলটো পৰিলগৈ কাষতে থকা খেতি পথাৰত৷

এটা সৰু লৰাই বাপেকৰ সৈতে খেতিপথাৰত কাম কৰি আছিল৷ ক্ৰীকেট খেলি থকাসকলৰ এজনে চিঞৰিলে ঐ চটো বলটো দে৷

সৰু লৰাটোৱে বলটো হাতত তুলি ললে তেনেতে ক্ৰিকেট খেলি থকা এটাই কলে - ঐ তই দলিয়াব নোৱাৰ৷ ইয়াত নাপায়হি৷ দৌৰি দি থৈ যা৷

কিন্তু লৰাটোৱে বলটো দলিয়ালে৷ বলটো ইমান জোৰত ফিল্ডৰ মাজলৈ দলিয়ালে যে ফিল্ডৰ মাজত থকা ক্ৰীকেটৰ মিদিল ষ্টাম্পেই ভাঙি গ’ল৷ সকলো অবাক হ’ল৷ 

তেনেতে সমগ্ৰ দৃশ্যটো এথলিট প্ৰশিক্ষক গজৰাজ ৰাওৰ চকুত পৰিল৷ তেওঁ বাচ্ছাটোক অনুসৰণ কৰি দেখিলে যে বাচ্ছাটোৰ লৰাটোৰ শক্তিশালী বাহু আছে আৰু সহজে লক্ষ্যভেদ কৰিব পাৰে৷ সেই সময়ত সি আম গছলৈ ফৰ্মুটিয়াই আছিল৷

গজৰাজে বুজিলে যে লৰাটোৰ ভৱিষ্যত আছে আৰু তেওঁ লৰাটোক তেওঁৰ এথলিট একাডেমিত জইন কৰিব কলে৷ লৰাটোৱে কলে - মই বহুত দৰিদ্ৰ পৰিয়ালৰ যাৰ বাবে তাৰ এযোৰ জোতাও নাই তাৰোপৰি সি দেউতাকক সহায় কৰিব লাগে খেতি পথাৰত৷

গজৰাজে বাপেকৰ সৈতে কথা পাতিলে আৰু দেউতাকক পতিয়ন নিয়াবলৈ সক্ষম হ’ল৷ লৰাটোৱে এদিন গজৰাজৰ একাডেমিত ভৰি দিলে জধলামধলা কাপোৰ পিন্ধি হাৱাই চপ্পলৰ সৈতে৷ ধনীঘৰৰ বাচ্ছাবোৰে তাৰ ৰূপ দেখি হাঁহিব ধৰিলে৷ লৰাটোৱে আকাশলৈ চাই ৰ’ল কাৰন তাৰ সপোন আছিল ডাঙৰ৷ (এডভাৰটাইজ ব্ৰেক) 

পৰবৰ্তী দৃশ্য - কেইটামান বছৰৰ পিছত - সৰু লৰাটো ডাঙৰ হ’ল আৰু কেমেৰাই ভৰিৰ পৰা মূৰলৈকে কেমেৰাটো উঠাই আনিছে৷ যেতিয়া মুখখন স্পষ্ট হ’ল - সিয়েই হ’ল অক্ষয় কুমাৰ৷ তেতিয়ালৈকে সি জেভলিন দলিওৱাত ৰাষ্ট্ৰীয় খেলুৱৈ বনি গৈছে আৰু সি আৰ্মীত ভৰ্তি হৈছে৷  

পিছৰ দৃশ্য - এদিন সি তিনি আলিৰ চকত লগৰ সৈতে বাইকত বহি চাহ খাই আছে তেনেতে বদমাছ দুটামানে ৰাষ্টাৰে গৈ থকা ধুনীয়া ছোৱালী এজনী জোকোৱা দেখা পালে৷ অক্ষয় কুমাৰে জেভলিন এপাত উঠাই লৈ এনেকুৱাকে ঘূৰাই ঘূৰাই দলিয়ালে যে এপাত জেভলিনে একেলগে দহটামান গুণ্ডাক ধাৰাশায়ী কৰিলে৷ (জেভলিনপাত ক’ত পালে দাইৰেক্টৰে জানিব)

ছোৱালীজনী (কিয়াৰা আদৱানী) অক্ষয় কুমাৰৰ ওচৰলৈ আহি থেংকয়ু জনালে কিন্তু বিৰাট মোচন এটা দি ছানগ্লাছযোৰ লগাই অক্ষয় কুমাৰ গুছি গ’ল কাৰন তাৰ প্ৰেক্টিছৰ সময় হ’ল৷ 

পৰবৰ্তী দৃশ্য - দ্বিতীয় দিনা আৰ্মী ফিল্ডত মাৰ্চ পাষ্ট চলি আছে৷ অক্ষয় কুমাৰৰ নেতৃত্বত মাৰ্চপাষ্ট আগবাঢ়িছে তেনেতে সি দেখিলে যে কিয়াৰা আদৱানী কামাণ্ডিং অফিচাৰৰ কাষত বহি আছে৷ সি বুজিলে যে তাই ছিনিয়ৰ অফিচাৰৰ জীয়েক৷ চাৰি চকুৰ মিলন তাৰ পিছৰ দৃশ্য - অক্ষয় কুমাৰ ৰংবিৰঙৰ চোলা এটা পিন্ধি দৌৰি আহিছে৷ ইফালৰ পৰা কিয়াৰা আদৱানী৷ বুকুৱে বুকুৱে খুন্দা তাৰ পিছত নাচ গান আৰম্ভ৷ 

প্ৰেম আৰম্ভ হ’ল৷ অক্ষয় কুমাৰে কলে যে তাৰ বাবে এইবোৰ ডাঙৰ নহয়৷ দেশৰ বাবে সোনৰ মেডেল অনাটোহে ডাঙৰ৷ (প্ৰচণ্ড হাতচাপৰি) 

অক্ষয় কুমাৰ খেলৰ বাবে বিদেশত আছিল৷ তেনেতে খবৰ পালে যে ব’ৰ্ডাৰত ভাৰত পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হৈছে৷ অক্ষয় কুমাৰ ঘৰলৈ ঘূৰি আহিল আৰু হাতত জেভলিন লৈ ছিনিয়ৰ অফিচাৰৰ ঘৰত ৰাতিয়েই উপস্থিত হৈ কলে যে সিও যাব যুদ্ধত৷ শুই থকা কিয়াৰা আদৱানি উঠি আহি কান্দিব ধৰিলে৷ ছিনিয়ৰে কলে যে - তই যুদ্ধত যাব নালাগে খেলত ধ্যান দে৷ কিন্তু অক্ষয় কুমাৰে কলে - “জীয়ুংগা তৌ দেশ কে লিয়ে মৰুংগা তৌ দেশ কে লিয়ে৷ ভাৰত মাতা কি জয়“ (আধাঘণ্টা হাতচাপৰি) অক্ষয় কুমাৰ ব’ৰ্ডাৰত যাব উলাইছে৷ চেলুট বাকী সেনাবাহিনীৰ জোৱানসকলে চেলুট দিছে - (নেপথ্যত ভাৰত মাতা কি জয় ধ্বনি)!

পিছৰ দৃশ্য ভয়ানক৷ অক্ষয় কুমাৰক চাৰিওপিনৰ পৰা পাকিস্তানী সেনাই ঘেৰি আছে৷ অক্ষয় কুমাৰৰ বন্দুকৰ গুলী শেষ৷ অক্ষয় কুমাৰে কাষতে থকা গছৰ ডাল এটা ভাঙি জেভলিন বনাই ললে৷ (জেভলিন ৰেডি হয় মানে তেতিয়ালৈকে পাকিস্তানী সৈনিকবোৰে বন্দুকবোৰ সামৰি থৈ চাধা মাৰি বহি থাকিল৷) জেভলিন ৰেডি হ’ল৷ এপাত জেভলিনে যিমান শত্ৰু সেনা আছিল চবকে সিপুৰী পোৱাই অক্ষয় কুমাৰ বীৰদৰ্পে উলাই আহিল৷ তেনেতে অক্ষয় কুমাৰৰ চকুত গুলী লাগে৷ 

পিছৰ দৃশ্য - কিয়াৰা আদৱানী দৌৰি ঢপলিয়াই আহিল হস্পিতাললৈ৷ ডাক্তৰে হস্পিতালত তাইক কলে যে সি আৰু জেভলিন দলিয়াব নোৱাৰিব৷  

কিয়াৰা আদৱানীয়ে ৰাম মন্দিৰলৈ ঢপলিয়াই গ’ল৷ একেৰাহে তিনদিন তিনৰাতি ৰামমন্দিৰত তাই পূজা পাতল কৰি থাকিল আৰু ভগৱান ৰামৰ কৃপাত হস্পিতালৰ বিচনাৰ পৰা উঠি অক্ষয় কুমাৰে জয় শ্ৰী ৰাম বুলি চিঞৰ মাৰি উঠি আহিল৷ ইতিমধ্যে চকু ভাল হৈ গ’ল৷ (নেপথ্যত প্ৰচন্দ হাতচাপৰি) - অক্ষয় কুমাৰ পুনৰ ফিল্ডত প্ৰেক্টিচত নামি পৰিল৷  

Miracle - অক্ষয় কুমাৰ অলিম্পিকলৈ কুৱালিফাই হ’ল৷ সন্মুখত দুজন ভয়ানক প্ৰতিদন্দ্বী৷ এজন জাৰ্মানীৰ আনজন অফ্ৰিকাৰ ক’লা গোনা ম’হটোৰ দৰে৷

পৰবৰ্তী দৃশ্য টয়লেটৰ - অক্ষয় কুমাৰে চুচু কৰি উলাই আহিব লওঁতেই জাৰ্মান গুণ্ডাই আৱৰি ধৰে আৰু কয় যে - জাৰ্মানীৰ খেলুৱৈতকৈ কম দলিয়াবি নহলে তোক আমি দলিয়াই দিম৷ লাগিলে পইছা ল আৰু ফুট কিন্তু হাৰিব লাগিব অক্ষয় কুমাৰ৷ 

পিছৰ দৃশ্য - অলিম্পিক গেইম ভিলেইজৰ ৰাতিৰ আহাৰ৷ পিছদিনা ফাইনেল৷ পুনৰ জাৰ্মান গুণ্ডাই আৱৰি ধৰিলে অক্ষয় কুমাৰক৷ অক্ষয় কুমাৰে কলে - মৰুংগা তৌ দেশ কে লিয়ে জীয়ুংগা তৌ দেশ কে লিয়ে - এফালৰ পৰা জাৰ্মান গুণ্ডা বাহিনীক পিতিব ধৰিলে অক্ষয় কুমাৰে৷ মাজ নিশালৈকে মাৰপিট চলি থাকিল৷ ইফালে জাৰ্মানীৰ আধা গুণ্ডা আহি অলিম্পিক গেইম ভিলেইজ পালেহি যেতিয়াই খবৰ পালে যে এজন ভৰতীয়ই তাহাঁতক বৌম মাৰ লগাইছে৷ দহখনমান হেলিকপ্তাৰত জাৰ্মান গুণ্ডাবাহিনী আহি গ’ল৷ তেনেতে ভাৰতীয় হকী দলটো আহি পালেহি হাতে হাতে হকীষ্টিক লৈ৷ অক্ষয় কুমাৰে ষ্টেডিয়ামৰ উপৰলৈ উঠি গ’ল৷ জেভলিন দলিয়াই হেলিকপ্তাৰ দুখনমান বাগৰাই দিলে৷ হেলিকপ্তাৰবোৰ ভাঙিছিঙি ষ্টেডিয়ামৰ মাজত পৰিল৷ ইফালে আমাৰ হকীৰ দলটোৱে জাৰ্মান গুণ্ডাবাহিনীক বৰ বেয়াকৈ ঢুলাই দিলে৷   

পিছৰ দৃশ্য - অক্ষয় কুমাৰে হাতত জেভলিন লৈ অলিম্পিক ফাইনেল ৰাউণ্ডলৈ সাজু হৈছে৷ ইফালে কিয়াৰা আদৱানীয়ে ৰাম মন্দিৰৰ ভিতৰত প্ৰচণ্ড পূজা পাতলত ব্যস্ত আছে৷ ইফলে অক্ষয় কুমাৰক কানে কানে কোচজনে কলে - তেওঁৰ দেউতাকৰ ফাৰ্মত কোনোবাই জুই লগাই দিছে৷ অক্ষয় কুমাৰৰ চকুত চকুপানী৷ কোচজনে কলে - দেশতকৈ বাপেক ডাঙৰ নহয়৷ অক্ষয় কুমাৰ অলপো বিচলিত নহ’ল৷ জেভলিন দলিয়ালে আৰু অক্ষয় কুমাৰে গ’ল্ড মেডেল পালে৷ গোটেই ভাৰতীয় খেলুৱৈ ফিল্ডত গোট খালে আৰু ভাৰত মাতা কি জয়ধ্বনি দিলে৷ (নেপথ্যত জয় শ্ৰী ৰাম ধ্বনি)!

তেনেতে জাৰ্মান খেলুৱৈজন আহি অক্ষয় কুমাৰক সেৱা কৰিলে আৰু কলে - চ’ৰী ভাই তুমিয়েই হিৰ’৷ অক্ষয় কুমাৰে তাক কলে যদি মইয়ে হিৰ’ তেনেহলে বৌলৌ - জয় শ্ৰী ৰাম ভাৰত মাতা কি জয়৷ ভঙা ভঙা হিন্দীত জাৰ্মান খেলুৱৈজনে অক্ষয় কুমাৰে শিকাই দিয়াৰ দৰে কলে আৰু গোটেই ষ্টেডিয়ামতে জয় শ্ৰী ৰাম ধ্বনি বাজি উঠিল৷ 

হকী খেলুৱৈসকলে ষ্টেডিয়ামৰ মাজত ভাঙৰা ডেন্স আৰম্ভ কৰি দিলে৷ ইপিনে অক্ষয় কুমাৰলৈ ফোন আহিল - কোচজনে দৌৰ মাৰি আহি অক্ষয় কুমাৰক ফোনটো দি কলে - প্ৰধানমন্ত্ৰী লাইনত আছে ---

অক্ষয় - ছাৰ নমস্তে 🙏 

ইফালৰ পৰা - আজ আপনে দেশ কা কাম ৰৌশন কিয়া হে৷ মে তুম্হে বহুত বহুত বধাই দেতা হুঁ৷ 

অক্ষয় - ছাৰ আপকে প্ৰেৰনা কি বজে চে আজ মে য়ঁহা হু৷ দেশ কে লিয়ে মেডেল জিত পায়া হুঁ৷ 

নেপথ্যত নেচনেল এনথেম বাজি উঠিল৷ 

The end

শেষত গান বাজি উঠিল - অক্ষয় আৰু কিয়াৰাৰ বাদছাহৰ ৰিমিক্সৰ তালে তালে দান্চ - চ’না কিটনা চ’না হম তু মেৰা হিৰ’ নাম্বাৰ ৱান 🙏

Chamuah G.  ৱালৰ পৰা

Sunday, 8 August 2021

ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপৰ স্তৰ

ৰাতিপুৱা শুই উঠাৰ লগে লগে এই ৪ টা লক্ষণ দেখিলে জানিব যে আপোনাৰ বৃদ্ধি হৈছে ৰক্তচাপ স্তৰ


Tuesday, 3 August 2021

চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি

চুতীয়া শব্দৰ অৰ্থ আৰু বিভিন্ন জনগোষ্ঠীত চুতীয়া জাতিৰ অন্তৰ্ভুক্তি
                  যতীন্দ্ৰনাথ দেউৰী
--------------------------------------------------------------------------
চুতীয়াসকল অসমত কৰ পৰা কেনেকৈ প্ৰৱেশ কৰিছিল তাৰ কোনো সঠিক তথ্য নাই । চুতীয়াসকলৰ ইতিহাস তেওঁলোকে অসমৰ পূব প্ৰান্তত ৰাজত্ব কৰি থকা সময়ছোৱাৰ পৰাহে আলোচনা কৰিব পৰা যায় ।  
চুতীয়াসকলে এসময়ত অসমত উচ্চ মানবিশিষ্ট সংস্কৃতি আৰু সভ্যতাৰ বীজ ৰূপন কৰিব পাৰিছিল । সেয়ে চুতীয়া শব্দই এক সু-সংস্কৃতিবান জাতিক প্ৰতিনিধিত্ব কৰিছিল ।
ডঃ পৱন শ‍ইকীয়াদেৱে তেখেতৰ ‘দেউৰী চুতীয়া’ কিতাপখনৰ যোগেদি দেউৰী ভাষাক চুতীয়া ভাষা বুলি কৈছে, আৰু এই ভাষাৰ মাধ্যমেৰে ‘চুতীয়া’ শব্দৰ বিশ্লেষণ কৰি লিখিছে –‘চু’ মানে ভাল, গুণী, উচ্চ, ধুনীয়া আৰু আনন্দময়। আকৌ ‘তী’ শব্দই ‘জ্ঞাতী’ বা আকাশৰ তৰা শব্দৰ পৰা অহা আৰু তাৰ লগত 'ইয়া' প্রত্যয় যোগ হৈ ‘চুতীয়া’ হৈছে। কিন্তু দেউৰী ভাষাত ‘চুতীয়া’ শব্দৰ বিশ্লেষণ কৰিলে এনে ধৰণৰহে হয় –‘চু’ মানে ওখ, ভাল বা বিশিষ্ট। ‘তি’ বা ‘তী’ শব্দই উজ্জ্বল, জিলিকি - থকা বা ওলমি লাগি থকাহে বুজায়। ‘ইয়া’ প্রত্যয়েয়ে নঙার্থক (Negative) অর্থ প্ৰকাশ কৰে। যেনে—‘হা’ ধাতুৰ লগত ‘ইয়া’ প্রত্যয় যোগ হৈ ‘হায়া’ হৈছে আৰু ইয়াৰ অর্থ ‘নেখাওঁ” প্ৰকাশ কৰিছে। তেনেকৈ—

‘লা’ + ইয়া= লায়া অৰ্থাৎ নলও

‘নি’ + ইয়া= নিয়া অৰ্থ নধৰো প্ৰকাশ হৈছে 

‘কে’ + ইয়া= কেয়া অৰ্থ যোৱা নাই প্ৰকাশ হৈছে 

‘হঁয়’ + ইয়া= হয়া অৰ্থ নহয় প্ৰকাশ হৈছে 

গতিকে দেউৰী ভাষাৰ মাধ্যমেৰে এনে বিশ্লেষণ কৰিলে ওপৰত ডঃ শ‍ইকীয়াদেৱে কৰা বিশ্লেষণৰ লগত অমিল হোৱা পৰিলক্ষিত হয়। দেখা গ'ল যে ডঃ শ‍ইকীয়াদেৱে চুতীয়া শব্দৰ অৰ্থ বিশ্লেষণ দেউৰী ভাষাৰ মাধ্যমত কৰা বুলি ক'লে দেউৰী মানুহে মানিবলৈ টান পাব আৰু ভুল বুলি স্বীকাৰ কৰিব।

১৫২৩ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ চাওফা চাও চৌহুম মৌঙ ফাই শদিয়াৰ চুটিয়া ৰাজ্য জয় কৰি তাত এজন প্রাদেশিক শাসনকৰ্ত্তা নিযুক্তি দিয়ে। মঙ্গোলীয় আহোম আৰু চুটিয়া ৰণত যিসকল চুটিয়া বন্দী হ'ল আৰু যাক য’তে পালে সেই সকলক আহোম ৰাজধানী ৰংপুৰৰ জয়সাগৰৰ পাৰত নতুনকৈ সংস্থাপন কৰিছিল। ( -দেওধাই অসম বুৰঞ্জী দ্রষ্টব্য।) সেই সকলৰ ভিতৰত সকলো শ্ৰেণীৰ চুটিয়া মানুহ আছিল আৰু এওঁলোকৰ মাজত দৈবজ্ঞ, ব্রাহ্মণ, কমাৰ, ধোৱা, নাপিট, চমাৰ আদি বৃত্তিয়াল লোক আছিল। কিছুসংখ্যক চুটিয়া লোক মঙ্গোলীয় চীন শ্যাম আহোম জাতিৰ ভয়ত নিজক বচাবলৈ নিকটৱৰ্ত্তী জাতি যেনে দেউৰী, মিৰি (মিছিং), আবৰ, মিচিমি, চিংফৌ, মৰাণ, বৰাহী আদিৰ মাজত আশ্ৰয় লৈ কালক্ৰমত সেই জাতি গোষ্ঠীৰ লগত মিলি গ'ল। মঙ্গোলীয় আহোম জাতিৰ ভয়তকৈ তাতোতকৈ ভয়ঙ্কৰ হিন্দু-চুটিয়াৰ মাজত থকা নৰবলি আৰু সতী যোৱা প্ৰথাৰ পৰা হাত সাৰিবলৈ জাকে জাকে চুটিয়া ডেকা-গাভৰু মঙ্গোলীয় জাতি-গোষ্ঠীৰ মাজত সোমাই পৰে। সেই বাবেই শাসক আহোম জাতিৰ অন্তৰ্ভুক্ত হৈ বেছিভাগ চুটিয়া লোক আহোম জাতিৰ মাজত অন্তৰ্ভূক্ত হৈ থকা দেখা যায়। এনেকৈ মিলি যোৱা এই সকল চুটিয়া মানুহেই কালক্ৰমত ‘দেউৰী-চুটিয়া’, ‘মিৰি-চুটিয়া’, ‘মৰান-চুটিয়া’, ‘বৰাহী-চুটিয়া’, ‘মিচিমি চুটিয়া’, আদি হিচাপে পৰিচয় দিয়া হৈছিল। ঠিক এনে দৰেই আহোমসকলৰ লগত থকাসকলেও নিজকে ‘আহোম-চুটিয়া’ বুলি পৰিচয় দিবলৈ ধৰে। সেইসকলক আহোম জাতিয়ে ‘টাইৰা’ বোলে। টাই-আহোম, ৰা-চুটিয়া (জাতি): চুটিয়া আহোম। হিন্দু ভাৰতীয় ভাৱ-ভাষাত সেইয়ে আহোম-চুটিয়া। আনহাতেদি আহোম ৰাজশক্তিয়ে সংস্থাপন কৰা হিন্দু চুটিয়া গোটটোৱেই হৈছে চুটিয়া সকলৰ মূল গোট। এই হিন্দু চুটিয়া গোটটোৱেই চুটিয়াসকলৰ জাতি, ভাষা আৰু ধৰ্ম্মৰ দিশত অতীতৰ হিন্দু-চুটিয়া জাতিৰ সকলোখিনি উপাদান বর্তমানেও অটুট ৰাখিছে।

গোলনেমুৰ ঔষধি গুণ (Lemon)

গোলনেমুৰ ঔষধি গুণ  (Lemon)

গোলনেমুৰ ঐশ্বৰিক প্ৰমূল্য আৰু ঔষধি গুণ দুয়ো প্ৰকাৰে পোৱা যায়। নেমুৰ ওপৰত ধৰ্মীয় বিশ্বাস বহুত আছে। কর্মক্ষেত্ৰ তথা ব্যৱসায় প্রতিষ্ঠানত ব্যৱসায় বৃদ্ধি কৰিবৰ বাবে গোল নেমু প্রতিস্থানৰ সন্মুখত আঁৰি দিয়া আমি সকলোৱে দেখিছোঁ। এটা কেঁচা গোলনেমুৰ ওপৰত ৭ টা কেঁচা জলকীয়া ক’লা সূতাত চিলাই শনিবাৰে দুৱাৰ মুখত আঁৰি দিয়া হয় ৷ ই নজৰ দোষ কাটি ব্যৱসায়ৰ উপাৰ্জন বৃদ্ধি কৰে৷ কোনোৱে আকৌ গোলনেমু এটা দুৱাৰৰ চাৰিওফালে কোবাই চাৰিভাগ কৰি চাৰি আলিৰ চাৰিও দিশত পেলাই দিয়ে ৷
গোলনেমুৰ লগত হনুমানজীৰ সম্পৰ্ক থকা দেখা যায়। উত্তৰ ভাৰতৰ কিছুমান ঠাইত এনে পদ্ধতি অবলম্বন কৰা দেখা যায় যে ব্যক্তিয়ে যেতিয়া বহু চেষ্টা কৰাৰ পিছত সফলতাৰ মুখ নেদেখিলে এটা গোলনেমু আৰু ৪টা লং হনুমানজীৰ সন্মুখত ৰাখি হনুমান চালিচা পাঠ কৰে আৰু সফলতাৰ বাবে প্ৰাৰ্থনা ৰখা হয়। লং চাৰিটা নেমুৰ ওপৰত গুজি দি তাতে এৰি আহি কর্মক্ষেত্ৰলৈ বুলি যাত্ৰা কৰে৷ এনেবোৰ বহু বিশ্বাস ভাৰতবৰ্ষৰ বিভিন্ন কোণত পালন কৰা দেখা যায়।
শাস্ত্রমতে গোলনেমুৰ ঔষধি গুণ বহুত। ভিটামিন ‘C’ সর্বাধিক মাত্রাত থকাৰ লগতে কেলচিয়াম, মেগনেচিয়াম আৰু ফছফৰাছ থাকে। নেমুৰ ৰস পেটত হোৱা অম্ল, বদহজম, ৰক্তচাপ, জ্বৰ, কোষ্ঠকাঠিন্য আদি বিভিন্ন ৰোগৰ বাবে উৎকৃষ্ট দৰব।
পেটৰ সকলো সমস্যা — গেছ, বদহজম, শিৰামুৰিয়ে ধৰা আদিৰ বাবে কুহুমীয়া পানীত গোলনেমুৰ ৰস দুটোপালমান দি খাব লাগে। • কফ আৰু বমি হ’লেও নেমুৰ ৰস গৰম পানীৰ লগত খাব লাগে।
• চাহত নেমুৰ ৰস দি খালে বহু উপকাৰ পোৱা যায়৷ ইয়াৰ টেঙা ৰসে গেছ, অম্ল নাশ কৰি দিব পাৰে।

• ছালৰ আকৰ্ষণ তথা সৌন্দৰ্য্য বঢ়াবৰ বাবে ইয়াৰ ৰস খোৱাৰ লগতে মুখত ৰস ঘঁহিব পাৰে। এনে কৰিলে মুখত হোৱা শালমন আৰু দাগ

আঁতৰ হ’ব।

• নেমুৰ ৰস খাই থাকিলে বুঢ়া বয়সতো ছাল সোঁতোৰা নপৰে।

• বেচু থকা ৰোগীয়ে নেমুৰ ৰস গৰম পানীত মিহলি কৰি খাব আৰু মৌ ৰসৰ লগতো খাব পাৰে।

• গোল নেমুৰ বাকলি ৰ'দত শুকুৱাই গুড়ি কৰি তেলৰ লগত চুলিত ঘহিলে উজ্জ্বলতা বাঢ়ে।

• গোলনেমুৰ ৰস গৰম পানীত মিহলি কৰি জ্বৰ হোৱা সময়ত খালে শৰীৰৰ

উষ্ণতা নিয়ন্ত্রণত থাকে। তদুপৰি, পানীলগা আৰু কাহৰ প্ৰতিষেধক

হিচাপে গোলনেমুৰ চাহিদা আছে।

• ইয়াৰ ৰস দাঁতৰ বিষ, আলুৰ পৰা তেজ ওলোৱা, মুখৰ দুৰ্গন্ধ প্রভৃতি ৰোগৰ বাবে দাঁতৰ গুৰিত ঘঁহিব লাগে।

• ৰাতিপুৱা খালী পেটত নেমু টেঙাৰ ৰস গৰম পানীত দি খালে (চাহত দিও খাব পাৰে) সঞ্চিত কোষ্ঠকাঠিন্য বা পেটচলা ৰোগত ভাল ফল দিয়ে।

• আপুনি যদি অধিক শকত আৰু বেছি চৰ্বি জমা হৈছে তেন্তে খীণ হ’বৰ বাবে বা ওজন কম কৰিবৰ বাবে ৰাতিপুৱা কুহুমীয়া পানীত মৌ-ৰস মিহলি কৰি খাওক ৷ কাৰণ ইয়াত ‘পেকটিন' নামৰ এবিধ দ্ৰব্য আছে যি

ওজন কম হোৱাত সহায় কৰে। • শৰীৰ যদি দুৰ্বল তথা অলস হৈ পৰিছে তেস্তে নেমুৰ ৰস পানীত মিহলি কৰি অকণমান চেনী দি খাওক।

• নেমুৰ ৰসত পানী মিহলি কৰি নিমখৰ লগত খালে শৰীৰৰ উত্তাপ বাহিৰ হয় আৰু উত্তাপ বৃদ্ধি হোৱাৰ ফলত উৎপত্তি হোৱাৰ ৰোগৰ পৰা মুক্তি দিয়ে ৷
• নেমুৰ ৰস পানী খোৱাৰ আগত খালে হাঁপানি ৰোগৰ ব্যক্তিসকলে উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত যথেষ্ট আৰাম পাব।

• উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ বাবে এক ঘৰুৱা নিদান। পটেচিয়াম যথেষ্ট

পৰিমাণে গোলনেমুত থকাৰ বাবে ই মগজু, বুকু, পেশীৰ সমস্যাৰ ক্ষেত্ৰতো সহায়ক হৈ পৰে। • যোৰা বিষ বা বাতবিষজনিত সমস্যাত কুহুমীয়া পানীত নেমুৰ ৰস

কেইটোপালমান দি পুৱা-গধূলি বিশেষকৈ শোৱাৰ সময়ত খাব লাগে।

• ‘হেচপেৰিটিন’ আৰু ‘নৰিনজেনিন' নামৰ ৰাসায়নিক দ্রব্য নেমুত থাকে। ই কেন্সাৰ ৰোগৰ দৰে মাৰাত্মক ৰোগ হোৱাত বাধা দিয়ে। অর্থাৎ দেহত ৰোগ প্ৰতিৰোধ কৰা শক্তি বৃদ্ধি কৰে৷

প্রাকৃতিক আৰু ঔষধি গুণৰ অধিকাৰী নেমুৰ ৰসে তেজ পৰিষ্কাৰ কৰে। ‘টক্সিন’ জাতীয় দ্রব্য দেহৰ পৰা নিৰ্গমন কৰায়। তেজত বিষাক্ত হৈ হ’ব পৰা সকলো ৰোগৰ নিৰাময় কৰে।

• প্রতিদিনে দেহত কিছুমান অলাগতিয়াল দ্রব্য উৎপন্ন হয়। সেইবোৰে কোষ আৰু পেশীৰ স্বাভাৱিক কাৰ্য্যত ব্যাঘাত জন্মায়। ইয়াৰ ফলত আমাৰ দেহত অনেক ৰোগৰ সঞ্চাৰ হয়। সেয়ে, নেমুৰ ৰসে অলাগতিয়াল দ্রব্যবোৰ প্ৰস্ৰাৱৰ জৰিয়তে নির্গমন কৰাই বহু ৰোগৰ পৰা মুক্তি দিয়ে।

• টোপনি নাহিলে, অস্থিৰতা (Nervousness) আদি সমস্যাই দেখা দিলে ৪/৫খিলা গোলনেমুৰ পাত একাপ গৰম পানীত ১৫/২০ মিনিট তিয়াই ৰাখি দিনে দুবাৰমান খাব লাগে।

• মাইগ্ৰেইন আৰু হাঁপানি ৰোগত ইয়াৰ পাত কেইখিলামান গৰম পানীত ৰাখি কিছুসময়ৰ পিছত প্ৰতি ৰাতি দুই সপ্তাহমান খালে ভাল ফল পোৱা যায়।

বাস্তৱতঃ গোলনেমুৰ ৰস আয়ুৰ্বেদ শাস্ত্ৰত সৰ্বগুণসম্পন্ন৷ ইয়াৰ ৰস ‘এণ্টিছেপ্টিক’ আৰু সেয়ে বহু ৰোগ ধ্বংস কৰিব পাৰে৷ বিশেষকৈ বেক্টেৰিয়াৰ পৰা উদ্ভৱ হ'ব পৰা ৰোগ, মেলেৰিয়া, কলেৰা, ডিফথেৰিয়া আৰু টাই ফইদ ৰোগৰ পৰা ই মুক্তি দিয়ে। মানৱ দেহৰ শৰীৰত থকা কোষ আৰু পেশী গঠনত নেমুৰ ৰস উপকাৰী। শৰীৰটো আভ্যন্তৰীণভাৱে পৰিষ্কাৰ কৰি সুস্থ দেহ ধৰি ৰখাত নেমুৰ ৰস অত্যন্ত লাগতিয়াল৷
ওপৰত কৰি অহা আলোচনা সমূহৰ পৰা দেখা যায় যে যিবোৰ গছ বা ফলৰ ঐশ্বৰিক মাহাত্ম্য আছে সেইবোৰৰ ঔষধি গুণো যথেষ্ট। অর্থাৎ ধর্মীয় দৃষ্টিকোণৰ পৰাই হওক বা বৰ্তমানৰ চিকিৎসাশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰাই হওক সিহঁতৰ উপযোগিতা সমান।
বিভিন্ন গছ, লতা, পাত, ফুল, ফলৰ ঔষধি গুণৰ ব্যাখ্যা কৰাতকৈ সেইবোৰ নিয়মিতভাৱে খালে বিভিন্ন ৰোগৰ পৰা ব্যক্তিয়ে মুক্তি পাব। মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় বিভিন্ন, ৰাসায়নিক দ্রব্য যেনে— প্রটিন, কেলচিয়াম, কার্বহাইড্রেট, লোণ, ভিটামিন, পানী আদি পৰ্য্যাপ্ত পৰিমাণে গ্ৰহণ কৰিব পাৰিলেই সুস্থ স্বাস্থ্য প্রাপ্তি হ’ব; নিৰোগী হ’ব। গতিকে সকলো প্ৰকাৰৰ খাদ্য গ্রহণৰেই আৱশ্যকতা আছে।

Thursday, 22 July 2021

অসমীয়াৰ জাতীয় উৎসৱ- বিহু চুতীয়া সকলৰহে আছিল

মংগোলীয় সকলৰ ভিতৰত চুতীয়া সকলে উজনি অসমৰ শদিয়া অঞ্চলক কেন্দ্র কৰি আহোম সকল অহাৰ বহু আগতেই এখন শক্তিশালী ৰাজ্য স্থাপন কৰিছিল। চুতীয়া সকলৰ ৰাজত্ব কালতেই এই ভূ-খণ্ডত পোন-প্রথমে বিহুৱে পোখা মেলিছিল আৰু পৰৱর্তী সময়ত আহোমসকলে ইয়াৰ লালন-পালন কৰিছিল। ডঃ পৱন চন্দ্র শইকীয়াই ‘দেউৰী চুতীয়া’ত তথ্য সহকাৰে উল্লেখ কৰিছে যে,-'চুতীয়া ভাষাত বিহুক "বিচু" বুলি কোৱা হয়। "বি" মানে অতি, "চু" মানে আনন্দময় বুজায়। গতিকে, "বিচু" শব্দটি অপ্রভংশ হৈ ‘বিহু’ শব্দৰ উৎপত্তি হৈছে।' আনহাতে, গৱেষক ডিম্বেশ্বৰ গগৈয়ে মত প্রকাশ কৰিছে যে,- 'টাই ভাষাৰ ‘পয়হু’ শব্দই গো-পূজা বা গো-উৎসৱ বুজায়। "পয়" মানে উৎসৱ আৰু "হু" মানে গৰু।... বহাগ বিহুৰ আগদিনা গৰুক গা-ধুৱাই গো-পূজা কৰা,...আৰু পবিত্র গৰুৰ ছালৰ বাদ্যক আগস্থান দি গো-পূজাৰ দৰে সন্মান জনোৱা হয় বাবে এই উৎসৱক "পয়হু" বোলা হয়। সেই "পয়হু" শব্দৰ অপভ্রংশই "বিহু" হোৱা বুলি কৰা ধাৰনা অমুলক নহয়। অৱশ্যে বিহুৰ ভাৱ আৰু অর্থৰ দিশেদি বিচাৰ কৰিলে চুতীয়া ‘বিচু’ শব্দৰেই অপভ্রংশ বুলি অনুমান কৰিব পাৰি।

‘বিচু’ নাইবা ‘পয়হু’, য’ৰ পৰাই বিহুৰ উৎপত্তি নহওঁক কিয়, বিহু মুলতঃ মংগোলীয় সকলৰ অৱদান। দেহৰ ৰন্ধ্রে ৰন্ধ্রে বিহুৰ বীজ নিহিত হৈ থকা চুতীয়া সকলৰ ৰাজত্বৰ পতন হৈছিল এই বিহুৰ বাবেই। আনহাতে, আহোম-সকলে এই বিহুৰ জৰিয়তেই চলেৰে মোৱামৰীয়াৰ হাতৰ পৰা ৰাজ্যোদ্ধাৰ আৰু চুতীয়া ৰাজ্য জয় কৰিছিল। চুতীয়া ৰাজ্য পতনৰ পাছত আহোমসকলৰ শাসন কালত বিহুৱে অধিক বিস্তৃতি লাভ কৰে। ‘সাত ৰাজ মাৰি এক ৰাজ কৰা’ আহোম স্বর্গদেউ সকলৰ পৃষ্ঠপোষকতাই বিহুক অন্য মাত্রা প্রদান কৰিলে। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বর্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দর্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱাঃ 'কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নির্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেঁও ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্র কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্রেনী আমি নেপাও।' আহোম ৰজা সকলে বিহুক কেন্দ্র কৰি বিষয়বাব বা ধাৰক–বাহক হিচাপে এটা শ্রেনীৰ সৃষ্টি নকৰিলেও তেঁওলোকৰ বিহু প্রীতি সর্বজন বিদিত। জয়ধবজ সিংহৰ ৰাজত্ব কালত অসম আক্রমনকাৰী মিৰজুমলাৰ লগত অহা পার্চী ইতিহাসবিদ চিহাবুদ্দিন তালিচে তেঁওৰ অসম-সম্বন্ধীয় টোকাত স্বর্গদেউ সকলৰ বিহুপ্রীতিৰ কথা উল্লেখ কৰিছে। আনহাতে জমিলি নামৰ ভ্রমণকাৰী এজনে লিখিছে-'...ৰাজকাৰেঙৰ ওচৰতে বিশেষভাৱে সজোৱা বিহুতলিলৈ ৰজা আহে ৰং চৰোৱা হাতীত উঠি। সোণ চৰোৱা সাজপাৰ আৰু মুকুট পিন্ধি অহা ৰজাৰ চাৰিওকাষে খোজকাঢ়ি আহে যাঠি আৰু চেপেটা তৰোৱালধাৰী দেহৰক্ষী। পাছে পাছে দোলাভাৰীয়ে কান্ধেৰে কঢ়িয়াই অনা দোলাত আহে পাত্র- মন্ত্রীসকল। সমবেত দর্শকসকলে অলপ দূৰৈৰ পৰা ৰজাক সেৱা জনায়। বিহুৱা দলবিলাকে বিহু নৃত্য কৰে। ... ৰজাই নাচ-গান দেখি সন্তুষ্টি প্রকাশ কৰে আৰু প্রশংসা কৰে।


বহুযুগৰে পৰা মংগোলীয় মূলৰ চুতীয়া, আহোম, মৰাণ, মটক আদি জনগোষ্ঠীয়ে পালন কৰি অহা কৃষিজীৱি মানুহৰ উৎসৱ বিহু বর্তমান সময়ত অসমৰ সকলো মানুহৰ আদৰৰ উৎসৱ। এসময়ৰ পথাৰ আৰু গছতলৰ বিহুটি আজিৰ দিনত অসমীয়া মানুহৰ যিকোনো আনন্দময় পৰিবেশ অথবা সংগঠিত ৰুপৰ প্রতীক হিচাপে বিবেচিত হৈছে। অসম আন্দোলন (১৯৭৯-৮৫)ৰ সময়ত, বিভিন্ন সভা- সমিতি অথবা সমদলত বিহুক অসমৰ স্বাভিমান আৰু জাতীয় জাগৰণৰ প্রতীক হিচাপে তুলি ধৰা হৈছিল। ভাষা আন্দোলন (১৯৬০-৬১)ৰ সময়তো মহান গনশিল্পী ডঃ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে শান্তি বাহিনীত মঘাই ওজাৰ জড়িয়তে বিহুক উপস্থাপন কৰি জনগনৰ মাজত শান্তি আৰু একতাৰ বার্তা প্রেৰন কৰাৰ তথ্য পোৱা যায়। ইয়াৰ পৰাই প্রমানিত হয় যে, বিহু অসমৰ জনগনৰ স্বতঃ স্ফুত সাংস্কৃতিক প্রকাশ।

বর্তমান সময়ত, বিহু ক্রমশঃ কৃষিজীৱি জনতাৰ হাতৰ পৰা উলাই গৈ মধ্যবিত্তৰ মাৰফৎ বহুজাতিক সংস্থাৰ কুক্ষীগত হৈছেগৈ। অসমৰ জন সাধাৰনৰ জাতীয় আবেগক হাথিয়াৰ হিচাপে লৈ বিহুৰ জৰিয়তে বহিৰাগত বণিয়াই বেপাৰ কৰি মুনাফা লাভৰ সুযোগ লৈছে। আমাৰ মহানাগৰিক সমাজৰ একাংশ শিপাহীন মানুহে ইয়াকে জাতীয় কৃষ্টিৰ কছৰৎ বুলি নির্বিবাদে মানিও লৈছে। অসম আৰু অসমীয়াৰ বাবে ই নিশ্চিতভাৱে এক অশনি সংকেত। তথাপি আমি আশ্বস্ত হ’ব পাৰো যে, অসমীয়া  আৰু বিহু ইটো-সিটোৰ পৰিপূৰক। অসমীয়া থকা লৈকে বিহুও থাকিব অথবা বিহু থকালৈকে অসমীয়াৰ আয়ুস!

 

[1] পৱন চন্দ্র শইকীয়া, ‘কাতি বিহুৰ ৰুপৰেখা’, দেউৰী চুতীয়া, পৃষ্ঠাঃ ১০৯

[2] ডিম্বেশ্বৰ গগৈ, ‘অসমৰ বিহু সংস্কৃতিৰ ৰুপৰেখা’, পৃষ্ঠাঃ ১৮-১৯

[3] পদ্মেশ্বৰ গগৈ, ‘তাহানিৰ বিহু আজিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’ সংখ্যা ২০০৮

[4] ‘জমিলি নামৰ এজন মুছলমান ভ্রমনকাৰীয়ে বিহুৰ বিষয়ে লিখা টোকা। এই প্রাচীন টোকাটো সন্নিবিষ্ট বুৰজ্ঞীখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত সংৰক্ষিত হৈ আছে। ডঃ প্রফুল্ল দত্ত গোস্বামীয়ে উল্লেখ কৰা এই টোকাটো তীর্থ ফুকনৰ ‘বিহুৰ ঐতিহ্য তাৎপর্য আৰু সৌন্দর্যৰ সন্ধান’ গ্রন্থত সন্নিবিষ্ট কৰা হৈছে। পৃষ্ঠাঃ ২৬-২৭

[5] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০

[6] উইলিয়াম ৰবিনচন, A Descriptive Account of Assam পৃষ্ঠাঃ ২৬৯-২৭০

[7] হিতেশ্বৰ বৰবৰুৱা, ‘হিতেশ্বৰ বৰবৰুৱাৰ ৰচনাৱলী’,পৃষ্ঠাঃ ৫৭৬

[8] হেমাংগ বিশ্বাস,‘হেমাংগ বিশ্বাস ৰচনাৱলী’ সম্পাদনাঃ পৰমানন্দ মজুমদাৰ, অসম প্রকাশন পৰিষদ, গুৱাহাটীঃ২০০৮

[9] পদ্মেশ্বৰ গগৈ, ‘আজিৰ বিহু তাহানিৰ বিহু’, কথা গুৱাহাটী, এপ্রিল-মে’,২০০৮

Saturday, 17 July 2021

পুলিচ ডায়েৰী--ডকাইত ধৰা অভিযান

পুলিচ ডায়েৰী--ডকাইত ধৰা অভিযান
                         সুবোধ পাঠক

১৯৭৪ চনৰ কথা,ধুবুৰী এচ পি অফিচত অফিচৰ কাম কাজ শিকি আছিলো। এদিন এচ পি চাহাবে মোক মাতি নি কলে-

 ‘’আপুনি আজিয়েই গৈ মহামায়া চকীত জইন কৰক আৰু চকীৰ আই চি লস্কৰক ডকাইত ধৰা অভিযানত সহায় কৰক’’।
      পিছদিনা আগবেলা মহামায়া চকীত উপস্থিত হৈ এচ আই লস্কৰক লগ ধৰিলো।তেওঁ চকীৰে এটা অংশত পৰিয়াল লৈ থাকে আৰু মোকো চকীৰে এটা ৰুমত থকাৰ ব্যৱস্থা কৰি দিলে ।

ৰাতি লস্কৰ চাহাবে চকী এলেকাৰ ডকাইত সম্পৰ্কে বহু কথা কলে।কথা বতৰাৰ পৰা গম পালো তেওঁ ডকাইত ধৰাত বৰ পাকৈত। এবাৰ বোলে তেওঁ দুজন চিপাহী লৈ অকল লাঠীৰে কোবাই ডকাইতিৰ বাবে সাজু(এটা পিস্তল সহ) পাঁচজনীয়া দল এটাক কৰায়ত্ব কৰিছিল।তেওঁৰ পিতল লগোৱা দীঘল লাঠীদাল চোৰ ডকাইতৰ ভয়ৰ কাৰণ আছিল।

           তেতিয়া বাৰিষাৰ দিন আছিল আৰু সঘনাই ডকাইতিৰ ঘটনা ঘটিছিল।মহামায়াৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ লৈ বিস্তীৰ্ণ প্ৰায় ১৫ কিঃ মিঃ অঞ্চল বানপানীত একাকাৰ হৈ সাগৰ সদৃশ হৈ আছিলl তাৰ মাজে মাজে গাওঁবোৰ  বানপানীত ডুবি আছিল।ডকাইত বোৰেও নাওঁৰেই ডকাইতি কৰি ফুৰিছিল।কেইবাজনো কুখ্যাত ডকাইতৰ  ঘৰ বানপানীৰ মাজৰ গাওঁত  আছিল।তালৈ যাবলৈ নাওঁৰ বাদে অন্য কোনো বিকল্প নাছিল।

          এদিন আবেলি লস্কৰ চাহাবে খবৰ বাতৰি লৈ ডকাইত ধৰাৰ বাবে ওলাল।মোক দিলে তেওঁৰ ৰিভলভাৰটো, তেওঁ ল'লে নিজৰ বন্দুকটো আৰু লগত তিনি-চাৰি জন লাঠী সহ চিপাহী।দুজন নাৱৰীয়া সহ আমি যাত্ৰা কৰিলো।লস্কৰৰ লগত এখন ডকাইতৰ লিষ্ট।

           নাওঁৰে বহুদুৰ ঘুৰি-ঘুৰি আমি সাধুভাসা গাওঁত  সোমালো।গাওঁখনত দুই এটা ওখ ভেটিৰ ঘৰ পানীৰ মাজত ওলাই আছিল।মৰাপাটৰ খেটিবোৰও আধালৈ পানীত ডুব গৈ আছিল।মৰাপাটৰ মাজে মাজে গৈ এটা ওঁখ ভেটিত নাওঁ লগোৱাত পুলিচ দেখি, তাত গোট খাই থকা লোকৰ মাজৰ পৰা কেইজনমান লোক দৌৰি পলাল।

         আমি গৃহস্থ আৰু অন্য লোক সকলক ক'লো যে,বানপানীত ক্ষতি হোৱা ৰাইজৰ খবৰ লবলৈহে আহিছো মানুহবোৰ গ'ল কিয় ?মানুহবোৰক মাতক আৰু ৰাইজৰ লিষ্ট এখন আমাক দিয়ক।চৰকাৰী সাহায্য লিষ্টত নাম থকা মানুহেহে পাব।

খবৰ শুনি পলাই যোৱা লোক সকলো পুনৰ ঘুৰি আহিল।মানুহবোৰৰ নাম সুধি লিষ্ট বনোৱা হল।লস্কৰে চাহাবে তেওঁৰ লগত থকা লিষ্ট চাই দুজন ডকাইত পাই লগে লগে হেণ্ডকাফ্ লগালে।সিহঁতক ধৰাত ৰাইজৰ পৰা কোনো আপত্তি দেখা নগ'ল বৰং ভালপোৱা যেন হে লাগিল।

        সেই গাওঁৰে কুখ্যাত ডকাইত নছেৰৰ কথা সোধাত গাওঁৰ লোকে অলপ দুৰত পানীৰ মাজত থকা তেওঁৰ ওখ ভেটিৰ ঘৰটো দেখাই দিলে।নছেৰ ঘৰতে থকা বুলিও কলে।ঘৰটোৰ চাৰিওফালে গছ গছনিৰে আগুৰা ।

         সময় তেতিয়া পাঁচ টা মান বাজিছিল অলপ এন্ধাৰ হওঁ হওঁ হৈছিল।লস্কৰ চাহাবে মোক চিপাহী তিনিজন লৈ গৈ নছেৰক ধৰি আনিবলৈ ক'লে।আমি পানীৰ মাজেৰে খোজকাঢ়ি গৈ নছেৰৰ ঘৰ পালো । সি একান্ত মনে আকাশলৈ চাই হোকা টানি আছিল,আমি অহা গম পোৱা নাছিল।

          চিপাহী কেইজনক পিছফালৰ পৰা আহিবলৈ দি মই লাহে লাহে গৈ তাৰ আগত ঠিয় দিয়াত,সি চকখাই পিছফালে জাপ মাৰিলে আৰু পিছফালে থকা চিপাহী দুজনে তাক ওপৰতে দাঙি ধৰিলে।আনজন চিপাহীয়ে হেণ্ডকাফ লগাবলৈ ধৰিলে।এনে সময়তে নছেৰৰ ঘৈনীয়েকে মনে মনে ধান খুন্দা উড়ালৰ বাৰি এদাল লৈ পিছফালৰ পৰা আহি মোৰ মূৰত মাৰিবলৈ ধৰোতেই এজন চিপাহীয়ে দেখা পাই থাপমাৰি ধৰিলে আৰু মানুহজনীক গতা মাৰি বগৰাই দিলে।

     নছেৰ ডকাইতক  লৈ আমি লস্কৰ চাহাবৰ ওচৰ পালো।এতিয়াহে সমস্যা হল,তিনিজন ডকাইত নিয়া যায় কেনেকৈ ?আমাৰ নাওঁখনো বেছি ডাঙৰ নহয়।আমিও চিন্তাত পৰিলো কি কৰা যায়,সিহতেটো  নাওঁ ডুবাই দিবও পাৰে।ইফালে ৰাতিও হৈ আহিল।লস্কৰ চাহাবে বুধি উলিয়ালে আৰু তিনিওজন ডকাইতকে দুয়ো হাতত হেণ্ডকাফ দি ,ভৰিত ৰছীৰে বান্ধি নাওঁৰ তলিত শুৱাই দিয়া হ'ল।তেওঁ ক'লে নাওঁ যদি ডুবাই সিহঁতো মৰিব।নাৱৰীয়া দুজনেও বৰ ভয় খাইছিল।

   অবশেষত ডকাইত লৈ ৰাতি আহি মহামায়া চকী পালো ।ডকাইত কেইজনক সোধ পোচ কৰাত কেবাটাও ডকাইতি গোচৰৰ সমাধান হল।অৱশ্যে লস্কৰ চাহাবৰ লাঠি ডালৰ ভাল ব্যবহাৰ হৈছিল।

                 ~~~~***~~~

পুলিচ ডায়েৰী- স্মাগলাৰৰ বিলৈ

স্মাগলাৰৰ বিলৈ
সুবোধ পাঠক
      মই গোসাইগাওঁ থানাত চাকৰি কৰা ছমাহমান হওতেই অ চি ছাৰৰ বদলি হ’ল আৰু এজন নতুন অ চি আহিল।অ চি জনৰ ঘৰ গুৱাহাটীত,বদলি হৈ আহিছে শিৱসাগৰৰ পৰা।লগতে তেওঁ লেন্দমাষ্টৰ গাড়ী এখনো লৈ আহিছে।

     প্ৰথম কিছুদিন ছাৰে গাড়ীখন লৈ থানা এলেকাত খা-খবৰ লৈ ফুৰা গম পাইছিলো।প্ৰায়ে অকলেই ওলাই গৈছিল আৰু মানুহজনে এদাল গুৰিৰ ফালে পিতল লগোৱা দীঘল লাঠি লগত লৈ ফুৰিছিল।শুনামতে তেওঁক শিৱসাগৰত ৰাইজে কালাপাহাৰ বুলিছিল।ওখ পাখ অ চি ছাৰক আমিও ভয় কৰিছিলো, চকুলৈ চাবলৈ সাহস নহৈছিল।  

   এদিন আগবেলা ন মান বজাত  অ চি ছাৰে কাৰোবাৰ লগত ফোনত কথা পাতি উঠি মোক কলে,

“ ব’লা মোৰ গাড়ীত উঠা”।

দুয়ো গাড়ীত উঠিলো আৰু ছাৰে গাড়ী চলাই হাইৱেৰে শ্ৰীৰামপুৰৰ ফালে যাব ধৰিলে।এবাৰ সাহস গোটাই কলৈ যাম বুলি সোধাত, এজন স্মাগলাৰ ধৰিব লাগে বুলি কৈ জোৰেৰে গাড়ী চলাই গৈ থাকিল।  

   শ্ৰীৰামপুৰত আমাৰ গাড়ী ধুবুৰীৰ ফালে ঘূৰোতেই আগত এখন ট্ৰাক দেখি ছাৰে কলে এই ট্ৰাক খন ধৰিব লাগে।আমি কিছু আগবাঢ়ি যাওতেই ৰেল গেট বন্ধ হ’ল কিন্তু ট্ৰাকখন পাৰ হৈ গ’ল।কম সময়তে এটা ৰেলৰ ইঞ্জিন পাৰ হৈ গ’ল আৰু ৰেলগেট খন খুলিলে।

এইবাৰ ছাৰে দুৰন্ত গতিত খেদি গৈ গৈ ট্ৰাকৰ ওচৰ পালে।ট্ৰাকৰ লোকেও এতিয়াহে বোধহয় গম পালে যে পুলিচে খেদিছে।দুৰন্ত গতিত আগে আগে ট্ৰাক পিছে   পিছে আমি।হিন্দী চিনেমাৰ দৃশ্য যেন লগিছিল।

    গ্ৰেভেল ৰাস্তা, ট্ৰাকৰ ধূলিৰ কাৰনে আগলৈ একো নেদেখি।একোবাৰ এনে লাগে যেন আমি ট্ৰাকখনত খুন্দা মাৰিম।ইয়াৰ আগতে কেতিয়াও ইমান বেগত ভয়াবহ ভাবে চলা গাড়ীত উঠা নাছিলো।

    এনেদৰে কিছুদূৰ যোৱাৰ পিচত লক্ষ্য কৰিলো চলন্ত ট্ৰাকৰ ওপৰৰ পৰা দুজন লোকে চাউলৰ বস্তা ৰাস্তাত পেলাই গৈ আছে কিন্তু গাড়ীৰ গতি বেগৰ কাৰনে বস্তা বোৰ ৰাস্তাত পৰি নিমিষতে ফাটি নোহোৱা হৈ যায়।এটা বস্তা নাফাটিলেই আমি বস্তাত খুন্দিয়াই দুৰ্ঘটনাত পৰাটো নিশ্চিত ভাবি বৰ ভয় লাগিছিল।কিন্তু ছাৰক কিবা কবলৈও সাহস হোৱা নাছিল।

    প্ৰায় ১০-১২ কিঃমিঃ এনেদৰে যোৱাৰ পিছত বস্তা পৰা বন্ধ হ’ল যদিও গাড়ীৰ ৰেচ চলি থাকিল।গ্ৰাহমপুৰ বাছস্টেণ্ডত ট্ৰাক খনে এজন চাওঁতাল লোকক খুন্দিয়াই আৰু জোৰেৰে পলাবলৈ ধৰিলে। লোকজনৰ ওপৰেৰে ট্ৰাকখন উঠি যোৱাত তেওঁৰ ঠিতাতে মৃত্যু হৈছিল।ক্ষন্তেক ৰৈ আমি পুনৰ ট্ৰাকৰ পিছ ললো।

  দিংদিঙা বজাৰ পোৱাত, গতি বিষম দেখি, ট্ৰাকখন অন্য ৰাস্তাৰে পুনৰ গোসাইগওঁৰ ফালে ঘূৰাই অলপ  দূৰ গৈ দিংদিঙা মিছন হাস্পাতালৰ ওচৰতে থকা বোস বাবু(অৱসৰ প্ৰাপ্ত পুলিচ বিষয়া)ৰ চৌহদত ৰখায় আৰু চালকৰ আসনৰ পৰা  গোসইগাওঁৰ সাহা বোলা ব্যাৱসায়ীজন নামি দৌৰি তাঁৰৰ বেৰ পাৰ হৈ চাহ বাগানত সোমাল।লগত অহা অন্য দুজনো বাগানত সোমাল। সাহাৰ ধূতিৰ এটা অংশ তাঁৰ কাঁইটৰ বেৰত লাগি থাকিল। 

    আমিও পিছে পিছে গৈ বোস বাবুৰ ঘৰ পালো।বোস বাবুৰ দুমহলীয়া টিনৰ ঘৰ।চোতালত গাড়ী মানুহৰ শব্দ শুনি তেওঁ ঘৰৰ পৰা ওলাই আহি আমাক দেখি  ভিতৰলৈ মাতি নি বহিবলৈ দিলে।অ চি ছাৰে ঘটনাৰ বিষয়ে বোস বাবুক বিবৰি  কলে আৰু গ্ৰাহমপুৰত ট্ৰাকখনে মানুহ মৰা কথাও কলে।আমি কথা পাতি থাকোতে সাহাই পিছফালেদি আহি আমাৰ ওচৰ পালে আৰু ছাৰৰ ভৰিত ধৰি তেওঁক বচাবলৈ কাকুতি কৰিলে।সাহা কেইবাখনো বাছ,ট্ৰাকৰ মালিক । যেনে-তেনে বচাবলৈ ছাৰক কৈ থাকোতই বাটত মানুহৰ হাল্লা শুনা গ’ল।

    দেখা গ’ল গ্ৰাহমপুৰৰ পৰা এদল চাওঁতাল লোকে হাতত ধনু কাড়,লাঠি লৈ গাড়ী-দ্ৰাইভাৰ বিচাৰি বোস বাবুৰ ঘৰ পাইছে।বোস বাবুই ক'লে ইয়াক নিশ্চয় আজি মাৰি পেলাব।লগে লগে তেওঁ সাহাক ওপৰ তলাৰ এটা ৰুমলৈ নি তাত থকা এটা কাঠৰ আলমাৰীৰ কাঠৰ দৰজা থকা তলৰ অংশত আঠুকঢ়াই সোমোৱাই বাহিৰৰ পৰা তলামাৰি দিলে।ওপৰৰ অংশত আইনাৰ দৰজা আছিল।

   আমি বাহিৰলৈ ওলাই  আহি দেখিলো চাওঁতাল লোকবোৰে বোসবাবুৰ ঘৰ চাৰিও ফালৰপৰা ঘেৰি ধৰিছে।তেওঁলোকক দ্ৰাইভাৰজন লাগে। দ্ৰাইভাৰজন তেওঁৰ ঘৰত সোমোৱা নাই, বেৰ পাৰ হৈ বাগানত সোমাইছে আৰু,তাৰ ধুটিৰ কাপোৰ এতিয়াও তাঁৰৰ বেৰত লাগি থকা বুলি বোসবাবুৱে  কোৱাতো  সিহতে বিশ্বাস নকৰি ঘৰৰ ভিতৰত চাবলৈ চিঞৰ-বাখৰ কৰিবলৈ ধৰিলে।

          এনেতে স্থানীয় বিধায়ক ডাঙৰীয়াও আহি ওলাল। আমি বিধায়ক ডাঙৰীয়াক লগত ৰাইজৰ এজন লৈ ঘৰৰ ভিতৰত চাবলৈ ক'লো।বিধায়ক জনে লগত ৰাইজৰ এজন ললে আৰু আমিও লগত গলো।ভিতৰত কোনো মানুহ নাপাই বিধায়কে ৰাইজক জনোৱাত এইবাৰ সিহত দ্ৰাইভাৰ বিছাৰি বাগানত সোমাল।অ চি ছাৰে কোৱামতে বিধায়কক সাক্ষী কৰি ট্ৰাকখন জব্দ কৰিলো।ঘটনাৰ বিষয়ে আলোচনা কৰি বিধায়ক ডাঙৰীয়া ঘৰলৈ (গ্ৰাহমপুৰ)গ’ল আৰু আমিও অলপ স্বস্তিৰ নিশ্বাস পেলালো।

         এতিয়া সমস্যা হ’ল আলমাৰীত বন্ধ সাহাক থানালৈ নিয়া যায় কেনেকৈ? 

       ছাৰে বুধি এটা উলিয়াই ওচৰৰ তামাৰহাট চকীৰ পৰা খবৰ পঠাই থানাৰ পৰা সাহাৰ বাছ এখনতে কিছু চিপাহী,এজন দ্ৰাইভাৰ আৰু এযোৰ চিপাহীৰ সাজ পঠাবলৈ ক'লে।ইতিমধ্যে আমি ওপৰৰ ৰুমৰ আলমাৰীটো  খুলি সাহাক উলিয়াই দিলো।সি ভয়ত বিতত আৰু কঁপি আছিল।

    কিছু সময়ৰ পিছত কিছু চিপাহীসহ বাছ আহিল।চিপাহী সকলক ঘৰত সোমাই দি সাহাক  পুলিচৰ সাজ পিন্ধাই সিহতৰ মাজতে  লৈ বাছখনেৰে থানালৈ পঠোৱা হল।মই জব্দ কৰা ট্ৰাকখন লৈ থানালৈ গলো।      

   
    থানাত এটা গোচৰ ৰুজু কৰি সাহাক গ্ৰেপ্তাৰ কৰি পিচদিনা আদালতলৈ পঠোৱা  হ’ল।

    অ চি ছাৰে কোৱা মতে সাহাই হেনো এদিন দম্ভ মাৰি কৈছিল যে তেওঁ স্মাগলিং  নকৰে। কোনোবাই তেওঁক  প্ৰমান কৰিব পাৰিলে তেওঁৰ নামত ঘৰ মাটি লিখি দিব।সাহাই সেইদিনা নিশ্চিত মৃত্যুৰ পৰা হাত সাৰিল যদিও দৰ্প কিন্তু চূৰ্ন হ’ল।
                  
                                                ~*~

পুলিচ ডায়েৰী-শিমালতাপুৰ ডকাইত আৰু লঘোণৰ এৰাতি

পুলিচ ডায়েৰী-শিমালতাপুৰ ডকাইত আৰু লঘোণৰ এৰাতি
সুবোধ পাঠক
(মোৰ চাকৰি জীৱনৰ কিছুমান ঘটনা মোৰ মানস পটত সদায় ভুমুকি মাৰে। তাৰে কিছুমান ৰাইজক জনাব বিচাৰিছো।)

                                         
শিমালতাপুৰ ডকাইত আৰু লঘোণৰ এৰাতি

১৯৭২ চনত ছেপ্টেম্বৰ মাহত ট্ৰেইনিং শেষ কৰি গোসাইগাওঁ থানাত উপ পৰিদৰ্শক হিচাবে জইন কৰিছিলো।এয়াই আছিল চাকৰিৰ প্ৰথম পোষ্টিং।

এসপ্তাহ মান যোৱাৰ পাছত এদিন গধুলি ১০/১২ জন মান বঙালী সম্প্ৰদায়ৰ লোক থানালৈ  আহি জনালে যে তেওঁলোক শিমালতাপু গাওঁৰ পৰা আহিছে।তেওঁলোকৰ অভিযোগ ৰাতি হ'লে তেওঁলোক গাঁৱত থাকিবলৈ নোৱাৰা হৈছে।মাজ ৰাতি কিছুমান দুৰ্ব্বৃত্ত তেওঁলোকৰ গাঁৱলৈ আহি অত্যাচাৰ কৰে।দাবী-ধমকি দি ভাত খায়,জোৰ-জুলুম কৰে,মাৰধৰ কৰে ।গতিকে তেওঁলোকক নিৰাপত্তা লাগে।

ভাৰপ্ৰাপ্ত বিষয়া মহাদয়ে মোলৈ চাই ক'লে,

" আপুনি এটা পাৰ্টী লৈ মানুহ বোৰক গাঁৱলৈ লৈ যাওক আৰু আজি ৰাতি পহৰা দি ডকাইত কেইজনক ধৰক।"

মনত ভয় লাগিছিল যদিও মান্তি হ'লো।তেতিয়া সময় সন্ধিয়া প্ৰায় সাতমান বাজিছিল।লগত কেইজনমান চিপাহী আৰু গাঁৱৰ মানুহখিনিক লৈ আমি শিমালতাপুলৈ ৰাওনা হ'লো।

শ্ৰীৰামপুৰ পাৰ হৈ কিছু দুৰ গৈ আমি গাড়ীৰ পৰা নামি পথাৰেৰে খোজ ললো।পথাৰত মাজে মাজে পানী।ওচৰৰ স্কুলৰ পৰা ডেক্স আনি পানীত পাৰি দি দি আমাক গাওঁলৈ নিলে।

গাওঁখন জনশূন্য,কেৱল আমাৰ লগত অহা পাঁচজনমান মতা মানুহ হে গাঁৱলৈ আহিল।বাকীখিনি মানুহ শ্ৰীৰামপুৰতে থাকি গ’ল।

আমি এঘৰৰ চোতালত এটি কেৰাচিনৰ চাকি জ্বলাই বহিলো।লাহে লাহে সময় আগ বাঢ়িল আৰু আমাৰো ভোক লাগি আহিল, কিন্ত খোৱা যায় কি?

গাঁৱৰে লোক দুজনমানে আমাৰ অৱস্থা বুজি বিচাৰ-খোঁচাৰ কৰি অলপ চাউল আৰু এটা ঠেনু নোহোৱা কেৰাহি যোগাৰ কৰি দিলে। বুঢ়া চিপাহী এজনে চোতালতে চৌকা পাতি ৰন্ধাৰ ব্যৱস্থা কৰি লয়।তৰকাৰি বুলিবলৈ একোৱেই নাই,খালি ভাত খোৱা যায় কেনেকৈ?

এনেতে কোনোবা এজনে পানীত চৰি থকা হাঁহ এটাকে আনি কাঁটিলে।পিছে ৰান্ধিবলৈ নিমখৰ বাদে একো নাই।গতিকে ভাত হোৱাৰ পিছত কলপাততে ভাত কেইতা নমাই থৈ কেৰাহীটোত মাংসখিনি অকল নিমখেৰে সিজালে।এতিয়া খোৱাহে কথা,এনেতে লাগিল অথন্তৰ ঠেনু নোহোৱা গৰম কেৰাহি কলপাতেৰে ধৰি নমাবলৈ লওতেই হাতৰ পৰা পিছলি গোটেই মাংস মাটিত পৰি যায়।ইয়াকে কয় দাতাই দিলেও বিধাতাই নিদিয়ে।

উপায়বিহীন হৈ নিমখেৰে সুদা ভাতকে খাবলৈ লৈছিলোহে, এনেতে চাকিৰ পোহৰ দেখি ক'ৰ পৰা জানো এদাল দীঘল সাপ আহি ওলালহি।সাপ দেখি আমিবোৰে ভাতৰ পাত এৰি আতৰি দিয়াত, সাপডালে ভাতৰ পাতবোৰৰ ওপৰতে বগাবলৈ ধৰে।মাংসতো গ’লেই এইবাৰ ভাতো গ’ল।সেইৰাতি আমাৰ একো খোৱা নহ'ল।

তেনেদৰেই ভোকে পিয়াহে আমি ৰৈ থাকোতে চাকিৰ তেল শেষ হোৱাত চাকিটোও নুমাই থাকিল।মনত এটা অজান আশঙ্কাই দেখা দিছিল যেন কিবা যেন অঘটন হ'ব ।আমি সকলোৱে সতৰ্ক হৈ কাণ পাতি থাকিলো আৰু চিপাহী সকলক ৰাইফলত গুলী ভৰাই ল'বলৈ ক'লো ।

ৰাতি বাৰমান বজাত পানী ভাঙি কিবা অহা শব্দ হল।মই চিপাহী সকলক ক'লো যে ডকাইতক ধৰাৰ চেষ্টা কৰিব লাগে,প্ৰথমে গুলীৱাব নালাগে ।মোৰ কথাখিনি শেষ হ'ল কি নহ'ল এজন চিপাহীৰ ৰাইফলৰ পৰা এক জাই গুলী ফুটিল আৰু প্ৰচণ্ড  শব্দ হ'ল ।কিছুপৰ নিশব্দে থাকি আমি টৰ্চ মাৰি ওচৰ পাজৰে বিচাৰিলো কিন্তু ক'তো একো সম্ভেদ নাপালো।ৰাতিপুৱা গাঁৱৰ মানুহবোৰ গাঁৱলৈ ঘুৰি আহিল আৰু আমিও থানালৈ ঘূৰি আহিলো।

মানুহৰ মুখে মুখে এটাই কথা যে,পুলিচে ৰাতি গুলীয়াই ডকাইত খেদিলে।লক্ষ্যণীয় ভাৱে সিদিনাৰে পৰা গাঁৱখনলৈ ডকাইত আৰু অহা নাছিল।এতিয়া কথা হ’ল সিদিনা ৰাতি আচলতে ডকাইত আহিছিল নে নাই আজিলৈ নাজানিলো,ৰাইজৰ প্ৰসংসা পিছে ঠিকেই পালো।

          সিদিনা ৰাতিৰ লটিঘটি বিলাক মনত পৰিলে আজিও হাঁহি উঠে।

                   
                     ~~~~

© শ্রী সুবোধ চন্দ্ৰ পাঠক,
     কাহিলীপাৰা।.

Tuesday, 13 July 2021

জনজাতিক লৈ তথাকথিত লেখিকা শিখা শৰ্মাৰ মন্তব্য সম্পৰ্কত

ইয়াকে বহুতে বিশিষ্ট লেখিকা, জনপ্ৰিয় লেখিকাক আদি আখ্যা দি থাকে। জনজাতিৰ অসমীয়া উচ্চাৰণ ভাল নহয় কাৰণে যদি অসমত জনজাতিয়ে সন্মানজনক আসনত বহিব নালাগে, তেন্তে ছেপাৰেছন বা বেলেগে থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি জনজাতি সকলে বহুত সংগ্ৰাম কৰা পিছতো অজনজাতি সমাজে ধৰি ৰাখিছে কিয়? অসমীয়া উচ্চাৰণ শুদ্ধ নহয় কাৰণে যদি জনজাতি সকল অসমীয়া নহয় তেনে অসমীয়াত্ব ত্যাগ কৰিবলৈ জনজাতিসকল সদায় প্ৰস্তুত হৈ আছে।
দুই নম্বৰতে,তথাকথিত জনপ্ৰিয় লেখিকা গৰাকীয়ে দৈমাৰীক বিধানসভাৰ অধ্যক্ষ পদ দিয়াৰ কাৰণে হিমন্তই BTCৰ চীফ আসনত বহিব পাৰিব নেকি সেই প্ৰশ্ন কৰিছে। কিন্তু বিশেষ কিছুমান সম্প্ৰদায়ক সংবিধানে কিয় জনজাতি মৰ্য্যাদা দিছে, সংৰক্ষণ দিছে, স্বায়ত্ব শাসন দিছে সেইবোৰ কথা সদায় চচিয়েল মিডিয়াত কথা চেলবেলাই থকা তথাকথিত জনপ্ৰিয় লেখিকা এগৰাকীয়ে নজনাটোৱে তেওঁৰ যে দেশৰ সংবিধান, ৰাজনীতি, সমাজনীতিৰ ওপৰত নুন্যতম সাধাৰণ জ্ঞান নাই সেই কথাটোকে সূচাইছে।

Monday, 12 July 2021

শ্যামা প্ৰসাদ মুখাৰ্জী আৰু অসমীয়া ভাষাৰ প্ৰতিষ্ঠা-কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাৰ শ্ৰেণী প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস

কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাৰ শ্ৰেণী প্ৰতিষ্ঠাৰ সংগ্ৰামৰ ইতিহাস
*************
              হিৰণ্য কুমাৰ শৰ্মা
আশুতোষ মুখাৰ্জী আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী পিতা পুত্ৰ। আচৰিত ধৰণে কেইবছৰমান আগ পিছকৈ দুয়োজনেই কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈছিল। 
চাৰ আশুতোষ মুখাৰ্জী ৰ দৰে অতি উচ্চ শিক্ষিত সৰ্ববিদ্যা বিষাৰদ ব্যক্তি বংগ দেশত কিয় ভাৰতবৰ্ষতেই বিৰল। তেওঁ একধাৰে এজন গণিতজ্ঞ, পদাৰ্থ বিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী, কলা বিশেষজ্ঞ আইনজ্ঞ ইত্যাদি বহু জ্ঞানেৰে জ্ঞানী। আশুতোষ মুখাৰ্জী দুবাৰকৈ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। তেওঁ কলিকতা উচ্চ ন্যায়ালয়ৰ উকীল তথা ন্যায়াধীশ তথা মুখ্য ন্যায়াধীশো আছিল। 
নবেল বিজ্ঞানী চি ভি ৰমণ আৰু শিক্ষাবিদ দাৰ্শনিক ৰাধাকৃষ্ণনক উচ্চ শিক্ষা তথা গৱেষণাৰ বাবে বিশেষ ভাবে অনুপ্ৰাণিত কৰা শিক্ষাবিদ জন হল আশুতোষ মুখাৰ্জী।
আশুতোষ মুখাৰ্জী প্ৰথম জন ছাত্র যিয়ে একেলগে গণিতৰ এম এ আৰু পদাৰ্থ বিজ্ঞানৰ এম এছ চি ডিগ্ৰী লাভ কৰে।
তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সৰ্বদীৰ্ঘ কালৰ উপাচাৰ্য। প্ৰথম বাৰ চাৰিটা দুবছৰীয়া কাৰ্যকাল অৰ্থাৎ ৮ বছৰ আৰু পিছত পঞ্চম বাৰ এটা দুবছৰীয়া কাৰ্য্য কাল কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়। সৰ্বমুঠ তেওঁ ১০ বছৰ কাল কলকাতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়।
১৯০৬ চনত তেওঁ বেংগল টেকনিকেল ইন্সটিটিউট প্ৰতিস্থাপন কৰে। এই ইন্সটিটিউটেই পিছৰে যাদবপুৰ বিশ্ববিদ্যালয় হয়।
তেওঁ হাজৰা ল কলেজ হিচাপে জনাজাত বিশ্ববিদ্যালয় ল কলেজ প্ৰতিস্থাপন কৰে। আশুতোষ মুখাৰ্জী কলকাতা গণিত সমাজৰ প্ৰতিষ্ঠাতা আৰু সুদীৰ্ঘ কালৰ সভাপতি।
আশুতোষ মুখাৰ্জী ৰ জ্ঞান আৰু সাহসী কাৰ্যৰ বাবে তেওক বাংলা ৰ বাঘ আৰু বিক্ৰমাদিত্য উপাধি দিয়া হৈছিল।
২৪ বছৰ বয়সত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ জুৰীৰ সদস্য হয়।
এল এল ডি ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ টেগোৰ প্ৰফেছৰ হয়।
২৫ বছৰ বয়সত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ চিণ্ডিকেটৰ সদস্য হয়।
চিণ্ডিকেটৰ সদস্য হিচাপে তেওঁ বেংগল লেজিষ্টলেটিভ কাউন্সিলৰো সদস্য হয়।
১৯০৬ চনৰ পৰা ১৯১৪ চনলৈ আৰু ১৯২১ চনৰ পৰা ১৯২৩ চনলৈ তেওঁ পাছটা টাৰ্ম কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়।
উপাচাৰ্য মুখাৰ্জী য়ে বিচাৰিছিল কলিকতা বিশ্ববিদ্যালয়ৰ ছাত্র সকল জ্ঞানী তথা সাহসী হৈ বৃটিছ শাসনৰ বিৰুদ্ধে বৌদ্ধিকতা তথা সাহসেৰে যুজিব পৰা হওক। তেখেত উপাচাৰ্য হৈ থাকোতেই কলিকাতা বিশ্ববিদ্যালয়ৰ ওপৰত দেশদ্ৰোহৰ অভিযোগ উথ্বাপিত হৈছিল।
সাধাৰণ বিষয় সমূহৰ উপৰিও উপাচাৰ্য মুখাৰ্জী য়ে কলিকতা বিশ্ববিদ্যালয়ত কেইবাটাও বিশেষ বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰিছিল।
এই বিষয় সমূহ হল তুলনামূলক সাহিত্য, নৃতত্ব, এপ্লাইদ মনোবিজ্ঞান ,ইণ্ডাষ্ট্ৰিয়েল কেমিস্ট্ৰী, প্ৰাচীন ভাৰতীয় ইতিহাস আৰু ইছলামিক সংস্কৃতি ইত্যাদি।
প্ৰথমবাৰ উপাচাৰ্য হৈয়েই আশুতোষ মুখাৰ্জী য়ে অনুভৱ কৰিছিল ভাৰতীয় ভাষা সমূহৰ শ্ৰেণী আৰম্ভ কৰাৰ আৱশ্যক তা। তেওঁ বিচাৰিছিল কলিকতা বিশ্ববিদ্যালয়ক ভাৰতীয় ভাষা শিক্ষা ৰ এক পীঠস্থান কৰিবলৈ।
সেই সময়তেই তেওঁ কলিকতা বিশ্ববিদ্যালয়ত বাংলা, হিন্দী, পালি আৰু সংস্কৃতৰ স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ কৰে।
আশুতোষ মুখাৰ্জীয়ে বিচাৰিছিল অসমৰ পৰা আহি কলিকতা বিশ্ববিদ্যালয়ত পঢ়া অসমীয়া ছাত্ৰ সকলৰ বাবে অসমীয়া ভাষাত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণী আৰম্ভ হোৱাটো। 
কিন্তু বঙালী ভাষাৰ পণ্ডিত একাংশই অসমীয়া এটা স্বতন্ত্ৰ ভাষা বুলি মানি লোৱা নাছিল। 
আশুতোষ মুখাৰ্জী দ্বিতীয় বাৰ উপাচাৰ্য হওতে কলিকতাত ১৯২২ চনত সৰ্বভাৰতীয় প্ৰাচ্য সন্মিলন অনুষ্ঠিত হৈছিল। এই সন্মিলন ত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া এটি অতি পুৰণি ঐতিহ্য থকা স্বতন্ত্ৰ ভাষা বুলি কৈছিল। এই কথাৰ প্ৰতিবাদ কৰিছিল একাংশ বঙালী পণ্ডিতসকলে। ইয়াৰে দীনেশ চন্দ্ৰ সেন নামৰ এজনে কৈছিল অসমীয়া এটা স্বতন্ত্ৰ ভাষা নহয়। ই বঙালী ভাষাৰ অপভ্ৰংশ। তেওলোকে কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা সাহিত্যৰ শ্ৰেণী আৰম্ভ কৰাৰ বিৰোধিতা কৰিছিল। কিন্তু উপাচাৰ্য মুখাৰ্জীয়ে ভালদৰেই বুজিছিল যে অসমীয়া এটা ঐতিহ্য ময় স্বতন্ত্ৰ ভাষা। ১৮২২ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে উপাচাৰ্য মুখাৰ্জীয়ে দীনেশ চন্দ্ৰ সেনক কৈছিল। অসমীয়া ভাষাৰ কেইবাখনো কিতাপ ছপা হৈ আছে। এইবিলাক ছপাহৈ ওলালে তোমাৰ মুখত চূণ পৰিব।
আশুতোষ মুখাৰ্জী বদ্ধ পৰিকৰ আছিল কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ শ্ৰেণী খুলিবলৈ।
ইতিমধ্যে উপাচাৰ্য ৰ অনুৰোধত হেমচন্দ্ৰ গোস্বামী য়ে অসমীয়া সাহিত্যৰ চানেকি, অঙ্কীয়া নাটক, পুৰণি অসম বুৰঞ্জী, কথা গীতা কথা ভাগৱত আদি গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছে। গ্ৰন্থ সমূহ কলিকতা বিশ্ববিদ্যালয়ে ছপাই উলিওৱা কথা। ইয়াৰ বাবে আৰ্থিক সাহাৰ্য্য বিচাৰি উপাচাৰ্য মুখাৰ্জীয়ে সদাগৰ ভোলানাথ বৰুৱা ৰ ঘৰলৈ আহে। সেয়া ১৯২২ চনৰ ৮ মাৰ্চৰ কথা।
সদাগৰ ভোলানাথ বৰুৱা ই একেমুখে উপাচাৰ্য মুখাৰ্জীৰ হাতত দহ হাজাৰ টকা তুলি দিবলৈ দায়িত্ব লয়।
ইয়াৰ আগতে হেমচন্দ্ৰ গোস্বামীয়ে উপাচাৰ্য মুখাৰ্জী ক ৩ফেব্ৰুৱাৰী তাৰিখেও ভোলানাথ বৰুৱা ৰ ঘৰলৈ আনিছিল। তেতিয়া মুখাৰ্জীয়ে কৈছিল কৰবাৰ পৰা একলাখ টকা এটা পালে কলিকতা বিশ্ববিদ্যালয়ত এখন অসমীয়া ভাষাৰ চেয়াৰ প্ৰতিস্থাপন কৰিলে হয়।
বৰুৱা ই প্ৰথমে সাহিত্যৰ চানেকি খনৰ খৰছ দিব খুজিলে।
২০২১ চনত কিতাপৰ পাণ্ডুলিপি আৰু ধন বিশ্ববিদ্যালয়ৰ হাতত পৰিলগৈ।
পিছে ১৯২৩ চনত ভোলানাথ বৰুৱা ৰ মৃত্যু হল আৰু ১৯২৪ চনত হঠাতে আশুতোষ মুখাৰ্জীৰো মৃত্যু হয়।
কিন্তু কলিকতা বিশ্ববিদ্যালয় ত অসমীয়া ভাষাৰ শ্ৰেণী খোলাৰ সিদ্ধান্ত আশুতোষ মুখাৰ্জী ডাঙৰীয়া ৰ দিনতেই হয়।
প্ৰকাশ হবলগীয়া গ্ৰন্থ কেইখন ছপাহৈ ওলাওতে পলম হয়। জোৰ দিবলৈ উপাচাৰ্য মুখাৰ্জী ও নাই। সেইবাবে ই কলিকতা বিশ্ববিদ্যালয়ৰ কাম বিলাক পিছ পৰি যয়। গ্ৰন্থ কেইখন উলিওৱা ত পলম হয়।
অৱশেষত ১৯৩৫ চনত কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ৰ এম এ শ্ৰেণী আৰম্ভ হয়। অসমীয়া ৰ এম শ্ৰেণীত পঢ়াবলৈ বিৰিঞ্চি কুমাৰ বৰুৱা ক অধ্যাপক নিযুক্তি দিয়ে।
বিৰিঞ্চি কুমাৰ বৰুৱা ই কলিকতা বিশ্ববিদ্যালয়ত পালি ভাষাত বিএ আৰু এম এ পাছ কৰে। উল্লেখযোগ্য যে বিৰিঞ্চি কুমাৰ বৰুৱা বিএ আৰু এম এ উভয় পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ উত্তীৰ্ণ হয়।
সেই সময়ত তেওতকৈ অধিক উপযুক্ত লোক কোনো নাছিল।
১৯৩৪ চনত আশুতোষ মুখাৰ্জী ৰ পুত্ৰ শ্যামাপ্ৰসাদ মুখাৰ্জী কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হয়। তেওঁ উপাচাৰ্য হৈ থকাৰ সময়তেই কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ আৰম্ভ হয় আৰু প্ৰথম অধ্যাপক বিৰিঞ্চি কুমাৰ বৰুৱা ৰো নিযুক্তি হয়।
উপাচাৰ্য শ্যামাপ্ৰসাদৰ দিনতেই কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ আৰম্ভ হয় যদিও এই গছৰ গুটি ৰোপন হৈছিল ১৯২১ চনত উপাচাৰ্য আশুতোষ মুখাৰ্জীৰ প্ৰবল ইচ্ছাৰ বাবেহে। ইয়াতে সাৰপানী দিছিল ভোলানাথ বৰুৱা হেমচন্দ্ৰ গোস্বামী আদি বহুত লোকে।
এই কথা অনস্বীকাৰ্য যে উপাচাৰ্য আশুতোষ ৰ দুৰ্বাৰ ইচ্ছা ভোলানাথ বৰুৱা ৰ সাহাৰ্য্য আৰু হেমচন্দ্ৰ গোস্বামী আৰু অন্যান্য সকলৰ সাধনা আৰু প্ৰচেষ্টাৰ ফল কলিকতা বিশ্ববিদ্যালয়ৰ অসমীয়া ভাষাৰ শ্ৰেণী।
(ডঃ দীনেশ বৈশ্য)

Sunday, 11 July 2021

এদল উন্মত্ত লোকে এজনী ছোৱালীক কিমান পৈশাচিক অত্যাচাৰ চলাইছে চাওক




This post is updated by Tultul Kutum

ইউচুফ খান ওৰফে অভিনেতা দিলীপ কুমাৰ পাকিস্তানী চোৰাংচোৱা আছিল


*ইউচুফ খান মৰিল । মনে প্ৰাণে পাকিস্তানী অথচ ভাৰতলৈ আহি হিন্দু নাম লৈ হিন্দু দৰ্শকৰ মন মুহিলে, অজস্ৰ ধন সম্পত্তি গোটালে । মৰাৰ সময়ত হিন্দু দৰ্শকৰ পৰা আৰ্জিত ধনৰ ৯৮ কোটি টকা ৱাকফ্ বোৰ্ড আৰু সন্ত্ৰাসবাদী সৃষ্টি কৰা মাদ্ৰাছাক দান কৰিলে যাতে অতি শীঘ্ৰেই ভাৰতক ইছলামিক দেশলৈ ৰূপান্তৰিত কৰিব পাৰি । সেই হিন্দু নামধাৰী পাকিস্তানী অভিনেতাজনৰ কাহিনী -*

৬০ ৰ দশকৰ আৰম্ভনিত  ভাৰতীয় গুপ্তচৰ আৰু কলিকতা আৰক্ষী যুটীয়া অভিযানত ভাৰতত প্ৰৱেশ কৰা এজন পাকিস্তানী গুপ্তচৰক আটক কৰে ।  সেই গুপ্তচৰজনৰ পৰা এটা ডায়েৰী উদ্ধাৰ কৰে আৰু উক্ত ডায়েৰীটোত  গুপ্তচৰজনৰ লগত সম্পৰ্ক ৰখা কিছুমান মানুহৰ নাম আৰু ঠিকনা আছিল । তাৰেই এজন আছিল বোম্বাইৰ  নামজ্বলা এজন অভিনেতা ।কলিকতা আৰক্ষীয়ে বোম্বাইলৈ গৈ সেই অভিনেতা জনৰ ঘৰত গৈ তদন্ত আৰম্ভ কৰাৰ  লগে লগে কিছুমান  নেতাৰ হস্তক্ষেপত কলিকতা আৰক্ষীয়ে তদন্ত বন্ধ কৰি উভতিব লগা হল ।  পাছত  সেই বিশেষ অভিনেতাজনৰ পৰা প্ৰতিক্ৰিয়া আহিল যে  সেই পাকিস্তানী  গুপ্তচৰজন তেওঁৰ  প্ৰশংসক হয় । 

ইয়াৰ কিছুদিন পিছত ভাৰতীয় গুপ্তচৰে  বোম্বাইত পাকিস্তানৰ পৰা অহা radio সংকেত  ধৰা পেলায় । পাছত অনুসন্ধান কৰি গম পায় যে সেই radio সংকেত সেই বিশেষ অভিনেতাজনৰ ঘৰত ধৰা পেলায় আৰু লগতে পাকিস্তানৰ লগত সম্পৰ্ক ৰখা radio transister  এটা  উদ্ধাৰ কৰে সেই অভিনেতাজনৰ ঘৰৰ পৰা ।  ভাৰতীয় অনুসন্ধানকাৰী সংস্থাই অনুসন্ধান আৰম্ভ কৰাৰ লগে লগে আকৌ ৰাজনৈতিক হেঁচা আহিল অনুসন্ধান বন্ধ কৰিবলৈ । সেই অভিনেতাজনে স্পষ্টীকৰণ দিলে যে যিহেতু ভাৰতত পাকিস্তানী radio নিষিদ্ধ আছে , সেইবাবে তেওঁ তেওঁৰ ঘৰত radio transister ৰাখিছে , কাৰণ তেওঁ পাকিস্তানী গান শুনি বহুত ভাল পায় । 

সেই বিশেষ অভিনেতা জনক 1998 চনত পাকিস্তানৰ সৰ্বোচ্চ সন্মান 'নিশান-এ-ইমতীয়াজ' প্ৰদান কৰা হয় ।  1999 চনত কাৰ্গিল যুদ্ধৰ সময়ত সেই অভিনেতা জনৰ বিপক্ষে গোটেই ভাৰতত প্ৰতিবাদ হৈছিল পাকিস্তানৰ award ঘূৰাই দিবলৈ । কিন্তু ঘূৰাই নিদিলে । 

2015 চনত পাকিস্তানৰ পূৰ্ব বৈদেশিক মন্ত্ৰী খুর্শীদ মেহমুদ কঁচুৰী ভাৰতলৈ আহি তীব্ৰ বিৰোধীতাৰ মাজতো সেই বিশেষ অভিনেতাজনক তেওঁৰ মুম্বাইৰ বাসগৃহত লগ কৰি  সাংবাদিকৰ আগত কয় যে সেই অভিনেতা জনে দুবাৰকৈ   secret mission ত পাকিস্তানলৈ গৈছিল । 

সেই বিশেষ অভিনেতা জনৰ নাম আছিল মহম্মদ ইউচুফ খান ।  জন্ম হৈছিল পাকিস্তানত ।  সেই জনেই আছিল দিলীপ কুমাৰ ।

(বন্ধু এজনে দিছিল WhatsApp ত । অতি প্ৰয়োজনীয় বুলিয়ে পোষ্ট কৰিলোঁ। )

হেমন্ত ভট্টাচাৰ্য 
গুৱাহাটী
This post is updated by Tultul Kutum

এয়া কিমান ভয়ংকৰ কাণ্ড এই ভিডিঅ' চাওক আৰু দোষীয়ে শাস্তি পাবৰ বাবে সকলোৱে শ্বেয়াৰ কৰক।

এয়া কিমান ভয়ংকৰ কাণ্ড এই ভিডিঅ' চাওক আৰু দোষীয়ে শাস্তি পাবৰ বাবে সকলোৱে শ্বেয়াৰ কৰক।



This post is updated by Tultul Kutum

Saturday, 10 July 2021

ডিব্ৰুগড় জিলাৰ চাচনিৰ ইতিহাস

                              নৱ কুমাৰ বৰা
আজিৰ গন্তব্য স্থান আছিল  "চাচনী মেৰবিল " |ৰাতিপুৱা তিনি বজাতেই বৃহৎ আৰক্ষী দল লৈ  চাচনী মেৰবিললৈ পদব্ৰজে যাত্ৰা আৰম্ভ কৰিলো |উৎকণ্ঠীত মনটোৱে বাৰে বাৰে কৈ আছিল মেৰবিলৰ কিছু কথা প্ৰতক্ষ কৰিবলৈ | 
    চাচনী এটি ডাঙৰ প্ৰসিদ্ধ অঞ্চল, য'ত প্ৰায় আশীখন সৰু বৰ গাঁও সামৰি আছে | "মেৰবিল," চাচনীৰে  এটি অংশ, যি ঠাইৰ লোক কথা ,ঐষৰিক কাহিনী সম্ভাৰৰ  সৰ্বজন বিদিত ঘটনাই ,সকলোৰে মন প্ৰাণ হাত বাউলি মাতে বুলি ভিন্নজন লোকৰ লিখনিত প্ৰকাশ পাইছে  | মেৰবিল প্ৰধানত ১৫৫০ বিঘা মাটি কালিৰ ৯৩৩ বিঘা অৰণ্যযুক্ত চাৰিওফালে বিল আৰু জলাশয়ে আবৃত্ত ইংৰাজীৰ  প্ৰায় "U " আকৃতিৰ এটি দ্বীপ সদৃশ অঞ্চল | এই  জলাশয় সৃষ্টিৰ ৰহস্যৰ আত ধৰি  ,তাৰ লগত  জড়িত ঐষৰিক কাহিনীৰ আধাৰ বিচাৰিয়েই দূৰ দূৰণিৰ পৰা  জনগনৰ আগমন ঘটে বুলি জানিব পৰা  হৈছে  |সেই  কাহিনীৰ, মেৰাই হোৱা জলাশয় বিল খনৰ পৰা  ঠাই কনৰ নাম  " মেৰবিল " হয়  বুলি  জনা যায়  |মেৰবিলে  আৱৰি ৰখা অৰণ্যখণ্ডত সুৰক্ষিত আচ্যয়ৰ স্থল হিচাপে গণ্য কৰি বহু বাঘ, ঘোং, ইত্যাদি বিবিধ বন্যপ্ৰাণীৰ বসতিৰ স্থল | ঠিক তেনেদৰে বিলখনো হৈ  পৰিছে বিভিন্ন সময়ত দেশী -বিদেশী পক্ষী, মাছ -মগৰ, সৰীসৃপৰ মুক্ত বিচৰণ ভুমি |সেই  বন্যপ্ৰাণী আৰু পক্ষীকূলৰ ৰক্ষাৰ বাবে কাষৰীয়া গাওঁবাসীয়ে অতিকে সজাগ দৃষ্টি ৰাখিছে আৰু  আমাৰ  প্ৰশাসনৰো দ্বায়িত্ব ভাবি মাজে মাজে  ভুমুকি মাৰো | বাৰু বেছি উৎকণ্ঠিত নকৰি কাহিনীৰ মাজলৈ সোমাই যাও আহক....... 
          সেয়া আছিল ১৬খৃষ্টাব্দৰ শেষৰ ফালৰ কথা |শ্ৰী শ্ৰী ৰাম আতা প্ৰভু  দুলীয়াজান ম'হমাৰীত বুঢ়ী দিহিং নদীৰ কাষৰীয়া অঞ্চলত সত্ৰপাতি ভক্তপ্ৰাণ পৰিয়াল সহিতে বসবাস কৰিছিল  | ৰাম আতা প্ৰভুৰ সংসাৰলৈ এটি কন্যা সন্তান আহিল | সৰুৰে পৰাই কন্যা সন্তানটি অতিকৈ সৌন্দৰ্যবান, বুদ্ধিমত্তা, সকলো ভক্তৰে আছিল নয়নৰ মনি |দেউতাকে নাম ৰাখিছিল "দ্বীতি "আৰু মাকে মৰমত মাতিছিল "আইটি " বুলি | দিন বাগৰাৰ লগে  লগে  আইটিৰ  ৰূপ লাৱণ্যই সৰগৰ অপেশ্বৰীকো যেন চেৰ পেলাব, এনেতে গাভৰু কালত ভৰি দিলে |হলেও সকলোৰে মৰমত ডাঙৰ হোৱা  "আইটিয়ে" মাজে সময়ে মাকক আমনি কৰিবলৈ নেৰিলে, চঞ্চলা মনে যেন সদায়েই তাইৰ কেচুৱা সজাব বিচাৰে, যিটো মাকে সহজ ভাৱে লব নোৱাৰে  | এদিনাখন খঙৰ ভমকতে মাকে কৈ পেলালে.... ঐ আইটি বেছি নকৰিবি, তোক সৌ নদীৰ জলকোঁৱৰক দি দিম ......| সেই  ধেমালিতে কোৱা কথাসাৰ জলকোঁৱৰৰ কানত পৰিল |জলকোঁৱৰে তেওঁৰ অদৃশ্য শক্তিৰে আইটিক আপোন কৰাৰ মন মেলিলে  | সমাজিকত আইটিৰ মাকে সদায়েই আইটিক  জলকোঁৱৰক অৰ্পণ কৰা  দেখিবলৈ ললে | আইটিৰ মাক বিবুদ্ধিত পৰি স্বামী ৰাম আতাক সদৰী কৰিলে, কিন্তু সেয়া জানো সম্ভৱ, ৰাম আতা প্ৰভুৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে |ইয়াৰ পিছত ইজন সিজনকৈ ভক্ত সকলে একেটা সপোনকে দেখা পাই, পুনৰ ৰাম আতা প্ৰভুক অৱগত কৰিলে, কিন্তু ৰাম আতা বা তেওঁৰ পত্নী  সন্মত নহল | সৰ্বজ্ঞানী জলকোঁৱৰ অৱগত হল যে  কোনো কাৰণত ৰাম আতা প্ৰভুৱে নিজ কন্যাক জলকোঁৱৰক অৰ্পণ নকৰে |তাতেই জলকোঁৱৰ বিতুষ্ট হৈ  মূহূৰ্ততে মেঘাচ্ছন্ন কৰিলে আকাশ, ধাৰাসাৰ বৰষুণে আকাশত মেঘৰ মাদল বজালে |কিছু ঘন্টাৰ পিচতেই প্ৰৱল পানীয়ে ৰাম আতাৰ সত্ৰ আৱৰি ধৰিলে, |সত্ৰৰ চাৰিওদিশে পানীয়ে বুৰাই পেলালে, উপায়ন্তৰ হৈ  ৰাম আতাই ভক্ত সহিতে মহ'মাৰি স্থান পৰিত্যাগ কৰি বৰ্তমানৰ স্থাপন ,সত্ৰ পাতি  বসবাস কৰিবলৈ ধৰিলে |কিন্তু পুনৰ সেই স্থানত ভক্ত সকলে একেটা সপোনেই দেখা পাই, ৰাম আতাক কবলৈ ধৰিলে |কিন্তু সেয়া জানো সম্ভৱ  পিতৃৰ বাবে! কিদৰে অৰ্পিব পাৰে নিজ কন্যাক জল দেৱতাক | ৰাম আতা মান্তি নহল  আৰু পিচ মূহুৰ্তত  মাটি ফুটি  সত্ৰৰ উত্তৰ পাৰে হলাহল পানী ওলাব ধৰিলে | চকুৰ প্ৰচাৰতে পানী বাঢ়ি আহি সত্ৰৰ চাৰিওফালে আৱৰি ধৰিলে |ৰাম আতাৰ লগতে ভক্তসকল বিবুদ্ধিত পৰিল আৰু কাকূতি মিনতি কৰি জলকোঁৱৰক আইটিক অৰ্পণ কৰাৰ প্ৰতিজ্ঞা কৰিলে এটি পূৰ্ণিমা তিথিত আইটিক অৰ্পণ কৰিলে | সেই সত্ৰখনক মেৰাই জলাশয় সৃষ্টি হোৱাৰ বাবে  সেই ঠাইৰ নাম  "মেৰবিল " নামে জনাজাত হল আৰু যি স্থানত  মাটি ফাটি "ভূমূখ " হৈছিল, সেই ঠাইখন আজিও "ভূমূকমুখ " গাওহল বুলি জনা যায়  |অলৌকিক কথা কিমান সত্যতা আছে, সেয়া বিদ্যান সমাজে নিৰ্ণয় কৰিব  ,কিন্তু  যি "লোক কথা" প্ৰচলিত আছে ব্যক্ত কৰিলো |এই  কথাও সত্য যে, সেই ৰাম আতাৰ সত্ৰৰ মহিমা মন্দিত অলৌকিক শক্তিৰ প্ৰতি আকৃষ্ট হৈ  নগা ৰজা"লথা খুনবা " ভক্ত হৈছিল |যি ঘাটেৰে পাৰাপাৰ হৈছিল, সেই ঘাটতো আজিও জয়পুৰ এলেকাৰ "নগাঘাট" হিচাপে জ্ঞাত |নগাঘাটৰ পৰা  বৰ্তমানৰ মেৰবিল বাৰেঘৰ সত্ৰলৈ এটি অহাযোৱাৰ পথ নগা ৰজাই তৈয়াৰ কৰিছিল, যিটো পথ আজিও "চৈয়াৰ আলি " নামে খ্যাত |চৈয়াং, নক্তে নগা সকলৰ ভাষা |চৈয়াং শব্দৰ অৰ্থ গুৰুক কৰ ভাৰ দিয়া |অথাৎ চৈয়াং আলি মানে গুৰুক কৰ ভাৰ দিয়া আলি |তাৰোপৰি জনা যায়, মেৰবিল বাৰেঘৰ সত্ৰ পোৱাৰ আগতে  ,বুঢ়ী দিহিং নদীৰ ঘাটত সত্ৰৰ ভকতলৈ অনা পাহাৰীয়া পানবোৰ ধুই আনিছিল বাবে সেই বুঢ়ী দিহিংৰ ঘাটতো আজিও পানধোঁৱা ঘাট হিচাপে সকলোৰে পৰিচিত  |
        গতিকে দেখা যায়, মেৰবিল সম্পৰ্কীয় অলৌকিক কথাবোৰ যেন একেবাৰেই উলাই কৰিব  নোৱাৰি |যি কি নহওঁক আজিৰ আমাৰ যাত্ৰাত সেই উল্লেখিত সকলো ঠাই পৰিভ্ৰমণ কৰিলো সঁচাকৈয়ে পৰম তৃপ্তি অনুভৱ কৰিলো |পিছৰ যাত্ৰাৰ কাহিনীলৈ পুনৰ লগ পাম  |