Monday, 17 May 2021

অসমীয়া ভাষা নজনা আহোম ল'ৰা

অসমীয়া ভাষা নজনা আহোম ল'ৰা

                             টুল টুল কুটুম



২০১৭ চনৰ গ্ৰীষ্মকালীন এৰাতিৰ কথা। মোৰ চাকৰি তেতিয়া ডিব্ৰুগড় চহৰৰ সদৰ থানাত। ৰাতিৰ ভাগত মোৰ ভ্ৰাম্যমাণ নৈশ টহলৰ দায়িত্ব পৰাত থানাৰ আন আন সংগীসহ চহৰত টহল দি আছিলোঁ। তেনেকৈ টহল দি থাকোঁতে ডিব্ৰুগড় চহৰৰ মাজমজিয়াত অৱস্থিত পুৰণি ৰে'ল ষ্টেচনৰ ওচৰত পথৰ দাঁতিত ডেকা লৰা এজন শুই থকা দেখি তেওঁক শোৱাৰ পৰা উঠাই আমি সোধ পোছ আৰম্ভ কৰিলোঁ।

সেই সময়ত চহৰত চোৰৰ উৎপাত অলপ হৈছিল। ল'ৰা জনৰ নাম সোধাত তেওঁৰ নাম বলীন চেতিয়া বুলি ক'লে। তাৰপিছতে আমি তেওঁৰ ঘৰ কত, কি কাৰণত তাত শুই আছে সেইবোৰ কথা সুধি গলো। কিন্তু তেওঁৰ উত্তৰ নাই। ল'ৰাজনে একো উত্তৰ নিদিয়া দেখি আমাৰ আৰক্ষী কৰ্মীবোৰৰ সন্দেহ হ'ল ই কোনোবা চোৰেই হ'ব। তেওঁৰ ঘৰ বহুবাৰ সুধি থকাৰ পিছত সি যেনে তেনে ভঙা ভঙা অসমীয়াত উত্তৰ দিলে তেওঁৰ ঘৰ ধেমাজি জিলাৰ জোনাই অঞ্চলত।

আমাৰ কৰ্তব্যৰত আৰক্ষী দলটোত মোৰ আৰু গাড়ী চালক মিহি চেতিয়াৰ ঘৰ ধেমাজি জিলাত। ল'ৰাজনে ভয়তে একো ক'ব পৰা নাই নেকি বুলি ভাবি মই গাড়ী চালক মিহি চেতিয়াক নিজে চেতিয়া লিখে আৰু ধেমাজিৰেই মানুহ বুলি পৰিচয় দি মৰমেৰে সোধা পোছা কৰিবলৈ ক'লো মিহি চেতিয়াই ইটো সিটো বহু কথা সুধি চালে কিন্তু ল'ৰাজনে একো উত্তৰ নিদিলে। মই লক্ষ্য কৰিলোঁ ল'ৰাজনে কথাবোৰ বুজি পাইছে কিন্তু উত্তৰহে দিব পৰা নাই। মিহি চেতিয়াক আতৰাই মই এইবাৰ চুটি চুটি সৰু সৰু উত্তৰৰ কেইটামান প্ৰশ্ন কৰাত তেওঁ ভঙা ভঙা অসমীয়াত সেইবোৰৰ উত্তৰ দিলে। ল'ৰাজনৰ কথনভংগী মিচিং ল'ৰাৰ নিচিনা দেখি মই পৰীক্ষামূলক ভাৱে মিচিং ভাষাত দুটামান কথা সোধাত তেওঁ মিচিং ভাষাত সেইবোৰৰ উত্তৰ ফটাফট দিলে। তেতিয়াহে ওলাল ওৰহী গছৰ ওৰ। ল'ৰাজন হওতে আহোম ল'ৰাই হয় কিন্তু ককা দেউতাৰ দিনৰ পৰা তেওঁলোকৰ সাতঘৰ পৰিয়াল বসবাস কৰি আছে মিচিং মানুহ অধ্যুষিত অঞ্চলত। ঘৰে বাহিৰে সকলোতে মিচিং ভাষাকেই ব্যৱহাৰ কৰি থকাত অসমীয়া ভাষা বুজি পায় কিন্তু ভালকৈ ক'ব নোৱাৰে।

সি যি কি নহওঁক ল'ৰাজনক সোধ পোছ কৰি পিচত গম পালো যে তেওঁ কামৰ সন্ধানত দুদিনমান আগতেই ডিব্ৰুগড় চহৰলৈ আহিছিল। কাম বিচাৰি নাপালে আৰু পকেটৰ পইচাও শেষ হোৱাত ঘৰলৈ উভতি যাব বিচাৰি বগীবিল ঘাটলৈ যোৱা গাড়ী বিচাৰি সেই ঠাইলৈ আহিছিল। (তেতিয়া বগীবিল দলং মুকলি হোৱা নাছিল) গাড়ী নোপোৱাত দুখে ভাগৰে পথৰ দাঁতিতে শুই আছিল। ল'ৰাজন হোজা চৰিত্ৰৰ । সেইকাৰণে চহৰৰ দুষ্ট বদমাছৰ পাল্লাত পৰাৰ সম্ভাৱনা থকাত মই তাক থানালৈ আনি থানাৰ ভিতৰত থকা বিছনা এখনত শোৱাৰ ব্যৱস্থা কৰি দি ৰাতিপুৱা ঘৰলৈ যাব পৰাকৈ পাচশ টকীয়া নোট এখন তেওঁৰ হাতত দি বিদায় দিলোঁ।

ইজৰাইলৰ উত্তৰণ

              ইজৰাইলৰ উত্তৰণ
                      ঈশ্বৰ প্ৰসন্ন
      
বৰ্তমান বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা অতিমাৰী কৰ’নাৰ সময়তে মধ্য প্ৰাচ্যৰ ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘৰ্ষ‌ই বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিছে।কি কাৰণে এই সংঘৰ্ষৰ সূত্ৰপাত হৈছে ,ইয়াত সেই বিষয়ে আলোচনা কৰাৰ পৰা বিৰত থাকিম।ইয়াত অতি ক্ষুদ্ৰ দেশ, মাটিকালিৰ দিশৰ পৰা প্ৰায় আমাৰ ভাৰতৰ কেৰালাৰ সমান,মাত্ৰ বিৰানব্বৈ লাখ জনসংখ্যাৰ এই ক্ষুদ্ৰ দেশ ইজৰাইল কিন্তু আজি বিশ্বৰ বহু দেশৰ তুলনাত অতি প্ৰতিকূল পৰিবেশৰ মাজতো নিজকে অগ্ৰণী দেশ হিচাপে সকলোৰে পৰা আকৰ্ষণ আৰু সমীহ আদায় কৰিবলৈ সক্ষম হৈছে।ইয়াৰ মূলতেই হ’ল ইজৰাইলী সকলৰ বিজ্ঞান মনস্কতা।এই বিজ্ঞান মনস্কতাৰ বাবেই ইজৰাইলৰ মহান বিজ্ঞানী সকলে ন ন‌ উদ্ভাৱনেৰে প্ৰযুক্তিৰ ক্ষেত্ৰত ঈৰ্ষণীয় উত্তৰণ ঘটোৱাৰ লগতে মানৱ জাতিক বিজ্ঞানৰ ন ন অভিজ্ঞতা দিবলৈ সক্ষম হৈছে। সেয়েহে হয়তো  বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপক বিজ্ঞানী সকলৰ তালিকাত অধিক সংখ্যক ইজৰাইলৰ বিজ্ঞানীৰ নামেই জিলিকি আছে।মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ পৰা আজিৰ ফেচবুকৰ স্বত্বাধীকাৰী মাৰ্ক জুকাৰবাৰ্গলৈকে অলেখ  স্বনামধন্য ইহুদী লোকে অত্যন্ত প্ৰতিকূল পৰিবেশৰ মাজতো নিৰবে অদম্য সংগ্ৰাম আৰু পৰিশ্ৰম কৰি সকলো দিশৰ পৰা দেশখনৰ  উত্তৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।
দীৰ্ঘদিন অত্যাচাৰ, উৎপীড়নৰ পাছত ১৯৪৮ চনৰ ১৪ মে তাৰিখে ইজৰাইলে বৃটিছৰ দাসত্বৰ পৰা মুক্ত হৈ এখন স্বাধীন দেশ ৰূপে স্বীকৃতি লাভ কৰে। পৃথিৱীৰ একমাত্ৰ ইহুদী দেশ ইজৰাইলৰ এক তাৎপৰ্যপূৰ্ণ দিশ হ’ল এইটোৱেই যে, পৃথিৱীৰ যি স্থানতেই জন্ম নহ‌ওক কিয়, ইহুদী সকলে জন্মৰ লগে লগেই ইজৰাইলৰ নাগৰিকত্ব লাভ কৰে আৰু যেতিয়াই মন কৰে ইজৰাইলৰ বাসিন্দা হ’ব পাৰে।ই  তেওঁ লোকৰ জাতি প্ৰেম আৰু একতাৰ উৎকৃষ্ট নিদৰ্শণ। ইজৰাইলৰ মূল ভাষা হিব্ৰু যদিও বিভিন্ন কাৰণত ইহুদী সকলে এই ভাষা ব্যৱহাৰ কৰাৰ পৰা বিৰত থকাৰ ফলত এই ভাষা প্ৰায় বিলুপ্তিৰ পথত আছিল। কিন্তু স্বাধীনতাৰ পাছত ইহুদী সকলে  এই হিব্ৰু ভাষাক পুণৰ জীৱিত কৰি ইজৰাইলৰ ৰাষ্ট্ৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰে। ইজৰাইলৰ এটা বিশেষত্ব এই যে এই দেশৰ সকলো নাগৰিকে সেনা বাহিনীৰ প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক ,লাগিলে ৰাষ্ট্ৰপতিৰ সন্তানেই নহওঁক কিয়।পোন্ধৰ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি সেনাত যোগদান কৰি কিছুদিন  সকলোৱেই  অনিবাৰ্য ভাবে সেৱা আগবঢ়াব‌ই লাগিব । অবশ্যে ল’ৰাৰ ক্ষেত্ৰত এই বাধ্যতামূলক সেৱা তিনিবছৰীয়া আৰু ছোৱালীৰ ক্ষেত্ৰত দুবছৰীয়া।দেশৰ নাগৰিকে সেনা বাহিনীত বাধ্যতামূলক ‌সেৱা আগবঢ়োৱা ইজৰাইল বিশ্বৰ একমাত্ৰ দেশ। গণতান্ত্ৰিক দেশ হ’লেও ইজৰাইলৰ কোনো লিখিত সংবিধান নাই। পৰম্পৰা আৰু দেশবাসীৰ কথা লক্ষ ৰাখি সময় অনুযায়ী সেই দেশৰ আইন কানুন  নিৰ্ধাৰিত হয়। ইজৰাইলত চাইকেল চালনাৰ বাবেও অনুজ্ঞাপত্ৰৰ প্ৰয়োজন। অত্যাধুনিক উপগ্ৰহীয় ব্যৱস্থা আৰু পাৰমাণৱিক শক্তিৰ অধিকাৰী পৃথিৱীৰ ন খন দেশৰ ভিতৰত ক্ষুদ্ৰ দেশ ইজৰাইলো অন্যতম। ইজৰাইলৰ বায়ুসেনাৰ স্থান পৃথিৱীৰ ভিতৰত চতুৰ্থ ।ইজৰাইল এনে প্ৰযুক্তিৰ অধিকাৰী যি যিকোনো ৰকেট বা মিছাইল আক্ৰমণ নিমিষতে  আকাশতেই প্ৰতিহত কৰিব পাৰে। জাৰ্মান কোম্পানী মটৰ’লাৰ প্ৰথম মোবাইল ফোন এই ইজৰাইলতেই নিৰ্মাণ কৰা হৈছিল। স্বাধীনতাৰ সময়ত শুকান মৰুভূমি সদৃশ ইজৰাইলৰ ভূখণ্ডত কৃষিৰ উপযোগী কোনো পৰিবেশেই নাছিল। কিন্তু ন ন প্ৰযুক্তিৰ উদ্ভাৱনেৰে আজি ইজৰাইলে নিজৰ প্ৰয়োজনীয় প্ৰায় নিৰানব্বৈ শতাংশ খাদ্য দ্ৰব্য উৎপাদন কৰে।“ড্ৰিপ ইৰিগেচন”(drip irrigation),”চ‌ইললেচ এগ্ৰিকালচাৰ”,”গ্ৰীণহাউচ ফাৰ্মিং” আদি ইজৰাইলী কৃষি প্ৰযুক্তি আজি সমগ্ৰ বিশ্বতে সমাদৃত।নিজৰ উদ্ভাৱনেৰে সাগৰৰ লুণীয়া পানীও খোৱাৰ লগতে অনান্য ব্যৱহাৰৰ বাবেও উপযোগী কৰি পানীৰ নাটনিৰ দূৰ কৰিবলৈ সক্ষম হৈছে।ইজৰাইলৰ চোৰাংচোৱা এজেঞ্চী”মছাদ”(Mossad) পৃথিৱীৰ ষষ্ঠ স্থানৰ আৰু  এই এজেঞ্চী অতি কৌশলী আৰু ভয়ংকৰ বুলি জনাজাত। আনহাতে এই এজেঞ্চী চিক্স-ডে-ৱাৰ(six -day- war) বুলিও বিখ্যাত। 

       পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা কৰিবলৈও ইজৰাইলে অহোপুৰুষাৰ্থ কৰে,কাৰণ তেওঁ লোকে জানে,প্ৰকৃতিৰ সুস্থিৰতা অবিহনে সকলো অৰ্থহীন।যি সময়ত আমাৰ দেশত উন্নয়ণৰ নামত এফালৰ পৰা গছ গছনিৰ ধ্বংসযজ্ঞৰ সূচনা কৰা হয়,সেই সময়ত ইজৰাইলৰ লোকে চিন্তা কৰে কেনেকৈ এজোপা গছত নকটাকৈ ৰাখি নিৰ্মাণ কাৰ্য্য সম্পন্ন কৰিব পাৰি বা কাটিলেও  পৰিবেশৰ সমতা অক্ষুণ্ণ থাকে।সেয়ে‌ ইজৰাইল বৰ্তমান অধিক গছগছনি থকা দেশৰ তালিকাত অন্যতম।অস্ত্ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত ইজৰাইলৰ স্থান আমেৰিকাৰ পিছতে।আনহাতে ভাৰতে আটাইতকৈ বেছি সামৰিক আহিলা ইজৰাইলৰ পৰাই ক্ৰয় কৰে। অদ্বিতীয় মিছাইল ডিফেঞ্চ চিষ্টেম “ আইৰন দ্ৰম”,” দ্ৰোণ” আদি অত্যাধুনিক প্ৰযুক্তি এই ইজৰাইলৰেই উৎকৃষ্ট অৱদান।আমাৰ দৈনন্দিন অপৰিহাৰ্য সামগ্ৰী ম’বাইল ফোন, কম্পিউটাৰ,কেমেৰা আদিৰ ক্ষুদ্ৰতম আহিলাৰ উপৰিও ইজৰাইলী সকলে উদ্ভাৱন কৰা ইলেক্ট্ৰনিক মটৰ গাড়ী,হাইড্ৰজেন ফুৱেল  প্ৰযুক্তি আদিৰ উদ্ভাৱনে বৰ্তমান কমি আহিব ধৰা খাৰুৱা তেলৰ ভাণ্ডাৰৰ বাবে মানৱ জাতিৰ  সম্ভাৱ্য অসুবিধা দূৰ কৰিব পৰাকৈ আশাৰ সঞ্চাৰ কৰাৰ লগতে এখন প্ৰদূষণ মুক্ত নতুন পৃথিৱী গঢ়াৰ বাট মুকলি কৰিছে বুলিও ক’ব পাৰি।আনহাতে সৌৰশক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰতো ইজৰাইলৰ ন ন উদ্ভাৱনে শক্তি আৰু পাৰিপাৰ্শ্বিক দিশলৈ আশাৰ সঞ্চাৰ কৰিছে।মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত পৃথিৱীৰ অগ্ৰণী পোন্ধৰ খন দেশৰ ভিতৰত ইজৰাইল অন্যতম।ইজৰাইলৰ সাত খন বিশ্ববিদ্যালয়ৰ চাৰিখনেই বিশ্বৰ শীৰ্ষ পঞ্চাশ খন বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।শ শ বিজ্ঞানী প্ৰতিদিনেই ন ন উদ্ভাৱনৰ বাবে এই বিশ্ববিদ্যালয়ত প্ৰতিদিনে ন উদ্যমেৰে  গবেষণা ব্ৰতী হৈ থকাৰ সুফল আজি সমগ্ৰ মানব জাতিয়ে লাভ কৰিছে।বিশ্বৰ প্ৰায় সকলো অগ্ৰণী প্ৰতিষ্ঠানৰ শাখা এই ইজৰাইলত থকাৰ উপৰিও বহু বিখ্যাত ইজৰাইলী কোম্পানীৰ শাখা সমগ্ৰ বিশ্বতে সিচঁৰিত হৈ আছে।ইজৰাইল পৃথিৱীৰ একমাত্ৰ দেশ যি পৃথিৱীৰ নিজৰ আয়ৰ দহ শতাংশ প্ৰতিৰক্ষা ক্ষেত্ৰত ব্যয় কৰে।কৰ্মঠ ,জ্ঞান পিপাসু কঠোৰ পৰিশ্ৰমী আৰু অধ্যৱসায়ী এই ইহুদী সকলে আৰম্ভণিতেই অমানৱীয় উৎপীড়নৰ সন্মুখীন নোহোৱা হ’লে হয়তো আমি আৰু কি চমৎকাৰেই নেদেখিলোহেতেন।ইজৰাইলৰ জনমূৰি আয় আজি ৩৯,০০০ডলাৰৰ বিপৰীতে আমাৰ মাত্ৰ ১২০০ ডলাৰ,যিটো সম্ভৱ হৈছে ইজৰাইলী সকলৰ একতা ,অনমণীয় জাতিপ্ৰেম আৰু কঠোৰ অধ্যৱসায়ৰ বাবে।

     এনে সময়তে মনলে ভাৱ‌ আহে,ইমান কম জনসংখ্যাৰ ,মাত্ৰ ২০০০০০ বৰ্গকিলোমিটাৰৰ এই ক্ষুদ্ৰ দেশ খনে ইমান উত্তৰণ ঘটাৰ আঁৰৰ ৰহস্য কি,যি ইজৰাইলে আমাতকৈ মাত্ৰ এবছৰ পাছতহে বৃটিছৰ পৰা স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল।আজি সমগ্ৰ বিশ্ব‌ই এই কথা একেমুখে স্বীকাৰ কৰে যে তেওঁ লোকে  সম্পূৰ্ণ  বিজ্ঞান মনস্ক মনোভাৱেৰে কৰ্মক প্ৰাধান্য দিয়ে আৰু তেওলোকৰ  ত্বৰান্বিত  উন্নয়ণৰ ই অন্যতম প্ৰধান কাৰণ ।এই কাৰণৰ বাবেই ইজৰাইলে মহামাৰী ‌কৰ’ণাকো প্ৰায় নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে, পৃথিৱীৰ সকলো দেশৰ  বাবে ইজৰাইলে নিজকে আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে।

(লিখনিটো যুগুতাঁওতে ইন্টাৰনেট তথা বিভিন্ন আনুসংগিক নিবন্ধৰ সহায় লোৱা হৈছে)

ঈশ্বৰ প্ৰসন্ন
১৫/০৫/২০২১

আয় ব্যয় আৰু আমাৰ জীৱন

আয় ব্যয় আৰু আমাৰ জীৱন
                            
                      এম কে ডেকা


মানুহৰ দুটা বেংক একাউণ্ট থাকিব লাগে। যেনেকৈ হ’লেও ষ্টেট বেংকত এটা থকাটো জৰুৰী। বহু সময়ত চৰকাৰী বেংক একাউণ্টৰ প্ৰয়োজন হৈ পৰে।

নিজৰ মাহেলি আয়ৰ ছয় গুণ সঞ্চয় কৰি ৰখাটো অতি দৰকাৰী। ধৰাহ'ল আপোনাৰ মাহেলি আয় তিৰিশ হেজাৰ। তেনেহ'লে আপুনি ছমাহৰ আয়ৰ পৰিমানটো ( এক লাখ আশী হেজাৰ) জমা কৰি " ইমাৰ্জেঞ্চি ফাণ্ড" হিচাপে ৰখাটো অতি প্ৰয়োজনীয়। এই "  ইমাৰ্জেঞ্চি ফাণ্ড" ৰ কিছু অংশ আপোনাৰ নিজৰ পৰিয়ালৰ বা বন্ধু বান্ধৱৰ বিপদৰ সময়ত সহায় হিচাপে আগবঢ়াই আপুনি নিজে বা বন্ধু বান্ধৱক বিপদৰ পৰা মুক্ত কৰি আনিব পাৰিব। কেতিয়াবা আপোনাৰ চাকৰি গুচি গ'লেও এই " ইমাৰ্জেঞ্চি  ফাণ্ড" খিনি থাকিলে আপুনি কমচেকম ছমাহলৈকে যুদ্ধ চলাব পাৰিব। এই ছমাহটো পুনৰ  এটা চাকৰি পোৱাৰ কাৰণে যথেষ্ট সময়।"  ইমাৰ্জেঞ্চি ফাণ্ড" খিনি বেংকত জমা থাকিলে আপুনি মাহেলি সূত পাইয়ো লাভবান হ'ব।  এই " ইমাৰ্জেঞ্চি ফান" খিনি জমা কৰি লোৱাৰ পাছত গাড়ী , ঘোড়া, ঘৰ , মাটি এইবোৰ...

এতিয়া "  ইমাৰ্জেঞ্চি ফাণ্ড" খিনি জমা কৰি লোৱাৰ পাছত আহিল আপোনাৰ " ইনভেষ্টমেণ্ট" । আপোনাৰ মাহেলি আয়ৰ আধা অংশ নহ'লেও বিশ শতাংশ ইনভেষ্টমেণ্ট" হ'ব লাগে। এই "ইনভেষ্টমেণ্ট" এল আই চি , এন পি এছ  বা মিচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটতেই নহওক কিয়, কৰিব লাগে। এইয়া আপোনাৰ বুঢ়া বয়সৰ কাৰণে। বুঢ়া বয়সত পইচা ইনকাম নাথাকিলে কোনে কেতিয়া আপোনাক ঘৰৰ পৰা উলিয়াই দিব সেইটো আপুনি  মই কোনেও অনুমান কৰিব নোৱাৰো।

ধৰাহ'ল আপোনাৰ  মাহেলি আয় বিশ হেজাৰ। মাহৰ মূৰত পোন্ধৰ হেজাৰ এটা জমা কৰে। আপোনাৰ বন্ধুৰ মাহেলি আয় পঞ্চাশ হেজাৰ। আপোনাৰ বন্ধুৰ মাহেকৰ মূৰত এক হেজাৰ এটা জমা কৰে।এতিয়া  ল'জিকেলি আপোনাৰ বন্ধুতকৈ আপোনাৰ আয় বেছি। তেওঁ পঞ্চাশ হেজাৰ পাই ঘৰ পৰিয়াল চলাই কেবল এক হেজাৰ হে বচাইছে, আপুনি বিশ হেজাৰ পাই পোন্ধৰ হেজাৰ বচাইছে। 

এতিয়া আহিল 'মেডিকেল ইঞ্চুৰেন্স"। কমকেকম দহ লাখ টকাৰ "মেডিকেল ইঞ্চুৰেন্স" থকাটো অতি প্ৰয়োজন। মধ্যবিত্ত কোনোৱাই বিশ লাখ টকাৰ অপাৰেচন এটা কৰা মানেই আধা ডুবি যোৱা। ঘৰ মাটি, চাকৰি, অহংকাৰ এইবোৰ সকলো কেতিয়া  হঠাতে   কোন সময়ত নাইকীয়া হৈ শূন্য হৈ পৰিব কোনেও অনুমান কৰিব নোৱাৰে। গতিকে বিশ লাখৰ "মেডিকেল ইঞ্চুৰেন্স" নেথাকিলেও দহ লাখৰ থকাটো অতি প্ৰয়োজনীয়। দহ লাখৰ নথকাবোৰে তাতোকৈ কমৰ। মুঠতে কিবা এটা থাকিব লগে। এই খিনি থাকিলে আপোনাৰ ছমাহৰ সঞ্চয় আৰু অলপ ইফাল সিফাল কৰি আপুনি বিপদমুক্ত হৈ আহিব পাৰিব। 

মাটি ,টকা, ঘৰ , বেমাৰী সকলো খেদাই পাছত চাকৰিটোও গ'লে মানুহ কেনেকৈ জীয়াই থাকিব?  ইফালে টকাৰ ধাৰবোৰ আছেই । সেই কাৰণে এটাৰ পাছত এটা বেক আপ প্লান ।

"মেডিকেল ইঞ্চুৰেন্স" আছে মেডিকেল বিলৰ চিন্তা নাই। ছমাহৰ " ইমাজেঞ্চি ফান" বেক আপ আছে , গতিকে ছমাহলৈ চাকৰি গ'লেও চিন্তা নাই। 

এই খিনিৰ উপৰিও তিনি চাৰিখন ক্ৰেডিট কাৰ্ড থকাটো অতি প্ৰয়োজনীয়। ক্ৰেডিদ কাৰ্ড থাকিলেও ব্যৱহাৰ নকৰি কেবল বিপদৰ সময়লৈহে থৈ দিব লাগে। সৰ্বমূঠ দহ লাখ মান টকাৰ লিমিট এটা লৈ থৈ দিব লাগে। সৰু উদাহৰণ এটা দিও-  ২০১৪ ত, এবাৰ আমাৰ এপেনণ্ডিক্স চাৰ্জাৰী কৰিব লগা হৈছিল। একে দিনেই , দুই তিনি ঘণ্টাৰ ভিতৰতে। হাতত আছিল তিশ হেজাৰ মান টকা, পিছে বেলেগ বেংকত। এ টি এম পাছৱৰ্দ পাহৰিছিলো। লগত আছিল দুখন ক্ৰেডিদ কাৰ্ড। হস্পিটেলত কাৰ্ডৰে ৫০ হেজাৰ এটা জমা কৰি দিলো। তাৰ পাছত অপাৰেচন। সেই দিনা কাৰ্ড নেথাকিলে ইফালে সিফালে পইচাৰ বাবে কিমান যে মাথা মাৰিব লগা হ'ল হয়। পাছত মেডিকেল ইঞ্চুৰেন্স থকাত খৰচ হোৱা গোটেই খিনিৰ ৯০ শতাংশ ঘূৰাই পালোঁ ।

বঙালী সম্পদায়ৰ মানুহখিনিৰ পৰা শিকিব লগীয়া বহুত আছে। তেওঁলোকে এক টকা ইনকাম কৰিলে পঞ্চাশ পইচা সঞ্চয় কৰিব জানে।

আমাৰ অসমীয়া মানুহ খিনি কাৰোবাৰ চাকৰি এটা হ'লে চিধাই গাড়ী ল'ব। তাৰ পাছত " ই এম আই "।  দহমহাৰ পইচা খিনি ক'ত কেনেকৈ গৈ থাকে খবৰেই নেথাকে। বিপদৰ সময়ত চাকৰি থাকিও ইফালে সিফালে হাত পাতিব। আমি সঞ্চয় কৰিব নাজানো ।

চৰকাৰী চাকৰিয়াল খিনিৰ বাহিৰে আমাৰ দৰে ক'ৰপোৰেটত কাম কৰা খিনিৰ  বেছি ভাগৰেই জমাৰ নামত একোৱেই নেথাকে। পইচা আহি আছে গৈ আছে। 'লাইফ ষ্টাইল মেনটেইন কৰোঁতে কৰোঁতে যিখিনি পাই থাকে তাৰ বেছি ভাগেই কেনেকৈ গৈ আছে একোৱেই গম নেপায়। 

ক'ৰ'নাৰ এই সময়ত কমচেকম পাচ লাখ টকা বেংকত জমা আৰু দহ লাখ টকাৰ "মেডিকেল ইঞ্চুৰেন্স" থকাটো প্ৰয়োজনীয়। এই খিনি থাকিলে আপুনি বা মই পৰি গ'লেও আকৌ  নিজৰ বলতেই ঠিয় হ'ব পাৰিম।

মানুহ কৃপণ হোৱাটো বেয়া যদিও হিচাপী হোৱাটো অতি প্ৰয়োজনীয়৷

সুখ কত??

সুখ কত? 
বিউটি পেগু, যোৰহাট 


মই মনৰ সুখ বিচাৰি নহয়, ভগৱানৰ কাষত সাহস, প্রেৰণা বিচাৰি মন্দিৰ, মচজিদ আৰু গীৰ্জালৈ গৈছোঁ।আৰু প্রায়েই নিজৰ ঘৰৰ থাপনাৰ হিন্দু দেৱতাৰ সকলৰ সন্মুখত নিজৰ ভুলবোৰৰ বাবে ক্ষমা বিচাৰি আৰু এনে ভুল যাতে দুবাৰ নহয় তাৰ বাবে শক্তি দিবলৈ আৰু জীৱন যুদ্ধত যাতে যুঁজিবলৈ প্রেৰণা পাওঁ সেই উদ্দেশ্য প্রাৰ্থনা জনাওঁ। নিজক বুজি পাওঁ বাবেই জানো কোনো মন্দিৰ, মচজিদ, গীৰ্জাই মনৰ সুখ দিব নোৱাৰে। কিন্তু আজিলৈকে মই বৌদ্ধ বিহাৰত গৈ পোৱা নাই। অৱশ্যে মই যিবোৰ ঠাইলৈ ফুৰবিলৈ গৈছোঁ বা মোৰ আশে পাশে অঞ্চল বা মই যিবোৰ ঠাইত সৰুৰে পৰা বহুত বছৰ থাকিলোঁ এইবোৰ ঠাইত বৌদ্ধ মন্দিৰ নাই বা নাছিল। বৌদ্ধৰ দৰ্শন, নীতিয়ে মোক সদায়েই আকৃষ্ট কৰি আহিছে। যদিও এই কথা ভালকৈ জানো যে বুদ্ধদেৱে সংসাৰ ত্যাগ কৰি গভীৰ তপস্যাত মগ্ন হৈয়ো শেষত বুজি উঠিছিল যে মানুহে জীৱিত কালত কেতিয়াও পৰম সুখ লাভ কৰিব নোৱাৰে । নিৰ্বাণ কেৱল মৃত্যুৰ পিচতহে লাভ কৰিব পাৰি । গতিকে জীয়াই থকাৰ কালছোৱাত কোনো মানুহেই পৰম সুখ লাভ কৰিব নোৱাৰে। সুখ-দুখ থাকিবই। সুখ-দুখ চেতনা নথকা এটা জীৱন মৃত্যুৰ পিচতহে লাভ কৰিব পাৰি।

Friday, 7 May 2021

ছেমখৰৰ ইতিহাস

                         শ্ৰী বলীন দেউৰী
                        অতিৰিক্ত আৰক্ষী অধীক্ষক
চেমখ’ৰ নামটোৱে মোক বহুত কথা মনত পেলাই দিলে ৷ মাইবাঙৰ ভিতৰ ফালে নগালেণ্ড সীমাত বৰাইল পৰ্বতত চেমখ’ৰ বুলি এখন ডিমাছা গাওঁ আছে ৷ চেম মানে নিমখ আৰু খ’ৰ মানে পুং ৷ ইয়াৰ গাওঁবাসীক চেমচা বুলি কয় ৷ এইখন এখন সুকীয়া গাওঁ ৷ ইয়াত নিমখৰ পুং আছে ৷ এই পুংটোৰ অলপ ওপৰত গাওঁখন আছে ৷ এসময়ত নিমখ বৰ দুৰ্লভ আছিল ৷ সেয়েহে সোণে লোণে সমান বুলি কয় ৷ শদিয়াৰ মহঙত থকা নিমখৰ পুংটোৰ কাৰনে নগা আৰু কছাৰীৰ মাজত যুঁজ হৈছিল ৷ এই চেমখ’ৰ বোলা ঠাইটো একেই কাহিনী ৷ চেমচা সকল আছিল এই নিমখৰ পুং ৰখীয়া ৷ এদিন ডিমাছা গাঁৱৰ সকলো মানুহ মাছ মাৰিবলৈ গ’ল ৷ 'ৰো’ বোলা গছৰ শিপা আৰু বাকলিৰ ৰস দি মাছ মাৰে ৷ এই সুযোগতে নগাসকলে আহি চেমখ’ৰ গাওঁ আক্ৰমন কৰিলে ৷ যাক য’ত পাই সকলোকে মাৰি থৈ গ’ল ৷ নদীৰ পানী ৰঙা হ’ল ৷ তাৰ পোতক তুলিবলৈ ডিমাছা সকলেও এদিন নগা গাওঁ আক্ৰমন কৰিলে ৷ যাক য’তে পায় সকলো মাৰি মহিলাসকলক ধৰি লৈ আনিলে পত্নী হিচাপে ৰাখিলে ।তেতিয়াৰ পৰাই চেমখ’ৰৰ ভাষা, নিয়ম-নীতি, গান-বাজনা বাকী ডিমাছাসকলতৈ অলপ বেলেগ হ’ল ৷ নগাসকলৰ Log Drumৰ দৰে চেমচাসকলেও এদুখৰ কাঠ বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰে ৷
মাইবাঙত চাকৰি কৰি থকা দিনত সঘনাই চেমখ’ৰলৈ যাব লগা হৈছিল ৷ নগা আৰু ডিমাছা সকলৰ মাজত সংঘাত চলিছিল ৷ চেমখৰ অতি আওহতীয়া গাওঁ। ঘৰবোৰ সৰু সৰু ৷ ঘৰ সাজিবলৈ ঠাইৰ অভাৱ ৷ গাওঁখনলৈ গাড়ী নাযায় ৷ গতিকে গাওঁখন তাৰ পৰা অলপ বাহিৰত স্থাপন কৰিবলৈ প্ৰস্তাৱ দিছিলোঁ। কিন্তু চেমচা সকল কোনো কাৰনত মান্তি নহ’ল ৷ কোনোবা এজন ৰজাই বোলে কাঁড় মাৰিছিল ৷ এই কাঁড়পাত য’ত পৰিব চেমচা সকল তাতে বাস কৰিব লাগিব বুলি কৈছিল ৷ ৰজাৰ কাঁড়পাত যেনিবা সেই নিমখৰ পুং থকা আওহতীয়া ঠাইতে পৰিবলৈ পায়নে ? তাৰ পিছত ৰজাই বোলে কৈ থৈ গ’ল - “মই যেতিয়া আৰু এটা জনম ল’ম তেতিয়া মই তোমালোকৰ ওচৰলৈ যাম ৷ তেতিয়াহে তোমালোকে চেমখ’ৰ ত্যাগ কৰিব পাৰিবা ৷" এয়াই শিলৰ খুটি ৷ চেমচা সকলে ৰজা কেতিয়া জনম লয় তালৈ বাট চাই আছে ৷ মোৰ আকৌ ইমাৰজেন্সী ৷ গতিকে মই ক’লোঁ, “ময়েই সেইজন ৰজা, যিজনে কাঁড়পাত মাৰিছিল ৷ আপোনালোকে কথা দিছিল, কথা ৰাখিলে ৷ কথা দিয়া মতে মইও আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ ৷ এতিয়া ব’লক গাওঁখন মুকলি ঠাইত পাতোঁ ৷" চেমচাবোৰে হাঁহিহে দিলে ৷
চেমখৰ ছবিৰ লগত জড়িত সকলোলৈ অভিনন্দন জনালোঁ ৷ ছবিখন নিশ্চয় মনোৰম হ’ব ৷

Wednesday, 28 April 2021

মাটিৰ হিচাপ

মাটিৰ হিচাপ



মাটিৰ হিচাপ জনাতো অতিকৈ দৰকাৰী। সোণৰ দাম উঠা নমা হৈ থাকে। কিন্তু মাটিৰ দাম সদায় বাঢ়ি গৈ থাকে। কোনোদিন নকমে। আজিকালি মাটিৰ লেন দেন বহুত হয়।সকলোৰে মাটিৰ জোখৰ কমেও সাধাৰণ ধাৰণা খিনি জানিব লাগে। বহুতেই মাটি-বাৰী সম্পৰ্কীয় লেঠাত সোমাবলৈ ইচ্ছা নকৰে ৷ কিন্তু কেতিয়াবা কোনোবা এদিনতো ইয়াৰ মুখামুখি হবই লাগিব!! গতিকে থোৰতে মাটিৰ জোখৰ হিচাপটো আলোচনা কৰো আহক ৷ জনাবোৰে নপঢ়িলেও হ’ব ৷

পুৰণি বা বৃটিছ পদ্ধতি- চৰকাৰীভাৱে এইটো পদ্ধতি অচল যদিও আমাৰ মাজত আজিও ই জনপ্ৰিয় পদ্ধতি।এই নিয়মমতে-
12 ফুট=1 নল বা 1 টাৰ (গাৱলীয়া ভাষাত)
144 বৰ্গফুট = এক লেচা মাটি=1নল×1নল (মানে 12 ফুট×12 ফুট   বা 6ফুট×24ফুট ইত্যাদি)
20 লেচা=1 কঠা=20×144=2880 বৰ্গফুট,
100 লেচা=5 কঠা=1বিঘা=100×144=14400 বৰ্গফুট,
গতিকে, 1বিঘা=14400 বৰ্গফুট,
আকৌ 4 বিঘা=1পুৰা=4×14400=57600 বৰ্গফুট,
এক একৰ= 3 বিঘা 2.5 লেচা,
এক হেক্টৰ=107639.1042 বৰ্গফুট।।।
মনত ৰাখিব, হিচাপবোৰ ফুটত কৰা গৈছে যদিও বৰ্গমিটাৰতো নিব পাৰি। মনত ৰাখিলে হ'ল এক ফুট=0.3048 মিটাৰ।এনেকৈ হিচাপ কৰিলে এক বিঘা মাটিত 1337.80 বৰ্গমিটাৰ হ'ব। তাৰমানে 1337.80 বৰ্গমিটাৰ (37.576 মিটাৰ×37.576 মিটাৰ) মাটি মানেও এক বিঘা মাটি।।।

উদাহৰণঃ ধৰাহ'ল এডোখৰ মাটিৰ পূবদিশৰ দৈৰ্ঘ্য 60 ফুট,উত্তৰ দিশৰ দৈৰ্ঘ্য 20 ফুট.পশ্চিম দিশৰ দৈৰ্ঘ্য 50 ফুট আৰু দক্ষিণ দিশৰ দৈৰ্ঘ্য 40 ফুট। মাটি কিমান আছে আমি উলিয়াব পাৰো এনেকৈ-
পূব আৰু পশ্চিমৰ দৈৰ্ঘ্যৰ গড়=(60+50)÷2=55 ফুট
তেনেকৈ উত্তৰ আৰু দক্ষিণৰ দৈৰ্ঘ্যৰ গড়=30 ফুট
এতিয়া, মাটিখিনিৰ কালি=55×30=1650 বৰ্গফুট
আমি যদি লেচালৈ নিব লাগে 144 ৰে হৰণ কৰি দিলেই হ'ল। গতিকে মুঠ মাটি হব=1650÷144= 11.45 লেচা
গতিকে মুঠ মাটি হ'ল= 11 লেচা 65 বৰ্গফুট(যিহেতু 
.45×144=65).
এটা কথা মনত ৰাখিব লাগিব যে মাটিখিনিৰ আকৃতি কেনেকুৱা-বৰ্গাকৃতিৰ হ'লে বাহু×বাহু, আয়তাকাৰ হ'লে-দীঘ×প্ৰস্থ, ত্ৰিভূজ আকৃতিৰ হলে আকৌ বেলেগ হ'ব ইত্যাদি।

আন এটা প্ৰশ্নঃ দুই বিঘা, এক কঠা আৰু দুই লেচা মাটি তিনিজনৰ মাজত ভগালে এজনৰ ভাগত কিমানকৈ মাটি পৰিব?
উত্তৰঃ আমি জানো যে, 2 লেচা=2×144=288 বৰ্গফুট
এক কঠা=20 লেচা=144×20=2880 বৰ্গফুট
তেনেদৰে, দুই বিঘা=2×144×100=28880 বৰ্গফুট
গতিকে,
 মুঠ মাটি=288+2880+28800=31968 বৰ্গফুট
সেয়েহে 
এজনৰ ভাগত পৰিব=31968÷3=10656 বৰ্গফুটকৈ
               
চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতি- এইটো চৰকাৰীভাৱে এতিয়া প্ৰচলন গৈ থকা পদ্ধতি। এই পদ্ধতিমতে-
100 বৰ্গ মিটাৰ = 1 আৰ্=100 চেন্টিআৰ্

উদাহৰণ হিচাপে যদি আমি এক পুৰা মাটিক চৰকাৰী হিচাপত নিব লাগে, তেতিয়াহ'লে-
 প্ৰথমতে 1 পুৰাক বৰ্গফুটলৈ নিব লাগিব ৷ তাৰ পিছত সিমান বৰ্গফুটক বৰ্গ মিটাৰত কিমান হ’ব হিচাপ কৰিব লাগিব ৷
এই পদ্ধতিতঃ 
এক লেচা মাটি =  0.134 আৰ্
দহ লেচা   =  1.34 আৰ্
পোন্ধৰ লেচা   =  2.01 আৰ্
এক  কঠা   =  2.68  আৰ্
এক  বিঘা   =  13.4  আৰ্ ইত্যাদি।।
(ভুল হলে শুধৰাই দিয়ে যেন)
  
 সংগ্ৰহ: ফেচবুক।

Friday, 16 April 2021

সৌমাৰ পীঠত আহোম জাতি গঠন


সৌমাৰ পীঠত আহোম জাতি গঠন
--------------------------------------------------

আহোমসকল টাই জাতিৰ মানুহ, কিন্তু বৰ্তমান অসমত থকা সকলো আহোম টাই জাতিৰ নহয় । ইংলেণ্ড জয় কৰোঁতা নৰ্মান জাতিৰ লগত বিজিত জুট, এংগোল, চেক্সন, বৃটন আদি জাতিৰ সংমিশ্ৰণত উৎপত্তি হোৱা ইংৰাজ জাতিৰ দৰে অসম জয় কৰোঁতা টাই জাতিৰ লগত বিজিত নৰা, নগা , মৰাণ, বৰাহী, জয়ন্তীয়া , চুতীয়া , কোচ, ভূঞা, কছাৰী, কলিতা, বামুন আদি জাতিৰ সংমিশ্ৰণত উৎপত্তি হোৱা প্ৰাক বৃটিছ যুগৰ অসমৰ শাসক জাতিয়েই আহোম জাতি ।

স্বৰ্গদেউ চুকাফাৰ লগত বেছি টাই মানুহ অসমলৈ অহা নাছিল। তেওঁলোকৰ সংখ্যা তাকৰ আছিল আৰু তাতোকৈ তাকৰ আছিল তেওঁলোকৰ লগত অহা তিৰোতাৰ সংখ্যা । সেইকাৰণে তেওঁলোকে থলগিৰি মানুহৰ লগত বৈবাহিক সম্বন্ধ ঘটাই মিত্ৰতা পাশেৰে বান্ধ খাবলৈ বাধ্য হৈছিল । ইয়াৰ লগতে অনা আহোমক আহোম জাতিত ভূক্ত কৰিছিল । বুৰঞ্জীত সেইবোৰ তথ্য সবিস্তাৰে উল্লেখ কৰা আছে। তাৰে কেইটামান উদাহৰণ স্বৰূপে তলত উল্লেখ কৰা হল।

মৰাণ আৰু বৰাহীক আহোম জাতিত ভূক্ত কৰা
-----------------------------------------------------------------------
মৰাণ আৰু বৰাহীক আহোম জাতি ভুক্ত কৰা সম্পৰ্কে সৰ্বানন্দ ৰাজকুমাৰ দেৱে তেওঁৰ ইতিহাসে সোঁৱৰা ছশ বছৰ গ্ৰন্থত এনেদৰে উল্লেখ কৰিছে-

"কিন্তু ইত:পূৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰাজা ও বৰাহী থাকুমথা ৰাজা এই দুই ৰাজাৰে চুকাফা ৰজা দেও মিত্ৰ কৰি ও মিলেৰে বশ কৰি ১১৭৩ শকত মটকক খৰিভাৰি ও বাৰী চোৱা কৰি ললে। এই মটককে মৰাণ বা মোৱামৰা বোলে। বৰাহীক কাঠকটীয়া ও চাংমাই ও ভৰালী ও জৰাধৰা ও বেজ ও কুকুৰ চোৱা এনে বনুৱা কৰি ললে।( হৰকান্ত বৰুৱা সদৰামিনৰ আসাম বুৰঞ্জী পৃ: ১২)
স্বৰ্গদেৱ চুকাফাই গাম, লখাই, সুপুং, ৰঙি, হাটাই, বাখাম আৰু বড়কুমাৰ নামে সাত ঘৰ বৰাহীৰ পৰা চাংমাই , বেজ, কুকুৰা চোৱা আৰু ভাণ্ডাৰী পাতি ললে।আহোম বুৰঞ্জীৰ মতে এই সাত ঘৰ বৰাহীৰ নাম গাম, লখাই , মুঙপেঙ, ৰাভি, হতাই ঠাকুৰ, ৰাগম আৰু বৰকুমাৰ আৰু স্বৰ্গদেউ চুকাফাই তেওঁলোকক কুমাৰ, পানী যোগনিয়াৰ, বাটিৰখীয়া, বেজ আৰু ভৰালী পাতি চিলনিমৰীয়া গাঁৱত থাকিবলৈ দিলে।স্বৰ্গদেৱ চুকাফাই দূৰত এটা চুতীয়া মানুহ পাই চোমদেৱৰ তাত কাম কৰিবলৈ দি তেওঁক চোমচিৰিং পাতিলে।তেওঁৰ খাতমুং, খাম্ৰং, টেপাইমং, লুচিং, লুংঠকি, নজিউ আৰু চাইমুং নামে আঠজন পুত্ৰ হল। নজিউৰ ভনীয়েকৰ সৈতে বদনাম হোৱাত বাকী সাতজন ভায়েকে তেওঁক মাৰিব খোজাত তেওঁ বাণ্ডুক বৰগোহাঞিৰ আশ্ৰয় লৈ বৰগোহাঞিৰ হাঁহৰখীয়া হৈ থাকিল । সেইকাৰণে নজিউক " পিত-হান( পিত- হাঁহ, হান- ৰখীয়া) বুলিছিল। নজিউৰ নাতিয়েকক " লাহন" ( লা- নাতি) বোলা হৈছিল আৰু তেওঁৰ বংশই পাছত লাহন বুলি পৰিচিত হল। নজিউৰ সাত ভায়েকক খাটোৱাল চেতিয়া পতা হৈছিল ।( পুৰণি অসম বুৰঞ্জী )
স্বৰ্গদেৱ চুকাফাই টিপামত মাইমাই খ্ৰিউৰৎ নামে ঢলা চালনি ধৰা ঘৰৰ এটা মানুহ পাই লগত আনিলে । তেওঁ ৰাজ পোচাক তৈয়াৰ কৰিছিল । তেওঁৰ নাতিয়েকক স্বৰ্গদেৱ চুকামফাই পাতৰ পাতিলে । সেই বংশৰে এঘৰক টিংখাঙলৈ নি হাতীমূৰীয়া পাতিলে। (আহোম বুৰঞ্জী পৃ:৩৬)
স্বৰ্গদেৱ চুকাফাই টিপামৰ পৰা এঘাৰ মটক আনিছিল । তেওঁ ৰজাক বেঙেনা যোগাইছিল । এই ঘৰৰ ঘাই মানুহজনৰ তলে স্বৰ্গদেৱৰ সৈন্যসকলে নগাক ৰণত ঘটুৱাই তেও স্বৰ্গদেৱৰ প্ৰিয়পাত্ৰ হল। কঙঙ্গন বৰগোহায়ে তেওঁক লানমাখ্ৰু নাম দিলে।( আহোম বুৰঞ্জী পৃ: ৩৮) 
পুৰণি অসম বুৰঞ্জীয়ে এওঁক মটক নুবুলি মৰাণ বুলিছে ( পৃ: ৩১)। 
চেতিয়াসকলৰ মাজত লানমাখ্ৰু নামৰ এটা ফৈদ আছে। মিমুন নামৰ এজন মটকে কৰ দি চুকাফা স্বৰ্গদেৱৰ লগত থাকিব বিচৰাত তেওঁক মিমুন পাতৰ পাতিলে।আন এজন টাই মানুহক মটক পাতৰ পাতিছিল (আহোম বুৰঞ্জী পৃ: ৩৮) পুৰণি অসম বুৰঞ্জীয়ে (৩২ পৃ:) 

এই কথা তলত লিখাৰ দৰে কয়, " আৰু পূৰ্বে নড়া ৰজা এ ছুটিয়া , কছাৰী , মৰাণ , নগা , বৰাহী , কমতেশ্বৰ এইবোৰৰ খুত তুলিছিল । পাছে এইবোৰৰ খুত তুলিবলৈ তিনিটা মানুহ পঠাই দিলে। কমতেশ্বৰলৈকে বৰাহীলৈকে এটা, ছুটিয়ালৈকে মৰাণলৈকে এটা, কছাৰীলৈকে নগালৈকে এটা । পাচে বিমুন নামেৰে এইটো আহি কছাৰী নগাৰ খুত তুলি চুকাফা মহাৰজাৰ লগ ললেহি। পাচে ৰজা বেথাকৈ তাৰ নাম দিলে বিমুন পাতৰ , এতিয়া নড়াৰ পৰা অহা এই ঘৰকেহে বোলে মৰাণ পাতৰ। 

"গড়গঞা সন্দিকৈ / চুতীয়াৰ পৰা আহোম কৰা: 
------------------------------------------------------------------------------

"আৰু সি দুটাও খুত তুলি মহাৰাজৰ লগলৈ আহিল । ৰজাদেৱে বুঢ়া দেখি নাম দিলে থাওমুং থিমা। পাচে কতো দিন থাকি মহাৰাজে নাম দিলে বেথাকৈ গড়গঞা সন্দিকৈ আৰু পূৰ্বে চুকাফা মহাৰাজাৰ দিনত ছুটিয়াৰ গাঞো মাৰি অটা মানুহ আনিলে , সি ঝলম বাটিব পাৰে । পাচে মহাৰাজা ঝলম বটা দেখি স্বৰ্গদেৱৰ ঘৰত চয়জৰি বটা দিলে। চাংচাই নাম দি আহমৰ লগত থাকিব দিলে।"

বামুনৰ পৰা আহোম কৰা: 
-------------------------------------------
স্বৰ্গদেৱ চুডাংফা(১৩৯৭-১৪০৭) হাবুঙীয়া বামুনৰ ঘৰত ডাঙৰ হৈছিল । " এবং ৰজা হৈ ব্ৰাহ্মণৰ লৰাহঁতক আপোনাৰ ককাই ভাই হেন বুলি কোঁৱৰ কৰি দিহিঙত পাতিলে । ( হ: ব: স: আ: বু: ১৮ পৃ:) তেওঁ ( চুডাংফা ) বোলে - মঞে সহিতে একেলগে ফুৰি থকা বামুন লৰাকেইটিকো ৰজা পাতে যদি মইও তেহে ৰজা হওঁ।" পাচে বামুন লৰা সাতুটিকে আনি হাতী ঘোঁৰা দি কোঁৱৰ নাম দিলে। তাৰ পৰাহে বামুন কোঁৱৰ বোলে।( দেওঁধাই অসম বুৰঞ্জী পৃ: ৯৭)

হিলৈদাৰী কোঁৱৰ 
--------------------------------
স্বৰ্গদেৱ চুখামফা বা খোৰা ৰজাক(১৫৫২-১৬০৩ শক) তেওঁৰ কুঁৱৰীয়ে বংশ নাই বুলি হঁহাত " এনে ভাবি পৰদিনা ৰজাদেৱে আপুনি ফুৰি যাকে ভাল পালে তাকে আনি বঙহ বুলি সোণোৱালী হিলৈ দি লগত ললে । তদপৰ প্ৰতাপ সিংহ স্বৰ্গদেৱে (১৬০৩-) পূৰ্বে চুখামফা ৰাজাদেৱে বঙহ বুলি সোণোৱালী হিলৈ দিয়া মানুহখিনিকে বামুনী কোঁৱৰহঁতকে গোটাই কোঁৱৰ হিলৈদাৰী খেল পাতিলে , এবং গিয়াতি কোঁৱৰ নাম দিলে।"(আ: বু: পৃ: ৪১)

নগাৰ পৰা আহোম কৰা/ ন-বৰা
---------------------------------------------------
চুহানফা স্বৰ্গদেৱৰ দিনত (১৪৮৮-৯৩)পুনৰ টংচু নগাৰ ৰণ হল। বৰগোহাই গৈ চাং গৰকি নগাক মাৰি , নগাৰে লৰা-ছোৱালী ষাঠী- ফয় এনে আনিলে । আৰু সেই নগাৰে গোষ্ঠী টংচু একঘৰ , মৌপিয়া একঘৰ নেফেৰা একঘৰ , এই কেইঘৰ আনিলে। ( আহোম বুৰঞ্জী পৃ: ২১) স্বৰ্গদেৱ চুহানফাৰ দিনত নাংচুঙে ( বৰগোহাই) টংচু নগাৰ গাঁও দখল কৰি খনা নামেৰে এটা নগা ধৰি আনিছিল । সেই নগাক স্বৰ্গদেৱে আহোম পাতি বৰগোহাইৰ লগত দিলে । বুঢ়া ৰজাদেৱে সেই নগাৰ পুতেকক লিকচৌৱানৰ বৰা পাতে আৰু সেইঘৰ বৰাক ন- বৰা বোলে।(পুৰণি অসম বুৰঞ্জী পৃ: ৩৫)

মিৰি সন্দিকৈ
------------------------ 
"আৰু বুঢ়া ৰজাদেৱৰ (স্বৰ্গদেৱ প্ৰতাপ সিংহ) দিনত বাৰুকৰ পৰা বৰগোহাঞি পৰিয়া ভোকোলা গোহাইক ঘৰ ফালি আনি দিহিঙত পাতিলে । তেঞো অপু্ত্ৰক আছিল । পাছে মিৰিৰ লৰা পো-বধাকৈ তুলিলে , তাৰ নাম দিলে মিৰি সন্দিকৈ । তাৰে পো-নাতিকেহে বোলে এতিয়াও মিৰি সন্দিকৈ ।" (পুৰণি অসম বুৰঞ্জী পৃ: ৪৪, মিৰি সন্দিকৈ তিনিঘৰীয়া আহোমৰ বৰগোহাই খেলৰ এটা ফৈদ। তেওঁৰ বংশৰ মিৰি সন্দিকৈ, নৰ ৰজাই শৰাইঘাটৰ যুদ্ধত বিক্ৰমেৰে লাচিত বৰফুকনৰ পালি সেনাপতি হিচাপে মোগলৰ বিপক্ষে যুঁজিছিল)।

মিৰি সন্দিকৈ সেই সন্দৰ্ভত ইতিহাসবিদ ডঃ লক্ষ্মী দেৱীয়ে লিখিছেঃ  ‘বৰগােঁহাই পৰিয়ালৰ বকলা গোহাঁইৰ কোনো সতি-সন্তান নথকাত এজন মিৰি ল’ৰাক তােলনীয়া পো হিচাপে গ্রহণ কৰি ডাঙৰ-দীঘল কৰিছিল I সেই তােলনীয়া পুতেকেই পিছলৈ মিৰি সন্দিকৈ বুলি জনা যায় আৰু তেওঁৰ উত্তৰ-পূৰুষসকল মিৰি সন্দিকৈৰ  পৰিয়ালৰ বংশধৰ৷ গদাধৰ সিংহৰ ৰাজত্বকালত মিৰি সন্দিকৈ বংশৰে এজনক শদিয়াৰ শাসনকর্তা নিযুক্ত কৰিছিল ৷’ (ঐগ্রন্থ/ পৃষ্ঠা ১৬৭ I আহােম ৰজাসকলৰ দিনৰ সন্দিকৈ পদবীটো বৰফুকনৰ তলৰ পদবী আছিল ৷ এই সন্দিকৈ পদবীধাৰীৰ মাজৰ পৰা বাৰ গৰাকী লোকক বৰবৰৱা আৰু আঠ গৰাকীলোকক বৰফুকনৰ  পদৱীত নিয়োগ কৰাৰ নিয়ম আছিল ৷ এনে ধৰণৰ সন্দিকৈ পদবীৰ সৈতে মিৰি সন্দিকৈ পদবীৰ সম্পর্ক নাই যদিও বৰগােহাই পদবীৰ সৈতে আছে ৷

  মিৰি সন্দিকৈসকলক বৰগোঁহাই পদবীধাৰীসকলৰ এটা ফৈদ বুলি জনা যায় ৷ আহােম স্বর্গদেউ বুঢ়া ৰজাৰ দিনত অভয়পুৰ আৰু দিহিঙত দুগৰাকী মিৰি সন্দিকৈ  নিযুক্তি দিয়াত  তেওঁলোক অভয়পুৰীয়া সন্দিকৈ  আৰু দিহিঙীয়া সন্দিকৈৰূপে জনাজাত হৈ পৰে।

ভূঞাৰ পৰা তামুলী আৰু পাঁচনি লোৱা
-------------------------------------------------------------

 চুহুংমুং স্বৰ্গদেৱৰ দিনত ১৫০৫ খৃঃত অঃত " ঐ বাৰ ভূঞাক ৰজাদেৱে বসঙত অথচ অধীন কৰি তেওঁলোকৰ বচোৱাল টঙালী ,ও হাঁচটি এইসকল দ্ৰব্যৰ আদৰ্শ ললে। আৰু সিহঁতৰ কিছু স্বৰ্গদেৱে তামুলী ও পাচনিকৈ লগত ললে।" (আহোম বুৰঞ্জী পৃ: ২৪)

ভূঞাৰ পৰা আন আহোমভূক্ত কৰা 
------------------------------------------------

স্বৰ্গদেৱ দিহিঙীয়া ৰজাই বটাটেমনি দখল কৰি উতৈ, তমাই, বাই, সঁকাই, কৌষিক, উজিৰ, লস্কৰ, চোমদাৰ, সনাতন , কেহো, ৰামভট আৰু ভকত ভূঞা নামে এই বাৰ ঘৰ বাৰভূঞা আৰু ৪৮ ঘৰ সৰু বাৰ ভূঞাক উত্তৰ পাৰে পাতিলে । ইয়াৰ ভিতৰৰ লাচাম কলিতা ভূঞাক স্বৰ্গদেৱে মৰঙিৰ পৰা ( ১৫৩৬ খৃঃত ডিমাপুৰ দখল কৰি কছাৰী ৰজা ডেৰচোংফাক হত্যা কৰাৰ পিছত )কছাৰীবিলাকক খেদাৰ পাছত টুৰ্পা নাম দি মৰঙিৰ শাসনকৰ্তা( মৰঙি খোৱা গোহাই ) পাতি বাঁহবড়িয়া চেটিয়া পাতিলে ( পুৰণি অসম বুৰঞ্জী পৃ: ৩৬) Dr. JP Wade আৰু কছাৰী বুৰঞ্জীৰ মতে তেওঁৰ নাম চুৰ্পাহে আৰু কছাৰী বুৰঞ্জীয়ে তেওঁক বৰচেটিয়া বুলি কয়।

নগাৰ বংশ 
-------------------_
চাউণাপাম আৰু চাউৰুং ঘৰ নাংচুং বৰগোহাইৰ তোলনীয়া নগা লৰাৰ বংশধৰ
(পুৰণি অসম বুৰঞ্জী পৃ: ৩৬ )

মিৰিৰ বংশ 
--------------------

আহােমসকলৰ সৈতে মিচিংসকলৰ সম্পর্কৰ প্রথম উদাহৰণ পোৱা যায় বৈৱাহিক সম্পর্কৰ মাজেৰে I এই সম্পর্ক গঢ় লৈ উঠিছিল আহোম ৰাজ পৰিয়ালত। হিআেৰ বৰবৰুৱা ৰচিত ‘আহােমৰ দিন’ নামৰ বুৰঞ্জী গ্রন্থখনত পােৱা যায় যে আহােম ৰজা চুবিনফাই মিচিং জীয়ৰী হিঙলীক (হিঙ্গুলী) বৰকুঁৱৰী পতাৰ উপৰি হিঙলীৰ ককা চাওপাংবণ্ডুক বৰগােহাঁই পাতিছিল I চুবিনফা আছিল প্রথম গৰাকী আহােম ৰজা স্বৰ্গদেউ চুকাফাৰ নাতিয়েক স্বর্গদেউ চুতুফাৰ পুত্ৰ ৷ কেৱল বিয়া পতা বা বিষয় বা দিয়াই নহয়, চুবিনফাই মিচিং পৰিয়ালঢিক বৈবাহিক আৰু প্রশাসনিক সম্পর্কৰ মাজেৰে আহোম ফৈদত তুলি লৈছিল I হিতেশ্বৰ বৰবৰুৱাই এই সন্দৰ্ভত  লিখিছে- "বাল্টাপাৰাৰ কােষত চাওপাংবণ্ডুক বুলি মিৰি এঘৰ পালে I চাওপাংবণ্ডুকৰ পুতেক ত্যাওকাংবাণ্ডুক, তাৰে জীয়েক হিঙ্গুলী I হিঙ্গুলীক আনি বৰকুঁৱৰী পাতিলেহি I (আহোমৰ দিন! হিতেশ্বৰ বৰবৰুৱা অসম প্ৰকাশন পৰিষদ ১৯৮৯ পৃষ্ঠা : ৪)।

 উল্লেখ্য যে আহোম স্বৰ্গদেউ চুবিনফাৰ শাসনকালৰ পৰা ত্যাও চুখ্ৰুংফাৰ শাসন কাললৈকে চাওপাংবাণ্ডুকে দ্বিতীয় গৰাকী ঘাইমন্ত্ৰী বৰগােহাইৰ পদত থাকি দায়িত্ব পালন কৰিছিল  I চাওপাংবণ্ডুক ‘মিৰি বৰগােহাঁই’ বুলি জনাজাত হৈছিল I 
"সেই বেলা ত্যাওখাংবণ্ডাৰ জী হিঙ্গুলী কুঁৱৰীয়ে বোলে পুথাওকে হাতী দিয়ক, বৰগােহাঁইয়াে পাতক I মোৰ পুথাওৰ সাত পুতেকৰ সাতজনী বোৱাৰীয়েক I বোৱাৰীয়েকহতে গাইপতি ঘাঁহ দুমুঠা আনিলেও চৈধ্য মুঠা হ'বI এই কথা শুনি মহাৰাজাই চাওপাংবণ্ডুক গোহাঁই পাতিলে I বৰগােহাঁইৰ হাতীকাে দিলে I ইঘৰক মিৰি বৰগােহাঁই বোলে I"
(আহােমৰ দিন / পৃষ্ঠা : ২৮)

 ‘আহোমৰ দিন’ মতে ৰজা ভঙা-পতা কামত জড়িত হোৱা বাবে চাওপাংবণ্ডুক  হত্যা কৰি ‘মিৰি বৰগোহাঁই’ পদ বিলুপ্ত কৰা হৈছিল  I আনহাতে ড° লক্ষ্মী  দেবীৰ’ ‘অসম দেশৰ বুৰঞ্জী’ মতে চাওপাংবণ্ডুক বৰগােহাঁইক হত্যা কৰা কথাৰ কোনো প্রমাণ পােৱা নাযায় । 

চাওপাংবণ্ডুক বৰগােহাঁইৰ বংশ
----------------------------------------------

চাওপাংবণ্ডুক বৰগােহাঁইৰ ঔৰসত বেটীৰ গৰ্ভত হোৱা ল'ৰাই বৰগােঁহাইৰ বংশ বুলি কৈ ফুৰাত বৰগোঁহায়ে তেওঁক হত্যা কৰিব খুজিছিল । তেওঁ ফুলং খামপেং বুঢ়াগোহাঁইৰ শৰণাপন্ন হ'ল। বুঢ়াগোহাঁয়ে তেওঁক পাপং খেলত ভূক্ত কৰিলে । বৰগােহাঁই আৰু পাপং একে বংশৰ হোৱা বাবে তেওঁলোকৰ ভিতৰত বিয়া হ'ব নোৱাৰে ।( পুৰনি অসম বুৰঞ্জী ৩২ পৃষ্ঠা )

স্বর্গদেৱ চুহানফাই  (১৫৮৮-৯৩) চাওপাংবণ্ডুক বৰগােহাঁইৰ পুতেক লাইনাং বাকক টাচু নগাৰ সৈতে ৰণ কৰিবলৈ পঠাইছিল,  কিন্তু তেওঁ বাটৰ পৰা পলাই গ'ল । তেওঁক ধৰি আনি চৈয়না হাবিত স্থাপন কৰা হ'ল। তেওঁ অপুত্রক আছিল কাৰণে দিহিঙীয়া আহােম ল'ৰা এটি তুলি লৈছিল । স্বর্গদেৱ চুচেংফাই  (১৬০৩-৪১খৃঃ) দিহিঙীয়া ল'ৰাৰ পৰা উৎপত্তি হোৱা বংশৰ মানুহক গোহাঁই খেলত নাৰাখি দিহিঙীয়াৰ খেলত ৰাখিলে। তেওঁলোকে পাছত চৈয়নিয়া সন্দিকৈ নাম ল'লে ।( পুৰনি অসম বুৰঞ্জী পৃষ্ঠা ৩৪-৩৫)

মাদুৰীয়াল গোহাঁই আৰু সলাল গোহাঁয়ে চৈয়নিয়া সন্দিকৈক তেওঁলোকৰ বংশৰ বুলি দাবী কৰি দিহিঙীয়া খেলৰ পৰা উদ্ধাৰ কৰিবলৈ স্বৰ্গদৈৱত প্ৰাৰ্থনা জনোৱাত তেওঁলোকক চেতিয়া পাতৰ খেলত ভূক্ত কৰে।

স্বৰ্গদেৱ চুহুংমুঙে নৰা ৰজাক যুদ্ধত ঘটোৱা " ত্যাও চুংলুং কুংৰিণক থাওমুং-মুংথাও নাম দি সকলোৰে আগত বহিব দিলে । জাতত এই ঘৰ মানুহ মিৰি ( দেওঁধাই অসম বুৰঞ্জী পৃ: ১৯)

অনা অসমীয়াক আহোম কৰা
-----------------------------------------------------

স্বৰ্গদেৱ চুহুংমুঙৰ দিনত তুৰ্বকৰ সৈতে হোৱা যুদ্ধত ( ১৫৩২-৩৩) এটি বৰ ধুনীয়া মানুহ বন্দী হল। স্বৰ্গদেৱে তেওঁৰ নাম নুক্ টুৰদাং দিলে । স্বৰ্গদেৱ চুখামফাই (১৫৫২-১৬০৩) এই ঘৰক কাটিদাঙ্ দুৱৰা পাতিলে ( আহোম বুৰঞ্জী পৃ: ৩৭) । স্বৰ্গদেৱ চুচেংফাই (১৬০৩-৪১) কাটিদাঙ্ দুৱৰাৰ নাতিনীয়েকক তামুলী দুৱৰী আৰু পাছত তামুলী পাতিলে । তেওঁৰ পুতেকক হিলৈদাৰী বৰুৱা পাতি কলিয়াবৰত থাকিবলৈ দিলে। এই কথাবোৰ পুৰণি অসম বুৰঞ্জীৰ ৩২ পৃষ্ঠাত এইদৰে পোৱা যায় - " স্বৰ্গদেৱ চুহেনফাৰ দিনত ( ১৪৮৮-৯৩ খৃঃ) চাওকং বাণ্ডুক বৰগোহায়ে চুতীয়াৰ গাঁও দখল কৰি অনা এটি চুতীয়াৰ কাম ভাল পাই স্বৰ্গদেৱে তেওঁক হণ হণ পাতৰ পাতিলে । স্বৰ্গদেৱ চুহুংমুঙৰ দিনত তুৰ্বকৰ সৈতে হোৱা যুদ্ধত হণ হণ পাতৰৰ পৰিনাতিয়ে বিশ্বাসযোগ্য কাম কৰাত স্বৰ্গদেৱে তেওঁক হাৰিধং দুৱৰা নাম দিলে । স্বৰ্গদেৱ চুচেংফাই এই বংশৰ এজনক কলিয়াবৰত পানীসিয়া পাতিলে ( বুৰঞ্জীবিদ গেইটৰ মতে লাঙি)। ১৬১৭ খ্ৰীষ্টাব্দত হাজোত হোৱা আহোম-মূছলমানৰ যুদ্ধৰ পাছত স্বৰ্গদেৱে পানীসিয়াক লাঙি নাম দি বৰফুকন পাতিলে।

নগাৰ বংশ
----------------------

"বৰচিৰিঙৰ এই ঘৰো কেঞোখুন বোলে । ইহঁত জাতত নগা। আহোম বডুৱাৰ এই ঘৰো চুতীয়া ৰজাৰ কটকী টংটে বোলে। এই দুয়োঘৰ আপোন ৰজাত পলাই ৰজাদেৱৰ লগত অহা কেঞোখুন নাম লৈছে।( পুৰণি অসম বুৰঞ্জী পৃ: ৪৩) নগা, গাৰো আৰু মগলুৰ পৰা আহোম কৰা: স্বৰ্গদেৱচুখামফাই (১৫৫২-১৬০৩ খৃঃ) নৰা ৰজাৰ লগত মিত্ৰতা কৰাত যৌতুকত অহা মানুহ নৰা কোঁৱৰ ও নৰা বাইলুং ও নৰা মানুহ এক হাজাৰ এইখিনি পালে । (আহোম বুৰঞ্জী পৃ: ৩০) খোৰা ৰজা চুখামফা দেৱৰ গাভৰু কুঞৰীৰ( নৰা ৰজাৰ জীয়েক ) লগত অহা পেলন ফুকনৰ এই ঘৰ জাতত নৰা। নৰা কোঞৰ ফুকনৰ ঘৰো নৰা বাইলুঙ্গো যৌতুকত অহা বন্দী , ই জাতত নৰা। আখৈ খোৱা দেঞোধাইৰ ঘৰো জাতত নৰা । বানোৱা হাজৰিকাৰ ঘৰো সুন্দৰ গোহায়ে ডেমেৰাত পাই অনা । ই জাতত মগলু। ডেকা চেতিয়াৰ এই ঘৰ জাতত গাৰো "। ( পুৰণি অসম বুৰঞ্জী পৃ: ৪২)

ঘৰ পাতৰ
--------------------
বাণ্ডুকীয়া বৰগোহাইৰ জীয়াৰী নাপেত টেপৰতলীয়া বুঢ়াগোঁহাইলৈ পৰিছিল । গাভৰুৰ লগত পুতেকৰ সৈতে কছাৰী বেটী এজনী আহিছিল । নাপেত বুঢ়াগোঁহায়ে কছাৰী বেটীৰ সৈতে খোৱা লোৱা কৰিছিল আৰু তাইৰ লৰাটিক নিজৰ লাইপো বুলি লগত লৈ ফুৰিছিল । সেই লৰাৰ বংশ লাই সন্দিকৈ নামে প্ৰখ্যাত হল"। 
(পুৰণি অসম বুৰঞ্জী )

নেওগ ফুকন 
------------------------
বৰ পাতৰৰ খেলত হালবু নামে এটা বৰাহী চাউকৰ নেওগ হৈ আছিল। তেওঁ অপু্ত্ৰক আছিল কাৰণে বানফ্ৰাং নগাৰ ল'ৰা এটি কিনি পো বুলি লৈছিল। হালবুৰ মৃত্যুৰ পাছত নগা ল'ৰাক কচুআনৰ বৰা পতা হল। স্বৰ্গদেৱ প্ৰতাপ সিংহই ( ১৬০৩-৪১) লাঙি ফুকনক ভাঙি নেওগৰ পুতেক কচুআনৰ বৰাক বৰফুকন পাতিলে । এই বংশ নেওগ ফুকন নামে জনাজাত হল। এই বৰফুকনৰ দেউতাক নাওবৈচা ফুকন হল আৰু পুতেক নামনিয়াল বৰফুকন হৈ ৰজা শশুৰ হল"। (পুৰণি অসম বুৰঞ্জী পৃ: ৩৯)

জপৰজল চেতিয়া 
---------------------------------
বুঢ়া ৰজাদেৱৰ ( প্ৰতাপ সিংহ ) ধলাকুঁৱৰী আৰু কলীয়া কুঁৱৰী নামে দুগৰাকী কুঁৱৰী অপু্ত্ৰক হোৱা বাবে থাউৰিয়াল নগাৰ ল'ৰা এটি তুলি লৈছিল । এই নগাৰ ল'ৰাকে জপৰজল বোলে। পুৰণি অসম বুৰঞ্জী পৃ: ৪০, "জপৰজল ফৈদক বৰচেটিয়া বোলে । এই ফৈদক ৰাজবংশই নিজৰ বঙহ লৈছিল বুলি কয়।" (ইতিহাসে সোঁৱৰা ছশটা বছৰ)

বুঢ়া চেতিয়া 
----------------------------

স্বৰ্গদেৱ প্ৰতাপ সিংহৰ বেজিনী কুঁৱৰীৰ
কছাৰণী বেটীৰ ল'ৰাক স্বৰ্গদেৱে নাতি বুলি লৈছিল । তুংখুঙীয়া ৰজাদেৱে সেই ল'ৰাৰ বংশক বুঢ়াচেটিয়া নাম দিলে ।( পুৰণি অসম বুৰঞ্জী )

চাওডাং বৰুৱা 
--------------------------------

স্বৰ্গদেৱ প্ৰতাপ সিংহক দোপগৰিয়া নগাই আও, আপাম, আৰু লাচিত নামে তিনিটি ল'ৰা দিছিল ; কিন্তু তাৰে এটি মৰিল । স্বৰ্গদেৱে লাচিতক ডিৰৈত মাটি-বাৰী দি চাওডাঙৰ বৰুৱা পাতিলে আৰু আওক পো বুলি তুলি লৈ আওগোহাই নাম দি হাতী মাউত আৰু ঘোঁৰা চোৱাক তেওঁৰ গিয়াতি কৰি দিলে ।পাছত তেওঁক ঘোঁৰা কোঁৱৰৰ খেলত ভূক্ত কৰি ঘোঁৰা বৰুৱা পাতিলে । ( পুৰণি অসম বুৰঞ্জী পৃ: ৪০)

নটৰ পৰা আহোম কৰা 
-------------------------------------------

স্বৰ্গদেৱ শিৱসিংহৰ (১৭১৪-৪৪) ছত্ৰ ভংগ যোগ পৰাত তেওঁৰ বৰকুঁৱৰী নটৰ জীয়াৰী ফুলেশ্বৰী আই কুঁৱৰীক বৰ ৰজা নাম দি ৰজা পতা হল। বৰ ৰজাই কালু গাঁৱত থকা ভায়েক হৰনাথক বৰপাত্ৰ গোহাঁই পাতিলে । তেওঁক তিনিঘৰীয়া আহোমৰ বৰপাত্ৰ গোহাঁই খেলত ভূক্ত কৰা হল।

মৰাণঘৰীয়া বৰপাত্ৰ গোহাঁই 
--------------------------------------------
স্বৰ্গদেৱ প্ৰতাপ সিংহই (১৬০৩-৪১) মৰাণৰ লালুকক বৰপাত্ৰ গোহাঁই পাতিছিল । এই ঘৰ বৰপাত্ৰ গোহাঁই মৰাণঘৰীয়া বৰপাত্ৰ গোহাঁই নামে জনাজাত হল।

মটক বুঢ়াগোঁহাই 
--------------------------------
স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ দিনত (১৬৯৬-১৭১৪ খৃঃ) চাওফ্ৰাং নামে মটকৰ বুঢ়াগোঁহাই আছিল(অসম বুৰঞ্জী পৃ: ৩১) । স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহই (১৮১৯-২১ খৃঃ) মটক ৰজা সৰ্বানন্দ সিংহৰ পুতেক কলিবৰক বুঢ়াগোঁহাই পাতিছিল। মানে তেওঁক হত্যা কৰিলে । এওঁলোকৰ কোনো এঘৰ বুঢ়াগোঁহাই মটক নামে প্ৰখ্যাত হল।

কছাৰী বৰবৰুৱা 
---------------------------------

স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহই খেৰেমিয়াল কছাৰী পাতালক বৰবৰুৱা পাতি আহোমৰ খেলত ভূক্ত কৰি লৈছিল । মান অহা বাট দীঘলী ঘাটত ( জয়পুৰৰ ওচৰত ) কোঠ মাৰোতে তেওঁক মানে হত্যা কৰিলে ।উপৰুক্ত খেলকেইটাকে যে অনা আহোমৰ পৰা আহোম কৰিছিল এনে নহয় বহুত অনা আহোমে স্ব-ইচ্ছাই শাসক জাতিৰ কোনো নহয় কোনো এক খেলত ভূক্ত হৈছিল । বুৰঞ্জীবিদ এড্ৱাৰ্ড গেইটৰ মতে- "আহোমৰ সংখ্যা কেৱল প্ৰাকৃতিক নিয়ম অনুসৰিয়েই যে বেছি হ'ল এনে নহয়। কিন্তু তেওঁলোকৰ সমাজত অনেক স্থানীয় মানুহ সোমোৱাই লোৱা হল আৰু সম্ভৱতঃ তেওঁলোকৰ লগত পূৰ্বৰ পিতৃ পুৰুষৰ ঠাইৰ পৰাও নতুন দল আহি যোগ দিছিল "। বুৰঞ্জী গৱেষক সৰ্বানন্দ ৰাজকুমাৰে সেয়েহে তেখেতৰ "ইতিহাসে সোঁৱৰা ছশটা বছৰ " গ্ৰন্থত লিখিছে - "স্বৰ্গদেৱ চুকাফাৰ লগত অহা টাইসকলৰ সৈতে অসমৰ পৰ্বত ভৈয়ামৰ অনা টাই আৰু চুকাফাৰ পাছত অহা টাইসকল সংমিশ্ৰিত হৈ যি জাতি গঠিত হল সেই জাতিয়েই আহোম জাতি । বিজিত আৰু বিজেতাৰ বৈৱাহিক, সামাজিক , আৰু সাংস্কৃতিক সংমিশ্ৰণত আহোমসকলে অসমত এক নতুন সংস্কৃতি সূচনা কৰি পৰ্বত ভৈয়ামক একতা পাশত আৱদ্ধ কৰি অসমক এক শক্তিশালী দেশত পৰিনত কৰিবলৈ সমৰ্থ হৈছিল । সেয়ে হোৱাত বিজিত আৰু বিজেতাৰ প্ৰাৰ্থক্য দূৰ হৈ দুয়ো এক মহান অসমীয়া জাতিত পৰিনত হল"।

টোকা- থাইলেণ্ডত আহোম নামৰ কোনো জাতি নাই। পাটকাইৰ সিপাৰৰ পৰা অহা টাই ৰাজকোঁৱৰ চুকাফাই অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলক সন্মিলিত কৰি শুভাৰম্ভ কৰিছিল আহোমীয়া-অহমীয়া বা অসমীয়া জাতি। যি জাতিয়ে মধ্য যুগৰ পৃথিৱীৰ শৰ্বশক্তিমান, বিখ্যাত তথা দুধৰ্ষ মোগল বাহিনীক বাৰে বাৰে পৰাজিত কৰি তেওঁলোকৰ অহংকাৰ ধুলিসাৎ কৰিছিল।(টুল টুল কুটুম)

Sunday, 31 May 2020

ঠেকেৰাৰ ঔষধি গুণ



আমাৰ অসমীয়া সমাজত ঠেকেৰা টেঙাৰ মাছৰ জোল খন খাই ভাল নোপোৱা প্ৰায় কোনোৱেই নাই । ঠেকেৰা টেঙা সেয়ে আমাৰ খাদ্যৰ এক এৰাব নোৱাৰা অংশ। ইয়াৰ ঔষধি গুণ, সোৱাদ লগতে উপকাৰীতাৰ বিষয়ে পৃথিৱীৰ বিভিন্ন ঠাইতে আজিও ৰৈ বৈ যোৱা। ইয়াৰ সোৱাদ দিবলৈ আমাৰ অসমীয়া লোকে সেয়ে পৃথিৱীৰ বিভিন্ন দেশত থকা নিজ নিজ হোটেল, ৰেষ্টুৰেণ্ট বোৰত ঠেকেৰা টেঙাৰ বিভিন্ন মুখৰোচক খাদ্য তৈয়াৰ কৰি খাব পৰা সুবিধা কৰি দিছে । ইয়াৰ সোৱাদ যিয়েই এবাৰ লৈছে তাক পাহৰা নাই। একমাত্ৰ ইয়াৰ অতুলনীয় আৰু অপূৰ্ব সোৱাদৰ বাবে। ঠেকেৰা টেঙাৰ গুণ গৰিমা আমাৰ আনকি সাহিত্যতো স্থান লাভ কৰিছে । ইয়াৰ গুৰুত্ব ঘাইকৈ অসমীয়া খাদ্যত অপৰিসীম । এই টেঙাৰ কেইবাটাও প্ৰজাতি আছে, যেনে--বৰ ঠেকেৰা, কুঁজি ঠেকেৰা, ৰূপহী ঠেকেৰা, বনৰীয়া ঠেকেৰা আদি । ঠেকেৰা ফল পুৰঠ হৈ পকিলে ইয়াৰ গুটিটো গুচাই ৰদত ভাল দৰে শুকুৱাই থৈ ইয়াক কেবা বছৰলৈও সংৰক্ষণ কৰি ৰাখিব পাৰি । ই যিমানেই পুৰণা হয় সিমানেই ইয়াৰ গুণাগুণ বেছি হয়।
১) ঠেকেৰা টেঙাৰ ৰস যিকোনো ধৰণৰ পেটৰ ৰোগৰ বাবে উপকাৰী । ই গ্ৰহণী ৰোগৰ বাবে মহৌষধি বুলি কোৱা হয় ।
২) ই কাঁহ, কঁফ, বাত বিষ নাশক, বৰ ৰুচিকৰ আৰু হজম শক্তি বৃদ্ধি কৰিব পাৰে ।
৩) ঠেকেৰা টেঙাত ভিটামিন চি, কেলচিয়াম বহু পৰিমাণে পোৱা যায় ,লগতে ই অতি পুষ্টিকৰ ঔষধি গুণ সম্পন্ন।
৪) পেটৰ অসুখ, শাওঁপৰা, পেট কামোৰা, শৌচৰ লগত তেজ পৰা, কলেৰা, প্লীহা, হিকটি, অৰুচি,অজীৰ্ণ আদি ৰোগত ঠেকেৰা টেঙাৰ আঞ্জা ৰান্ধি খালে উপকাৰ পোৱা যায়। সেয়ে ইয়াৰ মাজে সময়ে খাই থাকিব লাগে।
৫) ইয়াক মাজে সময়ে খাই থাকিলে হাঁপানি, থাইৰয়ড, একাঙ্গী ৰোগত উপকাৰ পোৱা যায়।
৬) বমি ভাৱ, কোষ্ঠকাঠিন্য, বাতবিষ, আদি বিভিন্ন ধৰণৰ ৰোগৰ বাবে ঠেকেৰা টেঙাৰ ৰস বৰ উপকাৰী শুকোৱা ঠেকেৰা দুই তিনি টুকুৰা পানীত তিয়াই থৈ সেই পানীৰে চৰৱত তৈয়াৰ কৰি খালে উপকাৰ পোৱা যায় । পুৰণি হলে ই বেছি ঔষধি গুণ যুক্ত হয়।
৭) ইয়াৰ ৰস চৰৱত কৰিয়ে হওঁক বা জোল কৰিয়ে হওঁক জন্ডিছ ৰোগত নিয়মিত ভাবে খালে উপকাৰ পোৱা যায় । ইয়াৰ ৰস প্ৰস্ৰাৱৰ বিভিন্ন ধৰণৰ দোষত খালে উপকাৰ পোৱা যায়।
৮) ইয়াৰ পৰা জাম, জেলি, চৰৱত, আচাৰ আদি প্ৰস্তুত কৰিব পাৰি।


অমৰলতাৰ অমৰ ঔষধি গুণ সমূহ জানক


বহুতো গুণেৰে সমৃদ্ধ অমৰলতাত বা গিলয়ত কেলচিয়াম,প্ৰ'টিন, ফচফৰাচ, এণ্টিঅক্সিডেণ্ট, এণ্টি এজিং, এণ্টি ভাইৰেল আদি থাকে।          

অমৰলতা খালে পেটৰ বা শৰীৰৰ অলাগতিয়াল পদাৰ্থ বাহিৰ হয়, স্মৃতি শক্তি, দৃষ্টি শক্তি আৰু চালৰ উজ্জ্বলতা বৃদ্ধি    হয়।                                                              মেদবহুলতা, হৃদযন্ত্ৰ, যকৃত, ৰ্চদি, জ্বৰ, কাহ, এচিডিতি, অৰুচি, অভোক, উগাৰ, বমিভাৱ, বদহজম আৰু মেলেৰিয়াৰ বাবেও অমৰলতা অত্যন্ত উপকাৰী।                                                                                 

চতিয়না গছৰ ঔষধি গুণ




চতিয়না(Alstonia scholaris )

চতিয়না এজোপা ওখ চিৰসেউজীয়া গছ।
চতিয়না

ঔষধি গুণঃ

(১) চতিয়না গছৰ আঠা লগালে দুষ্টবৰ্ণ ভাল হয়।
(২) চতিয়না গছৰ বাকলিৰ ৰস সম পৰিমাণৰ এৱা গাখীৰৰ লগত মিহলি কৰি নিয়মিয়াকৈ কিছুদিন লগালে বাতৰক্ত ৰোগত সুফল পোৱা যায়।
(৩) চতিয়না গছৰ বাকলিৰ ৰস বা ইয়াৰ গুৰা ২৫ গ্ৰামকৈ দিনে তিনিবাৰকৈ তিনিদিন খালে মেলেৰীয়া ৰোগ ভাল হোৱাত সহায় হয়।
(৪)শিৰাৰোগ বা অণ্ডকোষ বৃদ্ধি (Hydrocele) ৰোগত আদা আৰু চতিয়না গছৰ গুটি ভালদৰে খুন্দি অণ্ডকোষত লগালে এই ৰোগ উপশম হয়।

Friday, 29 May 2020

দেউৰী, চুতীয়া আৰু মিচিং সকলৰ সামাজিক সম্পৰ্ক

অসমৰ থলুৱা জনগোষ্ঠী বুলিয়েই কওক বা ভূমিপুত্ৰ বুলিয়েই কওক দেউৰী সকল অসমৰ এক আদিম অধিবাসী জনগোষ্ঠী। অসমৰ আন আন জনজাতীয় জনগোষ্ঠীৰ দৰেই দেউৰী সকল কেতিয়া আৰু কৰ পৰা অসমত প্ৰৱেশ কৰিছিল তাৰ কোনো নিৰ্দিষ্ট তথা প্ৰমাণিত তথ্য প্ৰমাণ নাই।


দেউৰী সকলক বহুতে চুতীয়া সকলৰ এটা ঠাল বুলি ক'ব বিছাৰে। কিন্তু দেউৰী সকলে নিজকে পৃথক হিচাপে চিনাকী দি ভাল পায়। যদিও বহু চুতীয়া জনগোষ্ঠীয় লোকে দেউৰী সকল তেওঁলোকৰ জনগোষ্ঠীৰ পৰা ফাটি যোৱা বুলি দাবী কৰে কিন্তু দেউৰী সকলৰ কৃষ্টি সংস্কৃতি আৰু সাজ পাৰ আদি চুতীয়া লোক সকলৰ পৰা সম্পূৰ্ণ পৃথক। তাৰ বিপৰীতে দেউৰী সকলৰ ভাষা বা দোৱানটোৰ বাদে বাকী সকলো কথা আমাৰ মিচিং সকলৰ লগতহে মিল আছে। দেউৰী সকলৰ ঢোল বাদন, দেউৰী জাতীয় সাজ পাৰ, দেউৰী গীত মাতৰ সুৰ আদি মিচিং সকলৰ লগত নব্বৈ শতাংশই মিল আছে। তাৰোপৰি, বহু সামাজিক লোকাচাৰ, বিশ্বাস, সামাজিক প্ৰথা আদি মিচিং সকলৰ লগত সম্পূৰ্ণ মিল আছে।
আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল দেউৰী সকলৰ বহুতে দেউৰী উপাধি লিখিলেও মিচিং সকলৰ পেগু, দলে আদি খেলৰ উপাধি হিচাপ কৰে। দেউৰী সকলৰো মিচিং জনগোষ্ঠীৰ মাজত পোৱা পেগু, দলে আদি উপাধি আছে। যেনেকৈ মিচিং সকলৰ দলে উপাধিৰ লোক এজনে দলে ছোৱালী বিয়া পাতিব নোৱাৰে তেনেকৈ দেউৰী দলে এজনেও দেউৰী দলে ছোৱালী এজনী বিয়া পাতিব নোৱাৰে বুলি লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া চহৰৰ দেউৰী মানুহ এজনে মোক কৈছিল।

দেউৰী আৰু মিচিং জনগোষ্ঠী একে আছিল বুলি কবলৈ নাযাও । কাৰণ তেনে কোনো তথ্য কতো পোৱা নাযায়। এয়া হয়তো শ শ বছৰ ধৰি একে ভৌগোলিক অঞ্চলত একেলগে বসবাস কৰি থকাৰ কাৰণে সামাজিক মিলা মিচা বা সংস্পৰ্শৰ কাৰণেও হ'ব পাৰে।

আহোম ৰাজত্বৰ সময়ৰ পৰা আৰু বৃটিছ ৰাজৰ সময়লৈকে চুতীয়া মিৰি বুলি এটা ফৈদ মিচিং জনগোষ্ঠীত আছিল বুলি বৃটিছ যুগৰ মিচিং সম্প্ৰদায়ৰ লেখক সোণাৰাম পাঞাং কটকী নামৰ এজনে তেওঁৰ "মিৰি জাতিৰ বুৰঞ্জী" নামৰ এখন কিতাপত লিখি থৈ গৈছে। পিচত তেওঁলোক পুনৰ চুতীয়া জনগোষ্ঠীৰ লগত চামিল হোৱা বুলি তেওঁ উল্লেখ কৰিছে। এই হিচাপত চাবলৈ গ'লে দেউৰী, চুতীয়া আৰু মিচিং সকলৰ মাজত গভীৰ সামাজিক সম্পৰ্ক আছিল বুলি ভাবিব পাৰি।

সকলোৱে জানে চুতীয়া ৰাজ্য দখল কৰি অধিগ্ৰহণ কৰিছিল আহোম সকলে। চুতীয়া ৰাজ্য দখল কৰাৰ পিচত মিচিং সকলৰ লগতো আহোম সকলৰ সংঘৰ্ষ হোৱাৰ অলপ অচৰপ তথ্য পোৱা যায়। বহু ক্ষেত্ৰত চুতীয়া আৰু মিচিং সকলে একেলগ হৈও আহোম সকলৰ বিৰুদ্ধে যুঁজ দি চাইছিল।

যোগিনী তন্ত্রত আহোম সকলৰ বিৰুদ্ধে মিছিং সকলকে আদি কৰি কেইটামান জনগোষ্ঠীৰ বিদ্রোহৰ বিষয়ে এনেদৰে পোৱা যায়-
"হংস পাৰাৱতং ভক্ষং কুর্মংবাৰাহমেবচ কামৰূপে পৰিত্যাগদুৰ্গস্তস্য সম্ভৱঃ ১৬।।" ( যােগিনীতন্ত্রম দ্বিতীয়ভাগে নবমঃ পটলঃ )

আহােম বুৰঞ্জী মতে- এই বিদ্রোহ খামটি পানী নৰা, ফাকিয়াল, মিৰি, মিছিমি মুলুক, টেকেলীয়া নগা আৰু আবৰে কৰিছিল I শত্রুপক্ষ জয় কৰি আহোমসকলে খামটিৰ বুঢ়া ৰজা আৰু অন্য বহুত বন্দী কৰে ৷ বন্দীবিলাকক পৃথক পৃথক স্থানত স্থাপন কৰে আৰু কিছুমানক বৰনৰানিত আৰু কিছুমানক নফানিয়াৰ ফুকনৰ তলে দিয়ে, টেকেলীয়া নগাক টংঠালিত, মুলুকক মৰঙ্গিত আৰু পানী নৰাক তিতাবৰ হাটত স্থাপন কৰে।

স্বর্গদেউ জয়ধ্বজ সিংহৰ দিনতে ১৬৫৫ খৃঃত মিৰিয়ে পুনৰ উপদ্রৱ কৰে। স্বর্গদেবে সৈন্য পঠাই মিৰিক যুদ্ধত ঘটুৱাত, মিৰিয়ে বছৰি মেঠােন, ঘোঁৰা, কাছ, তৰোৱাল, হালধীয়া মণি কৰ হিচাপে দিবলৈ গাত লয়।

এই কথা আহােম বুৰঞ্জীত এই দৰে পোৱা যায় -১৬৫৫ খৃঃত মাৰাকেবাটৰ মিৰিয়ে আহোম ৰাজ্যৰ কিছু মানুহ কাটে। এই বাবে মিৰিৰ বিপক্ষে সৈন্য পঠােৱা হয়। কৰুণিমাও, টাকনি, দয়াকি, নলা, মূৰিণ, মাৰাকেবাট আৰু টাচেনি মিৰিয়ে যুদ্ধ দিবলৈ সাজু হয় । প্রথমে মাৰাকেবাটৰ মিৰিক পৰাস্ত কৰি আহােম সৈন্য দিক্রঙ্গেদি দিকালৈ যায়। নাৰিক, পাজিনা, পিজাম আৰু চিলাওনাৰ মিৰিয়ে আহােমৰ ১০০ নাও লুট কৰে আৰু লাঙি আৰু কৰলাকৰ মিৰিয়ে আহােম ৰাজ্যৰ দুখন গাঁও নষ্ট কৰে । ইয়াৰ পাছত মিৰিয়ে তামুলী দলৈৰ নাতিয়েক কলীয়া কটকীৰ লগত সন্ধিৰ প্রস্তাৱ কৰাত তেওঁ উত্তৰ দিয়ে “আগেয়ে চুটিয়া ৰজাই ৪ টা মানুহ হাতী ঘাঁহীৰূপে দিছিল । কিন্তু যেতিয়া চাওফা চুহুংমুঙে (১৫২৩ খৃঃত) চুটিয়া ৰজাক পৰাস্ত কৰি চুটিয়া ৰাজ্য চামিল কৰে, তেতিয়া তােমালোকে বছৰি কৰ দিবলৈ গাত লোৱাত ইয়াত স্থাপন কৰা হয় । তােমালােকে এতিয়া নিয়ম ভঙ্গ কৰাৰ কাৰণে তােমালোকে শান্তি প্রিয় হ’বলৈ, শিক্ষা দিবৰ নিমিত্তে স্বর্গদেৱে মোক পঠাইছে। ইয়াৰ উপৰি তােমালােকে আমাৰ দুটা মানুহ হত্যা কৰিছা। স্বর্গদেৱে তেওঁলোকৰ পৰিৱর্তে ১০ টা মানুহ দিবলৈ হুকুম দিছে ।” এই কথাত মিৰি সৈমান হৈ কৰ আৰু মানুহ দিয়ে।

স্বর্গদেউ চক্রধ্বজসিংহৰ দিনত ১৬৬৫ খৃঃত মিৰিয়ে দেউৰী, চুটিয়া আৰু ডফলাৰ সহায়ত ৭৫০০ সৈন্য লৈ যুদ্ধ কৰে, কিন্তু যুদ্ধত পৰাস্ত হয় ।

চুতীয়া ৰাজ্য পতনৰ পিছত আহোম সকলৰ নৌবাহিনীৰ বাবে সম্ভৱতঃ মিচিং সকলেও নাও যোগান ধৰিব লগা হৈছিল। তলত লুকটেং চুতীয়া আৰু মিচিং মানুহ কিছুমানে মিলি আহোম ৰজালৈ নাও যোগান নধৰাৰ কেনে পৰিকল্পনা কৰিছিল আহোম বুৰঞ্জীত তলত উল্লেখ কৰা ঘটনাৰ পৰা অনুমান কৰিব পাৰি।

"স্বর্গদেউ উদয়াদিত্যৰ দিনত (১৬৭০-৭৩ খৃঃ) মিৰি আৰু চুটিয়াই পুনৰ বিদ্রোহ কৰে । লুকটেং চুটিয়াই ৰূপীয়া আৰু দিল্লানৌ মিৰি গাঁও ধ্বংস কৰি স্বর্গদেৱক মাৰ নাও দিবলৈ অস্বীকাৰ কৰে I মিৰিক কাৰণ সােধাত দেউৰী-চুটিয়াই নাওবোৰ লৈ গ’ল বুলি উত্তৰ দিয়ে I লুট কৰা কথা চুটিয়াই স্বীকাৰ কৰে; কিন্তু নাওবােৰ ঘূৰাই দিবলৈ অমান্তি হয় ।স্বর্গদেৱে চুটিয়া গাওঁবােৰ লুট পাট কৰাৰ আদেশ দিয়ে।"

প্ৰতিশ্ৰুতি (চুটি গল্প)


সেই ল'ৰাজন কোন আছিল?
:- কোন ল'ৰাজন?
:- কালি যে তুমি বাইকত উঠি গৈছিলা?
:- তুমি কাৰ কথা কৈছা? কাৰ বাইকত মই উঠিলোঁ?
:- কাৰ বাইকত উঠিলো মই মানে? তুমি মানে বহুতৰে বাইকত উঠি ফুৰা নেকি?
:- এইবোৰ তুমি কি কৈ আছা? মই কেতিয়া কাৰ বাইকত উঠিলোঁ অ'? কিয় এনেকৈ কৈ আছা?
:- অ' তাৰ মানে মই এতিয়া মিছা কৈছোঁ নেকি?
:- তোমাক কোনে কৈছে মই বাইকত উঠি ঘূৰি ফুৰিছোঁ বুলি সেইটো কোৱাছোন?
:- মোৰ লগৰ এজনে কৈছে।
:- তোমাৰ লগৰজনে ক'লে আৰু তুমি মানি ল'লা? এইয়াই বিশ্বাস ন' তোমাৰ মোৰ প্ৰতি?
:- তুমি মোক কোৱা,তুমি কাৰ বাইকত উঠি গৈছিলা? মোক খং নুঠাবা আৰু।
:- আৰে মই কাৰো বাইকত উঠি যোৱাই নাই,মই কি কম তোমাক? 
:- অ' তাৰ মানে মোৰ লগৰটোৱে কি মিছা কৈছে মোক? সি মোৰ বহুত ভাল বন্ধু হয়। সি দেখিছে কাৰণে কৈছে মোক।
:- আৰু মই কি হয় তোমাৰ? সি তোমাৰ ভাল বন্ধু হয় সেই কাৰণে তাৰ কথা বিশ্বাস কৰি ল'লা আৰু মই যেতিয়া কাৰো বাইকত উঠা নাই বুলি কৈছো তুমি বিশ্বাস কৰিব নোৱাৰা। তোমাৰ মতে মই মিছা কৈছো ন?
:- অ' তুমি মিছা কৈছা!
:- হয়নেকি? তুমি কেনেকৈ ভাবিব পাৰিলা মই মিছা কম বুলি? তুমি পাহৰিলা যে মই তোমাক প্ৰতিশ্ৰুতি দিছিলোঁ কেতিয়াও তোমাক মিছা কথা নকওঁ বুলি। তোমাৰ পৰা কেতিয়াওঁ কথা লুকুৱাই নাৰাখোঁ বুলি। পাহৰি গ'লা তুমি?
:- পাহৰিছা তুমি। সেইকাৰণে মই গম নোপোৱাকৈ তেনেকৈ ঘূৰি ফুৰিছা। এনেকৈ মিছা কথা ক'লে মই ভাল নাপাওঁ আৰু এনেকৈ মই তোমাৰ লগত থাকিব নোৱাৰোঁ যিয়ে মই গম নোপোৱাকৈ মই নিবিছৰাবোৰ কৰি ফুৰে।
             এই কথাষাৰে মায়াৰ বুকুত শিলে খুন্দা মাৰি ধৰা দৰে কৰিলে। তাই কেতিয়াও ভৱা নাছিল যে ৰাজে আনৰ কথা শুনি তাইক তেনেকৈ সন্দেহ কৰিব বুলি। বহুত বিশ্চাস কৰিছিল,বহুত ভাল পাইছিল তাই তাক। কিন্তু সি আজি আনৰ কথা শুনি...........
:- তুমি আজি ২ বছৰতো মোক বুজি নাপালা মই কেনে! নাজানো তুমি এনেকৈ কি ভাৱি মোক ক'লা। কিন্তু এটা কথা,তুমি এতিয়াই মোক আনৰ কথা শুনি এনেকৈ সন্দেহ কৰি মোৰ পৰা আঁতৰি যাব বিচাৰিছা আৰু যদি আমি বিয়াও হওঁ তোমাৰ লগত তেতিয়াও চাগে তুমি আনৰ কথা শুনি মোৰ পৰা আঁতৰি যাবা! ঠিক আছে তুমি মোৰ লগত থাকিব নোৱাৰা যেতিয়া মই আঁতৰি গৈছো বাৰু। কিন্তু এইটো কথা সঁচা যে মই তোমাক কেতিয়াও মিছা কথা কোৱা নাছিলোঁ। 
             কথাখিনি কৈয়ে তাই আৰু তাৰ ওচৰত ৰৈ নাথাকিল। কান্দি কান্দি তাই সেই ঠাইৰ পৰা গুচি গ'লগৈ। "কি ভুল কৰিছিল তাই! আনৰ কথা শুনি তাইক কিয় তেনেকৈ ক'লে সি! কথা দিছিল সি কেতিয়াও কিবা কাৰণত এৰি নিদিওঁ বুলি। কিন্তু কিয় সি...."  তেনেকৈ ভাৱি ভাৱি গৈ থাকোঁতে কেতিয়ানো এখন গাড়ীয়ে তাইক খুন্দা মাৰি থৈ গ'ল গমকে নাপালে। সেই ৰাস্তাৰে ৰাজৰ লগৰজন আহি আছিল আৰু মায়াৰ এক্সিডেণ্ট হোৱাৰ দৃশ্য সি দেখা পালে। লগে লগে তাইৰ ওচৰলৈ গ'ল আৰু তাইক মেডিকেলত ভৰ্তি কৰালে। 
:- ৰাজ, তই সোনকালে আহ। মায়াৰ এক্সিডেণ্ট হ'ল। মেডিকেলত ভৰ্তি হৈ আছে।   
             লগে লগে ফোনটো কাটি ৰাজ মেডিকেল পালেগৈ। 
:- তনয়,মায়া ক'ত? ক'ত থৈছে তাইক চাব লাগে ক'ত থৈছে?
:- ডাক্তৰে চাই আছে তাইক। দুখ পাইছে মূৰত আৰু হাতত। বেয়াকৈ খুন্দিয়ালে।
:- এইবিলাক চব মোৰ বাবে হ'ল তনয়। (সি কান্দি উঠিল) 
:- তোৰ বাবে হ'ল মানে? 
            ৰাজে সকলো কথা ক'লে তনয়ক। 
:- শুন ৰাজ,এয়া তোৰ কাৰণে নহয় মোৰ কাৰণেহে হ'ল। মই তোক মিছাকৈয়ে কৈছিলো তাইৰ কথা তেনেকৈ। চাইছিলোঁ তই তাইক কিমান বিশ্বাস কৰ'! প্ৰমাণ পাই গ'লোঁ যে তাইতকৈ তই মোক বিশ্বাস কৰ'। কিন্তু এটা কথা মনত ৰাখিবি তই তাইক ভালপাওঁ,গতিকে তাইৰ ওপৰত বিশ্চাস ৰখা তোৰ প্ৰয়োজন। আনৰ কথা শুনি এনেকৈ এটা সম্পৰ্ক কেতিয়াকৈ শেষ কৰি নিদিবি।
:- মোৰ ভুল হৈ গ'ল তনয়। মই তেনে কৰিব নালাগিছিল।
:- ডাক্তৰ,মায়াক লগ কৰিব পাৰিমনে? 
:- নিশ্চয়। কিন্তু তেওঁৰ আৰামৰ প্ৰয়োজন। তেওঁক বেছি আমনি নকৰিব।
           ৰাজ সোমাই গ'ল ভিতৰলৈ। মায়া শুই আছে বিচনাত। মূৰত বেণ্ডেজ,হাততো। সি কান্দি উঠিল হুক্‌হুকাই। তাইৰ হাতখন তাৰ হাতৰ মুঠিত সোমোৱাই ল'লে।
:- আই এম চৰি মায়া। এয়া মোৰ বাবেই হ'ল। মই তোমাক বিশ্বাস কৰিব লাগিছিল। আনৰ কথা শুনিব নালাগিছিল। মোৰ ভুল হৈ গ'ল মায়া মোক মাফ কৰি দিয়া। মই কথা দিছো মায়া আজিৰ পৰা মই তোমাক কেতিয়াও বেয়াকৈ নকওঁ,কেতিয়াও তোমাক মোৰ পৰা দূৰ নকৰোঁ,কেতিয়াও সন্দেহ সন্দেহ নকৰোঁ। I promise you মায়া। প্লীজ এবাৰ চোৱাচোন মোক। মায়া,মায়া......
             ৰাজে নিজৰ ভুল বুজি পালে। সেইদিনাৰ পৰা সি মায়াৰ লগত কোনোদিনেই বেয়া ব্যৱহাৰ কৰা নাই। দুয়ো এতিয়া খুব সুখী।

@কৃষ্ণা দত্ত তালুকদাৰ@

Thursday, 21 May 2020

The best quotes from Puranas

Food should be appreciated after digestion, barley at the end of adolescence, birak after returning from war, and grain after eating at home.


The hand is shaved only by giving, not by bracelet. The body is cleansed by bathing, not by sandalwood, it can be satisfied by respect, not by weights, it is liberated by knowledge, not by shaving.

There is no eye equal to knowledge, no austerity equal to truth, no sorrow equal to attachment, no happiness equal to renunciation.

One should refrain from slandering others, objects of others, slander of other people, taunting in front of the Guru and restlessness.

গোন্ধোৱা বনৰ ঔষধি গুণ


গোন্ধোৱা বন। (কোনো কোনো ঠাইত গেন্ধাই বন বোলে)

স্বাদ-- অলপ জ্বলা ধৰণৰ।

১) কটা ছিঙা হ'লে ইয়াৰ পাত খুন্দি লগালে তেজ ওলোৱা বন্ধ হয় আৰু বিষ কমে।
২) অতিপাত কাহ হৈ থাকিলে ইয়াৰ দহটামান আগ লৈ লগত এঘাৰটা জালুক একেলগে খুন্দি ৰস উলিয়াই ছয় চামুচ পুৱা চাহ খোৱাৰ পাছত খাব।
৩) অধিক ৰক্ত স্ৰাৱ হ'লে ইয়াৰ পাতৰ ৰস আধা কাপ অকণমান নিমখ মিহলাই খাব।দিনে দুবাৰ।

Tuesday, 19 May 2020

হাগনি ৰোগৰ প্ৰমাণিত ঘৰুৱা চিকিৎসা



১) পনীয়া পনীয়া হাগনী হ'লে খিচমিচ ৫/৬ টা মান খাই দিব ১/২ ঘন্টাৰ ভিতৰত ইয়াৰ প্ৰমাণ পায় যাব ।
২) ৩ পৰা ৬/৭ বছৰৰ সৰু ল'ৰা ছোৱালী সকলক সৰু সৰু কৈ চিঙি মাএ ২/৩ টা মান হে খোৱাব ।

সাৰ বেমাৰ, কামলা বা জণ্ডিছৰ ঘৰুৱা চিকিৎসা

১) ২০ গ্ৰাম কেৰেলাৰ ৰসত এক কাপ পানী দি পুৱা গধূলি খাব।
২) দুই কাপ পানীত এক কাপ ঘেঁহু বাৰ ঘন্টা তিয়াই সেই পানী খাব লাগে।
৩)কেঁচা অমিতা মছলা নিদিয়াকৈ তৰকাৰী কৰি কেইদিনমান খাব।
৪) ৪/৫ ফোটা নহৰু খুন্দি আধাকাপ গৰম গাখীৰত মিহলাই একেৰাহে দুদিন খাব।
৫)এগিলাচ পানীত এটা কাজি নেমুৰ ৰস মিহলাই খাব।
৬)আকি কুঁহিয়াৰৰ ৰস এক গিলাচকৈ দিনে দুবাৰ খাব।
৭) ৫/৬ টা শিলিখা গুড়ি কৰি গুৰৰ সৈতে খালে সকলো প্ৰকাৰৰ জণ্ডিছ ৰোগ ভাল হয়।
                       (সংগ্ৰহ)

আইতাই কৈ থৈ যোৱা কাঁহৰ ৰামবান বনৌষধ


যদি আপোনাৰ কাহঁ,বা শুকান কাহঁ হৈছে তেন্তে মোৰ আইতাই কৈ থোৱা যোৱা এবিধ ঔষধে মোৰ পৰিয়ালৰ লগতে মোৰ বহু বন্ধু লোকৰো ১০০% ভাল হৈ গৈছে। আশা কৰোঁ আপোনাৰো ভাল হব। এতিয়া আহো আপোনি কেনেকৈ সেৱন কৰিব।

১)প্ৰথমে এজোপা দোৰোণ গছ আনি অকল তলৰ শিপা খিনি কাটি ভাল কৈ পানীত ধুই লব তাৰ পিছত।
২)১৫/২০ টা মান জালুক লব । আৰু একেলগে মিলাই লব।
৩)আপোনাৰ ঘৰত থকা তামোল খুন্দা খুন্দনাটো ভালকে পানীৰে ধুই লব । তাৰ পিছত ভালকে খুন্দিব।
৪) মনত ৰাখিব গছজোপাৰ ফুল বা পাত নহয় শিপাখিনিহে।
৫)তাৰ পৰা ওলোৱা ৰস খিনি চাকনিৰে চাকি দিনে এচামুচকৈ মাএ ২/৩ দিন খাওক।

আনকো সহায় কৰক লগতে পোষ্টটো শ্বেয়াৰ কৰক

নৰসিংহ গছৰ ঔষধি গুণ


১)যকৃতৰ ৰোগত নৰসিংহৰ পাত উপকাৰী।
২) দেহৰ উচ্চ ৰক্তচাপ হ'লে পুৱা খালী পেটত দুখিলা নৰসিংহৰ পাত চোবাই খাব।
৩)নৰসিংহৰ পাত মৌজোলৰ সৈতে মিলাই খালে শৌচ খোলোচা হয়।
৪)কাহ আৰু কফ হ'লে নৰসিংহৰ পাত শুকুৱাই গুড়ি কৰি মৌজোলৰ সৈতে দিনে দুবাৰকৈ খাব।
৫)বিভিন্ন ধৰণৰ চৰ্মৰোগত, কটা ছিঙা,ছালৰ এলাৰ্জি,পোক পতংগই কামোৰা,জুয়ে পোৰা আদিত পাত পিহি লগাব।
৬)হৃদৰোগত নৰসিংহৰ পাত অতি উপকাৰী।
৭)চুলি ক'লা আৰু শ্ৰী বৃদ্ধি কৰিবলৈ হ'লে, শুকান পাতৰ গুড়ি নাৰিকল তেলৰ লগত মিহলাই সানিব।
৮)হৃদৰোগত নৰসিংহৰ পাতৰ ৰসৰ লগত দৈ গাখীৰ মিলাই খালে সুফল পোৱা যায়।

গুণাগুণ:- নৰসিংহৰ পাতত ভিটামিন এ, বি, চি, আৰু ই ৰ উপৰিও ফাইবাৰ, মিনাৰেল আৰু কেলচিয়াম পোৱা যায়।
হিমগ্লবিন বৃদ্ধি হবলৈ পুৱা খালী পেটত খেজুৰৰ লগত দুখিলা নৰসিংহৰ কুমলীয়া পাত খাব। ( সংগ্ৰহ) ।
                 

Sunday, 17 May 2020

শিক্ষা বনাম জ্ঞানৰ কথাৰে

তথাকথিত আনুষ্ঠানিক উচ্চ শিক্ষা থাকিলেও ব্যক্তি এগৰাকী জ্ঞানহীন হ'ব‍ও পাৰে। একমাত্ৰ তথাকথিত উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰ‍ই ব্যক্তি এগৰাকীৰ জ্ঞানৰ উচ্চতা নিৰ্ধাৰণ কৰিব নোৱাৰে।


আনহাতে, আনুষ্ঠানিক শিক্ষা নথকা মানুহ এজনো প্ৰচুৰ জ্ঞানৰ অধিকাৰী হ'ব পাৰে। তেনে বহু ব্যক্তি আছে যাৰ আনুষ্ঠানিক শিক্ষা নাই কিন্তু ব্যক্তিগত জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা জ্ঞানেৰে নিজকে সমৃদ্ধ কৰিছে। 

বেদব্যাস, যীচুখ্ৰীষ্ট, হজৰত মহম্মদ আদি মানৱ ইতিহাস সৃষ্টিকাৰী মহা জ্ঞানীৰ  আনুষ্ঠানিক উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰ নাছিল। কিন্তু তেওঁলোকৰ জ্ঞানৰ চৰ্চা কৰি মানুহে আজিও শেষ কৰিব পৰা নাই। বৰঞ্চ আনুষ্ঠানিক শিক্ষা নথকা বহু মানুহে তেওঁলোকৰ জীৱনত আহৰণ কৰা জ্ঞানৰ কথাহে উচ্চ শিক্ষাৰ অনুষ্ঠানবোৰত আলোচনা কৰা হয়।

কিছুমানে ধাৰণা কৰে- কোনোবাই কাৰোবাতকৈ উচ্চতৰ সামাজিক প্ৰস্থিতি লাভ কৰা মানেই আনজনতকৈ তেওঁৰ জ্ঞান, বিবেক, বিচাৰ, বুদ্ধি সকলো বেছি। যেনে- মই অফিচৰ বছ যেতিয়া তলতীয়া কৰ্মচাৰী আন সকলোতকৈ সকলো কথা ম‍ই বেছি জানো, মই সংগঠনৰ সভাপতি সেইকাৰণে ম‍ই সদস্য সকলতকৈ বেছি কথা জানো ইত্যাদি। কিন্তু বাস্তৱ ক্ষেত্ৰত তেনে নহয়।  নিম্ন সামাজিক প্ৰস্থিতি লাভ কৰা মানুহ এজনেও উচ্চ সামাজিক প্ৰস্থিতি লাভ কৰা ব্যক্তি এজনতকৈ বহু বেছি জ্ঞানৰ অধিকাৰী হ'ব পাৰে। সেইকাৰণে ঘৰে বাহিৰে সকলোতে ম‌ই সকলোৰে কথা গুৰুত্ব সহকাৰে গ্ৰহণ কৰোঁ আৰু সকলো যোগ বিয়োগ কৰাৰ অন্তত মোৰ বিবেকে যি কয় সেইমতে কৰো।

Saturday, 16 May 2020

অসমীয়া ল'ৰা ছোৱালীয়ে ৰে'লত চাকৰি নোপোৱাৰ কাৰণ কি?


               বিহাৰীৰ চাকৰি
               *************
         লেখকঃ হেমন্ত ভট্টাচাৰ্য্য

যোৱা কেইবছৰ মানৰ পৰা টিভি আৰু বাতৰি কাকতৰ গৰম খবৰবোৰৰ ভিতৰত এটা হল ৰেল বিভাগত বিহাৰী যুৱকৰ চাকৰি । মাজে মাজে এনে ধৰণৰ খবৰে অসমখন গৰম কৰি থাকে যে বিহাৰী লবীৰ প্ৰভাৱত বিহাৰী যুৱকে ৰেল বিভাগৰ সকলো চাকৰিত মকৰল হৈ অসমখন ছানি ধৰিছে। ফলত কোনো অসমীয়া যুৱকে ৰেল বিভাগত চাকৰি নাপাই।ফলশ্ৰুতিত যেতিয়াই বিহাৰী যুৱকে চাকৰিত মকৰল হৈ অসমলৈ যোগদান কৰিব আহে, তেতিয়াই সেই সকলক মাৰপিট, খেদা খেদি, কানত ধৰাই আঠু কঢ়াই থোৱা আদি বিভিন্ন ঘটনা ঘটে । অসমীয়া যুৱকৰ কথা হল এই লবি চিষ্টেমৰ বাবেই অসমীয়াই চাকৰি নাপাই ।

কিন্তু এইটো কথাই শেষ কথা নে ? সঁচাকৈয়ে শিক্ষিত অসমীয়া যুৱকক বঞ্চিত কৰি বিহাৰী লবীয়ে এইবোৰ অসভ্যলী কৰি আছে নে ? এই সম্পৰ্কত এটা ব্যক্তিগত অভিজ্ঞতা জনাব বিচাৰিছো ।

মোৰ ডাঙৰ ভাগিন ছোৱালী জনী নামনি অসমৰ এখন কলেজৰ অধ্যাপিকা । কিন্তু তেওঁ Phd কৰি আছে পাটনা বিশ্ববিদ্যালয়ত । আৰু এই Phd ৰ কামতেই তেওঁ তিনি চাৰি মাহৰ মুৰে মুৰে পাটনালৈ গৈ থাকে । দুদিনমান সময় হাতত থকা বাবে যোৱা বছৰ মইও তাইৰ লগত পাটনালৈ গৈছিলোঁ ।

আমি পাটনাত চাৰি ৰাতি আছিলোঁ। সেই সময়ত আমি দেখিছিলোঁ যে পাটনাত প্ৰতি এশ মিটাৰৰ মুৰে মুৰে কোচিং চেন্টাৰ। প্ৰতি এশ মিটাৰৰ মুৰে মুৰে বিভিন্ন Competative exam ৰ কিতাপৰ দোকান। কোচিং চেন্টাৰ বিলাকৰ ফিজ আমাৰ ইয়াৰ দৰে আকাশ লংঘী নহয়। জন সাধাৰণৰ সাধ্যৰ ভিতৰত। কিতাপ দোকান বোৰত সকলো ন পুৰণি কিতাপ পোৱা যায়।

বহু কেইজন ল'ৰা দেখিছিলোঁ ৰেল ষ্টেচনত কাপোৰ এখন পাৰি পঢ়ি থকা । বহু কেইজন পাচলি বেপাৰী ল'ৰা দেখিছিলোঁ দোকানত গ্ৰাহক নথকা সময়ত কিতাপ পঢ়ি থকা । পাটনা বিশ্ব বিদ্যালয়ত দেখিছিলোঁ ক্লাছ নথকা সময়ত বহু ল'ৰা ছোৱালী বাৰান্দাত বহি কিতাপ পঢ়ি থকা । ইয়াৰে দুজনমানৰ লগত কথাও পাতিছিলোঁ । সকলোৰে এটাই ইচ্ছা UPSC appear কৰা ।

বিপৰীতে অসমত এই দৃশ্য তেনেই বিৰল । অসমীয়া যুৱকে এতিয়াও ভাবি আছে বিহাৰী মানেই ৰেল ষ্টেচনৰ কুলি বা মাটি কটা ধেঙাৰ । তেওঁলোকে এইটো জনা নাই যে কেৱল ৰেল বিভাগতে নহয় , যিকোনো সৰ্ব ভাৰতীয় Competative চাকৰিত এতিয়া বিহাৰীৰ আধিপত্য । বিশেষ কৈ Income tax deptt . FCI , Postal আদি বিভিন্ন বিভাগত । আৰু কেৱল অসম বুলিয়ে নহয় , গোটেই ভাৰততে বিহাৰী যুৱকৰ আধিপত্য ।

বিপৰীতে অসমত গা কৰি উঠিছে বিভিন্ন সংগঠন খোলা সংস্কৃতি। চান্দা উঠোৱা সংস্কৃতি। অসমীয়া যুৱকৰ এটাই কথা কেন্দ্ৰই আমাক মাহী আইৰ দৃষ্টিৰে চাই। গতিকে কাম বন একো নকৰি সংগঠন খুলিব লাগে, অনা অসমীয়া ব্যৱসায়িক ডকা হকা দি চান্দা উঠাব লাগে আৰু ৰাজপথত জয় আই অসম মাৰিব লাগে । বঙালী বিহাৰী পিটিব লাগে , দাদা গিৰি দেখুৱাব লাগে। কিন্তু এবাৰো ভাবি নাচাই যে পঢ়া শুনা বৰ্জিত হৰমোহন পণ্ডিত সকলক কোনেও এনেই চাকৰিটো ঘৰত দি নাযায়।

দুখজনক ভাবে যেতিয়া বিহাৰী যুৱকৰ হাতত কিতাপ , সেই সময়ত অসমীয়া যুৱকৰ হাতত চান্দাৰ বহী। গতিকে বিহাৰী যুৱকে চাকৰি নাপাই কি আমাৰ বিপ্লৱী সকলে পাব নেকি ?

অসমৰ শিক্ষিত সমাজে এইবোৰ কথা নকৈ ভাবি, গধুলি হলেই টিভি চেনেলত ফাল্টু লেকচাৰ মৰা বাদ দি এই পথভ্ৰষ্ট যুৱক সকলক উদ্ধাৰ কৰাৰ সময় আহি পৰিছে ।

Thursday, 14 May 2020

ফ্ৰেন্সবিন ৰান্ধি খোৱাৰ উপকাৰিতা

ফ্ৰেন্সবিন ৰান্ধি খোৱাৰ উপকাৰিতা

শক্তি বৰ্ধক খাদ্যবোৰৰ ভিতৰত ফ্ৰেঞ্চ বিন অন্যতম। উৰহী জাতীয় এই মাহবিধ খালে কোষ্ঠ কাঠিন্য দূৰ হয়। কাৰণ ইয়াত ফাইবাৰ বেছি পৰিমাণে থাকে। আনহাতে ফ্ৰেঞ্চ বিনত প্ৰোটিনৰ মাত্ৰা বেছি থাকে, যাৰ বাবে ইয়াক খালে মস্তিষ্কৰ কোষবোৰ শক্তিশালী হয়। মস্তিষ্কৰ কোষবোৰৰ ক্ষমতা বৃদ্ধি হ'লে বয়সত এলঝেইমাৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। 

Tuesday, 12 May 2020

বজাৰৰ পকা আম খোৱাৰ অপকাৰিতা



গ্ৰীষ্মকালীন ফল আম কোনোবাই বেয়া পাই নেকি ? নিশ্চয় সকলোৱেই আম ভাল পায়। এতিয়া বিভিন্ন প্ৰজাতিৰ আমেৰে বজাৰ ভৰি পৰিছে । অনেক ব্যৱসায়ীয়ে অধিক লাভৰ বাবে ৰাসায়নিক পদাৰ্থ দি আম পকাই বজাৰত বিক্ৰী কৰি আছে । কিন্তু ৰাসায়নিক প্ৰক্ৰিয়াৰে পকোৱা আমত প্ৰাকৃতিক ভাৱে পকা আমৰ দৰে সোৱাদ নাথাকে ।
আনহাতে ৰাসায়নিক দি পকোৱা আম স্বাস্থ্যৰ বাবে ভয়ানক ক্ষতিকাৰক । কাৰণ এনে প্ৰক্ৰিয়াৰে পকোৱা আমত দিয়া হয় কেলছিয়াম কাৰ্বাইড, এচিটিলেন গেছ, কাৰ্বনমনোক্সাইডৰ দৰে ৰাসায়নিক ।  এনে
ৰাসায়নিক ইমানেই ক্ষতিকাৰক যে যাৰ কাৰণে বিভিন্ন ধৰণৰ কৰ্কট ৰোগ হ'ব পাৰে, লিভাৰ আৰু কিডনীৰ ক্ষতি হ'ব পাৰে আৰু মগজুৰ ক্ষতিও হ'ব পাৰে ।
সেয়েহে মই ক'ব খুজিছো, বজাৰৰ আম খোৱাতকৈ প্ৰাকৃতিক ভাৱে পকা আমৰ সোৱাদ লবলৈ চেষ্টা কৰিব।

Monday, 11 May 2020

ভাইৰাছ সংক্ৰমনৰ পৰা ৰক্ষা পোৱাৰ সহজ ঘৰুৱা উপায়



গ্ৰীষ্মকালত বতাহে বহু বীজাণু বিয়পাব পাৰে । সেয়েহে চৰ্দি, কাহ, জ্বৰ আদি বেছিকৈ হোৱা দেখা যায় । তাৰোপৰি পেটৰ সমস্যা কিছুমান থাকে । বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত চাফ চিকুণ নহ'লে ভাইৰেল, বেক্টেৰিয়েল আৰু ফাংগাল ইনফেকচন বৃদ্ধি হয় ।
এই ক্ষেত্ৰত তেনেই সহজ এটা উপায় দিলো --
তুলসী পাত ৮/১০ টা , লং দুটা, পদিনা পাত ৮/১০ টা জালুক ২/৩ টা আৰু আদা এটুকুৰা ল'ব । লং, জালুক আৰু আদা পিচি ল'ব । এই বস্তু খিনি দুকাপ পানী দি ১৫ মিনিট উতলাব । তাতে অকণমান সৈন্ধৱ লোন দিব। ঠাণ্ডা হ'লে চাহৰ দৰে পুৱা গধূলি খাবচোন, কৰ'ণা ভাইৰাছৰো আশংকা নাথাকিব ।

Friday, 8 May 2020

সুস্থ সমাজ গঠনত নাৰীৰ ভূমিকা




নাৰী এখন সমাজৰ সংস্কৃতি প্রবাহৰ মূল চালিকা শক্তি। নাৰী হৈছে সমাজৰ আধাৰ শক্তি। ভগৱানে মানৱ সৃষ্টিৰ পবিত্র দায়িত্ব মাতৃ জাতিক অর্পণ কৰিছে। সেয়েহ নাৰী জাতি দায়িত্বশীল, সামর্থ আৰু শাৰীৰিক,মানসিক, বৌদ্ধিক আৰু নৈতিক সকলাে প্ৰকাৰে সৱল হব লাগিব। নাৰী শক্তিৰ দ্বাৰা প্রেম, আত্ম সংযম, ত্যাগ, সেৱা, সুচৰিত্ৰৰ আদর্শ প্রতিফলিত হব লাগিব।

ভাৰতীয় সংস্কৃতিত নাৰীক লক্ষ্মী, সৰস্বতী, দৃর্গা মাতা, আদ্ধাঙ্গিনী দেৱী ৰূপত পূজা কৰা হয়। নাৰীয়ে পত্নীৰূপে, মাতৃৰূপে, ভগ্নীৰূপে, কন্যাৰূপে, বন্ধুৰূপে যুগে যুগে মানৱ সমাজক প্রেৰণা যােগায় আহিছে। বেদব্যাসে মাতৃক তিনিলােকৰ ভিতৰতে শ্রেষ্ঠ গুৰু বুলি আখ্যা দিছে। মাতৃ জাতি প্ৰেমৰ গঙ্গোত্রী, যাৰ অন্তৰত অহৰহ নির্মল, নিঃস্বার্থ প্ৰেমৰ গঙ্গা প্রবাহিত হৈ থাকে। যি সকল নাৰী নির্ভীকতা, ত্যাগ, সংযম, ক্ষমা, দয়া সৎ গুণৰ কোমলতা, দয়া আদি সৎ গুণৰ অধিকাৰী সেইসকল নাৰীয়ে হে অসাধ্য সাধন কৰি নিকা সমাজ গঢ় দিব পাৰিব। অপ সংস্কৃতিয়ে গ্রাহ কৰা সমাজত আধ্যাত্মিকতাৰ পথ প্রশস্ত কৰাৰ দায়িত্বও নাৰী সমাজৰেই।

সমাজক দোলাব পৰা শক্তি মাতৃ জাতিৰে আছে। সৎ চিন্তা, সৎ সঙ্গ, আৰু সু-পৰিবেশৰ অভাৱত বিশৃংখল হােৱা সংস্কৃতিক নাৰী সমাজে সুন্দৰৰ সেন্দুৰীয়া পথৰ সন্ধান দিব লাগিব।

কৌটিল্যই কৈ গৈছে - গায়ত্রী মন্ত্ৰতকৈ শ্রেষ্ঠ কোনাে মন্ত্র নাই আৰু মাতৃতকৈ শ্রেষ্ঠ কোনাে দেৱতা নাই। একো গৰাকী মাতৃ সময়ে সময়ে লক্ষ্মীৰ দৰে গুণৱতী, সৰস্বতীৰ দৰে বিদূষী, ধৰিত্ৰীৰ দৰে সহনশীল আৰু দূৰ্গাৰ দৰে উগ্ৰ আদি ৰূপত প্রশংসিত হৈ আহিছে। ইয়াৰ মাজতেই হিন্দু সমাজত নাৰীৰ। মহত্ব কর্তৃত্ব নেতৃত্ব আৰু মাতৃত্বৰ ৰহস্য অন্তনিহিত হৈ আছে। ভাৰতীয় সংস্কৃতিয়ে নাৰীক প্রকৃতি বুলি আখ্যা দি এক অন্যান্য সংস্কৃতিৰ পৰিচয় দাঙি ধৰিছে। সেয়েহে হিন্দু নাৰীৰ আদৰ্শক সন্মান জনাই এগৰাকী সুপত্নী, সু-মাতৃ, সু-গৃহিনী, সু-শিক্ষয়িত্রী হিচাপে নিজকে বাল্য কালৰ পৰাই গঢ় দিব লাগিব।। যিহেতু সমাজ এখনৰ ডেউকা সদৃশ নাৰীৰ জীৱন সুদীর্ঘ সংগ্রাম অন্য এক নাম।

ভাৰতীয় দর্শন মতে স্ত্রী শক্তি এক মহিয়হী শক্তি। সতীত্ব আৰু পবিত্রতা ভাৰতীয় নাৰীৰ ভূষণ।

মনুৱে কৈছে যি ঠাইত নাৰী সকলক পূজা কৰা হয়, সেই ঠাইত দেৱতা সকলে খেলি ভাল পায় আৰু যত নাৰী সকল পূজিতা নহয় তাত সকলাে কার্য নিসফল। হিন্দু বিবাহৰ গুৰুত্ব অতি উচ্চ। মন্ত্রোচ্চাৰণৰ দ্বাৰা বিবাহ বন্ধনত স্বামী স্ত্রী একাত্ম হয়। স্বামীৰ প্রাণ, অস্থি মাংস আৰু চমক সংযােগ ঘটাই, যাৰ বাবে পত্নীক অধাংগিনী বুলি আখ্যা দিয়া হয়। নাৰী-পুৰুষৰ সম অধিকাৰ আৰু সম-মর্যদা লাভৰ বাবে আৰু একোৰে প্ৰয়ােজন নাই। নাৰীয়ে নিজৰ বুদ্ধিমত্তা, বিবেচনা শক্তি আৰু জ্ঞানৰ বলতেই নিজৰ স্বভিমান বজাই ৰাখি সমাজৰ দায়িত্ব বহন কৰিব পাৰে।

এখন গৃহৰ মূল হিচাপে অর্থাৎ গৃহিনী হিচাপে ঈশ্বৰ প্ৰদত্ত মাতৃত্বৰ বােজা বহন কৰি একো গৰাকী নাৰীয়ে পৰিয়াল সমাজৰ কু-সংস্কৃতি দূৰীকৰণ আৰম্ভ কৰিব পাৰে। মাতৃ সকলক উদ্দেশ্যি বেঞ্জামিন ফ্রেংকলিঙে কোৱা এষাৰ কথা-

Educate your children to self control, to the habit & hold ing passion and prejudice and evil tendencies subject to and upright and reasoning will, and you have done much to abolish misery from their future and crimes from the society.

ইয়াৰ বারে নাৰী সকলক প্রকৃত গুৰুত্ব আৰু প্রাপ্য সম্মান সমাজে দিব লাগিব। স্বামী বিবেকানন্দই কৈছিল যি ঠাইত আদৰ সন্মান নাই, নাৰী সকলৰ বাবে নিৰাপদ স্থান নাই, সেই সমাজ তথা উন্নতি কেতিয়াও সম্ভৱ নহয়। পৰিয়ালৰ উত্তৰণৰ চালিকা শক্তি হৈছে মহিলা সকল। মহিলাৰ প্ৰতিটো নির্ণয় কৰে প্রকৃত মানৱ সম্পদ সৃষ্টিৰ সম্ভাৱনা আৰু সামাজিক সংস্কাৰ সাধন। উৎকৃষ্ট মানৱ সম্পদ দায়িত্ব যদি মহিলাৰ হাতত অৰ্পণ কৰা হয়, তেন্তে মহিলাৰ সামাজিক স্থিতিৰ সুস্থ দৃষ্টি ভঙ্গী নিত্যান্তই প্রয়ােজন। অৱশ্যে প্রাচীন ভাৰতত মহিলাই কোনাে স্থিতি অথবা অধিকাৰ দাবী কৰা নাছিল, সেই সময়ত মহিলাই অধিকাৰৰ বিপৰীততে নিজৰ কৰ্তব্যৰ ওপৰতহে গুৰুত্ব দিছিল। কর্তব্যপৰায়ণতাৰ বাবেই মহিলা সকল আছিল স্বাধীন আৰু আর্দশনীয়। যাগ-যজ্ঞ, বেদ চৰ্ছা আৰু ধর্ম কর্মত পুৰুষৰ সমানেই মহিলাই সহযোগ কৰিছিল। অতীতত মাতৃ সকলে কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ বিনিময়ত সন্তান সকলক সংস্কাৰিত কৰি সু-নেতৃত্বৰে দেৱতুল্য পুত্ৰ গঢ়ি তুলিব পাৰিছিল। নাৰী জাতি মাতৃত্ব ৰূপত আদি শক্তি যি শক্তি জন্মদাত্ৰিৰ ৰূপত বিদ্যমান। অৱশ্যে মাতৃশক্তি যিদৰে সৃষ্টিকাৰী, প্রতিকূল পৰিবেশত কেতিয়াবা
ধ্বংসকাৰী হব পাৰে ।

সমাজৰ স্তৰে স্তৰে নাৰী সকল সদা সচেতন হব লাগিব। ইয়াৰােপৰি সমাজ সংস্কৃতি আৰু সভ্যতাৰ নিদর্শন হিচাপে নাৰী সমাজে নিজকে চিনাকি দিব পাৰিব লাগিব। জাতীয় চেতনাৰে উদ্বুদ্ধ হব পাৰিলেহে নাৰী সমাজে সংস্কৃতিৰ ভেটি সুদৃঢ় কৰিব পাৰিব। নাৰীমুক্তিৰ নামত কেৱল উচ্ছাস আস্ফালন কৰিলেই পুৰণি ঐতিহ্যক ঘুৰাই আনিব নােৱাৰি। প্রতিভাসম্পন্ন আত্ম বিশ্বাসী আৰু নৈতিক শক্তিৰে সাহসী নাৰীৰ সংখ্যা বৃদ্ধি হলেহে সমাজ আৰু সংস্কৃতিৰ সমৃদ্ধি বাঢ়িব।

Wednesday, 6 May 2020

আমেৰিকাৰ সন্ত্ৰাসৰ বিৰুদ্ধে বিশ্ব জোৰা যুদ্ধ



২০০১ চনৰ ১১ ছেপ্টেম্বৰত কেইবাখনাে আৰৱ ৰাষ্ট্রৰ ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বাণিজ্যিক বিমান ঠিক উৰণৰ পিছতেই নিজৰ অধীনলৈ আনি যুক্তৰাষ্ট্রৰ কেইটামান প্রধান অট্টালিকাৰ পিনে উৰুৱাই লৈ যায়। নিউয়র্কত অৱস্থিত পৃথিৱীৰ বানিজ্য কেন্দ্রৰ (World Trade Centre) উচ্চ-অট্টালিকা দুটাত একোখনকৈ বিমানে খুন্দামাৰি ধ্বংস কৰে।

তৃতীয়খন বিমানে ভার্জিনিয়াৰ এলিংটনত থকা যুক্তৰাষ্ট্রৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্য্যলয়ত খুন্দামাৰি ধ্বংস হয়। চতুর্থখন বিমান যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ মূল ভৱনলৈ লক্ষ্য কৰি গৈ পেনচিলভেনিয়াৰ এখন পথাৰত পৰেগৈ। এই আক্রমণ কেইটাক ‘৯/১১' নামে জনা যায়। (আমেৰিকাৰ পৰম্পৰা অনুসৰি দিনাংকৰ আগত মাহটো লিখা হয়। সেইকাৰণে সংক্ষেপতে আমি ভাৰতত ১১/৯ লিখাৰ পৰিৱর্তে ৯/১১’ লিখা হৈছে।)

এই আক্রমণটোত প্রায় তিনিহেজাৰ মানুহৰ মৃত্যু হৈছিল। আমেৰিকানসকলে এই আক্রমণটোৰ আঘাতৰ ফল ১৮১৪ চনত ব্রিটিছসকলে ওৱাচিংটন ডিচি (Washington DC) জ্বলােৱা আৰু জাপানীসকলে ১৯৪১ চনত কৰা।

পাৰ্লহাৰ্বাৰ আক্ৰমণৰ (Pearl Narbour) লগত তুলনা কৰে। যি হওক, ১৭৭৬ চনত যুক্তৰাষ্ট্র স্থাপনৰ পৰা জীৱন হানি হােৱাৰ ক্ষেত্ৰত যুক্তৰাষ্ট্রৰ মাটিত হােৱা এই ৯/১১ আক্রমণটো আটাইতকৈ ভয়াৱহ আক্রমণ আছিল।

যুক্তৰাষ্ট্রৰ ৯/১১ ৰ প্রত্যুত্তৰ দ্রুত আৰু নিষ্ঠুৰ আছিল। ৰিপাব্লিকান দলৰ আগৰ ৰাষ্ট্রপতি জর্জ এইচ. ডব্লিউ বুশ্ব ক্লিণ্টনৰ উত্তৰাধিকাৰী আছিল। যুক্তৰাষ্ট্রৰ স্বাৰ্থ আৰু প্ৰভাৱ বিস্তাৰ কৰাত ক্লিনটনতকৈ বুশ্বৰ দৃষ্টি কঠিন আছিল। সন্ত্রাসৰ ওপৰত পৃথিৱী জোৰা যুদ্ধ’ৰ (Global war on Terror) অংশ হিচাবে যুক্তৰাষ্ট্রই এই আক্রমণটোৰ পিছত যিসকল আছে বুলি ভাবিছিল, বিশেষকৈ অলকায়দা আৰু আফগানিস্তানৰ তালিবান শাসনৰ বিপক্ষে অপাৰেচন এনডিৰিং ফ্রিডম’ (Operation Enduring Freedom) আৰম্ভ কৰে। তালিবান শাসন অতি সহজে উৎখাত কৰে। কিন্তু ইয়াৰ পিছতাে তালিবান আৰু অল কায়দাসকলে পশ্চিমীয়া দেশসমূহ আক্ৰমণৰ লক্ষ্য কৰিলে। যিটোৱে তেওঁলােকৰ অৱশিষ্ট সকল শক্তিশালী হৈ থকাটোকে বুজায়।।

যুক্তৰাষ্ট্ৰৰ সেনাই গােটেই পৃথিৱীতে মানুহ আটক কৰিছিল । বহু সময়ত চৰকাৰে নজনাকৈয়ে বিভিন্ন দেশৰ মানুহবােৰ আটক আৰু দেশান্তৰিত কৰি জে’লত আবদ্ধ কৰি থৈছিল। ইয়াৰে কিছুমানক কিউবাৰ গুৱান্টানাম (Guantanama) নৌ ঘাটিলৈ নিছিল যত বন্দীসকলে আন্তঃৰাষ্ট্ৰীয় আইন, নিজৰ দেশৰ আইন বা যুক্তৰাষ্ট্রৰ আইনৰ সুৰক্ষা নাপায়। ৰাষ্ট্ৰসংঘৰ প্রতিনিধিকো এই বন্দীসকলক সাক্ষাৎ কৰিবলৈ দিয়া হােৱা নাছিল।

Monday, 4 May 2020

গোলাঘাট জিলাৰ বুৰঞ্জী প্ৰসিদ্ধ ৰজাবাৰীৰ বিষয়ে

লেখকঃ ভবানন্দ কলিতা

মুখ পুথিত বোকাখাতৰ কিছু ঠাই, মন্দিৰ, গাও আদিৰ বিষয়ে বন্ধু সকলক জনাই আছো। বোকাখাতৰ প্ৰয়াত বুৰঞ্জীবিদ দূৰ্গা হাজৰিকাৰ লেখাৰ পৰা সহায় লৈ.....

ৰজাবাৰীঃ বোকাখাতৰ পূবে ৰজাবাৰী এডোখৰ উল্লেখযোগ্য ঠাই। বৰ্তমান ধনশিৰিমুখ পল ক্লাবৰ ওচৰত আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত সেনাৰ কোঠ আছিল। মিৰজুমলাৰ অসম আক্রমণৰ সময়ত এই কোঠৰ সেনাই আগভাগ লৈছিল। তেতিয়াৰ পৰা ঠাই ডোখৰক ৰজাবাহাৰ বুলি কৈছিল। মানুহৰ মুখ বাগৰি ৰজাবাৰী হয়। তেতিয়াৰ দিনৰ এটা পুখুৰী, বাৰী আদিৰ চিন্তা আছে।..... 
বাবাথানঃ নুমলীগডৰ পৰা ডিমাপুৰ দিশত যোৱা পথ ৩৯নং ৰাষ্ট্ৰীয় পথৰ বাওকাষে আছে। দেওপাহাৰৰ ওপৰত কছাৰী ৰজা দিনৰ মন্দিৰ আছিল। ভগ্ন প্ৰায় মন্দিৰ মেৰামতি কৰোতে আহোমৰ দিহিঙীয়া ৰজাই কছাৰী ৰজাৰ ৰাজধানী মৰহি দখল কৰাত আধৰুৱা হয়। আহোম ৰজাৰ দিনতে দেওপাহাৰৰ ভগ্ন প্ৰায় মন্দিৰৰ পৰা বিগ্রহ আনি বৰ্তমান ঠাইত সংস্থাপিত কৰা হয়। পাচলৈ বাবাথান নামেৰে প্ৰখ্যাত হয়। শিবৰাত্ৰিত বহু ভক্তৰ সমাগম হয়। প্ৰাক্তন বিধায়ক জীতেন গগৈৰ দ্বাৰা মন্দিৰ আধুনিক ভাবে সজাই তোলা হয়।..... খতিয়াখলিৰ 

বুঢীগোসানীথানঃ শতাব্দী পুৰনি থানখন এটি সৰু মনিকুটৰ নিচিনা কাঠবাহৰ ঘৰ আছিল। বাহগছ,আম গছৰ মাজত জয়াল আছিল। দূৰ্গা পূজাত বলি হয়। মানুহৰ সমাগম হয়। থানখনৰ পূর্ব ৰ তুলনাত উন্নত হল। খতিয়াখলি থানৰ পৰবৰ্তী সময়ত ৰজাবাৰীত আন এখন থান হয়। ৰাষ্ট্ৰীয় পথৰ প্ৰবেশ পথতে ভক্তই সুন্দৰ তোৰন দিয়াত ৰজাবাৰীৰ সৌন্দর্য বৃদ্ধি পাইছে।

লখৌজানঃ বুৰন্জী প্ৰসিদ্ধ লখৌ। ৰজাবাৰীৰ ওচৰত। বৰ্তমান লখৌ জান। সপ্তদশ শতিকাত জয়ধ্বজ সিংহৰ আদেশত কছাৰী ৰজা বীৰদৰ্পনাৰায়নৰ কটাক্ষ ঘৰ দুৱাৰ সাজি দিয়া হৈছিল। ১৬৬২চনত মিৰজুমলাই গডগাৱ আক্রমণ কৰিব আহি ৩দিন ইয়াত বাহৰ পাতি আছিল। লখৌগডটো ৭মাইলমান হব। লখৌ জান দলঙৰ ওপৰেদি কিছু গৈ লখৌ জান বাগিচা যোৱা পথটো নাহৰজান, শিলভেটা হৈ কাৰ্বি আংলংৰ কাকচাঙৰ ওচৰত লাগিছে।

ভাগৱত গীতাৰ মাহাত্ম্য

লেখকঃ অপৰূপা বৰঠাকুৰ
চেন্নাইৰ সমুদ্ৰৰ পাৰত এজন সদাশয় পুৰুষে ধূতি কূৰ্তা পৰিধান কৰি গীতা পঢ়ি আছিল। তেনেতে এজন যুৱক আহিল। মানুহজনে সমুদ্ৰ তীৰত তেনেকৈ বহি গীতা পঢ়ি থকা দেখি যুৱকজন আচৰিত হৈ ক'লে "এতিয়া বিজ্ঞানৰ যুগ...পৃথিৱীৰ মানুহ চন্দ্ৰ পাইছেগৈ আৰু আপোনালোকৰ দৰে মানুহবোৰে এতিয়াও গীতা, ৰামায়ন, মহাভাৰত লৈ ব্যস্ত আছে!!!"
তেতিয়া সেই সদাশয় ব্যক্তিজন উঠিল আৰু যুৱকজনক সুধিলে " তুমি গীতাৰ বিষয়ে কি জানা? " 
যুৱক প্ৰচণ্ড অভিমানেৰে উত্তৰ দিলে " কি ফাল্টু কথা কয় হে...মই এজন বৈজ্ঞানিক ।মই বিক্ৰম চাৰাভাই ইনষ্টিটিউটত মাষ্টাৰচ কৰি আছো। গীতা আমাৰ বাবে ফাল্টু বস্তু"
সদায় ব্যক্তিজনে ঈষৎ হাঁহি মাৰিলে। তেনে সময়তে দুখন ডাঙৰ গাড়ী আহি সেই ঠাইত পালেহি। এখনৰ পৰা কিছুমান ব্লেককেট নামি আহিল আৰু আনখনৰ পৰা কিছুমান সৈনিক নামি গাড়ীখনৰ দূৱাৰ খুলি দিলে। মানুহজন গৈ গাড়ীত বহিল ।হঠাৎ যুৱকজনৰ সম্বিত আহিল আৰু তেওঁ গাড়ীখনৰ কাষলৈ গৈ মানুহজনক সুধিলে " চাৰ আপুনি কোন? "
তেতিয়া মানুহজনে উত্তৰ দিলে "তুমি যি বিক্ৰম চাৰাভাই ৰিচাৰ্চ ইনষ্টিটিউটত পঢ়ি আছা সেই বিক্ৰম চাৰাভাই মইয়েই"
যুৱকজনৰ শৰীৰেদি যেন ৪৪০ ভল্টৰ কাৰেণ্ট পাৰ হৈ গ'ল.... 
গীতাৰ অনেক মহত্ত্ব আছে। এই গীতা পঢ়িয়েই ডক্টৰ আব্দুল কালামে মাংস খোৱা  ত্যাগ কৰিছিল। গীতা এক ডাঙৰ বিজ্ঞান। হিন্দু ধৰ্মৰ মুল গ্ৰন্থসমূহৰ ভিতৰৰ এই গীতাক লৈ গৰ্ব কৰক....। 

কুঁহিয়াৰৰ ৰসৰ উপকাৰিতা



গ্ৰীষ্মকালত কুঁহিয়াৰ ৰস এগিলাছে শৰীৰটো শীতল কৰি দিয়ে । 
কুঁহিয়াৰৰ ৰসত থাকে কেলছিয়াম, পটাছিয়াম, মেঙ্গানিজ, মেগনেছিয়াম, আয়ৰণ, এমাইনো এচিড, জিঙ্ক, থিয়ামিন আদি উপাদান -যিবোৰ আমাৰ শৰীৰৰ ভিতৰলৈ গ'লে একাধিক উপকাৰ পোৱা যায় । যেনে - 
 শক্তি বৃদ্ধি হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, লিভাৰ সুস্থ হৈ থাকে, কৰ্কট ৰোগৰ শংকা নাথাকে, বলিৰেখা নপৰে, ক্ষতিকাৰক কলেষ্টৰেলৰ পৰিমাণ কমে, মুখ গহ্বৰৰ বেক্টেৰিয়েল ইনফেকচন দূৰ হয়, হজম ক্ষমতা বৃদ্ধি হয় । বিশেষকৈ ক্লান্তিহীন আৰু ষ্ট্ৰেছ নোহোৱা হয় । গৰ্ভৱতী মহিলাৰ বাবে কুঁহিয়াৰৰ ৰস অমৃত সদৃশ । 

Friday, 1 May 2020

The Victory of British India. ভাৰত সম্পৰ্কে বৃটিছ শাসকৰ মন্তব্য

ভাৰতবৰ্ষ হ'ল আমাৰ সাম্ৰাজ্যৰ কেন্দ্ৰ বিন্দু। এই সাম্ৰাজ্যই ইয়াৰ অধীনত থকা আন অংশ হেৰুৱালেও আমি তিষ্ঠি থাকিম, কিন্তু আমি ভাৰতবৰ্ষক হেৰুৱাব লাগিলে আমাৰ সাম্ৰাজ্যৰ বেলি ডুবিব। 
ভিক্তৰ আলেকজেণ্ডাৰ ব্ৰুছ। 
The Victory of British India.

বংগদেশৰ বস্ত্ৰশিল্প (Textile Industry in Bengal)

বংগদেশৰ বস্ত্ৰশিল্প 
Textile Industry in Bengal
মচলিন এবিধ কপাহী কাপোৰ। বংগদেশত অৰ্থাৎ বর্তমানৰ বাংলাদেশৰ ৰাজধানী চহৰ ঢাকা বা ডাক্কাৰ আশ পাশৰ অঞ্চলত পোন প্ৰথমে ইয়াৰ উৎপাদন আৰম্ভ হৈছিল। অতি উত্তম কপাহী কাপোৰৰ প্রসিদ্ধিৰে "ডাক্কায়া মচলিন"নামেৰে ই সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছিল। মচলিন কাপোৰৰ আটাইতকৈ মিহি বিধক "মলমল" বুলি কোৱা হৈছিল। বিদেশী ভ্ৰমণকাৰী সকলে  মচলিন কাপোৰক "মলমল চাহী" বা "মলমল খাচ" বুলি কৈছিল। "মলমল চাহী" বা "মলমল খাচ"ৰ অৰ্থ হ'ল- ৰজা বা ৰাজ পৰিয়ালৰ মানুহে পিন্ধা কাপোৰ।

Thursday, 13 February 2020

মিচিং সকলৰ দৈৱিক অস্ত্ৰ য়কচা

মিচিং সকলৰ দৈৱ প্ৰদত্ত তৰোৱাল য়কচা
আহোম সকলৰ হেংদানৰ দৰেই "য়কচা" মিচিং সকলৰ জাতীয় অস্ত্ৰ। ই দেখাত সম্পূৰ্ণ সাধাৰণ তৰোৱাল দৰেই। কথিত আছে যে "য়কচা" দৈৱিক অশীৰি আত্মাই মিচিং সকলক  প্ৰদান কৰিছিল। মিচি জনগোষ্ঠীৰ পূৰ্বসূৰী সকলে য়কচা ধাৰণ কৰি পৰম বীৰত্বই লাভ কৰা নাছিল। লগতে লাভ কৰিছিল- বৰ্তমান, অতীত আৰু ভবিষ্যত দৰ্শন কৰিব পৰা আধ্যাত্মিক শক্তি।

অস্তাচলৰ সুৰুযৰ কথা

অস্তাচলৰ সুৰুযে সদায় মনত বিষাদৰ সৃষ্টি কৰে; 
যেন গোটেই দিনটো একেলগে ঘুৰি ফুৰাৰ পিচত প্ৰেয়সীয়ে বিদায় লোৱা দৃশ্যটোহে।

নাৰী কি

নাৰী মানেই কোমলতা
নাৰী মানেই সুন্দৰতা
নাৰী মানেই আনন্দময়তা।
কিন্তু সেই সকলোবোৰ উপৰিও নাৰী
এক পাৰাপাৰ বিহীন এক বিশাল ৰহস্যময়তা।